গৰ্ভাশয়ৰ ফাইব্ৰইড্ বা গ্ৰন্থিৰোগ -ডা. মুকুল শৰ্মা

 

আজিৰ পৃথিৱীত মানুহবিলাক মহত্বাকাংক্ষী হোৱা দেখা যায়৷ সমাজত এজন বিশেষ শাৰীৰ ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ মানুহে নিজকে ৰাখিব লগীয়া হৈছে অত্যধিক মানসিক চাপৰ মাজত আৰু লগতে জীৱনশৈলী হৈ পৰিছে অতিকে অস্বাস্থ্যকৰ৷ লগতে আমি বৰ্তমান খাবলগীয়া হৈছে ৰাসায়নিক আৰু কীটনাশক পদাৰ্থ মিশ্ৰিত খাদ্যবস্তু, হৰমনযুক্ত ফল-মূল আৰু শাক-পাচলি৷ এই সকলোবিলাকৰ প্ৰভাৱত আমি নিতৌ ন ন বেমাৰক আকোঁৱালি লব লগা হৈছে৷ মহিলাৰ সন্তান জন্মদিয়া ক্ষমতাত ব্যাঘাত জন্মিছে আৰু বন্ধ্যাত্বৰ কবলত পৰি সাংসাৰিক জীৱন হৈ পৰিছে দুৰ্বিষহ৷ লগতে বেছিভাগ মহিলাৰ হৰমনযুক্ত বিসংগতি যেনে- মাহেকীয়া ঋতুস্ৰাৱৰ বিসংগতি, থাইৰইডৰ সমস্যা, পলিচিষ্টিক অ’ভাৰিয়ান চিনড্ৰম ইত্যাদি লক্ষণবোৰৰ কবলত পৰিছে আৰু প্ৰায় এক চতুৰ্থাংশ মহিলাই চিকাৰ হবলগীয়া হৈছে গৰ্ভাশয়ৰ ফাইব্ৰইড্ বা গ্ৰন্থিৰোগৰ নিচিনা বিষম ৰোগৰ৷
মহিলাৰ প্ৰজনন তন্ত্ৰৰ অংশসমূহ হ’ ল ১/ যোনী (vagina), ২/ গৰ্ভাশয়(uterus), ৩/ ফেলোপিয়ান নলী (fallopian tube), ৪/ ডিম্বাশয়(ovary)৷
মহিলাৰ গৰ্ভাশয় হ’ ল এটা নাচপতি নিচিনা অংগ আৰু ই তিনিটা তৰপ বা আৱৰণেৰে গঠিত৷ একেবাৰে ভিতৰৰ আৱৰণ বা তৰপটোক কোৱা হয় শেষ্মাৱৰণ বা Endometrium, মাজৰ তৰপটো মাংসপেশীৰে আৱৰা Myometrium আৰু বাহিৰৰ আৱৰণটো পাতল সংযোজক কলাৰে গঠিত Perimetrium বুলি কোৱা হয়৷ ডিম্বাশয় বা অ’ভাৰিৰ কাম হ’ল গৰ্ভধাৰণৰ বাবে ডিম্বাণু বা কণীৰ সৃষ্টি কৰা আৰু বিভিন্ন হৰমন যেনে- ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰণ নিঃসৰন কৰা৷ এজনী মানুহ গৰ্ভৱতী হোৱা মানে হ’ল ডিম্বাণু আৰু পুৰুষৰ শুক্ৰাণু মিলিত হৈ গৰ্ভাশয়ৰ ভিতৰৰ আৱৰণখনত সংস্থাপিত হৈ ভ্ৰূণৰ সৃষ্টি হোৱা আৰু ইয়াৰ আকাৰ বৃদ্ধি হৈ সন্তান প্ৰসৱ নোহোৱা পৰ্যন্ত জৰায়ু বা গৰ্ভাশয়ৰ আৱৰণ খনেৰে আবৃত্ত হৈ থাকে আৰু গৰ্ভধাৰণ নহ’লে গৰ্ভাশয়ৰ ভিতৰৰ এই আৱৰণখন মাহেকীয়া ঋতুস্ৰাৱৰ লগত ভাগি ছিগি ওলাই আহে৷
গৰ্ভাশয়ৰ ফাইব্ৰইডক মায়োমা বা লিঅ’ মায়োমা বুলিও কোৱা হয়৷ ইহঁত এক প্ৰকাৰৰ গ্ৰন্থি বা টিউমাৰ হয় কিন্তু কৰ্কট বা কেঞ্চাৰযুক্ত নহয়৷ গৰ্ভাশয়ৰ ভিতৰৰ আৰু কেতিয়াবা বাহিৰৰ কোষ এটাৰ খুব খৰতকীয়া বংশবৃদ্ধিৰ ফলত এনেকুৱা গ্ৰন্থি বা টিউমাৰৰ সৃষ্টি হয়৷ কেতিয়াবা গৰ্ভাশয়ৰ মুখতো এনেকুৱা ফাইব্ৰইড্ সৃষ্টি হব পাৰে৷ মূলতঃ প্ৰজেষ্টেৰণ হৰমণৰ প্ৰভাৱত ফাইব্ৰইডৰ সৃষ্টি আৰু বৃদ্ধি হয়৷ মুখ্যতঃ মহিলা মানুহৰ প্ৰজনন কালত এই বেমাৰবিধ হোৱা দেখা যায়৷ ফাইব্ৰইডৰ আকাৰ, আকৃতি, অৱস্থান আৰু সংখ্যা ভিন ভিন ৰোগীৰ ক্ষেত্ৰত ভিন ভিন হয়৷
প্ৰকাৰ :-
১) Sub-serous বা জৰায়ুৰ বাহিৰৰ আৱৰণত হোৱা ফাইব্ৰইড্৷
২) Intramural বা জৰায়ুৰ মাংসপেশীৰ হোৱা ফাইব্ৰইড্৷
৩) Submucous বা জৰায়ুৰ একেবাৰে ভিতৰৰ শেষ্মাৱৰণত হোৱা ফাইব্ৰইড্৷

কাৰণ :-
আচল কাৰণ জনা নাযায় যদিও ফাইব্ৰইডৰ উৎপত্তিৰ বাবে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰমনৰ বিসংগতিকে জগৰীয়া কৰা হয়৷
অন্য কিছুমান কাৰকেও ফাইব্ৰইডৰ উৎপত্তিত প্ৰভাৱিত কৰে৷ যেনে—-
১)মেদবহুলতা ২)ধূমপান ৩)বহুবাৰ গৰ্ভধাৰণ কৰা ৪) নিয়মিত ব্যায়ামৰ অভাৱ ৫)থাইৰয়ড হৰমনৰ অভাৱ ৬)গৰ্ভপাতৰ পিছত সঠিকভাৱে পৰিচৰ্য্যা নকৰিলে ৭)অত্যধিক মানসিক চাপ ৮) অস্বাস্থ্যকৰ জীৱনশৈলী ৯) বেছি বয়সত হোৱা গৰ্ভধাৰণ ১০) বংশগত ইত্যাদি৷
লক্ষণ :-
বেছিভাগ ক্ষেত্ৰতে গৰ্ভাশয়ৰ ফাইব্ৰইডৰ কোনো লক্ষণ নাথাকে সেয়েহে ই চিনাক্ত নোহোৱাকৈ থাকি যায়৷ সাধাৰণতে তলত দিয়া লক্ষণসমূহ দেখা যায় :-
*তলপেটৰ সাধাৰণ বিষ বা অস্বস্তি অনুভৱ৷
*গৰ্ভাশয়ৰ পৰা অত্যধিক ৰক্তস্ৰাৱ৷
*ৰক্তস্ৰাৱ বহু দিনলৈ থাকিব পাৰে৷
*সঘনাই অনিয়মীয়া গৰ্ভাশয়ৰ ৰক্তস্ৰাৱ৷
*ওজন বৃদ্ধি৷
অনান্য কিছুমান লক্ষণো দেখা দিব পাৰে – – – –
*কঁকালৰ তলভাগত বিষ হব পাৰে৷
*সহবাসৰ সময়ত বিষ হব পাৰে৷
*তল পেটটো ফুলি যাব পাৰে আৰু কেতিয়াবা ফুলি গৰ্ভধাৰণৰ নিচিনা দেখা যাব পাৰে৷
*সঘনাই পেচাব হব পাৰে৷
*কোষ্ঠকাঠিন্যতা৷
*গৰ্ভপাত৷
*থুতুৰি, গাল বা ওঠৰ ওপৰত নোম গজিব পাৰে৷

চিনাক্তকৰণ :- আল্ট্ৰা চ’ন’ গ্ৰাফীৰ সহায়ত ইয়াক চিনাক্ত কৰা হয়৷

জটিলতা :- ফাইব্ৰইডৰ ফলত কেতিয়াবা ফেল’পিয়ান নলী বন্ধ হৈ বন্ধ্যাত্বৰ সৃষ্টি হব পাৰে৷ সঘনাই গৰ্ভপাত, ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা হব পাৰে৷ সমীক্ষাৰ পৰা গম পোৱা গৈছে যে প্ৰতি হাজাৰজন ফাইব্ৰইড্ আক্ৰান্ত মহিলাৰ ভিতৰত এজনৰ জৰায়ুৰ কৰ্কট ৰোগ হব পাৰে৷
আয়ুৰ্বেদীক দৃষ্টিভংগী :-

আয়ুৰ্বেদত ফাইব্ৰইডক গ্ৰন্থি বা অৰ্বুদ ৰোগৰ অধীনত বৰ্ণনা কৰা হৈছে৷ আয়ুৰ্বেদৰ মতে ফাইব্ৰইড্ মাইকী মানুহৰ গৰ্ভাশয়ৰ মাংসধাতুৰ পৰা উৎপত্তি হয় আৰু ইয়াক সাধাৰণতে কফ দোষৰ প্ৰাধান্যতা বা কফ দোষৰ বৃদ্ধিৰ ফলত হোৱা বুলি কোৱা হয় যদিও কেতিয়াবা পিত্ত বা বাত দোষৰ প্ৰভাৱতো হোৱা দেখা যায়৷ উপযুক্ত আয়ুৰ্বেদিক ঔষধ, খাদ্যাভাস, পঞ্চকৰ্ম, যোগাসন, শুদ্ধ জীৱনশৈলীৰ দ্বাৰা ইয়াক নিৰ্মূল কৰিব পৰা যায়৷ অৱশ্যে কেতিয়াবা অস্ত্ৰোপচাৰৰো দৰকাৰ হব পাৰে৷

খাদ্যাভাস :- কফ প্ৰশমক খাদ্য গ্ৰহণ কৰিব লাগে৷ কটু, তিক্ত, কষায় যুক্ত আহাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হয়৷

জীৱনশৈলীৰ পৰিবৰ্তন :- জীৱন শৈলীৰ পৰিবৰ্তনৰ ক্ষেত্ৰত কফ দোষ প্ৰশমনৰ ওপৰত ধ্যান দিয়া হয়৷ সেয়েহে এনে ৰোগীক সূৰ্য্য উদয়ৰ আগতে শুৱা বিছনা ত্যাগ কৰাৰ পৰামৰ্শ দিয়া হয় কাৰণ যিমান সোণকালে বিছনা ত্যাগ কৰিব সিমান সোণকালে কফৰ বিপাক ক্ৰিয়া সম্পন্ন হয়৷ ব্যায়ামৰ অভ্যাস গঢ়ি তোলা উচিত৷

ঔষধি :- অশোক, গুগ্গুল, অশ্বগন্ধা, হৰিদ্ৰা, শতাৱৰী, নিম, মঞ্জিস্থা ইত্যাদি একক ঔষধিৰ উপৰিও কিছুমান যৌগিক ঔষধি যেনে – কাঞ্চনাৰ গুগ্গুল, চন্দ্ৰপ্ৰভা বটী, বৃদ্ধি বাধিকা বটী ইত্যাদি ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা উচিত৷

যোগাসন :- এজন যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত তলত দিয়া যোগাসন সমূহ সামৰ্থ্য অনুসৰি কৰিলে ভাল ফল পোৱা যায়৷ ভূজংগাসন, ধনুৰাসন, নৌকাসন, গোমূখাসন, সিংহাসন, বালাসন, সূৰ্য্য নমস্কাৰ ইত্যাদি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!