ঘৰৰ ওপৰত ঘৰ, আঁঠুৱা তৰি মৰ – – জিমি শইকীয়া

মাহঁতক বুজাই আছোঁ বোলো তোমালোকৰ মাইনাছ জিৰ’ ফিগাৰৰ ছোৱালীজনীৰ তেজ খাই ম’হে চুইচাইড কৰিব নাহে। হেৰৌ ম’হে মোৰ তেজ খাবলৈ আহি তাইৰ/তাৰ শুং মোৰ গাত লগোৱাৰ লগে লগে ডাইৰেক্ট হাৰ্ডিত পৰি শুং ভাঙি যাব। হাত চাপৰি নমৰাকৈয়ে মোৰ দৰে কায়াৰ অৱতাৰবোৰে ম’হ বধ কৰিব পাৰোঁ।

‌পৃথিৱীৰ ভিতৰত টান পোৱা কাম এটা আছে যদি এই আঁঠুৱা তৰা কামটোৱেই টান।অ’ৰ পৰা তলৈ ত’ৰ পৰা তলৈ কৰি দীঘ-প্ৰস্থ বিচাৰ কৰি তুলিত খুচি খাছি লোৱাটো মস্ত জেংকাৰ কাম। যিয়ে এই কামটো সুচাৰুৰূপে কৰিব পাৰে মোৰ ভাষাত তেওঁ ধৈৰ্য্যশীল আৰু কলাসুলভ গুণৰ অধিকাৰী।
আগৰ দিনতেই ভাল আছিল ।আঁঠুৱা তৰিবলৈ বিচনাৰ চাৰি ঠেঙত চাৰিডাল ষ্টেণ্ড সঁচাকৈয়ে ষ্টেণ্ডআপ হৈ আছিল। তাতেই আঁঠুৱা নামে জালখন সামৰি থৈছিল আৰু মন গ’লেই তৰি ল’ব পাৰিছিল।তাৰ পিছত আঁঠুৱাই লাহে লাহে দুডাল ষ্টেণ্ডত দিনটো কটাব লগাত পৰিল।বৰ্তমান দিনৰ ভাগত আঁঠুৱা অদৃশ্য হৈ পৰিল । গুডনাইট,কালাহীট,কচুৱাৰ আৰ্বিভাৱে আঁঠুৱাৰ অস্তিত্ব সংকটত পেলালে। নতুন চামে আঁঠুৱাক টা টা বাই বাই দিছে যদিও সম্পুৰ্ণৰূপে নোহোৱা হৈ যোৱা নাই। আমাৰ মা-দেউতাৰ দৰে পৰম্পৰা ৰক্ষাকাৰীৰ পৰা উপায় নাই। আঁঠুৱা নোহোৱাকৈ শুলে আধাৰাতিলৈকে ডি.জে. বজাদি ফুল ভলিউমত বাজিয়েই থাকে-হেৰৌ আঁঠুৱাখন তৰিবলৈ কিহৰ ইমান এলাহ হা! তেজৰ নামত গাত আছে কেইটোপাল তাকো ম’হক খুৱাই আদায় কৰি ল!এইসবৰ সেইকাৰণেই চেহেৰা ফাটি গৈছেগৈ।
ম‌ই বোলো “য’তে ত’তে চেহেৰাডালক লৈ ইনচাল্ট কৰি নাথাকিবা দেই। ৰক্তদান এক মহান দান। মোৰ ৰক্ত খাই যদি ম’হৰ পেট ভৰে সেয়া ধৰ্মহে হ’ব। এনেয়েটো ডাক্তৰে মোৰ কায়া দেখিয়েই ভুলতো মোৰ তেজ নলয়।এনেকৈয়ে যদি কিঞ্চিত ধৰ্ম হয় হ‌ওঁক।
মায়ে বোলে-“মুখখনহে হ’ল আৰু!এইসব ভু ভাং কথা কৈ নাথাক আৰু ভালে ভালে আঁঠুৱা তৰি ল! “
ম‌ই বোলো-ম’হে কামুৰিলে মূৰে গায়ে ব্লেংকেট,বেডচিট মেৰাই ল’ম।কিন্তু আঁঠুৱা হ’লে নতৰিম।
মায়ো নহয় কম।কয়-এইসবে আঁঠুৱা এখন তৰিব নাজানে ঘৰ চলাই খাব পাৰিব। এইবোৰক বিয়া দিলেও ঘৰত ঘূৰাই দিবহি কামৰ ভমক দেখি।
মোৰো টেমাত লাগি যায়।বোলো-আঁঠুৱা তৰিব জানিলেই যদি সব হয়।তোমাক বিয়া পাতিব যাওঁতে দেউতাৰ ঘৰৰ মানুহে কি আঁঠুৱা তৰাৰ চাৰ্টিফিকেট বিচাৰিছিল নেকি?
মা সেইফালেই তাপ মাৰিলে।বোলে- যি কৰ কৰি থাক।এইসবৰ লগত নোৱাৰি।

আঁঠুৱা তৰিবলৈ ল’লেই চকুৰে ধোঁৱা দেখো ম‌ই। কোনোদিন একেবাৰতে শুদ্ধ নহয়। এনেও অংকত কেঁচা।
এবাৰ আমাৰ ঘৰৰ ওচৰৰ বৰমা এগৰাকীৰ এই আঁঠুৱাৰ বাবেই হাৰ্ট এটেক হ’লহেঁতেন।
বৰমাহঁতৰ ঘৰত সকাম আছিল।আলহী আছিল। গতিকে যিয়ে যেনেকৈ পাৰে দিনটোৰ ভাগৰৰ অন্তত বিচনা দখল কৰিলে। বৰমা আৰু তেওঁৰ ভনীয়েক তলতে শুব লগাত পৰিল। কেৰেলুৱাৰ পৰা কাণ ৰক্ষা কৰিবলৈ আঁঠুৱা তৰিব‌ই লগাত পৰিল। গতিকে বহুদিন অব্যৱহৃত হৈ থকা আঁঠুৱাখন আনি ইডালত সিডাল ৰচী যোৰা দি খিৰিকীৰ ৰড,আলনা,বিচনা য’ত যেনেকৈ সম্ভৱ ফিটিং কৰিলে। জোতাৰ ফিটাও সাৰি নগ’ল যোৰা দিয়াত।তিনিমূৰ হৈ গ’ল চাৰি নম্বৰৰ মূৰটো লগাবলৈ ৰচী নাই। ইফালে টোপনিয়ে ভাগৰে হেঁচি ধৰিছে। দৰ্জাত থকা গজালটো পাবলৈ কি যোৰা দিয়া যায়?তেনেতে পুতেকৰ জিনছ পেণ্টটোত পৰিল চকু। আইডিয়া আহি গ’ল। বেল্টডাল খুলি বেল্টৰ ফুটাত যেমন তেমন গজালটো সুমুৱাই দিলে। পিছে আধাৰাতি ভনীয়েকৰ আকৌ বাহিৰলৈ যোৱাৰ অভ্যাস।
বায়েকক জগাই দিলে-অ’ বাইদেউ ,বাইদেউ।উঠছোন বাহিৰৰ পৰা আহোঁগৈ। ওচৰতে থকা লেম্পটোৰ ৰিণিকি ৰিণিকি পোহৰত ভনীয়েকৰ চকু পৰিল দৰ্জাৰ মুখতে আঠঁৱাৰ এমূৰত লাগি থকা কিচকিচিয়া ক’লা সাপডাললৈ। ইতিমধ্যে বায়েকেও চকু মোহাৰি সেইডালিক দেখি চিঞৰ ল’লে-ঐ দীঘল পৰুৱাই পালে আমাক।(ৰাতি সাপ বুলি নকয়)।ঐ উঠ ঐ আজি আমি আঁঠুৱাৰ ভিতৰতে মৰিম এতিয়া। বচা ঔ।
দুয়োগৰাকীৰ খচমচনিত আঁঠুৱা খন কঁপি যায় আৰু আঁঠুৱাৰ লগে লগে আমাৰ মূৰত থকা সাপডালেও কেৰমেৰাই উঠে। সকলোৰে তালুৰ আগে জীৱ যাওঁ অৱস্থা। লাইটৰ চুইচ দিবলৈ মাটিত নামি আহে কোন!ডেডাউৰিয়াই থকা বৰমাৰ কোনোবা এপাকত চিগনেল লাগি গ’ল মানে ইয়াডাচ আহি গ’ল। তাৰ পৰা হঠাৎ ঢেকঢেককৈ হাঁহি-এ মৰতী সেইডাল দেখোন আমাৰ সৰু ল’ৰাৰ পেনৰ বেল্টডাল।
মুঠতে আঁঠুৱাই সমস্যা যিমান সমাধান কৰে সমস্যা বঢ়াইয়ো তেনেকৈ।মোৰ কাৰণে আঁঠুৱা হৈছে এক সমস্যা। ৰাতি ধৰিবা তৰিলোৱেই পুৱা আকৌ সেইখন জুকিয়াই পুকিয়াই মৰা। মুঠতে “আঁঠুৱা হতাই টাইম বচাওঁ “আন্দোলন কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!