ক্ষুদ্ৰ বাতৰি কাকত, সাংবাদিক, সাংবাদিকৰ ৱেবছাইট, বাতৰিকাকতৰ সংস্কৰণ ইত্যাদি (ড° বুলজিৎ বুঢ়াগোহাঁই)

ক্ষুদ্ৰ বাতৰি কাকতৰ প্ৰাসংগিকতা বহুত আছে। যি অঞ্চলৰ পৰা এই বাতৰি কাকতবোৰ প্ৰকাশ হয়, সেই অঞ্চলৰ গুৰুত্বপূৰ্ণ সমস্যা, দাবী আদি সাধাৰণতে প্ৰথম ক্ষুদ্ৰ বাতৰি কাকতবোৰতে প্ৰকাশ পায়। সেই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা ব্যক্তিসকলৰ সাক্ষাৎকাৰ আদিও এই কাকতবোৰত প্ৰথম প্ৰকাশ পায়। এই ক্ষুদ্ৰ বাতৰি কাকতবোৰে মানসিক তথা বৌদ্ধিক বিকাশত বিশেষভাবে সহায় কৰে লগতে সামাজিক দায়বদ্ধতাৰ কথাও মন কৰে। তদুপৰি, ক্ষুদ্ৰ বাতৰি কাকতবোৰ বহুতো সাংবাদিক তথা লেখকৰ বাবে প্ৰথম পঢ়াশালিৰ নিচিনা, এই কাকতবোৰৰ যোগেদি বহুতো সাংবাদিকতা আৰু লেখা-মেলা কৰা লোকে এখন ক্ষেত্ৰ বিচাৰি পায়। যিমানে ক্ষুদ্ৰ বাতৰি কাকত প্ৰকাশ পায়, সিমানে সমাজৰ কাৰণে ভাল। বছৰৰ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে হৈ থকা সভা-সমিতিবোৰত বিভিন্নজনে বিভিন্ন বিষয়ত বক্তৃতা দিয়ে আৰু কোনো কোনো সমস্যাৰ বিশ্লেষণাত্মক সমাধান সূত্ৰ আগবঢ়ায়। তাৰোপৰি, এই বক্তৃতাবোৰে সামাজিক দায়বদ্ধতা, বৌদ্ধিক বিকাশত অৰিহণা যোগায়। এই সভা-সমিতিবোৰত ইচ্ছা থাকিলেও বহুতে অংশ গ্ৰহণ কৰিব নোৱাৰে আৰু সেইসকলে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আশ্ৰয় লয়। এতিয়া কথা হ’ল সভা-সমিতিবোৰত বক্তৃতা দিয়া সকলোৰে কথা সংবাদ মাধ্যমত প্ৰকাশ নাপায় বা বিভিন্ন কাৰণত প্ৰকাশ কৰা সম্ভৱ নহয়। কিন্তু এই সভা-সমিতিবোৰত বক্তৃতা দিয়া প্ৰত্যেকে কিবা নহয় কিবা গুৰুত্বপূৰ্ণ কথা কয় যিবোৰৰ দ্বাৰা ৰাইজ উপকৃত হ’ব পাৰে। বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি থকা
আয়োজকসকলক এটা অনুৰোধ কৰিছোঁ যে বক্তৃতাবোৰক সাৰাংশ হিচাপে লৈ প্ৰবন্ধাকাৰে পিছত বাতৰি কাকত তথা আলোচনীলৈ প্ৰকাশৰ বাবে প্ৰেৰণ কৰে যেন। সভা-সমিতি আয়োজন কৰা অনুষ্ঠানবোৰৰ যদিহে ৱেবছাইট থাকে তেন্তে বক্তৃতাবোৰ ৱেবছাইটবোৰত প্ৰকাশ কৰিব লাগে (যদি সম্ভৱ হয় ভিডিঅ’ হিচাপেও)। যদি গ্ৰন্থ বা আলোচনী উন্মোচনী সভা হয় তেন্তে গ্ৰন্থ/আলোচনীখনৰ নতুন সংস্কৰণ/সংখ্যাত উন্মোচনী সভাত দিয়া বক্তৃতাবোৰ প্ৰকাশ কৰিলে ভাল হয়।

লগতে সাংবাদিকসকলকো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে যাতে তথ্য-প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰে। যিসকল সাংবাদিকৰ নিজৰ ব্ল’গ (blog) নাই, সেইসকলে যাতে এটাকৈ ব্ল’গ খোলে আৰু তেওঁলোকে অংশগ্ৰহণ কৰা সকলো সভা-সমিতিৰ বিভিন্নজনৰ বক্তৃতাবোৰ বিতংভাবে লিখি তেওঁলোকৰ ব্ল’গত প্ৰকাশ কৰে। কাৰণ বাতৰি কাকতত বিভিন্ন কাৰণত সকলোৰে বক্তৃতা প্ৰকাশ কৰা সম্ভৱ নহয়। আশা কৰিছোঁ এই অনুৰোধৰ প্ৰতি সাংবাদিকসকলে সঁহাৰি জনাব।

অসমৰ পৰা প্ৰকাশিত বহু কেইখন দৈনিক বাতৰিকাকতৰ দুই বা ততোধিক সংস্কৰণ প্ৰকাশ পায়। ই অতি ভাল কথা যিহেতু অসমৰ সকলো ঠাইৰ ৰাইজে ৰাতিপুৱাই বাতৰিকাকত পঢ়িবলৈ পায়। কিন্তু বাতৰিকাকতবোৰৰ এনে সংস্কৰণ হোৱাত সমস্যাও সৃষ্টি হৈছে। কিয়নো কিছুমান অতি গুৰুত্বপূৰ্ণ সমস্যা, দাবী আদি অসমভিত্তিক সংস্কৰণত প্ৰকাশ নহয়, স্থানীয় সংস্কৰণত প্ৰকাশ হোৱা দেখা যায়। তাৰ ফলত যি উদ্দেশ্যে বাতৰিটো প্ৰকাশৰ বাবে প্ৰেৰণ কৰা হৈছিল, তাত সফল নহয় কিয়নো অসমৰ সকলো ৰাইজে সেই সমস্যা, দাবীবোৰৰ কথা গম নাপায় আৰু কিছু কিছু ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ দৃষ্টিগোচৰ নহয়। এই সমস্যাৰ সমাধানৰ বাবে সাংবাদিকসকলে নিজৰ ব্ল’গ (blog)-ত বাতৰিবোৰ প্ৰকাশ কৰিব পাৰে।

ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বিষয়ত বৃত্তিৰ বাবে মনোনীত হোৱা লোকৰ বিষয়ে মাজে মাজে সংবাদ মাধ্যমৰ যোগেদি গম পোৱা যায়। এতিয়া কথা হ’ল এই বৃত্তিবোৰৰ বিষয়ে বহুলোক জ্ঞাত নহয়। সাংবাদিকসকলে যিসকলে বৃত্তিবোৰৰ সবিশেষ (কেতিয়া আবেদন কৰিব লাগে, আবেদন কৰিবলৈ কি কি অৰ্হতা লাগে আদি) তথা বৃত্তি লাভ কৰা সকলৰ সাক্ষাৎকাৰ বাতৰি কাকত জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিলে ভাল হয়। অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা আছে। কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানো বা কিছুমানৰ বিষয়ে মৃত্যু হোৱাৰ পিছতহে জানিবলে পাওঁ। বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাৱা ব্যক্তিসকলক জীৱিত কালত উপযুক্ত সন্মান তথা মৰ্যাদা দিলে ভাল হয়। এই ব্যক্তিসকল যিকোনো বয়সৰ হব পাৰে। সাংবাদিকসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত থকা সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা আগবঢ়োৱা যোগ্য ব্যক্তিবোৰৰ বিষয়ে বাতৰি কাকতৰ জৰিয়তে ৰাইজৰ আগত দাঙি ধৰিলে ভাল হয়। ব্যক্তিসকলৰ সাক্ষাৎকাৰ (অডিঅ’/ ভিডিঅ’ ) গ্ৰহণ কৰি ৱেবছাইটবোৰত (যেনে- YouTube) আপলোড কৰিব পাৰে যাতে পৃথিৱীৰ সকলো অঞ্চলৰ ৰাইজে এই ব্যক্তিসকলৰ বিষয়ে জানিব পাৰে। তাৰোপৰি, এই ব্যক্তিসকলৰ বিষয়ে সাংবাদিকসকলৰ ব্ল’গৰ জৰিয়তেও জনাব পাৰে। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াই থকাসকলে কৰি থকা কামবোৰৰ বিষয়ে যদি জীৱিত কালতে প্ৰশংসা কৰা হয়, তেন্তে তেতিয়া তেওঁলোকে কৰি থকা কামবোৰ কৰিবলৈ আৰু দুগুণ উৎসাহ পাব।

আমাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰৰ ফলাফল ঘোষণা কৰা লগে লগে কৃতিত্ব অৰ্জন কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ খবৰ সংবাদ মাধ্যমত ভৰি থাকে, কিন্তু পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকল ক’লৈ যায়, কি কৰে, তেওঁলোকে নিজ নিজ লক্ষ্যত উপনীত হৈছে নে, তেওঁলোকে পঢ়ি অহা বিদ্যালয়, মহাবিদ্যালয়খন বা নিজৰ নিজৰ অঞ্চল তথা জন্মভূমিৰ প্ৰতি কিবা অৰিহণা যোগাইছে নে নাই, এইবোৰ কথা সাধাৰণতে গম পোৱা নাযায়। এই বিষয়ে সংবাদ মাধ্যমৰ স্থানীয় সংবাদদাতাসকলে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে অঞ্চলভিত্তিক বা জিলাভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰিলে ভাল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!