গ্ৰীটিংছ কাৰ্ড —— ডাঃ পাৰ্থসাৰথি ভূঞাঁ

 

ঘৰৰ ওচৰৰ শিৱ মন্দিৰৰ মাইকৰ পৰা অহা উচ্চস্বৰৰ সংগীতে প্ৰান্তিকৰ টোপনি ভাঙি দিলে৷ বিছনাৰ কাষৰ সৰু টেবুলখনতে সদায় ৰাতি থৈ দিয়া মবাইলটোত সময়টো চাই প্ৰান্তিকে বিৰক্তিত মুখখন কোচাই দিলে৷ পাছ বাজি ত্ৰিশ মিনিট গৈছেহে! সি পুৱা সাতমান বজালৈকে শুয়ে আৰু কোনোবাদিনা সোনকালে উঠিব লগা হলে দিনটো তাৰ গাটো কিবা বেয়া লাগি থাকে৷ উৰ্মি( উৰ্মিলা) ইতিমধ্যেই উঠি গল৷ বিয়াৰ পিছৰ পৰাই লগতে লৈ অহা পুৱা পাঁচ বজাতে উঠি কিবা কিবি কৰি থকা উৰ্মিৰ এই অভ্যাসটো সি কৈ কৈয়ো এৰাব নোৱাৰিলে৷ একো কামেই নাই ঘৰখনত, যোৱাবছৰ মাক ঢুকোৱাৰ পিছত, সিহঁত তিনিটা মাত্ৰ৷ গভীৰ টোপনিত থকা সিহঁতৰ তিনি বছৰীয়া প্ৰাপ্তিৰ মুখখন চকুত পৰাৰ লগে লগে যেন তাৰ সমস্ত বিৰক্তি আঁতৰি গল৷ সঁচাই তাইৰ জন্মৰ পিছৰ পৰা তাৰ বুকুৰ বিষটো বহুখিনি কমিছে৷ তাইৰ মুখখন চায়ে সি পৃথিৱীৰ সকলো দুখ পাহৰি যাব পাৰে৷ তাইৰ চুটি চুটি চুলিখিনিত আঙুলি বুলাই সি উৰ্মিৰ কথা ভাবিলে, ইমান ভাল ছোৱালী তাই, সি যে তাইৰ প্ৰতি অন্যায় কৰি আছে, সেয়া জানিও কোনো প্ৰতিবাদ নকৰাকৈ তাই গতানুগতিক ভাবে সকলো কৰি গৈছে৷ সৰুতে পিতৃ বিয়োগ হোৱা প্ৰান্তিকৰ জীৱনত মাকেই সকলো আছিল, ভীষণ কষ্টেৰে তাক পঢ়ুৱাই আজি এই অৱস্থালৈ মাকেই আনিলে৷ সেয়ে মাকে অনবৰতে হাৰ্টৰ অসুখটোৰ দোহাই দি জোৰ কৰি পাতি দিয়া তাৰ বিয়া, নাতিৰ মুখ দেখি মৰিলেহে শান্তি পাম বুলি সদায় কৰা ট্ৰেজেদি নাটকখনৰ ফলত প্ৰাপ্তিৰ জন্ম৷ কিন্তু পত্নী হিচাপে পাব লগা উৰ্মিৰ অধিকাৰ, সি কেতিয়াও তাইক দিব পৰা নায়৷ সদায় বিষাদে আৱৰি থকা তাইৰ মুখখনত যিয়েই নহওক প্ৰাপ্তিৰ জন্মৰ পাছৰ পৰা কিছু উজ্জ্বলতা আহিছে৷
মাইকটো ৰাতিপুৱাই ইমান বেছিকৈ কিয় লগাইছে, অহঃ আজি শিৱৰাত্ৰী, মানে আজি ভেলেণ্টাইনছ ডে, কথাটো মনত পৰাৰ লগে লগে সি একেকোবে উঠি বহিল৷ ছেহঃ অশ্ৰুলৈ তাৰ কালি গ্ৰীটিংছ কাৰ্ডখন পোষ্ট কৰা নহল, যোৱা আঠবছৰে কৰি থকা কামটো এইবাৰহে সি পাহৰিলে৷ আচলতে “এন আৰ চি “ ডিউটিয়ে বিৰাট জ্বালা দিছে, অফিচৰ পৰা উলাওতে দেৰি হয়, তাতে কালি উৰ্মিয়ে প্ৰাপ্তিৰ অলপ জ্বৰ উঠিছে বুলি ফোন কৰাত লৰালৰিকৈ ঘৰলৈ আহিল, কথাটো একেবাৰে মূৰৰ পৰা ওলাই গল৷ ছেহঃ! এতিয়া অফিচত সোমোৱাৰ আগতেই কামটো কৰিব লাগিব, মনতে ভাবিলে প্ৰান্তিকে৷
অশ্ৰুলেখা, ফেচবুকতে পাইছিল প্ৰান্তিকে তাইক৷ তেতিয়া তাৰ মাত্ৰ কেইজনমানহে বন্ধু আছিল, নিউ ফ্ৰেণ্ড চাৰ্চ কৰি থাকোতে তাইৰ প্ৰফাইলটো তাৰ চকুত পৰিল৷ প্ৰফাইল ফটোখন দেখিয়েই তাইক কিবা এটা তাৰ খুব ভাল লাগি গল৷ মৰমলগা শান্ত এখন মুখ, দুচকুত কিন্তু কিবা এটা বিষণ্ণতা৷ চুটি চুটি কৈ লিখা তাইৰ কিছুমান ষ্টেটাছ, বুকুত সাঁচ বহুৱাব পৰাকৈ সুন্দৰ, কিন্ত প্ৰায়বোৰেই যেন কিবা এটা বেদনাৰ৷ লগে লগেই সি তাইলৈ ফ্ৰেণ্ড ৰিকোৱেষ্ট পঠালে, তাৰ পিছত প্ৰতিদিনে পুৱা গধূলি চাই থাকিল, এক্সচেপ্ট হোৱালৈ, চাৰি দিনৰ পাছত সন্ধিয়া সময়ত তাই এক্সচেপ্ট কৰিলে! হাই, ঠেংক্স, লগে লগেই সি তাইক মেছেজ কৰিলে৷ হাই, ৱেলকাম, লগে লগে তাইৰ ৰিপ্লাইও পালে৷ মই তোমালৈ ৰিকোৱেষ্ট পঠোৱা কেইবা দিনো হল, মই আকৌ ভাবিছিলো, তুমি গ্ৰহণ নকৰাই নেকি? সি লিখিলে৷ লগে লগে এক্সচেপ্ট কৰিলে দাম কমি নাযাব জানো? হা হা, নাই দাদা, মই দুদিনমান এফ বি চোৱাই নায়৷ আপোনাৰ ৰিকোৱেষ্ট পাই প্ৰফাইলটো চালো, ভাল লিখে দেই আপুনিও সৰু সৰু কথাবোৰ সুন্দৰকৈ৷ তাই উত্তৰ দিলে৷ সেইদিনাৰ পৰা সিহঁতৰ মাজত সঘনাই কথা বতৰা হবলৈ ধৰিলে৷ প্ৰান্তিকে গম পালে অশ্ৰুয়ে ডিগ্ৰী পঢ়ি উঠি এতিয়া কম্পিউটাৰৰ ক’ৰ্চ এটা কৰি আছে৷ মাক দেউতাকৰ তাই একমাত্ৰ সন্তান৷ ঘৰত তাইক খুব মৰম কৰে কিন্তু দেউতাকক তাই বৰ ভয় কৰে৷
লাভ এট ফাৰ্ষ্ট ছাইট, এই কথাটোক প্ৰান্তিকে আগতে অসম্ভৱ বুলিয়ে ভাবিছিল৷ তাৰ এটা ধেমেলীয়া লেখাত সি এই বিষয়ৰ ওপৰত ৰগৰো কৰিছিল৷ কিন্তু সি অনুভৱ কৰিলে যে সঁচাকৈয়ে অশ্ৰু তাৰ লাভ এট ফাৰ্ষ্ট ছাইট হৈ পৰিল৷ দিনে দিনে তাইৰ প্ৰতি সি দুৰ্বাৰ আকৰ্ষণ অনুভব কৰিব ধৰিলে৷ তাৰ মনৰ কথাবোৰ তাইক খুলি কবলৈ তাৰ বিৰাট মন গৈছিল, কিন্তু প্ৰতিদিনে সিহঁতৰ মাজৰ কথাবোৰে কিবা বেলেগ বিষয়লৈ গতি কৰে আৰু প্ৰেম ভালপোৱা আদিৰ বিষয় উলিয়ালে তাই প্ৰায়ে আন কথা উলিয়ায়৷
অশ্ৰুলেখা, খুব ধুনীয়া তোমাৰ নামটো, এদিন সি তাইক কৈছিল৷ কি যে কয় দাদা, মই যে বিৰাট বেয়া পাওঁ এই নামটো, মা দেউতাই যে কি ভাবি দিলে, অশ্ৰু মানে চকুপানী নহয় জানো, মোৰ জীৱনটো যেন চকুপানীৰে লেখা, মোৰ তেনেকুৱা লাগে…তাই উত্তৰ দিছিল৷ ধেৎ, ইমান সৰু ছোৱালীহৈ তোমাৰ ইমান কি দুখ অ, তুমি এতিয়ালৈকে কিনো জীৱন দেখিছা? মানুহৰ জীৱনত কি কি দুখ আছে, সেইবিলাক চালে নিজৰ সৰু সুৰা দুখ পাতল লাগি যায়৷ তুমি চাগৈ চাকৰি এটা নোপোৱাকে বিৰাট দুখ বুলি ভাবি আছা ন? নে কাৰবাৰ আকৌ হৃদয়খন দিছিলা নেকি? কিবা দুখ দিলে নেকি? …সি সুধিছিল৷ হা হা হা, নাই নাই, হৃদয়খন লগতে আছে, কাকো দিয়া নাই দেই, তাইৰ এই উত্তৰত সি কৈছিল, শুনি ভাল লাগিল, দিব খুজিলে লোৱা মানুহ আছে দেই….দাদা, দেউতাই মাতি আছে, বাই নাও…তাই আঁতৰি গৈছিল৷
প্ৰান্তিকৰ চহৰ খনৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ মান দূৰত্বত অশ্ৰুৰ ঘৰ৷ সি প্ৰায়ে তাইক কয়, যাম এদিন দেওবাৰ এটাত তোমাক চাই আহিম, তাই হাঁহি হাঁহি কয়.. চাব কিয় লাগে৷ ফেক একাউণ্ট বুলি ভাবিছে নেকি? সেইদিনা দেখোন ফোনটো কথা পাতিলো, মই লৰা হৈ ছোৱালীৰ মাত উলিয়াই আপোনাক ঠগি আছোঁ বুলি ভাবিছে নেকি? তাইৰ লগত কোনো কথাতে প্ৰান্তিকে নোৱাৰে, তাতকৈ বয়সত চাৰি বছৰমান সৰু অশ্ৰুয়ে কিছুমান কথা ইমান কোনো ডাঙৰ দাৰ্শনিকে কোৱাৰ দৰে কয় যে তাৰ আচৰিত লাগে৷ সি পন কৰে যে অশ্ৰুকেই তাৰ জীৱনসংগী কৰিবই, দেউতাকৰ দিনৰে জৰাজীৰ্ণ ৰূপলোৱা ঘৰটো এবছৰ মানৰ ভিতৰত কিছু ঠিকথাক কৰিলৈ অহা বছৰ সি অশ্ৰুক বিয়া পাতিব৷
তাইক মনৰ কথা খুলি কোৱাৰ অজুহাত বিচাৰি থাকোঁতেই এদিন সি গম পালে সেইদিনা বোলে কিবা “ প্ৰপছ ডে“, তাই সাধাৰণতে তাক ফোন কৰিবলৈ মানা কৰে, দেউতাকৰ ভয়ত, কিন্তু সেইদিনা সি তাইক জোৰ কৰিলে যে আমি পাঁচ মিনিট কথা পাতিম৷ তাই ফোনটো ধৰোতেই সি বিশেষ পাতনি নেমেলি কলে…আজি প্ৰপছ ডে, আৰু আজি মই তোমাক ইমানদিনে নোকোৱা কথা এটা খুলি কওঁ, তোমাক প্ৰথম লগ পোৱাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছো আৰু মই বুজি উঠিছো যে তোমাৰ বাহিৰে আৰু কাকো মই জীৱনসংগী কৰিব নোৱাৰিম৷ এতিয়া ফেব্ৰুৱাৰী, অহা বছৰ এপ্ৰিলত মই তোমাক বিয়া পাতিম, তুমি মোৰ লগৰী হবানে? সিফালৰ পৰা কোনো উত্তৰ অহা নাছিল, অশ্ৰু, হেল্ল, হেল্ল বুলি সি কেইবাবাৰো কোৱাত শুনা পাইছিল উচুপনিৰ শব্দ৷ কি হল অশ্ৰু, কি হল, মই কিবা তোমাক দুখ পোৱা কথা কলো নেকি? তাই উচুপি উচুপিয়ে উত্তৰ দিলে, নহয় প্ৰান্তিক দা, মোক ভাল পাই আপুনি নিজে কান্দিব লাগিব, এয়া সম্ভৱ নহয়৷ সি সুধিছিল, কিন্তু কিয় অশ্ৰু, তুমি মোক ভাল নোপোৱা? তাই কৈছিল, কথাটো তেনেকুৱা নহয় অ, মোৰ দেউতাই এইবিলাক বিৰাট বেয়া পায়, তেওঁৰ ছোৱালীক তেওঁ প্ৰেম কৰিব নিদিয়ে, এইবিলাক কিবা গম পালে, মোৰ লগতে আপোনাৰো অনিষ্ট কৰিব৷
পাঁচ মিনিট ফোন কৰিম বুলি কৰা সেইদিনাৰ ফোনটো এঘণ্টা চল্লিছ মিনিটলৈ চলিল৷ প্ৰায় গোটেই সময়খিনি অশ্ৰুয়ে উচুপিয়ে থাকিল৷ তাই স্বীকাৰ কৰিলে যে প্ৰান্তিকৰ বাবে তাইৰ খুব ভাল ভাৱ আছে, কিন্তু এনে এটা পৰিবেশত তাই আছে যে প্ৰেমৰ কথা চিন্তা কৰিব নোৱাৰে৷ প্ৰান্তিকে এই কথাটোকে বুজাই বুজাই তাইক সাহস দিলে যে সি তাইৰ দেউতাকৰ মুখামুখি হব আৰু কোন ফালৰ পৰানো সি এজন বেয়া পাত্ৰ, তাৰ এটা ভাল চাকৰিও আছে, গতিকে তাই চিন্তা কৰিব নালাগে, সকলো ভালেই হব, সময়ত সি দেউতাকক সকলো বুজাই কব৷ আৰু তাই যদি তাৰ প্ৰস্তাৱ মানি নলয়, কাইলৈকে সি গৈ তাইৰ দেউতাকৰ লগত কথা পাতি আহিব, যি হব দেখা যাব৷
“ আই লাভ য়ু মৰ ডেন মাই লাইফ অশ্ৰু, দু য়ু লাভ মি? প্লিজ ছে য়েছ…..য়েছ, প্ৰান্তিক দা, আই লাভ য়ু টু“
কেইদিনমানৰ পাছতে আছিল ভেলেণ্টাইনছ ডে, প্ৰান্তিকে তাইক কৈছিল, আমাৰ ফাৰ্ষ্ট ভেলেণ্টাইন ডে, তোমাক কি লাগিব কোৱা, মই তোমাৰ কাৰণে এটা ধুনীয়া বস্তু মনতে ভাবি থৈছোঁ, কিন্তু তুমি কোৱাচোন কি লাগিব৷ অশ্ৰুয়ে কৈছিল, ধেৎ, একো নালাগে দেই মোক, আৰু দিবা নো কেনেকৈ( প্ৰান্তিকে তাইক, তাক অকল প্ৰান্তিক আৰু তুমি বুলি মাতিবলৈ কৈছিল) দেউতাই গম পালে পিঠি ফালিব মোৰ৷ সি কৈছিল, আৰে কুৰীয়াৰ কৰি দিম, এড্ৰেচ জানো যেতিয়া৷ তাই কৈছিল..মোৰে শপত প্ৰান্তিক, মোক একো নালাগে, দিব খুজিছা যদি বাৰু তুমি মোলৈ এখন ধুনীয়া গ্ৰীটিংছ কাৰ্ড পঠাই দিবা৷ আজিকালি যে মানুহে ফোন, এফ বি বা মেছেজত উইছ কৰে মই বিৰাট বেয়া পাওঁ, গ্ৰীটিংছ কাৰ্ড এখন পালে যে ইমান ভাল লাগে৷ আচলতে মোৰ দেউতাই মোক সৰুৰে পৰাই কাৰ্ড দিয়ে মোৰ ব্যৰ্থডে আৰু নিউ য়েৰ ত৷ মাত্ৰ এটা কথা দেই এনৱলপটোত ফ্ৰম প্ৰান্তিক কম্পিউটাৰ ৱৰ্কছ বুলি লিখি দিবা দেই, হে হে, নহলে দেউতাই খুলি চালে হল আৰু, তেনেকৈ লিখিলে মোৰ কিবা বেলেগ চিঠি বুলি ভাবিব৷
সি পঠাইছিল তাইলৈ এখন ধুনীয়া কাৰ্ড আৰু সিহঁতৰ প্ৰেম আগবাঢ়িছিল গভীৰৰ পৰা গভীৰলৈ৷ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দুয়ো প্ৰতিপলে লৈছিল দুয়োৰে খবৰ৷ তাৰ ঘৰৰ পৰা মাত্ৰ তিনি ঘণ্টাৰ ৰাস্তাৰ অশ্ৰুৰ ঘৰলৈ কিন্তু অশ্ৰুয়ে তাক কেতিয়াও তাইক লগ কৰিবলৈ আহিব নিদিয়ে, কেৱল দেউতাকৰ বাবে ভয়৷ এইদৰেই পাৰ হৈছিল এটা বছৰ, আকৌ আহিছিল ভেলেণ্টাইনছ ডে৷ এইবাৰ প্ৰান্তিকে নেৰানেপেৰাকৈ লাগিছিল যে সি তাইক লগ কৰিবলৈ যাব, অশ্ৰুয়ে তাক খুবকৈ মানা কৰিছিল, কৈছিল এইবিলাক প্ৰেম ট্ৰেম দেউতাৰ সহ্য নহয়, কেনেবাকৈ গম পালে ডাঙৰ কথা হব৷ তেতিয়াহে আহিবা, যিদিনা দেউতাৰ লগত কাৰোবাৰ যোগেদি কথা পাতি তোমাৰ মাক লৈ মোক চাবলৈ অহাৰ দৰে আহিবা৷ কিন্তু প্ৰান্তিকে নামানিলে, সি কলে এইবাৰ সি যাবই, তাইৰ ঘৰলৈ নাযায়, ওচৰতে কৰবাত থাকিব, তাই কিবা এটা কাম আছে বুলি এপাক ওলাই আহিব, লাগিলে মাত্ৰ দহ মিনিটৰ বাবে৷ আগদিনালৈকে তাই তাক হাজাৰবাৰ না না কৰিলে, কিন্তু সি নামানিলে, কলে সি যাবই, গৈ ফোন কৰিব৷
তাইৰ বাবে সি এখন ধুনীয়া গ্ৰীটিংছ কাৰ্ড কিনিলে আৰু লগতে উপহাৰ হিচাপে ললে, মাজতে এখন বিয়াত তাৰ জেঠাইয়েকৰ জীয়েকে ভৰিৰ আঙুলিত পিন্ধা দেখি তাৰ বিৰাট পছন্দ হোৱা “ বিচিঞা“ নে কি কয় তেনেকুৱা দুটা৷ তাইক সি কৈছিল তোমাৰ ভৰিটো চাগৈ বৰ ধুনীয়া লাগিব, মই নিজে পিন্ধাই দিম দেই৷ তাই কৈছিল, ধেৎ, তুমি মোৰ কিয় ভৰি চুবা আকৌ, নালাগে দেই এইবিলাক, তুমিও আহিব নালাগে৷ আগদিনা গোটেই নিশা তাৰ টোপনিয়ে নাহিল, তাই শেষ মেছেজটো দিছিল, তুমি নাহিবা, মই ওলাই নাযাওঁ…সি অকে কাইলৈ লগ পাম বুলি ৰিপ্লাই দি মোবাইল বন্ধ কৰি থলে৷
ৰাতিপুৱাৰ পৰা সি তাইক মেছেজ দি দি ভাগৰি গল, এবাৰ দুবাৰ ফোন কৰিও চালে, ফোন বন্ধ৷ যিয়েই নহওক আঠ বজাৰ গাড়ীখনত গৈ সি এঘাৰ বজাৰ আগে আগেই ঠাইখন পালেগৈ৷ তাইৰ এড্ৰেচ মতে ঘৰটো ট্ৰেন্সপোৰ্ট ছিণ্ডিকেটৰ পৰা বেছি দূৰ নহয়৷ পিছে তেতিয়ালৈকে তাইৰ মোবাইল সি বন্ধই পালে৷ গোটেই ৰাস্তাটো সি পাঁচ মিনিটৰ মূৰে মূৰে ফোন কৰি আহিছিল৷ তাৰ মনে মনে অলপ খঙো উঠিল, কি যে ছোৱালী, দেউতাকে কি তাইক মাৰি পেলাব নেকি, ফোনটোও বন্ধ কৰি থলে৷ ভাবি গুণী সি তাইৰ ঘৰৰ ফালেই লাহে লাহে খোজ ললে, ট্ৰেন্সপোৰ্টৰ পৰা উত্তৰ ফালে যোৱা চিধা ৰাস্তাৰে তাইৰ ঘৰলৈ আধা কিলোমিটাৰ মানহে হয় বুলি সি জানে৷ তাইলৈ ফোন ট্ৰাই কৰি কৰি সি আগবাঢ়িল৷
অনুমাণিক প্ৰায় আধা কিলোমিটাৰ মান অহাৰ পিছত কাৰোবাক সুধোঁ বুলি ভাবোঁতেই সি এটা ঘৰৰ বাহিৰত বহু মানুহৰ সমাগম দেখিলে৷ ঘৰটোৰ বাহিৰত এজোপা কৃষ্ণচূড়া গছ দেখি তাৰ বুকুখন কিবা এটা কৰি গল, তাই কৈছিল সিহঁতৰ ঘৰৰ আগত এজোপা কৃষ্ণচূড়া আছে বুলি৷ লৰালৰিকৈ সিয়ো মানুহখিনিৰ ওচৰ চাপি যাওঁতে ঘৰৰ ভিতৰৰ পৰা কান্দোনৰ শব্দ শুনা পালে৷ তাৰ মুখলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই থকা এজন মানুহক সি সুধিলে, এইটো হেমন্ত বৰুৱাৰ ঘৰ নহয় জানো? কি হৈছে ইয়াত? মানুহজনে উত্তৰ দিলে.. অহঃ হয়, তেওঁৰ যে ছোৱালী এজনী আছিল, তিনিবছৰ মান আগতে একচিডেণ্টত ভৰি দুটা কাটি পেলাব লগা হৈছিল, তাই কালি ৰাতি চুইছাইড কৰিলে!
প্ৰান্তিকে একো কব পৰা নাছিল৷ সৰি পৰিছিল তাৰ হাতৰ পৰা গ্ৰীটিংছ কাৰ্ড আৰু বিচিঞা ভৰাই অনা ৰঙীন পলিথিনটো৷ কোনোমতে আহি ট্ৰেন্সপোৰ্ট অফিচৰ এটা চুকত সি প্ৰায় তিনিঘণ্টা মান কেৱল উচুপি উচুপি কান্দিছিল৷ তাৰপিছত তিনি বজাৰ গাড়ীখনত ঘূৰি আহি সি ঘৰ পাইছিলহি৷ তাৰ পিছৰ দুদিন প্ৰান্তিক অফিচলৈও যোৱা নাছিল, খোৱা বোৱা, শোৱা একোৱেই নহৈছিল তাৰ, কেৱল ৰুমতে সোমাই কান্দিছিল, মাকক কৈছিল তাৰ গাটো বেয়া৷ তৃতীয় দিনা মাকে তাক কোৰিয়াৰত অহা এখন চিঠি দিছিল৷ অশ্ৰুৰ চিঠি, তাই লিখিছিল, প্ৰান্তিক, মোক ক্ষমা কৰি দিবা হা, মই ভাবিছিলোঁ মোৰ সকলো কথাতে না না বিলাক শুনি শুনি আমনি পাই তুমি এদিন নিজে আঁতৰি যাবা৷ কিন্তু তুমি নগলা৷ তুমি মোক প্ৰপছ কৰোঁতে কৈছিলা যে য়ু লাভ মি মৰ ডেন যূৰ লাইফ, মই তেনেকৈ কোৱা নাছিলো, কিন্তু জানা, ময়ো তোমাক মোৰ জীৱনতকৈ বেছি ভাল পাই পেলাইছিলো৷ সেয়ে মই কেতিয়াও বিচৰা নাছিলোঁ যে তুমি এই সত্যৰ মুখামুখি হোৱা৷ মই জানিছিলোঁ যে তুমি সত্যৰ মুখামুখি হোৱাৰ পিছতো মোৰ পৰা আঁতৰি নোযোৱা, কিন্তু মই চিৰজীৱন কেনেকৈ তোমাক মোৰ এই বোজা কঢ়িয়াবলৈ দিম কোৱা? সেয়ে তোমাৰ ভালৰ বাবেই মই আঁতৰি গলো হা, তুমি বেয়া পায় নাথাকিবা, সুখী হোৱা, লিখি থাকিবা, ধুনীয়া ছোৱালী এজনী বিয়া পাতিবা, মাত্ৰ মোলৈ যেতিয়ালৈকে মনত থাকে “ভেলেণ্টাইনছ ডে’ৰ দিনা কাৰ্ড এখন মোৰ এড্ৰেচত পঠাই থাকিবা দেই….ফ্ৰম কি লিখিব লাগে জানা নহয়…নহলে দেউতাই….বাই প্ৰান্তিক, আই লাভ য়ু মৰ ডেন মাই লাইফ!
লৰালৰিকৈ গাটো ধুই প্ৰান্তিক ওলাল৷ উৰ্মিক কলে, বাহিৰতে খাই লব, অফিচ সোনকালে পাব লাগে৷ উৰ্মিয়ে কলে কালিয়ে কোৱাহেতেন মই ব্ৰেকফাষ্ট ৰেডী কৰি থলোঁ হয়৷ উত্তৰ নিদিয়াকৈ প্ৰান্তিক গাড়ীত বহিলগৈ৷ কাৰ্ডখন লৈ বাহিৰে বাহিৰে কোৰিয়াৰ কৰিহে অফিচ যাব লাগিব, মনতে ভাবিলে সি৷ কাৰ্ডৰ দোকানখন খুলিছেহে, দুখনমান চাই এখনৰ লিখাখিনি ভাল লাগিল “When a heart is true, there’s no need for words cause even in silence, love can be heard.“ সেইখনকে লৈ লগতে সদায় লিখাৰ দৰেই লিখিলে, “ তোমাক একো নকওঁ, যতে আছা ভালে থাকা, ময়ো ভালে আছো“…লাভ য়ু অলওয়েজ..৷ তাৰ পিছত খামটোত কাৰ্ডখন ভৰাই লিখি গল মুখস্থ থকা ঠিকনাটো…. তলত লিখিলে… ফ্ৰম প্ৰান্তিক কম্পিউটাৰ ৱৰ্কছ!

2 thoughts on “গ্ৰীটিংছ কাৰ্ড —— ডাঃ পাৰ্থসাৰথি ভূঞাঁ

  • June 15, 2018 at 8:41 pm
    Permalink

    বৰ ভাল লাগিল | মৰ্মান্তিক |

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!