গৰুগাড়ী (নিতুল বৰা)


গৰুগাড়ী
নিতুল বৰা

দুটা কাঠৰ চকাযুক্ত এখন গাড়ী যাক এহাল বলধ গৰুৱে টানি লৈ যায়। পথাৰৰ ধান ঘৰলৈ কঢ়িওৱা কামত এই গাড়ী ব্যৱহাৰ হয়। গৰুগাড়ীৰ আগ অংশত নাঙলত ব্যৱহাৰ কৰাৰ দৰেই এখন জুৱলি থাকে। এই জুৱলিতো হালৰ দৰেই দুফালে দুটা বলধ গৰু লগাই গাড়ী চলোৱা হয়। গাড়ীখনৰ দুফালে দুটা কাঠৰে তৈয়াৰী চকা থাকে, চকাৰ দান্তিবোৰ কাঠৰেই তৈয়াৰ কৰা। কাঠৰ দুইটা চকাত এচটা ফাল লগোৱা থাকে যাতে চকাবোৰ চলিলে সহজে কাঠবোৰ ক্ষয় বা নষ্টহৈ নাযায়, চকাৰ মাজৰ অংশটোক ঢোল বুলি কোৱা হয়। চকা দুটাৰ আকাৰ এটা বৃত্তৰ দৰে আৰু প্ৰায় ১.৫০মিটাৰমান ওখ থাকে। চকা দুটা এডাল লোহাৰ ধুৰাৰে (লোৰ ৪ইঞ্চিমান বহল আৰু প্ৰায় ৮ফুটমান দীঘল) সংযোগ হৈ থাকে, ধুৰাডালৰ দুইমূৰত চকা কেইটা সহজে ঘূৰিব পৰাকৈ মৰাপাট মেৰিয়াই দি তাত তেল লগাই দিয়া হয়। এই ধুৰাডাল আকৌ গাড়ীখনৰ লগত দুয়োফালে দুটা টোটোলা আৰু দুডাল বাঁহৰ ফৰৰ লগত লগহৈ সংযোগ হৈ থাকে। টোটোলা হ’ল কাঠৰে তৈয়াৰী দুই মূৰ সৰু আৰু মাজৰ ঠাইত অলপ মোটা, মোটা অংশটোত একোটাকৈ খাঁজ কৰা থাকে যাতে ধুৰাডাল সেই খাজত খাপ খাই পৰে। টোটোলাৰ ওপৰৰ ফালটোত আকৌ ফৰ ডাল খাপ খাব পৰাকৈ খাঁজ কৰা থাকে। ফৰ মানে হৈছে ভলুকা বাঁহৰ ১২ৰ পৰা ১৪ফুটমান দীখল টুকুৰা, জুৱলিৰ লগত সংলগ্ন হৈ একেবাৰে গাড়ীৰ পাছৰ অংশলৈকে থাকে। এক কথাত ক’ৱলৈ গ’লে এতিয়াৰ ইন্ধন চালিত গাড়ীৰ যিটো আমি ছেচিছ বুলি কওঁ সেইটোৰ কাম কৰে। গৰুগাড়ীৰ চাঙখন বাঁহৰ কামিৰে বৈ বৈ তৈয়াৰ কৰা হয়, চাঙখনৰ আগফালৰ অংশত এচটা সৰু কাঠৰ তক্তা আৰু পাছৰ অংশত এচটা দীঘল তক্তা লগোৱা থাকে। এই তক্তা দুখনৰ দুইমূৰত দুটাকৈ বাঁহৰ ২ফুটমান ওখ খুটা লগাই তাত বাঁহৰ ডাং লাগাই দিয়া হয়। খুটাৰ ওপৰৰ ডাং পৰি যাব নোৱাৰাকৈ ৰছীৰে তলৰ চাংখনৰ লগত ওপৰৰ পৰা তললৈ পকাই পকাই দিয়া হয়। এখন গৰুগাড়ী সাজোঁতে অতি কমেও ১৫ৰ পৰা ২০দিন মান সময়ৰ প্ৰয়োজন হয়। গৰুগাড়ীৰ চালক জনক আকৌ গাৰোৱান বুলি কোৱা হয়।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!