গছত উঠা বাঘ (- ঘণশ্যাম ৰাজবংশী)

gosot-utha-bagh_ghanashyam-rajbongshiকিছুমান জন্তুৰ স্থানীয় নামটো এনে ভাবে দিয়া থাকে যে দেহ আৰু চালৰ ওপৰত কিছু প্ৰকৃতিৰ চিহ্ন থকাত সেই নামৰ বাবে নামবোৰ ৰাখে আৰু আমাৰ মাজত চিনাকী হৈ পৰে। ঢেঁকীয়া পাতৰ দৰে গাত আচ আচ থকা কাৰণে বাঘটো চিনাকী হৈ পৰে ঢেকীয়াপতীয়া বাঘ হিচাবে। আনহাতে নাহৰ গছৰ ফুলটোৰ দৰে গোটেই গাটোত ফুলৰ মাজত ফুট ফুট থকাৰ বাবে নাহৰফুটুকী বাঘ হিচাবে পৰিচিত হৈ পৰিল। দেখিলেই ক’ব পাৰি কোনটো কি প্ৰজাতিৰ বাঘ দেখাত আৰু স্বভাৱৰ কিছু মিল থাকিলেও পৃথক হৈ পৰে মেকুৰী প্ৰজাতিবোৰ নামবোৰ। পৃথিৱীৰ সকলো মানুহে নাহৰফুটুকীক জানিবলৈ ইংৰাজীত চিনাকী হৈ পৰে Leopard বুলি আৰু বৈজ্ঞানিক নাম হ’ল- panthera pardus.
পৰিবেশৰ লগত খাপখাব পৰা গুণ আৰু সকলো ধৰণৰ অৰণ্যত যিকোনো পৰিস্থিতিতে নিজক জীয়া ৰাখিবলৈ সক্ষম। কিন্তু একমাত্ৰ প্ৰধান শত্ৰু মানুহৰ পৰা এই বিধ প্ৰাণীৰ জীৱন বৰ্তমান সংকটত। অসমৰ চহৰ,নগৰ চাহবাগান এলেকাৰ সৰু সৰু হাবি বননিত আদিত ইহঁতে বিচৰণ কৰি ফুৰে। সেয়েহে সততে মানুহৰ আক্ৰমণৰ বলি হৈ পৰে। ইতিহাসৰ পাতত নাহৰফুটুকী বাঘৰ বহুলভাৱে উল্লেখ আছে৷ বহু দেশৰ কলা-কৃষ্টি, লোকগীত আদিত ইয়াৰ বৰ্ণনা পোৱা যায়৷ বৰ্তমান আফ্ৰিকাত ইয়াক খেল-ধেমালিত প্ৰতীক হিচাপে ব্যবহাৰ কৰে যদিও সাধাৰণভাৱে স্বাস্থ্যৱান নাহৰফুটুকী বাঘে মানুহক আক্ৰমণ নকৰে কিন্তু আঘাতপ্ৰাপ্ত বা বুঢ়া বাঘে সহজ খাদ্যৰ আশাত মানুহ আক্ৰমণ কৰে৷ পৰ্য্যায়ক্ৰমে ইহঁত মানুহৰ মাংস ভক্ষণত অভ্যস্ত হৈ নৰখাদক হৈ পৰে৷ এক তথ্য সংগ্ৰহত জানিব পাৰিছিলো ভাৰতৰ ২ টা ৰুদ্ৰপ্ৰয়াগৰ নৰখাদক (Leopard of Rudraprayag)’ আৰু পানাৰ নৰখাদক (Panar Leopard) নাহৰফুটুকী বাঘে ক্ৰমান্বয়ে ১২৫ জন আৰু ৪০০ জনৰ ওপৰৰ মানুহ হত্যা কৰিছিল৷ সেই সময়ত বিখ্যাত চিকাৰী জিম কৰবেটে দুয়োটা নৰখাদকক মাৰিবলৈ সক্ষম হয়৷ তেতিয়াৰ সময়ত হয়তো কৰবেট মহোদয়ক পুৰস্কৃত কৰিছিল। তেখেতে অৰণ্যত ঘুৰি ফুৰি বাঘৰ ফটো তোলা বাঘৰ চৰিত্ৰৰ বিষয়ে বহু কথাই জানিছিল। যিটো নৰখাদক বাঘ মাৰিবলগীয়া হৈছিল তাৰ বিষয়ে বুজলৈ লিখি থৈ গৈছে কেনেকৈ কি পৰিস্থিতিত পৰি বাঘ হত্যা কৰিব লগীয়া হৈছিল। যদিও হত্যা কৰিছিল কোনো দিনে গৌৰৱ কৰা নাইছিল। বৰং মানুহৰ কাতৰ অনুৰোধ আৰু মানুহৰ জীৱন বচাবগৈ নকৰিবলগীয়া কাম কৰাত দুখ প্ৰকাশ কৰিছিল। সেয়েহে ভাৰতবৰ্ষত তেখেতক নজনা মানুহ নাই বুলিব পাৰি। অসমতো এজন বাঘ চিকাৰী আছিল- জীয়াউৰ ৰহমান। তেখেতে নৰখাদক বাঘ হত্যা কৰা নাছিল জীৱিত অৱস্থাত পিঞ্জৰা বদ্ধ কৰিছিল। হয়তো তেখেতৰ নাম বহুতেই পাহৰি গ’ল। এজনৰ হাতত আছিল ৰাইফল বন্দুক আনজনৰ খালী হাত আৰু এটা লোহাৰ পিঞ্জৰা।
নাহৰফুটুকী অত্যন্ত চতুৰ আৰু দক্ষ চিকাৰী। মানুহৰ চাল-চলন প্ৰত্যক্ষ কৰাৰ ওপৰিও ভাব-ভংগী সহজেই বুজি পোৱাত এই বিধ প্ৰাণীয়ে বুদ্ধিৰ পৰিচয় দিয়ে। বেচি ভাগ চিকাৰ কৰা খাদ্য গছৰ ওপৰলৈ উঠাই নিয়ে। সেয়েহে বুজিব পাৰি দাঁত আৰু হনু অধিক শক্তিশালী। সৰু পাহাৰীয়া ঠাই বিশেষত বান্দৰ প্ৰধানকৈ চিকাৰ কৰে। সেয়েহে বান্দৰ নিয়ন্ত্ৰণ কৰাত নাহৰফুটুকী বাঘেহে প্ৰধান। সদায় আত্মগোপন কৰিহে চিকাৰ কৰে। মানুহৰ বসতিৰ ওচৰ পাঁজৰে থাকি ভাল পায়। গৃহপালিত গৰু, ছাগলী, কুকুৰ, গাহৰী সহজতে চিকাৰ কৰিব পায় কাৰণে জনবসতিৰ ওচৰে পাঁজৰে থকা হাবিত, শিলৰ গুহাত থাকিব লয়।
গুৱাহাটীৰ আশে-পাশে থকা পাহাৰ কিছুমানত নাহৰফুটুকী বাঘ থকাৰ প্ৰমাণ আমি পাইছো কেতিয়াবা চিকাৰ কৰিব আহি হয় নাদত নহয় মানুহৰ ঘৰত অন্যথা জনঅৰণ্যলৈ ওলায় আহে। মানুহৰ হৈ হাল্লাত কেতিয়াবা আক্ৰমণত্মাক হৈ উঠে। কিবা কাৰণত যদিহে নৰখাদক হয় সি নিয়মিত মানুহ ধৰি খাবই। দেখা গৈছে বাঘ এতিয়া নৰখাদক হোৱা শুনা নাপাওঁ। ঠাই বিশেষে মানুহ এতিয়া বাঘখাদক হৈ পৰিছে। মাংসৰ ওপৰিও নখ, দাঁত, নোম,চাল আনকি দাড়ি কেইডালো নাথাকে বাঘখাদকৰ পৰা। এই বাঘকে আকৌ এচামে ভৈৰৱীদেৱীৰ বাহন বুলি পূজা অৰ্চনা কৰা দেখা যায়। বহুতে নিজৰ বলবিক্ৰম সাহস আদি দেখুৱালৈ বাঘক খেদি খেদি বধ কৰি থকা দৃশ্য ইলেকট্ৰেনিক মিডিয়াত দেখিছে আন কিছু লোকে হয়তো খাদ্যত বিষ দি হত্যা কৰা কৰিছে। মাজতে অসমৰ উজনিৰ এঠাইত নাহৰফুটুকী বাঘক হত্যা কৰি গছত ওলোমাই ফাঁচি দিয়াৰ কাৰ্য গৰিহণা যোগ্য। বহুতে জানি বুজিও অত্যাচাৰ হত্যা কৰে তেনেবোৰ মানুহক কি ক’ব ? প্ৰশ্ন হয় বাঘে মানুহৰ ঘৰত গৈ অত্যাচাৰ কৰে নে ! মানুহে খেদি খেদি নি অত্যাচাৰ কৰে অথবা হত্যা কৰে ? বহু কথাই লিখিম বুলি ভাবিছিলো নাহৰফুটুকী বাঘৰ বিষয়ে। যি দৰে মানুহে বাঘক হত্যা কৰি গছত ওলোমাই ৰং চাইছে, নাহৰফুটুকীয়েও যদি মানুহক হত্যা কৰি গছত উঠায় খাব ধৰে তেতিয়া কি হ’ব। এই বাঘে গছত উঠিব পাৰে। গতিকে জোকাই নোলোৱাই মঙ্গল। এটা কথা মনত ৰাখিব বন্ধুগন আমি ব্যৱহাৰ কৰা আমাৰ দেশৰ টকা পইচাৰ নোট, মুদ্ৰাত কিন্তু বাঘৰ হে প্ৰতীক আছে। সেইটো বাঘৰ প্ৰতীকটো দেশ এখনে এনে দিয়া নাই নিশ্চয় তাৎপৰ্য্য আছে, গতিকে এবাৰ ভাৱক গছত উঠিব পৰা বাঘটোৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!