গ্ৰন্থ আৰু গ্ৰন্থৰ ভৱিষ্যত (পংকজ গোবিন্দ মেধি)

পৃথিৱীত বৰ্তমান ৭, ১০৬টা ভাষা আছে আৰু তাৰে ভিতৰত কিমান ভাষাত কিমান পৰিমাণে নিয়মিত গ্ৰন্থ প্ৰকাশিত হয় একেষাৰে কোৱা টান৷ ভাষাটো কোৱা জনসংখ্যানুসৰি অসমীয়া ভাষাৰ স্থান ৬৭৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ.২৩% লোকে অসমীয়া ভাষাত কথা কয়৷ অনুমান কৰা অনুসাৰে অসমীয়া ভাষাত বছৰি প্ৰায় ভিন্ন বিষয়ক দুহেজাৰ গ্ৰন্থ প্ৰকাশিত হয়৷
এই ভাষা সমূহৰ গ্ৰন্থ বুলি ক’লে চকুৰ সন্মুখত ভাহি উঠে এখন মহাসাগৰ৷ গ্ৰন্থৰ মহাসাগৰ৷ থাউনি নোপোৱা অজস্ৰ বাক্যৰ স্ৰোতৰ সমাহাৰ৷ বছৰেকত এই গ্ৰহটোৰ লেখকসকলে কিমান গ্ৰন্থ লিখে বুলিলে সাধাৰণতে মনলৈ অজস্ৰ প্ৰশ্ন আহে৷ কিন্তু আমাৰ মনলৈ অহা অজস্ৰ প্ৰশ্ন ভেদি পৃথিৱীত বছৰেকত কিমান গ্ৰন্থ প্ৰকাশ হয়, তাৰ হিচাপ উলিওৱা সম্ভৱতঃ কোনোপধ্যেই সম্ভৱ নহয়৷ ধাৰণা কৰা অনুসাৰে পৃথিৱীৰ কথা বাদেই অসমতো বছৰেকত কিমান গ্ৰন্থ প্ৰকাশ হয় তাৰো নিৰ্দিষ্ট আৰু সঠিক সংখ্যা উলিয়াবলৈ আমি সক্ষম নহওঁ৷
পাঠকে পঢ়াৰ নিমিত্তে গ্ৰন্থ-মহাসাগৰৰ অজস্ৰ গ্ৰন্থৰ মাজৰ পৰা মাথোন কেইখনমানহে গ্ৰন্থ নিৰ্বাচন কৰি উলিয়াই লয় আৰু বৌদ্ধিক খাদ্য হিচাপে গ্ৰহণ কৰে৷ গ্ৰন্থ নিৰ্বাচনৰ বাবে আমি ইংৰাজী ভাষাৰ পদ্ধতিক অৱলম্বণ কৰিবলগীয়া হয়৷ বৃটিছে পোনপটীয়াকৈ ৬২ খন দেশ এসময়ত তেওঁলোকৰ অধীনষ্ঠ কৰাৰ ফলস্বৰূপে সেই দেশসমূহৰ নাগৰিকসকল আজিও ইংৰাজী ভাষাৰ পদানত৷ অৰ্থাৎগৰিষ্ঠ সংখ্যক দেশ ইংৰাজী ভাষা-সাহিত্য আৰু গ্ৰন্থৰ মুখাপেক্ষী৷ বিদেশী ভাষা বুলিলে আমাৰ মাজৰ গৰিষ্ঠ সংখ্যক লোকে ইংৰাজী ভাষা বুজি পায়, ক’ব পাৰে, লিখিব পাৰে৷ অতি নগন্য সংখ্যক ভাৰতীয়ই ইংৰাজীৰ বাহিৰে অইন বিদেশী ভাষাৰ সংস্পৰ্শলৈ আহিছে৷
অসমীয়া ভাষাত প্ৰকাশিত গ্ৰন্থসমূহক আমি বিষয়ভিত্তিক কিমানটা ভাগত ভাগ কৰিব পাৰো? তেনেকুৱাকৈ ভাগ কৰাৰ প্ৰয়াস গ্ৰন্থ প্ৰকাশক প্ৰতিষ্ঠান বা কাকত-আলোচনীৰ শিতানত সতকাই দেখা পোৱা নাযায়৷ যিখিনি দেখা পোৱা যায় সেয়া অতি চেগা-চোৰোকা অথবা নাম-মাত্ৰ৷ ‘দ্য নিউয়ৰ্ক টাইমছবুক ৰিভিউ’ৰ তৰফৰ পৰা প্ৰকাশিত গ্ৰন্থসমূহক তেত্ৰিশটা ভাগত ভগোৱা হৈছে৷ সেইসমূহ একাদিক্ৰমে- ১. কম্বাইনড প্ৰিণ্ট এণ্ড ই-বুক ফিক্‌চন, ২. কম্বাইনড প্ৰিণ্ট এণ্ড ই-বুক ননফিক্‌চন, ৩ হাৰ্ডকভাৰ ফিক্‌চন, ৪. হাৰ্ডকভাৰ ননফিক্‌চন, ৫. পেপাৰবেক ট্ৰেড এডিচন, ৬, পেপাৰবেক মাচ-মাৰ্কেট ফিক্‌চন, ৭ পেপাৰবেক ননফিক্‌চন, ৮, ই-বুক ফিক্‌চন, ৯. ই-বুক ননফিক্‌চন, ১০. এডভাইচ, হাউ টু এণ্ড মিছেলেনিয়াছ ১১. চিলড্ৰেনছ পিক্‌ছাৰ বুকছ, ১২ চিলড্ৰেন মিডল গ্ৰেড, ১৩ ইয়ং এডাল্ট, ১৪. চিলড্ৰেনছ ছিৰিজ, ১৫ হাৰ্ডকভাৰ গ্ৰাফিক বুকছ, ১৬, পেপাৰবেক গ্ৰাফিক বুকছ, ১৭ মাংগা, ১৮. বিজনেছ বুকছ, ১৯. পলিটিক্স, ২০. ছাইন্স, ২১. ফুড এণ্ড ফিটনেছ, ২২. স্পৰ্টছ, ২৩. হিউমাৰ, ২৪. ইডুকেশ্বন, ২৫. ট্ৰেভেল, ২৬ ফেমিলি, ২৭ ফেশ্বন, মেনাৰছ এণ্ড কাষ্টমছ, ২৮ ৰিলেশ্বনশ্বিপ, ২৯. ৰিলিজন, স্পিৰিছুৱেলিটি এণ্ড ফেইথ, ৩০ চেলেব্ৰেটিজি, ৩১. এনিমেলছ, ৩২. ক্ৰাইম এণ্ড পানিছমেণ্ট আৰু ৩৩. গেমছ এণ্ড এক্টিভিটিজ৷ মানৱ জীৱনৰ প্ৰয়োজনীয় প্ৰায় সকলো বিষয়কেই এই তালিকাখনে সামৰি লৈছে৷ তালিকাখনৰ প্ৰথমতে ‘ফিক্সন’ক স্থান দিয়া হৈছে৷ সেই অনুসৰি ‘ফিক্সন’ সাহিত্যৰ ক্ষেত্ৰত আগশাৰীৰ বুলি ঠাৱৰ কৰা প্ৰচলিত ৰীতি ‘দ্য নিউয়ৰ্ক টাইমছ বুক ৰিভিউ’ৰ দ্বাৰাও সমৰ্থিত হৈছে৷
‘দ্য নিউয়ৰ্ক টাইমছ বুক ৰিভিউ’ অনুসাৰে দেখিবলৈ পোৱা গৈছে ‘ফিক্সন’সাহিত্যৰ গ্ৰন্থসমূহক কেইবাটাও বাণিজ্যিক ভাগত ভগোৱা হৈছে৷ সেইসমূহ হ’ল ‘কম্বাইনড প্ৰিণ্ট এণ্ড ই-বুক ফিক্সন’, ‘হাৰ্ডকভাৰ ফিক্সন’, ‘পেপাৰবেক ট্ৰেড ফিক্সন’, ‘পেপাৰবেক মাছ- মাৰ্কেট ফিক্সন’আৰু ‘ই-বুক ফিক্সন’৷ একেই ‘ফিক্সন’ সাহিত্য হ’লেও এই বিভিন্ন বাণিজ্যিক ভাগ সমূহত ‘বেষ্ট ছেলাৰ’ গ্ৰন্থ হিচাপে একেকেইখন গ্ৰন্থ বাছনিত উঠা দেখিবলৈ পোৱা নাযায়৷ ইয়াৰ পৰা পাঠকৰ প্ৰকাৰ ভেদ সম্পৰ্কে আভাস পোৱা যায়৷
ইংৰাজী সাহিত্যৰ গ্ৰন্থ সমূহ ‘হাৰ্ডকভাৰ’ আৰু ‘পেপাৰ বেক’দুইধৰণৰ সংস্কৰণত উপলদ্ধ৷ ‘হাৰ্ডকভাৰ’ সংস্কৰণতকৈ ‘পেপাৰবেক’ সংস্কৰণ তুলনামূলক ভাৱে বহুত সস্তীয়া৷ ‘পেপাৰবেক’ সংস্কৰণক আকৌ ‘পেপাৰবেক ট্ৰেড ফিক্সন’আৰু ‘পেপাৰবেক মাছমাৰ্কেট ফিক্সন’ এই দুই ব্যৱসায়িক সংস্কৰণত প্ৰকাশ কৰা হয়৷ ‘পেপাৰবেক ট্ৰেড ফিক্সন’ আৰু ‘পেপাৰবেক মাছ মাৰ্কেট ফিক্সন’ৰ পাৰ্থক্য আছে সংস্কৰণ দুটাৰ মূল্যমান আৰু গ্ৰন্থৰ গুণগতমানৰ ওপৰত৷ ‘পেপাৰবেক মাছ-মাৰ্কেট ফিক্সন’ গ্ৰন্থসমূহ ছুপাৰ মাৰ্কেট, ঔষধৰ দোকান, চিকিৎসালয়ৰ উপহাৰৰ দোকান, বিমান বন্দৰৰ বিপনিত সুলভ মূল্যত পোৱা যায়৷ আনহাতে ‘পেপাৰবেক ট্ৰেড ফিক্সন’ৰ সংস্কৰণৰ গ্ৰন্থ কিতাপৰ দোকানতহে পোৱা যায়৷ ‘পেপাৰবেক ট্ৰেড ফিক্সন’ৰ সংস্কৰণতকৈ ‘পেপাৰবেক মাছ মাৰ্কেট ফিক্সন’ৰ সংস্কৰণ বহুত সুলভ৷ ‘পেপাৰবেক ট্ৰেড ফিক্সন’ গ্ৰন্থ সমূহ দৃষ্টিনন্দন, কাগজ দামী, বন্ধোৱা প্ৰক্ৰিয়া ব্যয়বহুল, আকাৰত ডাঙৰ কিন্তু তাৰ বিপৰীতে ‘পেপাৰবেক মাছ-মাৰ্কেট ফিক্সন’ৰ সংস্কৰণসমূহ সস্তীয়া ভাৱে প্ৰস্তুতকৰা৷ ‘পেপাৰবেক ট্ৰেড ফিক্সন’ সংস্কৰণৰ গ্ৰন্থসমূহ দোকানীয়ে ধুনীয়াকৈ সজাই-পৰাই ৰাখে আৰু ‘পেপাৰবেক মাছ-মাৰ্কেট ফিক্সন’ৰ সংস্কৰণ সমূহ সম্পূৰ্ণ ব্যৱসায়মুখিতাৰে পোহাৰীয়ে বিপনন কৰে৷ আমেৰিকাত ‘পেপাৰবেক ট্ৰেডফিক্সন’আৰু পেপাৰবেক মাছ-মাৰ্কেট ফিক্সন’ সংস্কৰণৰ গ্ৰন্থসমূহক প্ৰদান কৰা আই এছবি এনৰ ক্ষেত্ৰতো সুকীয়াকৈ প্ৰাধান্য দিয়া হয়৷
ইমানৰ পিছতো গ্ৰন্থৰ ভৱিষ্যতৰ ওপৰত সন্দিহান হোৱাৰ কোনো অৱকাশ নাই৷ বিভিন্ন ইলেকট্ৰনিক মাধ্যমে গ্ৰন্থৰ প্ৰচলনৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি কোৱা হয়৷ পিচে গ্ৰন্থৰ প্ৰচলন আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো এই মাধ্যম সমূহৰ ভূমিকা অনবদ্য৷ এককথাত কবলৈ গ’লে গ্ৰন্থ আৰু বৈদ্যুতিন মাধ্যমে হাতে-হাত ধৰি আগবাঢ়ি যোৱা যেনহে অনুভূত হয়৷ গ্ৰন্থ অবিহনে এই মাধ্যমসমূহো অপাক্তেয়৷ তাত কাৰো দ্বিমত থকা অনুচিত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!