খাদ্যসংস্কৃতিঃ আৰ্ট অৱ কুকিং(-শ্ৰীমতী ৰুমা হাজৰিকা, নৱী মুম্বাই)

*******************************
আমাৰ খাদ্যাভ্যাসো সংস্কৃতিৰে পৰিচায়ক। আজিৰ তাৰিখত আৰ্ট অৱ কুকিং এটা জনপ্ৰিয় বিষয়। অৱশ্যে আমেৰিকা আদি উন্নত দেশ সমূহে ১৮ শতিকাৰ পৰাই এই বিষয়ত বাণিজ্যিকৰণ কৰি আহিছে । বিভিন্ন মুখৰোচক ৰন্ধন প্ৰণালীৰে সকলোৱে নিজৰ খাদ্যাভ্যাসক জনপ্ৰিয় কৰি তুলিছে । পৰম্পৰাগত ৰন্ধন প্ৰকৰণক কাৰিকৰী উপায়েৰে এক বিশেষ ৰূপত প্ৰস্তুত কৰি সকলোৱে নিজৰ এই সংস্কৃতি সুন্দৰভাৱে উপস্থাপন কৰিবৰ চেষ্টা কৰে। ইয়াৰ দ্বাৰা ব্যৱসায়িকভাৱেও যথেষ্ট লাভৱান হয়।art-of-cooking_ruma-hazarika

বিশ্বৰ জনপ্ৰিয় পাৰম্পৰিক আহাৰ সমূহ এতিয়া আপোনাৰ ঘৰৰ কাষৰ ৰেষ্টুৰাঁ সমূহতেই উপভোগ কৰিব পৰা হ’ল। বিশ্বৰ দহটা জনপ্ৰিয় খাদ্য সংস্কৃতিৰ ভিতৰত ভাৰতৰ স্থান চতুৰ্থ আৰু চীন দেশে প্ৰথম স্থান দখল কৰি আছে । কাৰণ চীনা লোকে বিশ্বৰ সৰ্বপ্ৰান্ততে বেপাৰ কৰি আছে । আৰু বিভিন্ন সংস্কৃতিৰ সৈতে মিলি তেওঁলোকৰ পাৰম্পৰিক আহাৰসমূহ বিভিন্ন স্বাদৰ সংমিশ্ৰণ কৰি অতি সুস্বাদু কৈ পৰিৱেশন কৰে । ঠিক তেনেদৰে ভাৰতীয় আহাৰো বিশ্বত জনপ্ৰিয় হৈছে । ব্ৰিটিছ খাদ্য সংস্কৃতিত ভাৰতীয় আহাৰে প্ৰভাৱ পেলাইছে; যেনে চিকেন টিক্কা মছালা, চিকেন তন্দুৰি আদি । শেহতীয়াকৈ বঙালী মুখৰোচক ঝাল মুড়ি ষ্ট্ৰীট ফুড্ ৰূপে জনপ্ৰিয় হৈছে । এই জনপ্ৰিয়তা আচলতে জাতি সমূহৰ নিজ নিজ সামুহিক প্ৰচেষ্টাত সম্ভৱ হৈছে । আন্তৰ্জাতিক খ্যাতিসম্পন্ন, দূৰদৰ্শনৰ ব্ৰিটিছ চেফ গৰ্ডন ৰামছেৰ ভাৰত ভ্ৰমণ কালত অসমৰ মাজুলীত ঔ টেঙা আৰু মাছৰ আঞ্জা, গুৱাহাটীৰ ৰান্ধনিৰ তিল দিয়া কুকুৰা মাংসৰ আঞ্জা খাই বেছ প্ৰভাৱিত হোৱা দেখা গৈছিল । ঠিক তেনেদৰে ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয়, অতি অমায়িক আন্তৰ্জাতিক খ্যাতিসম্পন্ন চেফ ৱিকাশ খান্নায়ো অসমীয়া সৰ্বসাধাৰণৰ ব্যঞ্জন অমিতা খাৰক সুস্বাদু ৰূপত উপস্থাপন কৰে ভিটিকান নগৰীত, বিশ্বৰ সৰ্বসন্মানীয় ব্যক্তি, খৃষ্ট ধৰ্মীয় গুৰু প’পৰ খোৱা মেজত । এয়া অতি গৌৰৱৰ বিষয় , কিন্তু এই প্ৰচাৰ আমাৰ ফালৰ পৰাও একাধাৰে শক্তিশালী হ’ব লাগিব নহ’লে ই কালৰ বুকুত বিলুপ্ত হৈ যাব । সেয়েহে এক ব্যৱসায়িক দৃষ্টিৰে আগুৱাই যাব লাগিব । পৰম্পৰাগত ব্যঞ্জনসমূহ সুন্দৰ আৰু সময়ৰ নতুন স্বাদবিধিৰ সৈতে সামঞ্জস্য ৰাখি এক সুন্দৰ উপস্থাপনৰ প্ৰয়োজন, তেহে আমি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম। সমগ্র বিশ্বতে ন ন গৱেষণাৰে নতুন নতুন সোৱাদৰ সৃষ্টিৰ প্ৰতিযোগিতা হৈছে আৰু খাদ্য সংস্কৃতিৰ এক বিশাল ব্যৱসায় ৰূপে প্ৰতিষ্ঠা পাইছে । আমাৰো উঠি অহা প্ৰজন্মই নতুন কাৰিকৰী প্ৰযুক্তিৰ প্ৰশিক্ষণ লৈ আমাৰ খাদ্যসংস্কৃতিক এক আন্তৰ্জাতিক উপস্থাপনৰে যদি আগবঢ়াই নিয়ে নিশ্চয় আৰ্থিক , সাংস্কৃতিক আদি সকলো দিশৰ পৰা আমি সবল হ’ম।০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!