ঘৰ..(মাখন লাল দাস)

মূল (হিন্দী): কৈলাশ শৰ্মা)

ঘৰ..

বৰ দুৰ্বল
এই ঘৰৰ বেৰবোৰ,
ভিতৰতে হেঁচা দি ৰাখিবা
বেদনাভৰা নিশ্বাসবোৰ,
ক’ৰবাত শব্দৰ আঘাটত
হৰ হৰাই
বাগৰি পৰিব পাৰে

****************

পাৰ কৰি দিলো জীৱন
চেষ্টা কৰি
এটি ঘৰ সাজিবলে,
কিন্তু গঢ়ি উঠিল
মাথোঁ এটি বাসগৃহ৷
যাৰ চোতালত
বিয়পি আছে মৌনতা
আৰু চিৰ প্ৰতীক্ষা
চৰাইৰ কলকলনিৰ বাবে৷
গমেই পোৱা নাছিলো
আজি কালি
প্ৰচলন নাই
ঘৰ সজাৰ,
সজোৱা হয় মাথোন বাসগৃহ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!