খবৰৰ মাজেৰে আজিৰ কাটাৰৰ ডায়েৰী(- ডা০ ভূপেন শইকীয়া)

খবৰৰ মাজেৰে আজিৰ কাটাৰৰ ডায়েৰী

যোৱা পষেকটোৰ মোৰ চকুত লগা কেইটিমান স্থানীয় বাতৰি আজিৰ কাটাৰৰ ডায়েৰীৰ মাধ্যমেৰে পাঠকসকলক অৱগত কৰাব খুজিছোঁ ৷ বাতৰিকেইটা আমাৰ অসমৰ আৰু ভাৰতৰ আন নাগৰিকৰ বাবে হয়তো এক আশ্চৰ্যৰ বিষয়ো হব পাৰে ৷ বাতৰিকেইটা হ’ল এনেধৰণৰ : ৰাজহুৱা ডাষ্টবিনৰ বাহিৰত কোনোবাই আবৰ্জনা পেলালে ৫০০ৰ পৰা৫০০০ৰিয়াল জৰিমনা ৷ বাটপথ,ফুটপাথত থু, পিক পেলালে ২০০ৰিয়াল জৰিমনা, এমাহৰ জেল ৷ যোৱা মাহটোৰ ভিতৰত কাটাৰৰ বিভিন্ন ঠাইৰ কেইবাখনো ৰেষ্ট্ৰোৰা নিম্নমানৰ খাদ্য আৰু পৰিচ্ছন্নতাৰ অভাৱৰ হেতুকে মিউনিচিপেলিটিয়ে আকস্মিক পৰিদৰ্শণ কৰি ততালিকে বন্ধ কৰি দিয়ে ৷ এজন আৰবীলোকক অসতৰ্কতাৰে গাড়ীচলাই দূৰ্ঘটনা কৰাৰ হেতুকে আদালতে ১০০০ৰিয়াল জৰিমনা বিহিলে ৷ ৰং চাইডেৰে গাড়ী অভাৰটেক কৰিলে চালকৰ লাইচেঞ্চ এতিয়াৰ পৰা এমাহলৈ নিলম্বিত হব ৷ এনেয়ো কাটাৰৰ ট্ৰেফিক আইন বৰ কঠোৰ ৷ ন-এন্ট্ৰিত গাড়ী সোমোৱাৰ প্ৰশ্নই নুঠে ৷ ন’পাৰ্কিঙত গাড়ী ৰখালে ৩০০ ৰিয়াল জৰিমনা ৷ লাইট মটৰভেহিকল লাইচেঞ্চেৰে হেভি ভেহিকল চলালে জেল-জৰিমনা দুয়োটাই ৷ হৰ্ণ বজোৱাৰ ক্ষেত্ৰত আইন কৰা নাই যদিও ট্ৰেফিক বিভাগৰ নিৰ্দেশনাত কোৱা হৈছে – অযথা হৰ্ণ নবজাব ৷ ট্ৰেফিক জাম হৰ্ণ বজাই আপুনি কেতিয়াওআতৰাব নোৱাৰে ৷ দূৰ্ঘটনা ৰোধ কৰিবৰ বাবেহে হৰ্ণ বজাব ৷ ভাৰা ঘৰত অসীমিত সংখ্যক লোক থাকিব নোৱাৰে মানেএই দেশৰ নিয়ম নহয় ৷ দুটা বা তিনিটা পৰিয়াল থকা ঘৰ পাৰ্টিচন দি ১০৷ ১৫জন বনুৱা বা আন কৰ্মচাৰীক ৰখা ঘৰ মিউনিচিপেলিটিয়ে অলপতে উচ্ছেদ কৰাৰ বাতৰি ফটোসহ ওলাইছে ৷
ৰাজধানী চহৰ ডোহাৰ হামাড ইন্টাৰনেশ্বনেল এয়াৰপ’ৰ্ট সাগৰৰ পাৰৰ আন এক ঠাইলৈ অলপতে স্থানান্তৰ কৰাহয় ৷ আগৰ এয়াৰপ’ৰ্টটো আমীৰৰ নিজা কামৰ বাবে আৰু সামৰিক প্ৰয়োগৰ বাবে হয়তো ব্যৱহৃত হব ৷ বাতৰি ওলাইছে এয়াৰপ’ৰ্ট আৰু বৃহৎ মল সমূহত অলপতে এক ‘পৰিপাটি সাজ পোছাক পৰিধান কৰক’ শ্লোগানৰ এক ড্ৰাইভ আৰম্ভ কৰা হব ৷ যাৰ মাধ্যমেৰে কাটাৰত অৱতৰণ কৰা বিদেশী লোকসকলক এই দেশৰ সংস্কৃতিৰ প্ৰতি সন্মান জনাই ৰাজহুৱা স্থানত মাৰ্জিত সাজপাৰ পৰিধান কৰিবলৈ গোহাৰি জনোৱা হব ৷
সকলো আবাসী লোকৰ বাবে এটি লাগতিয়াল আৰু সুখবৰ ৷ এই মাহৰ ২০ তাৰিখৰ পৰা ঈদৰ শেষলৈ কমেও চাৰিশ বিধ সামগ্ৰীৰ মূল্যৰ বিশেষ ৰেহাইৰ ঘোষণা সংবাদপত্ৰ, টিভি, ৰেডিঅ’ আৰু লিফলেটৰ প্ৰচাৰ যোগেদি কৰাহৈছে ৷ উদাহৰণস্বৰূপে ৩০টা কণীৰ এক প্লেটৰ বৰ্তমানৰ মূল্য ১৬ৰিয়ালৰ ঠাইত ৮ ৰিয়ালত উপলব্দ্ধ হব ৷

আন এটি বাতৰিয়েও কাটাৰৰ পৰিবেশ উত্তপ্ত কৰি ৰখাৰ আভাস যোৱা বাৰৰ লিখনিত দিছিলোঁ ৷ ২০২২চনৰ বিশ্বকাপ ফুটবলৰ আযোজক প্ৰধান দাবীদাৰ আছিল – কাটাৰ,আমেৰিকা, জাপান,দক্ষিণ কোৰিয়া আৰু অস্ট্ৰেলিয়া ৷ কাটাৰে সকলো দেশকে চেৰ পেলাই ২০২২ফিফাৰ আযোজকৰ বাবে নিৰ্বাচিত হয় আৰু পূৰ্ণোদ্যমে ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিয়ে ৷ কেইবাখনো বিশাল অত্যাধুনিক ষ্টেডিয়ামৰ নিৰ্মাণ আৰম্ভ হয় ৷ ৰেলপথ,মেট্ৰ,হোটেল,মল, ন- ন বাটপথ আদিৰ কাম দিনে নিশাই চলিব ধৰে ৷ এতিয়া বাতৰি ওলাইছে যে কাটাৰে ভিতৰুৱাকৈ বৃহৎ পৰিমানৰ ধন খৰছ কৰিহে এই সত্ব অধিকাৰ কৰিবলৈ সমৰ্থ হ’ল ৷ তদুপৰি কাটাৰৰ উষ্ণ পৰিবেশ ফুটবল খেলাৰ বাবে উপযুক্ত নহব ৷ বনুৱাৰ মানৱ অধিকাৰ লংঘণ কৰি কাটাৰে কাম আদায় কৰি আগবঢ়াৰ অভিযোগো উঠিছে ৷ চৰকাৰে সকলোবোৰ অভিযোগ অস্বীকাৰ কৰি কামত আগুৱাই গৈ আছে ৷ তৎসত্বেও বিদেশী মজদূৰক সা-সুবিধা,ভাট্টা আদি বঢ়োৱাৰ কথালৈ চৰকাৰৰ ওপৰত অন্তৰ্ৰাষ্ট্ৰীয় চাপ নপৰাকৈ থকা নাই ৷
বতৰৰ তাপমানো দিনক দিনে বাঢ়িছে – সৰ্বোচ্চ তাপমাত্ৰা ৪০ৰ পৰা ৫০ডিগ্ৰী চেলচিয়াচৰ মাজত ৷ দোদূল্যমান উত্তাপৰ সৈতে একো একোদিন থাকে ধূলি-বালিৰ বতাহ ৷ ঘৰৰ বাহিৰত ৰখা গাড়ীৰ ওপৰত জমা হোৱা বালিৰ তৰপ চায়েই সেই কথা বুজিব পাৰি ৷ এয়াৰপৰ্টৰ এজন কৰ্মৰত বিষয়াই ভিতৰুৱাকৈ জনোৱামতে বেৰ’মিটাৰৰ আচল ৰিডিঙকৈ বিভিন্ন কাৰণত কিছু হলেও কমকৈ তাপহে চৰকাৰী বতৰৰ বিজ্ঞপ্তিত দেখোৱা হয় ৷ গৰমত বহুতে বজাৰ-সমাৰ কৰিব যাওঁতে গাড়ীত চাবি লগাই ইঞ্জিন আৰু এচি চলাই থৈ যায় – যিটো আমাৰ দেশত ভাবিব নোৱৰা কথা ৷

ডা০ ভূপেন শইকীয়া
ডোহা কাটাৰৰ পৰা
২জুন ২০১৪,শুকুৰবাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!