গোমাংসৰ কোৰ্মা (চোহেল আলম)

উপকৰণ:
১৷ মাংস -১ কিলো
২৷ ঘি – ১৫০ গ্ৰাম
৩৷ মিঠা দৈ – ১০০ গ্ৰাম
৪৷ পিঁয়াজ – ৩০০ গ্ৰাম
৫৷ চেনী – ৩ চামুচ
৬৷ লং,ইলাচি – ৪ টাকৈ
৭৷ তেজপাত – ৪ খিলা
৮৷ ছয়াছচ – ৪ চামুচ (সৰু)
৯৷ নিমখ – আন্দাচমতে
১০৷ আদা-নহৰুৰ পেষ্ট – ২-২ চামুচ ( ডাঙৰ)

বিধি:
প্ৰথমে ভালদৰে ধোৱা মাংসখিনি ৭০% সিজাই লওক। এতিয়া মাংসখিনি দৈ আৰু আদা-নহৰুৰ পেষ্টৰ সৈতে সানি ৫ ঘণ্টা সময় থৈ দিয়ক। ৫ ঘণ্টা পিছত, গৰম ঘিত সৰু সৰুকৈ কটা পিঁয়াজ,লং ইলাচি আৰু তেজপাত দি ৰঙচুৱা হোৱালৈকে ভাজক। এতিয়া মাংসখিনি তাত দি গেছ ছিম কৰি ১০ মিনিট  ভাজক। এই সময়ত সোৱাদ অনুযায়ী নিমখ দিবলৈ নাপাহৰিব। এতিয়া চেনী আৰু ছয়াছচ দি মাংসখিনি হেতা এখনেৰে চলাই থাকক। দৰকাৰ হলে কিছু পানীও দিব পাৰে যাতে মাংসখিনি ভালদৰে সিজে। অতিৰিক্ত পানী শুকাই যোৱালৈকে ভাজক। শেষত গৰমে গৰমে পোলাও নাইবা পৰঠাৰ লগত পৰিৱেশন কৰক।

————————————————————-
সাহিত্য.অৰ্গৰ “খাদ্য-বিশেষ” সংখ্যাৰ লগত সংগতি ৰাখি নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে তথা দেশৰ আইন-কানুন ভংগ নহ’বলৈ তলৰ কথা কেইষাৰ বিধিসন্মত সতৰ্কীকৰণ হিচাপে অনুগ্ৰহ কৰি মন কৰিব।

ছাগলী কিনোঁতে খাদ্য-পৰিদৰ্শকৰ মোহৰ মৰা আছে নে চাই ল’ব। গাহৰি কিনোঁতেও একেদৰে খাদ্য-পৰিদৰ্শকৰ মোহৰ চোৱাটো আৱশ্যক। লগতে বয়সটোও। লাইচেন্স নথকা দোকানৰপৰা গৰু-গাহৰি-ছাগলী-মূৰ্গী একো নিকিনিব। সুৰা আদি পিবলৈ হ’লে সদায় “ড্ৰিংকিং লাইচেন্স” লগত ৰাখিবলৈ নাপাহৰিব। দোকানৰ পৰা ৰিচিপি ৰান্ধিবলৈ কিনা যিকোনো বস্তুৰ বাবেই কেশ্ব-মেমো বিচাৰিব। ইয়াৰ অন্যথা আপুনি কোনো ৰিচিপিৰ বাবে বস্তু যোগাৰ কৰোঁতেই  বিভিন্ন আইন ভংগ কৰা হয়, সেয়ে সম্পাদকৰ ফালৰপৰা এই বিধিসন্মত সতৰ্কীকৰণ যোগ কৰি দিয়া হ’ল। এই ৰিচিপিবোৰ চেষ্টা কৰিবলৈ গৈ কোনো ব্যক্তি আইনমতে দোষী সাব্যস্ত হ’লে তাৰ বাবে সাহিত্য.অৰ্গক দায়বদ্ধ কৰিব নোৱাৰিব।
—————————————————————

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!