খেল – ২ : প্ৰদ্যুৎ জ্যোতি শইকীয়া

গল্প

খেল – ২

প্ৰদ্যুৎ জ্যোতি শইকীয়া

সময় ১০ বাজি ৩০ মিনিট.. জলালবাদ, আফগানিস্থান। এই মাত্ৰ আফগানিস্থানৰ এই ঠাইটুকুৰাত থকা আমেৰিকান “ছীল” বাহিনীৰ কেম্পলৈ অহা এটা বাৰ্তাত সকলো ব্যস্ত হৈ উঠিছে। কেপ্তেইন নিকোলাছ ব’লনস্কিয়ে সতীৰ্থসকলক উদ্দ্যেশ্যি প্ৰায় চিঞৰিয়েই উঠিল – “ফ্ৰেণ্ডছ, ইট্‌ছ ডা টাইম টু ৰিভেঞ্জ। ডা ৰিভেঞ্জ অৱ ৯/১১। গেট ৰেডি ফ’ৰ ডা মিছন..অপাৰেছন নেপচুন স্পিয়েৰ। হাৰী আপ। আই নীড অল পিপ’ল ৰেডি ইন টেন মিনিটছ হু ইনভ’লভড ইন ডা মিছন।“ অৰ্ডাৰ পায়েই ফৰিং চিটিকা দিলে কেম্পৰ সকলো আমেৰিকান সৈনিকে। ইফালে এয়াৰ অপাৰেটৰ চীফ ততাতৈয়াকৈ সোমাই আহিল নিকোলাছৰ ৰুমলৈ। “ছাৰ , ব’থ ব্লেক হক আৰ ৰেডি টু ফ্লাই। ইউ কেন প্ৰচীড ছাৰ।” ইফালে সকলো সৈনিকৰ পোছাক পিন্ধা আৰু অস্ত্ৰ পৰীক্ষণৰ শব্দৰে ভৰি পৰিল কেম্পৰ চৌদিশ। নিকোলাছে আকৌ হেডফ’নটো কানত লগাই পেণ্টাগন আৰু হোৱাইট হাউচৰ চিটুৱেচন ৰুমৰ লগত সংযোগ ৰক্ষাত ব্যস্ত হৈ পৰিল। চিটুৱেচন ৰুম, য’ত বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অবামাই ১৫ মিনিট আগত ঘোষণা কৰিছিল অপাৰেচনৰ আৰম্ভণীৰ মাত্ৰ এটা বাক্যৰে “ইটছ এ গ’”।

স্থান দিচাং নৈৰ ওচৰৰ পটিলাহাবি ষ্টেডিয়াম। ফাইনেল খেলা। নাথ গাঁও বনাম মলিয়াচুক। বছৰেকৰ শেষত অনুষ্ঠিত হোৱা স্বৰ্গীয় হেম নাথ সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল। সমগ্ৰ বকতা মৌজাৰ ৰাইজ গোট খাইছে। ঘন গোঁহাই বৰদেউতাৰ হাতত বৰতালযোৰ। গ’ল হ’লেই ৰক্ষা নাই। বৰতাল বাজিব‍ই। নাথ গাঁৱৰ দুৰ্ঘোৰ সমৰ্থক তেও। এই খেলাখন বকতা মৌজাৰ প্ৰাণ বুলিয়েই ক’ব পাৰি। সৰু ঠাইত ৰাইজে ইয়াৰে মজা লয়। মলিয়াচুকে ছেমি ফাইনেলত টাই ব্ৰেকাৰত গোঁহাই গাঁৱক হৰুৱাই ফাইনেল পাইছে চতুৰ্থ বাৰৰ বাবে। নাথ গাৱঁৰ কেপ্তেইন কাম ষ্ট্ৰাইকাৰ বলোৰ কাণৰ তলেদি এটোপাল ঘাম বৈ আহিল। কি হ’ব আজি? গাঁৱৰ সন্মানৰ কথা। ১০ বছৰৰ পাছত প্ৰথম ফাইনেল পাইছে দলটোৱে। ট্ৰফীটো আৰু প্ৰাইজমাণী হাতত ল’ব‍ই ল’ব‍ই লাগিব। লগতে গাৰ্লফ্ৰেণ্ড নিশাও আছে আজিৰ মেছত। কৰ্ণাৰত বায়েকৰ সতে বহি আছে। ফিল্ডত নামি টছ কৰাৰ পাছত গোল হৈ গোট খালে নাথ গাওঁ বাহিনী। বলোৰ লগতে ষ্ট্ৰাইকাৰ নগেন আৰু বীৰেণ । বলোৱে মাত্ৰ এষাৰেই ক’লে- “মোক ট্ৰফীটো লাগে, মানে আমাক “। কৈয়েই ওপৰলৈ হাত দি চিঞৰি উঠিল- ” হু….ৱা”। লগৰকেইটাইও চিঞৰি উঠিল “হু…ৱা”।

পাকিস্থানৰ এবটাবাদ অভিমুখী হেলিকপ্টাৰত উঠি কেপ্তেইন নিকোলাছ ৰাডাৰৰ আগত বহিল। আফগানিস্থান আৰু পাকিস্থানৰ সীমান্তৱৰ্ত্তী ৰাডাৰে ঢুকি নোপোৱা অঞ্চলেদি আগবাঢ়িল ব্লেক হক দুখন। মাজতে এবাৰ পাকিস্থানী চাৰ্চ লাইটৰ পোহৰ পৰিল। নিকোলাছৰ নিৰ্দেশ আনখন ব্লেক হক হেলিকপ্তাৰলৈ- “ম’ভ টু হিলি এৰিয়া। এস্কেপ ফ্ৰম ডা চাৰ্চ লাইট্‌ছ। মেনটেইন টে’ন মিটাৰ ডিচ্‌টেন্স ফ্ৰম আৰ্থ। ম’ভ ম’ভ ..কুইকলি”। পাকিস্থানী লাইটে ভালকৈ দেখা পোৱাৰ আগতেই শব্দহীন হেলিকপ্টাৰ দুখন লুকাই পৰিল পাহাৰৰ আঁৰত। নিকোলাচে স্বস্তিৰ উশাস এটা ল’লে। ভূ পৃষ্ঠৰ পৰা ১০ মিটাৰ ওপৰেৰে ব্লেক হক দুখনে গতি ল’লে। নিকোলাচৰ হঠাতে নিজৰ ভায়েকলৈ মনত পৰিল। কি বা কৰি আছে সি? অপাৰেচন চাক্‌চেছ কৰাৰ নামত গোটেই ইউনিটটোকেই আত্মীয় স্বজনৰ পৰা আঁতৰাই ৰখা হৈছে। নিকোলাছকো। দুসপ্তাহ আঁতৰি আছে তাৰ একমাত্ৰ ভায়েকৰ লগত কথা পতাৰ পৰা। মাজে মাজে ভাৱ হয় তাৰ কিয়নো এইখনত সোমাইছিল সি। আকৌ সি বৰ্তমানৰ জীৱনলৈ ঘূৰি আহিল। সতীৰ্থসকলক অৰ্ডাৰ দিলে – “পুট্‌ ইয়ৰ নাইট গ্লাছেছ এণ্ড চে’ক্‌ ইয়ৰ ৱেপনছ ৱানচ এগেইন”। লাইটৰ পৰা হাত সাৰি আকৌ হেলিকপ্টাৰ দুখন লাহে লাহে এবটাবাদ অভিমুখে আগবাঢ়িল। মাত্ৰ ৫ মিনিটৰ দূৰৈত আছে এবটাবাদ আৰু এবটাবাদৰ সেই বিশেষ ঘৰটোৰ বিশেষ অপাৰেচনত মৰিবলগীয়া মানুহজন।

ফাইনেল জমিছে। ঘন বৰদেউতাৰ তাল বাজোঁ বাজোঁ। বীৰেণে বল মিড ফিল্ডৰ পৰা আগুৱাই লৈ গৈছে মলিয়াচুকৰ গ’লপোষ্টৰ ফালে। দুৰন্ত গতি। পাত্তাই পোৱা নাই মলিয়াচুকে। নগেনৰ চিঞৰ- “পাছ দে পাছ দে”। নৰ’ল বীৰেণ। পিছে বীৰেণৰ গতি ৰুদ্ধ কৰিলে মলিয়াচুকৰ ডিফেণ্ডাৰ “নাকুৱা”ই। “নাকুৱা”ৰ ষ্ট্ৰেইট পাছ গাখীৰৰ দৰে বগা মলিয়াচুকৰ মিডফিল্ডাৰ “তালা”লৈ। মিডফিল্ডাৰ “তালা”‍ই বল ৰিচিভ কৰাৰ পাছতেই চিঞৰি উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ মাৰ্ধুৰ্য্যই- ” কাম্‌অন তালা….. পাছ …..”। তালাৰ দীঘলীয়া পাছ মাধুৰ্য্যলৈ। মাধুৰ্য্যৰ ভৰিত বল। নাথ গাঁৱৰ ডিফেণ্ডাৰ “অকন”ক নচুৱাই মাৰ্ধুয্য‍ আগবাঢ়িল নাথ গাঁৱৰ গ’ল পোষ্ট অভিমুখে। এটা নিখুঁত শ্বট নাথ গাঁৱৰ গ’ল পোষ্টলৈ। পিছে ৰেফাৰীৰ লগে লগে হুইচেল। অ‌ফ্‌চাইড। মাধুৰ্য‍ই গল কৰি আনন্দ কৰাৰ সুযোগেই নাপালে। মাটিত দুটা প্ৰচণ্ড ভুকু মাৰি উভতি আহিল মাধুৰ্য্য। মাত লাগি ধৰা তালাই দৌৰি দৌৰি মাধুৰ্য্যৰ কান্ধত থপৰিয়াই ক’লে ” কু..কু..কু…ল…ল..মা মা মা মা ধু,….কু..কু..কু…কু…ল”। নগেনেও এটা হুমুনিয়াহ এৰিলে। এইবাৰ মলিয়াচুকক কণ্ট্ৰ’ল কৰা কষ্ট হ’ব। ঘন বৰদেউতাই এবাৰ বৰতাল এনেই বজালে। বলো আকৌ এবাৰ ঘামি উঠিল। সন্মানৰ কথা আছে। হমমমম। হুমুনিয়াহ এটা কাঢ়িলে সি।

এবটাবাদৰ ওচৰ পোৱাৰ লগে লগে সতৰ্কিত হ’ল নিকোলাছ আৰু সতীৰ্থসকল। সেই ত্ৰিভুজাকাৰ চাৰিসীমাৰ বিশেষ ঘৰটোৰ খালী ময়দানত শব্দহীন ব্লেক হক দুখনৰ প্ৰথমখন লেণ্ডিং কৰাওঁতেই পাংখা এখন টেলিফ’নৰ তাঁৰত লাগি পাকঘূৰণি খাবলৈ আৰম্ভ কৰিলে। নিকোলাছৰ চিঞৰ- “হল্ড ইউৰ পজিছনছ এণ্ড ডণ্ট মেক নয়জ, পাইলট অফ্‌ ডা ইঞ্জিন”। হেলিকপ্টাৰখন মাটিত খুণ্ডা খাই ৰ’ল। দ্বিতীয়খনে খুব সন্তৰ্পণে লেণ্ড কৰিলে। ক্ৰেছ হোৱা হেলিকপ্টাৰখনৰ পৰা নিকোলাছ আৰু পাঁচজন সৈনিক প্ৰায় অক্ষত অৱস্থাত উলাই আহিল। আহিয়েই নিকোলাছৰ অৰ্ডাৰ- “ম’ভ টু ডা বিল্ডিং..অন ইয়ৰ কেমেৰাজ..প্ৰেচিডেণ্ট নীড লাইভ টেলিকাষ্ট..মুভ..মুভ..”। প্ৰায় দৌৰিয়েই গ’ল নিকোলাছ। আগত দুজন সৈনিক। ঘৰটোৰ সন্মুখৰ ষ্টীলৰ দুৱাৰখন বিস্ফোৰকেৰে উৰাই দিলে আমেৰিকান ছীল বাহিনীয়ে। নিকোলাছ বাহিনী ভিতৰলৈ ততাতয়াকৈ সোমাই গ’ল। সোমায়েই আমেৰিকান সৈনিকে আগ্নেয়াস্ত্ৰৰে দুজন গাৰ্ডৰ লাওখোলা উৰুৱাই দিলে। সিটো কোঠাৰ দুৱাৰৰ কাষত ৰিভলভাৰ লৈ ৰৈ থকা ওপৰ মহলত থকা বিশেষ মানুহজনৰ বিশ্বস্ত “খালিদ”ৰ দেহাটো ততালিকে তপত বুলেটেৰে চালনী কৰি পেলালে নিকোলাছৰ সৈন্যগণে। নিকোলাছে চেঁপা মাতেৰে অৰ্ডাৰ দিলে- ” মুভ টু্ৱাৰ্ডছ দা মেটেল দ’ৰ…..আপ ষ্টেয়াৰছ …..আপ ষ্টেয়াৰছ”। সৰু অথচ কঠিন নিৰ্দেশ। প্ৰায় অপাৰেচনৰ সামৰণিৰ ফালে আহিল নিকোলাছ। এতিয়ালৈকে সকলো ঠিকে আছে।

নাথ গাঁৱৰ মিডফিল্ডাৰ “দীপক”ৰ ভৰিত বল। মলিয়াচুকৰ তাৰকা ডিফেণ্ডাৰ “জ্যোতি” বেগেৰে আগুৱাই আহিল। দীপকৰ পাছ বীৰেণলৈ। বীৰেণৰ চাতুৰীৰে ভৰা পাছ আকৌ দীপকলৈ। মাজতে বল থপিয়ালে মলিয়াচুকৰ মিডফিল্ডাৰ “তালা”ই। তালাৰ পাছ মাৰ্ধুয্যলৈ। মাধুৰ্য্যৰ আকৌ দীঘলীয়া শ্বট নাথ গাঁৱৰ গ’ল পোষ্টলৈ। জপিয়াই হেড কৰিলে ডিফেণ্ডাৰ অকনে। বল আকৌ দীপকৰ ভৰিত। চলন্ত অৱস্থাতে ওপৰৰে মাৰি পঠালে ষ্ট্ৰাইকাৰ “বলো”লৈ। মলিয়াচুকৰ দুজন ডিফেণ্ডাৰৰ মাজত বল ৰিচিভ কৰিলে বলোৱে। নাথ গাঁৱৰ মানুহে চিঞৰি উঠিল। ব..লো..ব..লো। ডিফেণ্ডাৰ জ্যোতিক ঠগি মলিয়াচুকৰ গলকীপাৰে কিবা কৰিবলৈ পোৱাৰ আগতে এটা শক্তিশালী শ্বট বলোৰ। গ’ল । গলপোষ্টৰ সোঁকোণত সোমাল বলটো। য়েছ য়েছ য়েছ । বলোৰ উল্লাস। ঠাং…ঠাং ..ঠাং..। ঘন বৰদেউতাৰ বৰতালৰ কোব। জপিয়াই পৰিল লগৰবোৰ বলোৰ গাৰ ওপৰত। বলোৰ কিন্তু মনলৈ আহিল ককায়েকৰ কথাহে। কি বা কৰি আছে সি। উল্লাহ আনন্দৰ মাজতে চেৰেঙকৈ মনত পৰিল। বহুত দিন খবৰ পোৱা নাই। আকৌ চেন্টাৰ লোৱাৰ পাছতেই জংঘলী হৈ উঠিল মলিয়াচুকৰ ষ্ট্ৰাইকাৰ “মাধুৰ্য্য” আৰু “নৰেন” । যেন ক্ষুধাতুৰ বাঘহে। তালাৰ পাছ মাধুৰ্য্যলৈ। মাধুৰ্য্যই গাৰ জোৰেৰে বল আগুৱাই নিলে। ডিফেণ্ডাৰ “অকন”ক বগৰাই আগবাঢ়িল মাধুৰ্য্য। ফাউল হোৱা নাই। নাথ গাঁৱৰ গলপোষ্টৰ ওচৰত মাধুৰ্য্যৰ পাছ নৰেনলৈ। নৰেনৰ এটা লুজ শ্বট। বল বাৰত লাগি উফৰিল কৰ্ণাৰৰ ফালে। কৰ্নাৰৰ পৰা মিডফিল্ডাৰ “জ্যোতি”ৰ শূন্যত বেঁকাকৈ যোৱা শ্বট গল পোষ্টৰ অলপ আগলৈ। এটা শক্তিশালী জাপ মাধুৰ্য্য আৰু অকনৰ। একেলগে। এটা নিখুঁত হে’ড মাধুৰ্য্যৰ। গ’ল। ঘন বৰদেউতাৰ বৰতাল আকৌ বাজিল। খেল ড্ৰ।

সময় ১২.৪০, এবটাবাদ। নিকোলাছে সতীৰ্থক আদেশ দিলে- “ব্ৰেক ডা দ’ৰ”। লগে লগে সৈনিককেইজনে বিষ্ফোৰক লগাই গধুৰ ধাতৱ দুৱাৰখন খুলি ওপৰলৈ সোমাই গ’ল নিকোলাচ বাহিনী। এক্সট্ৰা টাইম। মাত্ৰ আৰু ১০ মিনিট বাকী খেল শেষ হ’বলৈ। বলোবাহিনীৰ আপ্ৰাণ চেষ্টা। প্লেনিং চেঞ্জ । তিনিজন ষ্ট্ৰাইকাৰ ল’লে বলোৱে। দুৱাৰ খোলা আৰু গুলীৰ শব্দত সাৰ পালে বিশেষ মানুহজনে। সাৰ পালে পি এইচ ডি ডিগ্ৰীধাৰী পত্নী “আমাল”। কোঠাৰ ধাতুৰ দুৱাৰখন খুলি পেলালে মানুহজনে, যেন নিজৰ মৃত্যুক আহ্বান। ইফালে নিকোলাছ বিশেষ মানুহজনৰ কোঠা অভিমুখে সাৱধানে আগবাঢ়িল। মাধুৰ্য্যৰ ভৰিত বল। মাধুৰ্য্যৰ বেক পাছ মিডফিল্ডাৰ তালালৈ। তালাৰ পাছে পাছে আগবাঢ়িল দীপক। বল কঢ়াৰ নিষ্ফল চেষ্টা। তালাৰ পাছ ষ্ট্ৰাইকাৰ নৰেনলৈ। খোলা ধাতৱ দুৱাৰেৰে ভুমুকিয়াই চালে বিশেষ মানুহজনে। নিকোলাছে মুখখন দেখিয়েই চিনাত ভুল নকৰিলে। নৰেনৰ দুৰন্ত শ্বট নাথ গাঁৱৰ গলপোষ্টলৈ। নাথ গাঁৱৰ জধলা ডিফেণ্ডাৰ জালিয়াৰ জধলা শ্বট। শূন্যত বল আগবাঢ়িল মিডফিল্ডৰ ফালে। নিকোলাছে খুব সন্তৰ্পণে দুজন সৈনিকক লগত লৈ খোলা ধাতৱ দুৱাৰ খনৰ ভিতৰত সোমাল। বিশেষ মানুহজনৰ পত্নী আমলাই তিনিজন অচিনাকি মানুহক দেখি আৰৱী ভাষাত চিত্‍কাৰ কৰি উঠিল। আমলাক ঠেলা মাৰি দিলে এজন সৈনিকে। মিডফিল্ডত বল ৰিচিভ কৰিলে দীপকে। দীপকৰ দুৰন্ত বেগ মলিয়াচুকৰ গল পোষ্ট অভিমুখে। চলন্ত পাছ বলোলৈ। নিকোলাছৰ এজন সৈনিকে আমলাক উদ্দেশ্যি গুলী কৰিলে। ডিঙিত গুলী লাগি শুই পৰিল আমলা। বিশেষ মানুহজনে নিজৰ পত্নীৰ মৃত্যু দেখি কিংকতৰ্ব্যবিমূঢ় হ’ল। বলোৰ তীব্ৰ শ্বট। হেণ্ড বল। ডিফেণ্ডাৰ জ্যোতিয়ে হেণ্ড কৰিলে। হুইট হুইট। পেনাল্টী। মলিয়াচুক ভাগি পৰিল। ষ্ট্ৰাইকাৰ বীৰেণে শ্বট ল’লে। চু…ই.ই.ই..ট। তীব্ৰ শ্বট। বিশ্বৰ সকলোৱে ভয় কৰা সেই বিশেষ মানুহ জনৰ বুকুত আৰু চকুত এটাকৈ গুলী কৰিলে নিকোলাছে। লাওখোলা উৰি গ’ল। বাৰত লাগি বীৰেনৰ শ্বট উভতি আহিল। অ…উ..উ.উ। ৰাইজৰ চিঞৰ। মানুহজনৰ লাওখোলা চিলিঙত লাগি ধৰিল। বাৰত লাগি দীপকৰ ভৰিত বল। মানুহজনৰ শৰীৰ ঢলি পৰিল। দীপকৰ শূন্যত পাছ বলোলৈ। নিকোলাছৰ আকৌ দুটা গুলী। থিঁচিউ..থিঁচিউ। বলোৰ এটা ফ্লায়িং কিক বলটোত। মানুহজনে এটা গেঙনি দি শেষ উশাহ ল’লে। এটা নিখুঁত শ্বট বলোৰ। গ’ল। নিকোলাছে হেডফ’নত পেণ্টাগন আৰু হোৱাইট হাউচলৈ বাৰ্তা প্ৰেৰণ কৰিলে- “অপাৰেচন নেপচুন স্পিয়েৰ চাকচেছ …..অপাৰেচন চাকচেছফুল….টাৰগেট ইজ্‌ ডাউন…বেক টু বেছ….অভাৰ”। বলোক ডাঙি ধৰিলে সতীৰ্থবৃন্দ‍ই। বলো ততাতৈয়াকৈ গ্ৰীনৰুমত সোমাল। ফ’নটো উঠায়েই লগালে বৈমাত্ৰেয় ভাতৃলৈ। নিকোলাছৰ ফ’নটো বাজিল। ৰিচিভ কৰিলে সি।
– ” বলো..ভাই, লাডেন ইজ ডেড **** ….আহি আছোঁ এমাহৰ ছুটীত।”
-” আমিও জিকিলোঁ, আহি যা ত‍ই। মা ৰৈ আছে তোলৈ। তোৰ লগতে এইবাৰ ম‍ইও আমেৰিকালৈ যাম..এতিয়া চিয়েৰ্ছ।” কৈয়েই ফ’ন কাটিলে বলোৱে। শান্তি পালে সি নিকোলাচৰ অসমীয়া মাতটো শুনি।

ইফালে হোৱাইট হাউচৰ চিটুৱেচন ৰুমত লাডেনক শেষ কৰাৰ বাবে অভিনন্দন জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ৰাষ্ট্ৰপতি বৰাক অ’বামাই আনুষ্ঠানিক ঘোষণা কৰিলে- “অপাৰেচন নেপচুন স্পিয়েৰ ইজ্‌ চাকচেছফুল….অ’চামা বিন লাডেন ইজ্‌ ডে’ড।“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!