খাঁটিঅসমীয়া! ( -জ্যোতিৰুপম দত্ত )

+++++++++++++++++

: “ধনতেৰচ কেতিয়া? ”

এজনে ঘপককৈ সুধিলে৷ এৰা! সিদিনা ‘কৰৱা চৌথ’ গ’লহে মাত্ৰ, আকৌ ‘ধনতেৰচ’ আহিবৰ হলেই দেখোন৷ টিভি চিৰিয়েলৰ পৰা জ্ঞান আহৰণ কৰি হলেও ‘কৰৱা চৌথ’, ‘ধনতেৰচ’, ‘নৱৰাত্ৰি’ উদযাপন নকৰিলে কেনেকৈ হ’ব! কেইদিনমান পাছতে দেৱালী বুলি জুৱাখেলতো অলপ বহিব লাগিব৷ জুৱা নেখেলিলে আকৌ কিহৰ দেৱালী! আকৌ কেইদিনমান গৈয়েই দেখোন নিউ ইয়েৰ! নিউ ইয়েৰ উদযাপনৰ পাৰ্টিও এইবাৰ এসপ্তাহমান দীঘলীয়া হ’বই লাগিব৷ ৰং-ৰহইচ কৰি ৰঙীন হৈ নতুন বছৰৰ আদৰণি নজনালে জানো চলিব?

পিকনিকৰ বতৰো আহিছেই৷ পিকনিকত অলপ ৰঙীণ হৈ মাতলামি কৰি মাৰ-পিতেই যদি নকৰো কিহৰ পিকনিকডাল হ’লগৈ বাৰু! তাৰ কেইদিনমান পাছতেই মাঘৰ বিহুৰ উৰুকাৰ যা-যোগাৰ কৰিবৰ হ’বই দেখোন৷ ৰঙীন পানীয়ৰ সুদৃশ্য বটল, চৰকাৰী আৰু সৰ্বশক্তিমান বেচৰকাৰী সন্থাৰ দ্বাৰা অনুমোদিত মাংস, আকাশলংঘী দামৰ ডাঙৰ মাছ, উচ্চস্বৰত বজোৱা সংগীতৰ তালে তালে মাঘবিহুৰ উৰুকাৰ ‘পাৰ্টি’ এইবাৰ ভাল জমাব লাগিব৷ অবশ্যে বিহুৰ দিনাই পিঠা-লাৰু কেইটামান ‘বিগ-বজাৰ’ৰ পৰা কিনি আনি হলেও চীনা-মাটিৰ পিৰিচত ধুনীয়াকৈ সজাই ফ’টো তুলি “হেপ্পী বিহু” বুলি আপডেট নিদিলে হ’ব জানো?

তাৰ পিছতেই আহিল ‘সৰস্বতী পূজা’৷ ‘সৰস্বতী পূজা’ মানেই টিভিৰ পৰ্দাত ‘ধুনীয়া ধুনীয়া ছোৱালী’ৰ প্ৰগ্ৰেম৷ মাজতে ফাকুৱাৰ দিনা দেহৰ বাহিৰে ভিতৰে ৰঙীন হৈ হেলমেট নিপিন্ধাকৈ বাইক চলাই দিনৰ দিনটো ফুৰিব লাগিব৷ তাৰ পিছত আহিল আমাৰ কেইবামহীয়া ‘ননষ্টপ কাৰ্ণিভেল’! মানে চ’তৰ পৰা আৰম্ভ হৈ শাওনলৈ অনুষ্ঠিত হোৱা ব’হাগ বিহুৰ বিভিন্ন নামাকৰণেৰে যেনে ব’হাগী-আদৰণি, বিহু সন্মিলন, ব’হাগী মেলা, ব’হাগী উৎসৱ, ব’হাগী বিদায়, ব’হাগী সোঁৱৰণি ইত্যাদি নাম দি চলোৱা ধাৰাবাহিক অনুষ্ঠানবোৰ৷ যিয়েই অনুষ্ঠান নহওক মুঠতে ‘বহাগ’ বুলি লগাই চলাই দিলেই হ’ল৷ উৎসৱ পাতিবলৈ খৰচ গোটোৱাৰ বাবেও চিন্তা কৰাৰো একো দৰকাৰ নাই, কেবল এজাক গৰম তেজ থকা ডেকাল’ৰা আৰু ছপা কৰা চান্দাৰ বহী এখন থাকিলেই হ’ল৷ এই তেজাল ডেকাখিনিৰ ডেকা তেজখিনি কিবাকৈ আন উৎপাদনশীল কামত ব্যৱহাৰ কৰিব পৰা হ’লে অসমৰ চেহেৰাই সলনি হৈ গ’লহেতেন বুলিও কিছু কিছু চকুচৰহাই কয় অৱশ্যে!

তাৰ পিছত ব’ল ব’ম! কি যে মজা! গোটেই ৰাতিটো ঘৰৰ বাহিৰত ঘূৰি ফুৰাৰ স্বাধীনতা আন উৎসৱত ক’তনো আছে বাৰু! ৰাতি ফুৰাৰ কথা! অলপ নিচা লগাই ল’ব লাগিবই দিয়কচোন!

সিদিনা শইকীয়াৰ জীয়েকৰ বিয়াৰ নিমন্ত্ৰণী বুকলেটখন ঘৰতে দি গ’ল৷ বুকলেট বুলি কৈছো কিয়নো সেইখন এখন সৰু-সুৰা কিতাপেই৷ বিয়াৰ প্ৰায় এসপ্তাহৰ আয়োজনৰ আদ্যোপান্ত বিৱৰণিকা এখন! বিয়াৰ মেহেন্দী ৰচম, ছং-গীত (সংগীত! ), ফেমিলী ৰিচেপশ্যন, কৰ্প’ৰেট ৰিচেপশ্যন, গেট-টুগেডাৰ ডিনাৰৰ বিৱৰণ থকা একেবাৰে ৰংচঙীয়া বিজ্ঞাপনৰ দৰে ছপোৱা ফুলাম ‘বুকলেট’খনত মই বুৰ্বকৰ দৰে দৈয়ন, নোওৱা, গাঁঠিয়ন খুন্দা ইত্যাদিবোৰ বিচাৰি ফুৰিলো বহুসময়৷ পিছলৈ হ’লে বুকু ফুলাই গৈ বিয়া খালো মানে বিয়া ‘এনজয়’ কৰিলো৷ দৰাঘৰৰ ফালৰ পৰা ‘স্পেছিয়েল বেচ্চেলৰ পাৰ্টি’লৈকো নিমন্ত্ৰণ আহিছিল!

সিদিনা আকৌ বৰুৱাই ছোৱালীৰ বিয়ালৈ বুলি মাতি চিঠি এখন দি মাতি ঘৰৰ সকলোকে যেনে তেনে বিয়ালৈ যাবলৈ কৈ গ’ল বোলে৷ ধুনীয়া চিঠিখনত দিন বাৰ, আপ্যায়নৰ নিৰ্ঘণ্ট, লগতে বিয়াৰ আয়োজন কৰা প্ৰকাণ্ড বিবাহ ভৱনটোৰ ঠিকনা আটাইখিনি ধুনীয়াকৈ ছপোৱা৷ অলপ পাছতে মনত পৰিল বৰুৱাৰ ছোৱালী পঞ্চম শ্ৰেণীতহে পঢ়ে দেখোন! চিঠিখন আকৌ এবাৰ ভালকৈ চাই চিতি দেখো সেইখন তোলনী বিয়াৰহে চিঠি!

মই পিছে কিছুমান আউটডেটেড ফাংচনৰ কথা পাহৰিলোৱেই৷ যেনে কাতি বিহু, শিল্পী দিৱস, ৰাভা দিৱস ইত্যাদি৷ আনকি ইছলাম ধৰ্মীসকলৰ ফাতেহা-দোৱাজ-দহম, চবেবৰাত, বড়ো সকলৰ বাথৌ পূজা, কাৰ্বিসকলৰ দেহাল কাচিৰ্দম, মিচিংসকলৰ আলি-আই-লৃগাং, দেউৰী বিহু, মে-ডাম-মে-ফি, সাধনী দিৱস, কৰম পূজা, শংকৰদেৱ-মাধৱদেৱৰ তিথি ইত্যাদি উৎসৱ তথা পবিত্ৰ দিনবোৰৰ বিষয়েও পাহৰিলোৱেই৷ পিছে ড্ৰাই ডে’ কেইটাৰ কথা হ’লে ভালকৈ জানো আৰু মনত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰো৷

নেতাজীৰ জন্মদিন, গণৰাজ্য দিৱস, মে’ দিৱস, স্বাধীনতা দিৱস, লাচিত দিৱস আনকি গান্ধী জয়ন্তীতো দিনৰ দহ বজালৈ ফষ্টি মাৰি শুই থাকো৷ মাছ-মাংসৰ সুস্বাদু ব্যঞ্জনেৰে উগাৰি খাই দিনটো অলসভাৱে পাৰ কৰো৷ আকৌ মাজে মাজে দেশভক্তসকলে সপ্তাহটোৰ শনিবাৰ বা সোমবাৰ মিলাই দিয়া ‘অসম বন্ধ’ কেইটা আমাৰ বাবে বোনাছসদৃশ! মাহত দুই তিনিটাকৈ ‘অসম বন্ধ’ ঘোষণা কৰি আমাক দিবা-নিদ্ৰাৰ আপুৰুগীয়া সোৱাদ লবলৈ দিয়াৰ বাবে প্ৰথমতে তীব্ৰ জংগী আন্দোলনৰ হুংকাৰ দি পাছলৈ সুৰসুৰকৈ কাকত আৰু চেনেললৈ বিবৃতি পঠিয়াইয়ে ক্ষান্ত হোৱা সংগঠন কেইটালৈ এই চেগতে নমস্কাৰ জনালো৷

মই পিছে আনক কৈ ফুৰি ভাল পাওঁ যে গাত লাচিতৰ তেজ থকা মই খাঁটি অসমীয়া!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!