খাছী পৰম্পৰাগত খাদ্য- (কাকলি শইকীয়া)

তিলেৰে ৰন্ধা গাহৰিৰ মাংস খাছীসকলৰ এক বিশেষ আমিষ ব্যঞ্জন ৷

সামগ্ৰী সমূহ –
১. ১/২ কিলো গাহৰিৰ মাংস
২. ১০০ গ্ৰাম ক’লা তিল(ভাজি গুৰি কৰি ল’ব )
৩.এটা ডাঙৰ পিয়াজ (মিহিকৈ কটা )
৪. দুটা কেঁচা জলকীয়া
৫.টেবুল চামুচেৰে এচামুচ আদা নহৰুৰ পেষ্ট
৬.তেল দুচামুচ আৰু নিমখ আন্দাজমতে ৷
প্ৰণালী:-
প্ৰথমে কেৰাহী গৰম কৰি তেল দিব তেল গৰম হ’লে কুটা পিয়াজখিনি দি ৰঙচুৱা হোৱাকৈ ভাজিব ৷এতিয়া আদা-নহৰুৰ পেষ্টখিনি দি ভালদৰে ভাজি মাংসখিনি দি নিমখ আৰু কেঁচা জলকীয়া দুটা ফালি দি ঢাকোন মাৰি কম জুইত সিজিব দিয়ক ৷ মাংস সিজিলে গুৰি কৰি থোৱা তিলখিনি দি দহমিনিটমান কম জুইতে ভাজক ৷ মাংস আৰু তিলৰ পৰা তেল ওলোৱাৰ পিছত নমাই থ’ব ৷ মাংস বেছি শুকাই যোৱা যেন পালে অলপ পানী দি উতলাই নমাই গৰমে গৰমে পৰিৱেশন কৰক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!