কেয়াৰ টেকাৰ, কে.আৰ.টি আৰু স্বস্তিক চাউল (দীপাংকৰ পাঠক)

ৰহেশ্বৰী বাই ৷ ৰহেশ্বৰী বাই মোৰ তিনিজনীয়া পৰিয়ালটোৰ আটাইতকৈ বয়জ্যেষ্ঠ্যা সদস্য ৷ মোৰ পৰিয়ালত অগ্ৰজ কোনো নাই একমাত্ৰ ৰহেশ্বৰী বাইৰ বাদে ৷ ৰহেশ্বৰী বাইক মই আৰু মোৰ শ্ৰীমতীয়ে “ৰহে বাই” বুলিয়েই সম্বোধন কৰোঁ ৷ ৰহে বাইয়ে যদিও মোৰ ঘৰত দিনটোৰ কাৰণে সদায় কাম কৰিবলৈ আহে আমি কিন্তু আজিলৈকে তেওঁক কাম কৰা মানুহ হিচাপে গণ্য কৰা নাই ৷ তাৰো এটা কাৰণ আছে – মোৰ স্বৰ্গগামী মা জীৱিত থকাৰে পৰা ৰহে বাইৰ আমাৰ ঘৰলৈ আহ-যাহ ৷ মায়ে ৰহেক নিজৰ বায়েক বুলি মানিছিল ৷ সেই ৰহে বাইৰ পুতেক চৰকাৰী চাকৰিয়াল হৈও তেওঁ যে আমাৰ ঘৰত কাম কৰিব লগা হৈছে তাৰ কাৰণে দুনিয়াক ধিক্কাৰ নিদি উপায় নাই ৷ বাৰু, এইবোৰ অইন কথা ৷ বেলেগ এদিনলৈ থাকিল ৷
ৰহে বাই কিছুদিনৰ পৰা দিনটো আমাৰ ঘৰত কাম কৰি সন্ধিয়ালৈ নিজ ঘৰলৈ ঘুৰি নোযোৱা হৈছে ৷ ৰাতিটো মাৰ বিচনাখনতে পৰি থাকে ৷ ভিতৰি ভিতৰি মই ভালেই পাইছো, স্বাৰ্থপৰৰ দৰে ভাবিছোঁ – শ্ৰীমতীয়ে অন্ততঃ আল্টিমেট লগ এজনী পাইছে ৷  উৰহী গছৰ ওৰটো আজিহে ওলাল ৷ ৰহে বাই এডিক্টেড হৈছে ৷ ৰ’ব বেলেগ নাভাবিব -ৰহে বাই চিৰিয়েলৰহে এডিক্টেড হৈছে, তাকো শ্ৰীমতীৰ পাল্লাত পৰি ৷ আজি সন্ধিয়া অইন দিনাতকৈ কিছু আগতে ঘৰ সোমাই দেখো দুয়োজনীয়ে জি টিভি ত নিমগ্ন ৷ মই অহাৰ খবৰ এজনীয়েও পোৱা নাই ৷ মই ভাবিলোঁ দুয়োজনীৰ ৰেহ- ৰূপ চোৱা যাওক মনে মনে ৷ চাই আছো, চাই আছো … ৷ কোনখন চিৰিয়েলত জানো পুতেকে মাকক কৰা দুৰ্ব্যৱহাৰ দেখি ৰহে বাইৰ চকু চলচলীয়া হৈ পৰি একেবাৰে কান্দোনত সমাহিত হ’ল ৷ মই ভাবিলোঁ এইমূহুৰ্তত এন্ট্ৰি নামাৰিলে আজি ৰাতিৰ সাজ খোৱাত পলম হৈ যাব ৷ গতিকে মাৰিলো এন্ট্ৰি ৷ মোক দেখি ৰহে বাইয়ে আগতকৈ বেছি উচুপিব ধৰিলে ৷ থোকাথুকি মাতেৰে মোক এনেকুৱাকৈ কিবা ক’লে- বুজিছা বাচা, টি পি (টি.ভি.) টোত দেখুওৱাৰ দৰে পেতৰ পোৱেও মোক আজিকালি কে. আৰ. টি. বুলি ভাবিব লৈছে ৷ সেয়ে, আজিকালি ঘৰলৈ যোৱা বাদেই দিলোঁ ৷ তোৰ বৰী (বোৱাৰী) টোৰ লগত থাকিয়ে ভাল লাগে, মোক একো কৰিবই নিদিয়ে ( এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব যে শ্ৰীমতীয়ে ঘৰুৱা কাম-বন খিনি পৰাপক্ষত নিজেই কৰে, ৰহে বাইক লগত মাথো সংগী হিচাপে ৰাখে) ৷ মই আচৰিত দৃষ্টিৰে দুয়োজনীলৈ চালো – কে. আৰ. টি. মানে কি বা আৰু ? ইমানদিনে “কে. আৰ. টি.” বুলি মই এবিধ চাউলকহে বুজি আহিছোঁ ৷ মই শ্ৰীমতীক হাতত ধৰি একাষৰীয়াকৈ মাতি নি সুধিলোঁ- আখিৰ বাট ক্যা হ্যেই, এই কে. আৰ. টি. মানে কিনো? শ্ৰীমতীয়ে তেতিয়া ক’লে -তেওঁলোকে চাই থকা চিৰিয়েলখনৰ আজিৰ খন্ডটোত হেনো পুত্ৰ-বোৱাৰীয়ে নিজৰ মাকক/শাহুৱেকক ঘৰখনৰ “কেয়াৰ টেকাৰ” (Care taker) হিচাপে ব্যৱহাৰ কৰি থকা দেখুৱাইছে ৷ এইবোৰ দেখি শুনি ৰহে বাইয়ে কিজানি নিজৰ বাস্তৱ জীৱনটোৰ স’তে কিবা সাদৃশ্য পাইছে ৷
পঢ়াশালি গছকি নোপোৱা বেচেৰী ৰহে বাইৰ কাৰণে “কেয়াৰ-টেকাৰ” আৰু কে. আৰ. টি. একেই কথা ৷ মাথো দুবেলা-দুমুঠি মিলিলেই হ’ল কে. আৰ. টি. য়েই হওক বা ৰেচনৰ চাউলেই হওক ৷ কেতিয়াবা কোনোক্ষেত্ৰত আবেগেও সীমা চেৰাই যায়, আজিও গ’ল ৷ ৰহে বাইক মই সাৱটি ধৰি ক’লো -“অ’ ৰহে বাই, আমি কে.আৰ.টি চাউল নাখাও নহয়, স্বস্তিকহে খাওঁ ৷”
 
 
বিঃ দ্ৰঃ “কে আৰ টি ” আৰু “স্বস্তিক” আমাৰ ফালে উপলব্ধ দুবিধ চাউলৰ ব্ৰেণ্ড নেইম ৷
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!