কৰ’নাৰ আতংক, বাদুলিৰ বেদনা – গিৰিমল্লিকা শইকীয়া

বিশ্বত্ৰাস কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কাৰণ লৈ আজিলৈকে কোনো নিৰ্দিষ্ট বৈজ্ঞানিক তথ্য বা প্ৰমাণ নাই৷ অথচ সন্দেহৰ আলম লৈ ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ মূল কাৰণ বুলি বাদুলিয়ে চৰ্চাৰ শীৰ্ষস্থান দখল কৰিলে৷ অৱশ্যে অপপ্ৰচাৰৰ বাবে হে বেছি চৰ্চালৈ আহিল৷ ফলত সাধাৰণ মানুহৰ মাজত বাদুলিক লৈ আতংকৰ সৃষ্টি হ’ল৷ বাদুলিৰ ভাবমূৰ্তিকলৈ আগতেও বিশেষ সুনাম নাছিল৷ ইচপৰ সাধুকথাত সৰুতে পঢ়িবলৈ পাইছিলো এবাৰ চৰাই আৰু জন্তুৰ মাজত যুদ্ধ লগাত বাদুলিয়ে চৰাই জিকাৰ সম্ভাৱনা দেখি চৰাইৰ পক্ষ লৈ নিজৰ পৰিচয় চৰাই বুলি কয় যিহেতু ডেউকাও আছে আৰু চৰাইৰ দৰে উৰিবও পাৰে৷ পিছলৈ জন্তু জিকাৰ সম্ভাৱনা দেখি জন্তুৰ পক্ষলৈ কয় যে সিহঁতৰ শৰীৰত নোমো আছে আৰু পোৱালিও জন্ম দিয়ে সেয়ে জন্তুৰ শাৰীতহে পৰিব৷ কাহিনীৰ অন্তত চৰাই আৰু জন্তু দুই পক্ষৰ মাজত মীমাংসা হয় আৰু বাদুলিৰ ধূৰ্তালি বুজি পাই সিহঁতক এঘৰীয়া কৰিলে৷ তেতিয়াৰ পৰাই চাগৈ সময়ে সময়ে বাদুলি এলাগী হৈ আহিছে৷ বাদুলি দেখাতো আপচু৷ সেয়ে হয়তো বহুতে বাদুলিক দেখাও অমংগলীয়া বুলি ভাবে৷ অৱশ্যে বাদুলিৰ ব্যতিক্ৰমী দৈহিক গঠন, চাল -চলন বা আচৰণক লৈ বিভিন্ন লোকবিশ্বাস, পৰম্পৰা চলি অহাৰ লগতে কল্প কাহিনী আদি সৃষ্টি হৈ আহিছে৷ বাদুলিৰ লগত অসমীয়া জনজীৱনৰ সম্পৰ্ক অতি গভীৰ৷ অসমীয়া লোকসকলে পৰম্পৰাগত ভাৱেই বাদুলিক ৰক্ষণাবেক্ষণ দি আহিছে৷ অসমৰ প্ৰায়বোৰ গাঁৱতেই বাদুলিবাৰী, বাদুলিৰ গুহা আদি যুগ যুগ ধৰি বিদ্যমান৷ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰ দিহিঙীয়া অঞ্চলত প্ৰায় ৫বিঘা মান মাটিৰ এখন বাদুলিৰ বাৰী আমি কেইবাবছৰে দেখি আহিছো৷ স্থানীয় ৰাইজে কোৱা মতে ১০০ বছৰমান আগৰপৰাই শ শ বাদুলিৰ আৱাসস্থলী সেই বাৰীখন ৰাইজে পৰম্পৰাগত ভাৱে সংৰক্ষণ কৰি আহিছে৷ অসমত বাদুলিৰ আটাইতকৈ ডাঙৰ বসতিস্থল নগাঁও জিলাৰ কন্দলীত অৱস্থিত বাদুলিৰ খোৰোং বা বাদুলিৰ গুহা৷ কন্দলীৰ ৰাইজে গুহাৰ প্ৰবেশদ্বাৰৰ মুখতে এটা সৰু মন্দিৰ সাজিলে আৰু প্ৰতি বছৰে শিৱৰাত্ৰিৰ এদিনৰ পিছত তাত মেলা হয়৷ এনেদৰে বাদুলি সমূহক নিৰাপত্তা দিয়া আৰু বহুত উদাহৰণ অসমত ওলাব৷ আমাৰ বিহুগীতেও বাদুলিৰ কথা কয়……
চুঙাতে বাঢ়িলে চুঙাৰে বাদুলি
উৰিলে নেদেখি কায়া
ৰাতিৰ সপোনত ফুৰোঁ একেলগে
কোনজন বিধাতাৰ মায়া৷ (সংগ্ৰহকঃশ্ৰীমন্ত ৰঞ্জন বৰা)
ইমান দিনৰ পৰা দেশে-বিদেশে চলি অহা বাদুলি সংৰক্ষণৰ পৰম্পৰালৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সন্দেহত যদি ভাবুকি আহে ই পৰিৱেশৰ বাবে মাৰাত্মক হৈ পৰিব৷ অসমত মানুহ বাদুলিক লৈ আতংকিত হোৱাৰ লগতে অসমৰ বাহিৰত কৰ’না ভাইৰাছৰ সন্দেহত বহুতো বাদুলিৰ হত্যা কৰা, বাদুলিৰ বাসস্থান ধ্বংস কৰা আদি বিভিন্ন বাতৰি চৰ্চালৈ আহিছে৷
ইতিমধ্যে ভাৰতীয় স্বাস্থ্য গবেষণা পৰিষদ (ICMR)ৰ গবেষণা পত্ৰত দক্ষিণ এছিয়াৰ দুটা বাদুলিৰ শৰীৰত পোৱা বাদুলিৰ ক’ৰণা ভাইৰাছৰ(BtCov) লগত SARS-CoV-12ৰ সম্পৰ্ক বহু দূৰণিত আৰু ইয়াৰ ফলত ক’ভিড-১৯ সংক্ৰমণ ঘটিব নোৱাৰে বুলি উল্লেখ কৰিছে৷ এই বিষয়ে ১৫ এপ্ৰিলৰ প্ৰায় বোৰ ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় কাকতত প্ৰকাশ পাইছিল৷ ইয়াৰোপৰি দক্ষিণ এছিয়াৰ ৬খন দেশৰ প্ৰখ্যাত ৬৪ গৰাকী বাদুলিৰ গবেষক আৰু সংৰক্ষকে স্বাক্ষৰিত কৰি এক বিবৃতিত মানুহক বাদুলি আৰু কভিড-১৯ ৰ সম্পৰ্কে থকা ভুল ধাৰণা পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ উক্ত বিবৃতিত স্বাক্ষৰ কৰা বাদুলিৰ গবেষণা আৰু সংৰক্ষণৰ লগত জড়িত ড০ উত্তম শইকীয়াই “আমাৰ অসম“ কাকতৰ জৰিয়তেও ৰাইজক আহ্বান জনাইছে৷
বাদুলিকলৈ এনেদৰে সচেতনতা অনাৰ চেষ্টা কৰি থকাৰ পিছতো এতিয়াও সাধাৰণ ৰাইজৰ মাজত বাদুলিয়ে ক’ৰণা ভাইৰাছ বিয়পাইছে বুলি কৰা ভুল ধাৰণা আতৰা নাই৷ শেহতীয়াকৈ ৰাজস্থানত ১৫০ টাতকৈও অধিক বাদুলি গাঁওবাসীয়ে হত্যা কৰা আৰু জুই লগাই আৱাসস্থলী ধ্বংস কৰাৰ কথা ৯ মে’ ২০২০ চনৰ “The Tribune” কাকতৰ পৰা জানিবলৈ পাইছোঁ৷ প্ৰকৃতি আৰু প্ৰাকৃতিক সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ(IUCN)ৰ সদস্য ড০ ডাও লাল বহ্ৰৰ মতে এই বাদুলিৰ হত্যাৰ প্ৰথম কাৰণ হ’ল মানুহৰ কভিড-১৯ ৰ আতংক আৰু দ্বিতীয়তে বাদুলিক দেখাটো অমংগল সূচক বুলি ধৰা হয়৷ ক’ৰণা ভাইৰাছৰ দৰে বাদুলিৰ আতংক এনেদৰে জাতে ক’তো সংক্ৰমণ নহয় তাৰ বাবে সকলো সচেতন হোৱাটো নিতান্তই গুৰুত্বপূৰ্ণ৷ ভাৰতীয় বন্যপ্ৰাণী আইন- ১৯৭২ ৰ ৬নং অনুসূচীত বাদুলিবোৰ সুৰক্ষিত৷ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত এতিয়া আইন কঠোৰ হৈছে৷ অৱশ্যে আমাৰ উত্তৰ পূৰ্বাঞ্চলতো খাদ্যৰ বাবে, অন্ধবিশ্বাসৰ বসবৰ্তী হৈ ঔষধ বনোৱাৰ বাবে বহুতো বাদুলিৰ হত্যা কৰি অহা হৈছে৷ কিন্তু এতিয়াও আইনী ব্যৱস্থা বাদুলিৰ ক্ষেত্ৰত কঠোৰ হোৱা নাই যেন অনুমান হয়৷
চিকিৎসা বিজ্ঞানী সকলে কোৱা মতে ৬০ শতাংশ বেমাৰৰ বীজাণু সংক্ৰমণ জীৱ-জন্তুৰ দেহৰ পৰা হয়৷ সেয়ে তাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে পৰিৱেশৰ প্ৰতি বা বন্যপ্ৰাণীৰ প্ৰতি কৰা ৰূহ ব্যৱহাৰ সলনি কৰিবই লাগিব৷ বাদুলিবোৰে পৰিবেশৰ ভাৰাসাম্য ৰক্ষা কৰি পৰিবেশ তন্ত্ৰ সুস্থিৰ কৰি আহিছে৷ উদ্ভিদৰ বংসবৃদ্ধি কৰাত ফলখোৱা বা ফলৰ ৰস খোৱা বাদুলিয়ে(Megachiroptera) যথেষ্ট অৰিহণা যোগায়৷ মৌ-মাখিৰ, পখিলা বোৰে যেতিয়া জিৰণি লয় নিশাচৰ বাদুলিবোৰে গোটেই ৰাতি ফুলৰ পৰাগসংযোগ কৰাত ব্যস্ত হৈ পৰে৷ সৰু বাদুলিবোৰে(Microchiroptera) কৃষিৰ বাবে অনিষ্টকাৰী পোক পতংগ বা বেমাৰৰ বীজাণু বাহক কীট-পতংগবোৰ খাই পৰিবেশ নিয়ন্ত্ৰণ কৰে৷ কিছুমান বাদুলিয়ে একে নিশাতে ৩, ০০০ পৰ্যন্ত কীট-পতংগ, মহ আদি ভক্ষণ কৰে৷ সেয়ে দক্ষিণ এছিয়াৰ ফলছ ভেম্পায়াৰ নামৰ বাদুলিবোৰক কৃষক সকলে দেৱ-লক্ষ্মী বুলি অভিহিত কৰি সিহঁতৰ আবাসস্থলীৰ নিৰাপত্তা দিয়ে৷ কাৰণ সেই বাদুলিবোৰে সিহঁতৰ প্ৰিয় মাংস নিগণি, এন্দুৰ আদি খাই কৃষি পথাৰ, শষ্যৰ ভঁৰাল আদি ৰক্ষণাবেক্ষণ দি আহিছে৷ তথ্য মতে বাদুলিৰ গোটেই বিশ্বজুৰি প্ৰায় ১৪০০ প্ৰজাতি আছে আৰু ইয়াৰে ২৮টা প্ৰজাতি বৰ্তমান “IUCN“ ৰ অতি বিপদাপন্ন তালিকাত অন্তৰ্ভুক্ত৷ বিশ্বজুৰি বাদুলিৰ সংখ্যা অতি দ্ৰুতগতিত হ্ৰাস পাইছে৷ ফিলিপাইনৰ মধ্যত অৱস্থিত বৰাচ্ছী (Boracay) দ্বীপত থকা হাজাৰ হাজাৰ বাদুলি নোহোৱা হৈ অহাৰ অলপতে পুনৰ প্ৰকাশ পাইছে৷ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দ্বীপটোৰ সুপ্ৰাচীন বগা বালিৰ তীৰববোৰৰ দৰেই সন্ধিয়া আকাশত বাদুলিৰ উৰাৰ দৃশ্যও সমানেই আকৰ্ষণীয় আছিল৷ হাজাৰ দৰ্শকে অস্তগামী আকাশত বাদুলি উৰাৰ দৃশ্য চাবলৈ সমবেত হৈছিল৷ “ফ্ৰেইণ্ড ফৰ ফ্লাইং ফক্স“ (FFF) নামৰ পৰিবেশ সংৰক্ষণৰ লগত জড়িত সংস্থাটোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক সমীক্ষামতে ১৯৮৬ বৰ্ষত তাত বাদুলিৰ সংখ্যা আছিল প্ৰায় পোন্ধৰ হাজাৰ৷ ২০১৭ বৰ্ষত সেই সংখ্যা হলগৈ মাত্ৰ ২, ৪২৫ আৰু শেহতীয়াকৈ ২৭ এপ্ৰিল, ২০২০ত “মঙ্গবায় ডট কম”ত প্ৰকাশ কৰা এটা বাতৰি মতে ২০২০ ত সেই সংখ্যা মাত্ৰ ৩০টাহে৷ মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসলীলাৰ ফলত বাদুলিৰ বিলুপ্তপ্ৰায় অৱস্থাৰ লগতে আক্লানা প্ৰদেশ য’ত Boracay অৱস্থিত তাতেই স্বাস্থ্য সংক্ৰান্তত আন এক কথা উল্লেখ কৰিছে৷ “প্ৰভিঞ্চিয়েল হেল্থ অফিচ অফ আক্লানা“ ৰ তথ্য মতে ২০১৯ বৰ্ষত তাত ৪, ৬৮০জন ব্যক্তি ডেংগু মহামাৰীত আক্ৰান্ত হৈছিল, এই সংখ্যা ২০১৮ বৰ্ষত হোৱা আক্ৰান্তৰ সংখ্যাতকৈ তিনিগুণ বেছি৷ লগতে মহৰ প্ৰজনন ঠাইও বৃদ্ধি পাইছে৷ কভিড-১৯ৰ সন্দেহত বাদুলিলৈ অহা বদনামৰ বিপৰীতে তাত ডেংগু মহামাৰীৰ কাৰক মহবোৰ খাই বুলি বাদুলিৰ সুনাম হে আছে৷ আমিও ভাবো পৰিৱেশৰ অন্যতম ৰক্ষা কবচ বাদুলিবোৰক বদনাম কৰাতকৈ ভবিষ্যতে জাতে কভিড-১৯ ত কৈও ভয়াবহ মহামাৰী সৃষ্টি নহয় তাৰবাবে বাদুলিবোৰক যতে আছে তাতে শান্তিত থাকিবলৈ হে দিব লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!