কেইটামান ৰাজনৈতিক চিন্তা:(পংকজ ঠাকুৰীয়া)

ৰাজনীতি বুলিলে দূৰতে বিদুৰ সকলেও পঢ়ি চালে ভাল পালো হয়
**********************************************
কেন্দ্ৰত কংগ্ৰেছ বিজেপিয়ে লোকসভা নিৰ্বাচনৰ শিঙা বজোৱাৰ লগে লগে আমাৰ অকবতো বহুত আলোচনা হৈ গ’ল। কিন্তু লক্ষ্য কৰিলোঁ যে যি বিষয়ত আলোচনা হব লাগিছিল বা যাৰ দ্বাৰা আমাৰ লাভ হয় তেনে ৰাজনৈতিক আলোচনা নহ’ল। নৰেন্দ্ৰ মোডীক বিজেপিয়ে প্ৰধান মন্ত্ৰীৰ পদৰ প্ৰাৰ্থী বুলি আগবঢ়াই দিয়াৰ লগে লগে আমাৰ অকবতো তেওঁৰ সমৰ্থনত বহু লোক আগবাঢ়ি আহিল। নিৰ্বাচনত দুটা স্পষ্ট দিশ দেখা গৈছে। বিজেপিৰ উন্নতি আৰু দুৰ্নীতি বিৰোধী স্থিতি মূল এজেণ্ডা হোৱাৰ বিপৰীতে কংগ্ৰেছে খাদ্য সুৰক্ষা বিল আদিৰ জৰিয়তে দুখীয়া শ্ৰেণীৰ ত্ৰানকৰ্তা ৰূপে নিজকে দেখুৱাই আৰু ধৰ্মনিৰপেক্ষতাক নিজৰ প্ৰধান এজেণ্ডা কৰিছে। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোডীৰ সমৰ্থনত আমাৰ অকবত লিখা মেলাসকলক কওঁ যে কংগ্ৰেছে যিমানেই এই ধৰ্মনিৰপেক্ষ শব্দটো লৈ প্ৰৰোচিত কৰিছে বিজেপি সিমানেই তাৰ পৰা আঁতৰিব বিচাৰিছে। চেকুলাৰিজম বোৰ্খাৰ পৰা ছাতি হৈ পৰা আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী আদি শব্দ এৰি চলিব খোজাৰ মানসিকতা স্পষ্টকৈ দেখা গ’ল। কিন্তু ব্যতিক্ৰম হৈ পৰিছে কৰ্মীসকল যিয়ে উন্নতিৰ খুটি বুলি প্ৰক্ষেপ কৰা মানুহজনৰ কথা আলোচনা কৰিও তাত এই শব্দকেইটাৰ পৰা খুজি কিল খাব আগবাঢ়িছে।
যোৱাকেইদিন বহুকেইটা দীঘল তৰ্ক হৈ গ’ল। মই পঢ়ি যি আশা কৰিছিলোঁ একো নাপালোঁ। কেইটামান কামৰ কথা কোনোৱেই নক’লে যিটো মই অন্তত মোডীৰ কথা কওঁতে আলোচনা হোৱাটো বিচাৰিছিলোঁ আৰু যিবিলাক কথা আমাৰ বাবে মানে অসমৰ কাৰনে দৰকাৰী। গুজৰাটৰ সংখ্যাৰ খেলা দুয়োপক্ষই খেলি আছে। তথ্য সদায় পাই থাকিব কিন্তু ভাল তথ্যত উপনীত হ’বলে দৰকাৰী পদ্ধতিৰ কথা আলোচনা হোৱা উচিত আছিল। ৰাজনীতি আৰু অৰ্থনীতি মোৰ প্ৰিয় বিষয়, যদিও মই এটা বিষয়ো পঢ়া নাই পাঠ্যক্ৰমত। কেইটামান কথা ময়েই উল্লেখ কৰি দিলোঁ: পৰিকাঠামো সলনি কৰা কেইটামান ব্যতিক্ৰমী চিন্তা:
ক) অটল বিহাৰী চৰকাৰৰ বিনিয়োজন নীতি (মন্ত্ৰী অৰুণ শ্বোৰী; ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা অহা, ৰাজীৱ শুক্লাৰ কথা কোৱা হৈছিল কাৰণে কৈছোঁ) আৰু ব্যক্তিগতকৰণ নীতি যাৰ দ্বাৰা বহুত লাভজনক ৰাজহুৱা উদ্যোগকো ব্যক্তিগত কৰণ কৰা হৈছিল বা কৰিব বিচাৰা হৈছিল (কংগ্ৰেছৰো একেই নীতি) তাৰ বিপৰীতে মোডীয়ে বিপৰীত স্থিতিত থাকি মৰিব ধৰা ৰাজহুৱা উদ্যোগৰ পৰিকাঠামো সলনি কৰি ৰাজসাহায্যৰে নতুনকৈ গঢ়িব ধৰিছিল। ব্যক্তিগত খণ্ডৰো উন্নতিৰ বাবে পৰিকাঠামো সলনি কৰাত আগভাগ লৈছিল। আহমেদাবাদৰ কাপোৰ উদ্যোগৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ বিপৰীতে আমাৰ অসমত এপল’, কাগজ কল, মৰাপাটৰ কলৰ কথা বাদেই অইলকো ব্যক্তিগতকৰণ কৰিব আগবঢ়া হৈছে। মোডীক গালি পৰা আমাৰ চৰকাৰে কিবা শিকিবনে? ব্যক্তিগত বা ৰাজহুৱা উদ্যোগৰ মূল মৌলিক সমস্যা কি আৰু তাৰ বাবে কৰণীয় কি সেই সম্পৰ্কে ৰাজনীতিৰ ভোটৰ খেলখনৰ পৰা আঁতৰি আহি আমাৰ চৰকাৰখনে চিন্তা কৰা উচিত। এটা সৰু উদ্যোগেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে বহু লোকক কৰ্ম সংস্থাপন দিব পাৰে।
খ) পি ভি নৰসিংহ ৰাওৰ দিনৰ দুৰ্নীতি আৰু খোৱা কামোৰাৰ বাবে ৰাইজে কেইদিনমান নিৰ্দিষ্ট দল একোটাক চৰকাৰ গঠন কৰিব পৰাকৈ ভোট নিদিয়াৰ পিছত অটল বিহাৰী দেৱে চৰকাৰ গঠন কৰিলে। ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ হাৰ ভাল হোৱাৰ পিছতো বা অনেক ব্যতিক্ৰমী নীতি উদ্ভাৱন কৰাৰ পিছতো ২০০৪ চনত চৰকাৰ হাৰিল। দেখা যায় যে ধৰ্মীয় ভিত্তিক নিৰ্বাচনৰ ইচ্যুৰ পৰা আঁতৰাই ৰাখিবলৈ চৰকাৰ সামৰ্থ হৈছিল। চৰকাৰখনে ৫ বছৰত ভাৰতৰ যিমান পথ বনাইছিল কংগ্ৰেছৰ ৩২ বছৰত সিমান হোৱা নাছিল বুলি খোদ বৰ্তমান চৰকাৰে এফিডেভিট দিছিল। ৰক্ষা কেলেংকাৰী, তেহেলকা, চেনী আমদানি আদি চৰকাৰৰ ভুল আছিল যদিও আগৰ চৰকাৰৰ দৰে সিমান দুৰ্গন্ধময় অৱস্থা হোৱা নাছিল। তেন্তে হাৰিছিল কিয়? চন্দ্ৰবাবু নাইডুৰ যি হৈছিল সেয়াই চৰকাৰৰ হৈছিল। এটা শক্তিশালী মধ্যবিত্তৰ সৃষ্টি হৈছিল আৰু কংগ্ৰেছে চৰকাৰে দুখীয়াসকলৰ বাবে একো কৰা নাই বুলি এটা ঢৌ তুলি নিৰ্বাচন খেলিছিল। কিন্তু মোডী ব্যতিক্ৰম কেনেকৈ? তেখেতৰ ফাৰ্মাৰৰ পৰা ফাইবাৰ, ফাইবাৰৰ পৰা ফেব্ৰিক, ফেব্ৰিকৰ পৰা ফেশ্বন আৰু ফেশ্বনৰ পৰা ফ’ৰেইন নীতি যাৰ দ্বাৰা খেতিয়কসকল পোনপটীয়াকৈ লাভান্বিত হৈছিল। আমাৰ অসমৰ গাঁওৰ খেতিয়কে এতিয়াও পাচলি বেচিবলৈ নৈশ বাছত তুলি বা পৰিবহনকাৰী বাছত তুলি অনা নিয়া কৰে। নগদ শস্যৰ ক্ষেত্ৰতটো বিজ্ঞানৰ চৰম শূন্যৰ দৰে দেখা যায় (চাহপাত বাদে)।

গুজৰাটৰ বন্দৰৰ উন্নতিৰ কথাই কোৱা নাই স্থল পৰিবহনৰ উন্নতিয়ে কেনেদৰে সৰ্বাংগীন ক্ষেত্ৰত উন্নতি কৰিব পাৰে সেয়া দেখা গৈছে লগতে সাধাৰণ ৰাইজক তাৰ লগত সামৰি তাৰ উন্নতিৰ বাবে পদক্ষেপ ল’ব পৰা গৈছে। মোডীৰ খেতিয়কে ইউৰোপৰ বজাৰ দখল কৰাৰ বিপৰীতে আমাৰ খেতিয়কে ৰাজপথত খেতিৰ উৎপন্ন সামগ্ৰী পেলাব লগীয়া হৈছে। আমাৰ কাষৰ দক্ষিণ পূব এচিয়াৰ বজাৰখনৰ কথা গগৈ বা হিমন্ত শৰ্মাই চিন্তা কৰিবনে?
গ) গ্ৰাম্য অৰ্থনীতিত মহিলাসকলক সামৰি মূলধন গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো এটা অন্যতম কাম। ৫০% শতাংশ নাগৰিকক (মহিলা) ৰাষ্ট্ৰ গঠনৰ পৰা আঁতৰাই ৰাখি কোনো দেশ বিকাশৰ বাবে আগবাঢ়িব নোৱাৰে। বিশেষকৈ গাও অঞ্চলত মহিলাসকলক পাকঘৰতে সীমাবদ্ধ নৰখা বাবে তেওঁলোকেও ভাগ লৈছে। আমাৰ মহিলাই ভূঁই ৰোৱা আৰু ধান কটাৰ বাদে বাকী সময়ত কিবা উদ্যোগ ল’বনে? গ্ৰাম্য উদ্যোগ গঢ়িবলৈ মূলধন গঠন কৰিব কোনে? সকলো বেংকে আমাৰ পুঁজি চিডাম্বৰমৰ ৰাজ্য বা গুজৰাটত ঢালিলে। মুখ্যমন্ত্ৰীয়ে কিবা মাত মাতিলেনে? মহিলাসকলৰ দ্বাৰা চলাব পৰা লঘু উদ্যোগ সমূহ চিনাক্তকৰণ কৰি উপযুক্ত বজাৰ দেখুৱাৰ দায়িত্ব চৰকাৰৰ নহয় নে? হাঁহিৰাম হৈ নিজৰ ভোট বেংকৰ ৰাজনীতিৰ পৰা আহৰি লৈ এই কামসমূহত মন দিয়ক তেহে মোডীক গালি পাৰিব পৰা যাব।

ঘ) যদি উদ্যোগৰ কথা কওঁ তেন্তে দমন (গুজৰাত নহয়), চুৰাট, অংকলেশ্বৰ, জামনগৰ, বৰোদা, আহমদাবাদ আদি অঞ্চলক উদ্যোগৰ শিকলি এডালেৰে বান্ধি ৰখাই প্ৰতিটো উদ্যোগকে গঢ়ি উঠাত সহায় কৰিছে। জামনগৰৰ পেট্ৰ উৎপাদনৰে মনমাৰ উদ্যোগ, তাৰ পিছত পলীমাৰ, তাৰ পিছত ফাইবাৰ, তাৰ পিছত আকৌ ফাইবাৰ, ঘৰুৱা সঁজুলিৰ উদ্যোগ সকলো শিকলি এডালেৰে বান্ধি ৰখা বাবে চাৰিওপিনে উন্নতি হৈছে। কোনো উদ্যোগৰ বাই প্ৰডাক্তসমূহ বেলেগ এটা উদ্যোগৰ কেঁচা মাল হৈছে। ৰঙৰ পৰা আদি কৰি পলীমাৰৰ সমূহ উদ্যোগ সেয়ে গুজৰাট পাইছেগৈ। আমাৰ গেছ ক্ৰেকাৰ প্ৰকল্প হ’ল কিন্তু তাৰ উৎপাদিত সামগ্ৰীসমূহৰ পৰা বজাৰ পাবলৈ যি সৰু বা বৃহৎ উদ্যোগৰ দৰকাৰ সেয়া কোনে সাজিব? ছোনিয়া গান্ধীক তৈলমৰ্দন কৰি কেন্দ্ৰৰ পৰা অনুদানৰ টকা অনাতেই সফলতা বুলি কৈ থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইমান দিন ৰাজপাট খাইও যদি আপুনি একো চিন থকাকৈ কৰিব নোৱাৰে তেন্তে আপোনাৰ দৰে মানুহে নিজেই হিমালয়ত তপস্যা কৰিব যোৱা উচিত। ৫ বছৰ কম সময় নহয়, আমাৰ চৰকাৰ তাৰ কেই গুণ সময় শাসনত থাকিল নিজে বিবেচনা কৰা উচিত। বিনিয়োগ নাই বুলি কৈ তেওঁ আমেৰিকা ইউৰোপ ভ্ৰমণ কৰে লগতে নতুন কথা শিকিবলৈ? কি শিকিলে আমাক কোনোদিন নজনালে। মই আশা কৰো আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে ভ্ৰমণ কৰাৰ উপৰিও প্ৰধান মন্ত্ৰীকো আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত ভ্ৰমণ কৰিবলৈ আৰু বজাৰ দখল কৰিবলৈ প্ৰচেষ্টা ল’ব বাধ্য কৰিব লাগে। আমেৰিকা বহুত দূৰ। ওচৰৰ পুঠী খলিহনাকে ধৰাৰ চেষ্টা কৰা ভাল। কিন্তু আমেৰিকাৰ বিনিয়োগ বিচাৰি ঘুৰি ফুৰা মানুহে নিজৰ ঘৰতে যে বেংকসমূহে আমাৰ টকা বেলেগত বিনিয়োগ কৰিলে সেয়া দেখা নাপায়। কাৰণ সেইখন চিডাম্বৰম ছাৰৰ ৰাজ্য।
ঙ) খেতিৰ উন্নতিৰ বাবে চৰকাৰী পদক্ষেপ অতি দৰকাৰী। জলসিঞ্চন ব্যৱস্থা, উন্নত বীজ, সাৰৰ যোগান, সকলোবোৰৰ উপৰিও আগতেই কৈ অহা বজাৰখন দৰকাৰ। গুজৰাটে খেতিৰ সামগ্ৰীয়েই নহয় গাখীৰ আদিও দেশৰ উপৰিও বিদেশত ৰপ্তানি কৰিছে। আমাৰ চৰকাৰে জনাব পাৰিবনে ভোট জলকীয়া আৰু চাহপাতৰ (বৃটিছ নহ’লে সেয়াও নহ’ল হয়) বাহিৰে আৰু কিবা ৰপ্তানি কৰিছেনে? কোমল চাউল, বৰা চাউল, আমলখী, জলফাই, বাহৰ গাজ, পালেং শাক আদি কৰি বিভিন্ন শাক যিখিনি কেৱল অসমতে পোৱা যায়, ঔটেঙা, পানী লাও, মানিমুনি, নৰসিংহ আদিৰ জানো বিদেশৰ বজাৰ দখল কৰাৰ সামৰ্থ নাছিল? চৰকাৰে কেতিয়াবা চিন্তা কৰিছেনে? অসমৰ পশুৰ বেমাৰৰ বাবে ডাক্তৰ নাই। গাঁওত ১ বছৰ প্ৰশিক্ষণ লোৱা সহায়কসকলেই ডাক্তৰ। পশু চিকিৎসাৰ স্নাতকসকল এতিয়া কোম্পানীৰ হৈ এই সহায়কসকলক নিজৰ কোম্পানীৰ ঔষধ লিখিবলৈ খাটনি ধৰি থাকে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কোনখন মুখেৰে অসমৰ পশুপালন ক্ষেত্ৰৰ উন্নতিৰ কথা ভাবিব পাৰে। গুজৰাটে বহুকেইটা ৰোগ সম্পূৰ্ণৰূপে নাইকিয়া কৰিছে আৰু আমাৰ কথা কি কিম?
এইখিনিক বাদ দিও বহু পৰিকাঠামো সলনি কৰা কাম কৰিছে নৰেন্দ্ৰ মোডীয়ে।
তলত কেইটামান সৰু সৰু ঘটনা লিখিলোঁ:
ক) ২৪ ঘন্টা বিজুলী দিয়াৰ প্ৰথম পদক্ষেপ আছিল বিজুলী চুৰ কৰা ৰোধ। যাৰ বাবে অৱসৰপ্ৰাপ্ত ১০০০ সৈনিকৰ উপযুক্ত প্ৰয়োগৰেই সফল হৈছিল, আমাৰ বিদ্যুৎ বাবুয়ে কিবা ব্যতিক্ৰমী চিন্তা কৰিবনে?
খ) পৰিবহন বা ৰাজ্যত সোমোৱাৰ বাবে কৰ ফাঁকি ৰোধ কৰিবলৈ ডিজিটেল ব্যৱস্থাৰ প্ৰণয়ন কৰিছে, আমাৰ কোনখন গেটত এনে ব্যৱস্থা আছে? ছিণ্ডিকেটৰ যুগ শেষ কৰা হওক।
গ) ইনকাম টেক্স নিদিয়াসকলৰ ঘৰৰ সন্মুখত গৈ বেণ্ড-পাৰ্টী বজাই কৰ সংগ্ৰহৰ দৰে ব্যৱস্থা কোনো ব্যতিক্ৰমী লোকেহে কৰিব পাৰে, আমাৰ চৰকাৰে আকৌ তেওঁলোকক ৰক্ষণাবেক্ষণহে দিব পাৰিলে,
ঘ) বাণিজ্য মেলা আদি পাতি গাঁওত উৎপাদিত হস্তনিৰ্মিত সামগ্ৰীসমূহক বজাৰ দেখুৱাৰ ব্যৱস্থা কৰিলে? আমাৰ আকৌ শুৱালকুছি-হাজো-সৰ্থেবাৰী আজি মৰো কালি মৰোকৈ আছে।
ঙ) ৰাতি ৰাতি চহৰসমূহত ঝাৰু দি চাফা কৰাৰ ব্যৱস্থা কৰিলে, প্লেগ মহামাৰীয়ে খাই পেলোৱা চহৰ এখনে কেনেকৈ পৰিষ্কাৰকৈ থাকিব লাগে শিকিলে, বানপানীত বুৰা গুৱাহাটীৰ কথা তৰুণ গগৈ বা কি কয়? আমেৰিকাতো হয় যেতিয়া আমিনো কি কৰিম নহয় জানো।
চ) শিক্ষা ক্ষেত্ৰত ব্যতিক্ৰমী শিক্ষাৰে (ৰক্ষা, শিক্ষণ আদি) শিক্ষাৰ বজাৰো দখল কৰিব গৈ আছে। আমাৰ আকৌ শিক্ষা দিয়া বা প্ৰশিক্ষণ দিয়া সকলকো কোনো কামত চৰকাৰে ব্যৱহাৰ কৰিব পৰা নাই। ব্যক্তিগত বিনিয়োগ হোৱাৰ লগে লগে তেওঁলোকক দৰকাৰ হোৱা কৌশলী লোকক প্ৰশিক্ষণ দিবলৈ ব্যক্তিগত মালিকানাৰ শিক্ষানুষ্ঠান স্থাপন কৰিব বাধ্য কৰিছে।
এই যে ব্যতিক্ৰমী চিন্তাবোৰ, যাৰ বাবে তেওঁ ইমান ওপৰলৈ যাব পাৰিছে সেইসমূহক বাদ দি সংখ্যাৰ খেলেৰে ৰাজনৈতিক লাভৰ বাহিৰে ৰাইজৰ একো লাভ নহয়। আমাৰ চলি আছোঁ জাতীয় নীতি সলনি কৰিব হ’ল। মই নকওঁ যে নৰেন্দ্ৰ মোডী সকলো ক্ষেত্ৰত ভাল। বেয়াবোৰ লিখিব ল’লে বহু পৃষ্ঠা ভৰি যাব। হৰেন পাণ্ডিয়াৰ কথা লিখিলে তিস্তা ছিতলবাদৰ কথা লিখিব লাগে, ছোহাবউদ্দিনৰ কথা বা ঈশ্বৰাত জাহানৰ কথা লিখিলে সঞ্জীৱ ভাটৰ কথাও লিখিব লাগে। গতিকে আমাৰ যিখিনি দৰকাৰী সেইখিনিহে লিখিলোঁ বা প্ৰয়াস কৰিলোঁ। মই কোনো দলৰ সমৰ্থক নহওঁ কিন্তু অসমৰ বৰ্তমানৰ বিভাজনৰ ৰাজনীতি সলনি কৰি উন্নয়নৰ ৰাজনীতি হ’ব লাগে। লগতে বিজেপিৰ বা নৰেন্দ্ৰ মোডীৰ সমৰ্থক সকলেও যাতে প্ৰ’পাগাণ্ডা কৰিবলৈ বিবৃত্তি নিদি বস্তুবাদী হৈ কথাবোৰ আলোচনা কৰে যাতে সাধাৰণ ৰাইজেও বহু কথা বিশ্লেষণ কৰিবলৈ সমৰ্থ হয়। লগতে যদি বেলেগ কোনো ৰাজ্যৰ চৰকাৰে কৰা উন্নয়নৰ চিন্তা আমাৰ ক্ষেত্ৰতো প্ৰাসংগিক, তেন্তে সেই বিষয়ৰ ওপৰত আলোচনা হোৱাটো উচিত।
 

One thought on “কেইটামান ৰাজনৈতিক চিন্তা:(পংকজ ঠাকুৰীয়া)

  • January 3, 2015 at 4:54 am
    Permalink

    I want to meet this writer immediately… Thank You The Page Authority…. Well done, keep it up..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!