কেলেণ্ডাৰ – এক অনুভৱ : মৃণাল কুমাৰ মিশ্ৰ

অসমৰ চিনেমা প্ৰেমি সকলৰ বহু প্ৰতিক্ষিত চিনেমা “কেলেণ্ডাৰ“ যোৱা ১৬ ফেব্ৰুৱাৰীত চিনেমাগৃহলৈ আহিল৷ এনাজৰী টকীজৰ বেনাৰত নৱপ্ৰজন্মৰ পৰিচালক হিমজ্যোতি তালুকদাৰে পৰিচালনা কৰা এই কথাছৱিখনে ৰাইজৰ প্ৰত্যাশা পূৰণ কৰিব বুলিআমি আশা কৰিছিলোঁ প্ৰধানকৈ তিনিটা
কাৰণত –
১- বহু দিনৰ বিৰতিৰ পিছত দুই প্ৰতিভাশালী অভিনেতা আৰু অভিনেত্ৰী অৰুণ নাথ আৰু মলয়া গোস্বামীৰ অভিনয়৷
২-নৱপ্ৰজন্মৰ হলেও যথেষ্ট অভিজ্ঞতাৰে পৰিপুষ্ট সুদক্ষ পৰিচালক হিমজ্যোতি তালুকদাৰৰ পৰিচালনা৷
৩- সামাজিক যোগাযোগ ব্যৱস্থাৰ মাজেদি সুস্থ আৰু দীৰ্ঘম্যাদী পৰিকল্পিত প্ৰচাৰ৷
চিনেমাখন চাই উঠি এতিয়া একেষাৰেই ক’ব পৰা হৈছোঁ – হয়, “কেলেণ্ডাৰে“ আমাৰ সেই প্ৰত্যাশা পূৰণ কৰিছে৷ বাণিজ্যিক ভাবে সফল হওক বা নহওক, আমি এই কথা একমুখে স্বীকাৰ কৰিম – কেলেণ্ডাৰ এখন সৰ্বাঙ্গসুন্দৰ মননশীল অসমীয়া কথাছবি৷
সেয়েহে, প্ৰথমতেই শ্ৰীমান হিমজ্যোতি তালুকদাৰ আৰু তেখেতৰ সৰু ’কৰ্মদল’টোলৈ হিয়াভৰা অভিনন্দন জনাইছোঁ, কেলেণ্ডাৰৰ দৰে এখন সৰ্বাঙ্গসুন্দৰ আমাৰ সকলোৰে আপোন আপোন লগা কথাছবি উপহাৰ দিয়াৰ কাৰণে৷ চিনেমা গৃহত মুকলি হোৱাৰ আগৰে পৰাই কেলেণ্ডাৰ পৰিয়ালৰ লগত একাত্মতা অনুভৱ কৰিছিলোঁ, আশাৰে বাট চাইছিলোঁ আৰু আমাৰ আশা পৰিপূৰ্ণ কৰি এই ছবিখনে অন্তৰ চুই গৈছে৷ সৰু সৰু খুটিনাটিৰ ইমান গভীৰভাৱে উপষ্ঠাপন, বহুদিনৰ পিছত দেখিবলৈ পালোঁ, যিয়েই স্বৰ্গীয় ভবেন্দ্ৰ নাথ শইকীয়া দেৱলৈ মনত পেলাই দিলে৷ শ্ৰদ্ধাৰ শিল্পীদ্বয় অৰুণ নাথ আৰ মলয়া বাইদেউৰ এনে প্ৰানবন্ত অভিনয় ভবেন্দ্ৰ নাথ শইকীয়াৰ চিনেমাতেই দেখিবলৈ পাইছিলোঁ শেষৰবাৰৰ বাবে৷ মই ইতিমধ্যে আশাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ – তেখেতৰ এজন যোগ্য উত্তৰসূৰী ৰূপে হিমজ্যোতি তালুকদাৰে ভৱিষ্যতে নিজকে প্ৰতিস্থিত কৰিব পাৰিব৷
নিশাৰ শেষৰটো দৰ্শনীত অনুৰাধা হলত অন্তৰৰ আহ্বানতে চিনেমাখন চাবলৈ গৈছিলোঁ আৰু অভিভূত হৈ ওলাই আহিছিলোঁ৷ মানসিক ভাবে কথাছবিখনৰ ভিতৰলৈ ইমানেই সুমুৱাই গৈছিলোঁ যে, ওলাই অহাৰ সময়ত বাহিৰত ৰৈ থকা সংগীত পৰিচালিকা তৰালী শৰ্মাকে ধৰি আন কেইজনমান এই ছবিখনৰ কলা-কুশলীক মাত এষাৰ দিবলৈ সাহস গোটাব নোৱাৰিলোঁ, আবেগৰুদ্ধ কণ্ঠেৰে কথা পাতিব নোৱাৰিম বুলি ভাবি৷ প্ৰায় দহ কিলোমিটাৰ পথ গাড়ী চলাই ঘৰ আহি পাইছিলোঁ, মুখেৰে এটাওঁ শব্দ উচ্ছাৰণ নকৰাকৈ৷
মোৰ ব্যক্তিগত অভিমত, ’কেলেণ্ডাৰ’ কথাছবিখনে এখন মাষ্টাৰপিছ চিনেমা ৰূপে পৰিচিত হোৱাৰ সম্পূৰ্ণ যোগ্যতা আছে৷ এই লিখাৰ জৰিয়তে শ্ৰদ্ধাৰ অৰুণ নাথদেৱ আৰু মলয়া গোস্বামী বাইদেউলৈ আন্তৰিক অভিনন্দন জনালোঁ, বহুদিনৰ বিৰতিৰ মূৰত এনে অনন্য সুন্দৰ অভিনয়ৰ সোৱাদ দিয়াৰ কাৰণে৷
লগতে, হিমজ্যোতি তালুকদাৰ আৰু তেখেতৰ কৰ্মদলৰ সমূহ সদস্যলৈওঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা থাকিল, আমি যেন এনে সুন্দৰ অসমীয়া কথাছবি তেওঁলোকৰ পৰা আৰু লাভ কৰিব পাৰোঁ৷
আন এটা প্ৰাসংগিক কথা এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ, অসমীয়া চিনেমাৰ ভৱিষ্যত সম্পৰ্কে আমি আশাবাদী৷ কিন্তু অকল অসমীয়া চিনেমাৰ উজ্জ্বল ভৱিষ্যতৰ কথা ভাবিলেই আমাৰ দায়িত্ব শেষ নহয় নিশ্চয়৷ এইক্ষেত্ৰত আমাৰো কিছু অৰিহণা থকা দৰ্কাৰ৷ আমাৰ এই অৰিহণা, এই কথাছবি খনৰ এজন দৰ্শকৰ ৰূপত আগবঢ়াব নোৱাৰোনে৷ কথাটো এবাৰ ভাবি চাবলৈ আপোনালোকক নিশ্চয় অনুৰোধ জনাব পাৰোঁ৷

মৃণাল কুমাৰ মিশ্ৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!