“গোপাল মাথো এটি নাম নহয়- ই এক নতুন চৰিত্র” (-মনজিৎ)

“গোপাল মাথো এটি নাম নহয়- ই এক নতুন চৰিত্র”

মনজিৎ

 

এটা নতুন চৰিত্রই মোৰ কথা লিখ, মোৰ কথা লিখকৈ কামোৰ দি আছে কেইদিনমানৰ পৰা। নাম তাৰ “গোপাল”। আমাৰ থুলুকৰ একেবাৰে লংগৌটিয়া য়াৰ। দেখাই শুনাই কামে কাজে স্বভাৱ চৰিত্রই থুলুকৰ সৈতে অবিশ্বাস্য  ভাবে মিল আছে। সৰুৰে পৰা দুয়োৰে নাম দৌ আত্মা এক টাইপ বন্ধুত্ব একদম। দুয়োৰে মাজত পার্থক্য মাথো এটাই থুলুক জনমে-মৰণে চিৰদিন অসমীয়া হোৱাৰ বিপৰীতে গোপাল পশ্চিমীয়া ভাষা সংস্কৃতিৰ তীব্র অনুৰাগী। বিশেষ কৈ ইংৰাজ আৰু ইংৰাজী ভাষা সংস্কৃতিৰ। পাৰিলেও নোৱাৰিলেও ছোৱালী বোৰৰ দৰে সিও ইংৰাজী ভাষাটোকহে ষ্টেটাছ চিম্বল হিছাপে মানে। তাৰমতে ইংৰাজী ক’ব নোৱাৰা জন বোলে ইচমার্টেই নহয়। তাকো জিভাত ইংৰাজী চুইং কৰাব পাৰিব লাগিব। সিও সদায় জিভা খন ইচটাইলত পকাই চুইং কৰাই কৰাইহে ইংৰাজী কয়। এই ক্ষেত্রত সি অত্যাধুনিকা লিহিৰি পতিয়া অচাম দেশৰ গার্ল বিলাককহে বেছিকৈ ফল’ কৰে। সেয়ে লগৰ আকাশক মাতিলে “হেই আকাচ” বা প্রিয়ংকাক আকৌ “হেল্ল প্রিয়াংকা এই ফালে শুনা না পিলিজ”, সঞ্জীবৰ কথা ওলালে আকৌ “চনজিভক যে চিমাই ইম্মান লাভ কৰে কি ক’ম তোমালোকক ” , ৰিক্সাত উঠি ব্রইলাৰ আনিব গ’লে কয় “মই জানা আজি ৰিকিত উঠি ৰাজগড়ৰ পৰা চিকি আনিব গৈছিলো” , অলুপিতিকা ভাত খোৱাৰ দিনা ক’ব “আজি দিনাৰত জানা স্মেছ পটেট’ আৰু বেকড ৰাইছ আছিল ” বুলি কয়। তাৰ এই ইংৰাজী মিহলি অসমীয়া শুনিলে কিবা ভাত খাওঁতে শিল চোবোৱাৰ দৰে লাগে। আৰু এইদৰে জিভাত মৰণা মাৰি মাৰি সৰুৱাই দিয়া ইংৰাজীৰ মাজত চেপা খাই যোৱা অসমীয়া শব্দ কেইটালে বাৰুকৈয়ে সমবেদনা ওপজে। সিহঁতে যেন চিঞৰি চিঞৰি ক’ব খুজিছে হে প্রভু ইংৰাজীৰ চেপাত উশাহ বন্ধ হওঁ হওঁ। আমাক এই থেকা খুন্দাৰ পৰা স্বাধীনতা দিয়া।

 

আজি সেই গোপালৰেই কেইটিমান সৰুসৰু কাহিনী ক’বলৈ ওলাইছো ।

 

১)

 

তেনেকুৱা ইচমার্ট ইংৰাজীৰেই সি বহুচেষ্টাৰ মুৰত “আছা বৰুৱা” (আশা বৰুৱা) নামৰ ছোৱালী এজনী ফেছবুকতেই তাৰ প্রতি আসক্ত কৰালে। এটা সময়ত ফোন নাম্বাৰো অদল-বদল হ’ল। সুবিধা বুজি এদিন সি কেটৰীণা কাইফৰ প্রফাইল পিকচাৰ লগাই ৰখা আছা বৰুৱাক তাক লগ ধৰিবলে সৈমানো কৰালে। আনকালে চুলি কাটাবলে গৈ ২০ টকাতো দৰদাম মৰা গোপালে ২০০ টকা দি পার্লাৰত চুলি কটাই ড্রীম গার্ল আছা বৰুৱাক লগ ধৰিবলে গ’ল। যথা সময়ত ৰেষ্টুৰেন্টৰ বিশেষ টেবুলত বহি বিশেষ কোনোবা আহিলেই ৱেইটাৰক মাতি অর্ডাৰ দিয়ালৈ ৱেইট কৰি ৰ’ল। তেনেতে আশাই এন্ট্রি মাৰিলে। সি গম পাইছে যদিও সেইফালে চোৱা নাই বুকুত কিন্তু চিবমনিৰ ড্রামচেট “ধিছ ধিছ ধি ধিছ ধিছ ধিছ”। ইফালে আশা আহি তাৰ সমুখত। তাক মাত দিলে “হেই আৰ ইউ গপুমিনছ গোপাল?” গোপালে লাজ লাজ চকুতুলি চালে, তাৰ চকু ডাঙৰকৈ মেল খাই পউজ হৈ ৰৈ গ’ল।এইয়া কি? কেটৰীণা কাইফ হেন আশা বৰুৱাৰ ঠাইত দেখোন মেকআপেও ধুনীয়া কৰিব নোৱাৰো বুলি হাত ডাঙি দিয়া কোনোবা অতীতত কৈও অতীব সুন্দৰী ৰমনী। লেপি লেপি লোৱা চকুৰ কাজল দেখি সি এইবাৰ অসমীয়াতে ভাবিলে “ তুমি দুচকুত কাজল ল’লে তিনি টেমা কাজলে ইহলীলা সম্বৰণ কৰে”। কোনো মতে নিজকে চম্ভালি ক’লে “ অ য়াহ ইটছ মি গোপাল। ইউ আশা ন ?”  তাই হয় বুলি মুৰ জোকাৰি সমুখৰ আসন ল’লে। সি কি নকৰো কি কৰো কৈ ৱেইটাৰটোকে মাতিলে। মেনুখন খুজিবলে গৈ সি মেনু শব্দতো পাহৰি গৈ ক’লে “ হেই ৱেইটাৰ যোৱাচোন চিলেবাছ খন লৈ আহা কিবা এটা খাবলে অর্ডাৰ দিও”। বছ আৰু কিটো হ’ব আশাই তাৰ আশাত এনে বৰফ ধালিলে যে সি চব পাহৰি গ’ল কোনোমতে সময় পাৰ কৰি তাৰ পৰা এনেকৈ পলাল যে পিছলে এবাৰো ঘুৰি নাচালে আৰু।

 

২)

 

এসময়ত সৰুতে সি গাঁৱত থাকোতে লগৰ কেইটা মানক মাতি বুট-মাহ নাৰিকলেৰে জন্মদিন পতিছিল। পিছে এইবাৰ সি ইচমার্ট + আধুনিক হৈ বেলুন লগাই কাগজৰ টুপি পিন্ধি তাৰ নাম লিখা কেক কাটি হেপি বার্থ দে টুই উ গাই হে জন্মদিন পাতিলে। দুপইছা ভালকৈ খৰছো হ’ল। নতুন ইচটাইলটোত সি মন কৰিলে যে কেকটো কাটি খুৱাই ভগাই দিয়াৰ পিছত লগৰ বোৰে ইটোৱে সিটোক কেকৰ ক্রিম বোৰ মুখত সানি দি ধেমালী কৰে। আন এটা বার্থদেতো খাবলে গৈও একেই পৰিবেশ। গ’ল কথা গুছিল মাথো কথাটো সি মনত ৰাখি থ’লে। এদিনৰ কথা আশাৰ পিছত এইবাৰ সি চঞ্জনা নে চজিনা নামৰ এগৰাকীক লগ কৰিব গ’ল। এইবাৰ আকৌ অৰিজিনেল পিকচাৰ থকা চাই লৈহে আগ বাঢ়িছিল দেই। চজিনাই ক’লে “গপুদা বলানা আজি ভেনিলা পেষ্টি এটা এটা খাও ফিলিং খুব হাংগ্রি জানা”। বছ ইমান মৰম লগা কৈ ক’লে কেনেকৈ নো নাখাওঁ বুলি ক’ব পাৰে, সেয়ে সি দামী বেকাৰী এখনত লৈ গ’ল। অর্ডাৰ দিয়াৰ লগে লগে পেষ্টি আহিল দুয়ো চমুছ লৈ ইচটাইলত খাবলৈ ধৰিলে। তেনেতে তাৰ মনত পৰিল বার্থদেৰ ক্রীম সনা  কথাটো। সি খাই শেষ হোৱাৰ আগতেই তাৰ পেষ্টিটোৰ ক্রীম খিনি দিলে নহয় চজিনাৰ মুখত সানি। ৰাজহুৱা ঠাই,  মানুহৰোও ভিৰ আছিল। লাজ পাই চজিনাৰো খং উঠিল হ’ব পাই। লাহি হাতৰ পৰশটো সাজোৰে গালত বহাই “ইউ আনকালচাৰ্ড আনএদুকেটেড আনচিভিলাইজড ভিলেজ পিপল” বুলি কৈ উচাত মাৰি গুছি গ’ল। সি কি হ’ল নহ’ল তত ধৰিব নোৱাৰি তাই যোৱাৰ ফালে অভংটোৰ দৰে হেবাং লাগি চাই ৰ’ল ।

 

৩)

 

এইবাৰ আকৌ তাৰ ঘৰুৱা প্রসংগ এটালৈ আহো। ককায়েকে কিছুদিন আগতে বিয়া পাতিলে। বৌৱেক জনী আকৌ তাৰ দৰেই, পশ্চিমীয়া সংস্কৃতিৰ বিৰাটেই অনুৰাগী। আহিয়েই দিমাণ্ড দিলে তেঁওক বোলে এটাছটেড বাথৰুম লাগিবই লাগিব। ইফালে সিহঁতৰ গাওঁৰ পৰিবেশ। গাওঁৰ মানুহে লেট্রিন বাথৰুম বোৰ ঘৰৰ গাতে লাগি থাকিলে অশুচি হ’ব বুলি দুৰতে সাজে। আৰু শৌছ কৰি গা নোধোৱাকে সোমাব নিদিয়ে। ককায়েকে বহুবাৰ বুজালতো নুবুজি বৌৱেকে জেহাদ ঘোষনা কৰি দিলে। ক’লে দুদিনৰ ভিতৰত এটাচটেড নকৰিলে তেওঁ বোলে ঘৰ এৰি গুছি যাব। গোপালে ভাবিলে কেছটোতো বেয়া হৈছে বিয়াৰ পিছতেই ঘৰ এৰি গুছি গ’লে ওচৰৰ মানহে কি বুলি ক’ব? সিহঁতৰেইটো বদনাম হ’ব। সেয়ে পিছদিনা পুৱাতেই সিহতৰ গাঁৱৰেই জলসিঞ্চন বিভাগৰ কার্য্যবাহী অভিযন্তা সোনাৰাম শইকীয়া বৰদেউতাক তেওঁৰ অফিছ ষ্টাম্প সহ বাইকত উঠাইলৈ আহিল। আহি ককায়েকক চিঞৰি চিঞৰ মাতি ক’লে “দাদা তই চিন্তা নকৰিবি তোৰ বাথৰুম এটাচটেড কৰাৰ প্রবলেম চলভ কৰি দিম আজি মই চাই থাক। এইয়া মই চোনাৰাম চইকীয়া আংকলক লৈ আহিছো। তেওঁ বাথৰুমৰ ৱালত এটাচটেড বুলি লিখি চহী মাৰি ষ্টাম্প মাৰি দিব। আৰু ভাবীক কৈ দিবি তেওঁ যাতে ঘৰ এৰি নাযায়।” বছ তাৰ পিছত কি হ’ল আৰু নুসুধিব দেই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!