ঙুনৰাও -কন্দৰ্প কুমাৰ নাথ

এটা যাদুকৰী শিল

গাঁওখনৰ পশ্চিম প্ৰান্তৰ ছফুট মান ওখ এটা প্ৰকাণ্ড শিল৷ এলা পেচা শিল নহয় সেইটো৷ এটা যাদুকৰী শিল৷ বহিঃজগতৰ সৈতে গাঁওখনৰ অত্যাধুনিক যোগাযোগৰ একমাত্ৰ সম্বল সেই শিলটোৱেই৷ সেই শিলটোৱেই কঢ়িয়াই আনিছিল গাওঁখনলৈ সুখ-দুখ, হাঁহি-কান্দোনৰ বতৰা ৷

সেয়া আছিল ২০০৭ চনৰ কথা৷ গাওঁখনলৈ প্ৰথম মবাইল ফোন আহিছেহে মাত্ৰ৷ তেতিয়া আঙুলিৰ মুৰত লেখিব পৰা কেইজনমানৰহে মবাইল ফোন আছিল৷ ৰেডিঅ’টো কান্ধত ওলোমাই যিসকল যুৱকে গাঁওখন চলাথ কৰি ফুৰিছিল তেওঁলোকৰ বাবে ভগবানৰ বৰ স্বৰূপ হৈ পৰিছিল এই মবাইল ফোনটো৷ কাৰণ সিহঁতে গাঁওখন ফুৰোঁতে আৰু হাবিৰ খেতিলৈ যাওঁতে ৰেডিঅ’টো কান্ধত ওলোমাই লৈ যোৱা কষ্টখিনি বহু পৰিমাণে লাঘব হৈছিল৷ এফ এম ৰেডিঅ’ৰ চ্যানেল বোৰ আনিবলৈ এণ্টেনাডাল নিজেই যোৰা দি ছফুট মান দীঘল কৰি লব লগা হৈছিল৷ এতিয়া মবাইল অহাৰ পৰা সিহঁতৰ বহুত সুবিধা হৈ পৰিল৷ পকেটতেই লৈ ফুৰিব পৰা হ’ল৷ নেটৱৰ্ক নাথাকিল কি হ’ল গান শুনিবতো পাৰি – এই মনোভাৱ৷ উচ্চস্বৰত হাই বিটৰ পশ্চিমীয়া গানহে সিহঁতৰ অতিকৈ প্ৰিয়৷ হিন্দীৰ চিনেমাৰ মেল’ডিয়াচ সংগীতবোৰ সিহঁতৰ ভাল নালাগে৷ লতা মংগেশকাৰ, কিশোৰ কুমাৰ আদিৰ গানবোৰ কেতিয়াবা মই শুনিলে মোক কয়-

-বাং ৰে বাবু, আই ন ৰুৱাই ফাৰেং৷
অৰ্থাৎ ’ ভাল নালাগে বাবু, ইংৰাজী গান দিয়ক৷ ’

সেই হেতুকেই শুনিবলৈ মন নাথাকিলেও ময়ো মবাইলত পশ্চিমীয়া গানবোৰো সংৰক্ষণ কৰি ৰাখিছিলো৷

তেতিয়া এণ্ড্ৰইড ফোন সহজলভ্য হোৱা নাছিল৷ সেয়েহে বিগ স্ক্ৰীণৰ চীনা উইণ্ড’ মবাইলবোৰ সিহঁতৰ পচন্দ আছিল৷ ফোন কৰাতকৈও প্ৰথম অৱস্থাত গান শুনাই আৰু দুই এজনে ভিডিঅ’ দেখুৱাই লগতে FM শুনাই গাঁওবাসীৰ দৃষ্টি কাঢ়িছিল৷ হোজা গাৱলীয়া মানুহবোৰে বিষ্ময়ত তভক মানিছিল কি বস্তু আহিল বুলি৷ হেপাঁহবোৰ জাগি উঠিছিল তেনেকুৱা এটা বস্তু নিজৰ কৰি লবলৈ৷ সপোন দেখিছিল এইবাৰ কমলা, ঝাড়ু নাইবা পিপলি বিকি পোৱা ধনেৰে মবাইল ফোন এটা কিনিবই৷ কিন্তুু সিহঁতেতো নাজানে কোনটো ভাল কোনটো বেয়া৷ এই বিষয়ত সিহঁতে মোক বিশেষজ্ঞ বুলিয়েই ধৰি লৈছিল৷ ঘৰলৈ আহিলে মোক বহুতেই খাটনি ধৰিছিল যেনে তেনে গুৱাহাটীৰ পৰা ম’বাইল ফোন কিনি নিবলৈ৷ সেইমতেই বহুতৰ বাবে মই কিনি লৈ গৈছিলোঁ৷ গাঁওবাসীৰ বাবে মই হৈ পৰিছিলো বহিঃজগতৰ সৈতে যোগাযোগ ৰক্ষাকাৰী এজন বিশ্বস্ত সহযোগী৷

কলম্বাচে আমেৰিকা নাইবা আমুণ্ডচেনে দক্ষিণ মেৰু আবিস্কাৰ কৰাৰ দৰে কোনে জানো গাঁৱৰ পশ্চিম প্ৰান্তৰ এটা শিল আবিস্কাৰ কৰিলে, কমদিনৰ ভিতৰতে গোটেই গাঁৱতেই জনাজাত হৈ পৰিল সেই শিলটো৷ মৌচিনৰামৰ এয়াৰচেল নেটৱৰ্কৰ এডাল দুডাল চিগনেল বাৰ অহা যোৱা কৰি থাকে৷ নেটৱৰ্ক পালেই আনন্দ আৰু নেপালেই বেজাৰ লাগে সিহঁতৰ৷ ৰাতিপুৱাৰ পৰা নিশালৈকে অনবৰতে তালৈ ফোন কৰিবলৈ গাঁওবাসীৰ আহ-যাহ৷ যুৱক যুৱতীৰ সংখ্যা সৰহ৷ ৰাতিপুৱাৰ তুলনাত সন্ধিয়া ভীৰ কিছু বেছি হয়৷ কাৰণ দিনটোত ঘৰুৱা কাম কিম্বা হাবিলৈ যোৱা ব্যস্ততাত থাকিব লাগে৷ প্ৰাত্যহিক একঘেয়ামী জীৱন আৰু বন্দীত্বৰ পৰা মুক্তি বিচাৰি সকলো ঢাপলি মেলে সেই শিলটোলৈ৷ তাৰ পৰা আহি গাঁৱৰ ভিতৰত সোমালেই হৈ পৰে নেটৱৰ্কবিহীন৷ লগে লগেই ফোনটো হৈ পৰে গান শুনা, ভিডিঅ’ চোৱা, গেম খেলা ইত্যাদি বিনোদনৰ মাধ্যম৷

কিন্তুু তাতো এটা সমস্যাই দেখা দিলে৷ ভুতৰ ওপৰত দানহ পৰাদি গাঁওখনৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটো ঢেৰেকণিত বিকল হ’ল৷ যিহেতু পাহাৰ, শিলাময় বুকুত আৰ্থিং প্ৰক্ৰিয়াটো তেনেই দূৰ্বল৷ প্ৰতি বছৰেই তাত বাৰিষাৰ আৰম্ভণিৰ গাজনি ঢেৰেকণিত সেইটো বিকল হয়েই৷ বিদ্যুত বিভাগৰ পৰা নতুন এটা ট্ৰেন্সফৰ্মাৰ অনুমোদন হৈ আহোতে ছমাহ সময় লাগিছিল৷ সেই ছমাহ ঙুনৰাওবাসী অন্ধকাৰত নিমজ্জিত হৈ থাকে৷ অৰ্থাৎ মেৰু অঞ্চলৰ দৰেই ঙুনৰাওঁঁতো বছৰৰ ছমাহ আন্ধাৰ আৰু ছমাহ পোহৰ৷ বিজুলী থকা অৱস্থাত দিনতো লাইটৰ চুইছ অফ কৰিবলৈ পাহৰা ঙুনৰাওঁঁবাসীৰ বাবে আন্ধাৰ নাশিবলৈ কেৰাচিনৰ টিপ চাকি আৰু লণ্ঠনেই শেষ ভৰসা হয়গৈ৷ ম’বাইলৰ গৰাকীবোৰৰ মাজত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ উচপিচনি আৰম্ভ হয় মাউকিৰৱাট টাউনৰ বজাৰৰ দিনটো অহালৈ৷ তাত প্ৰতি তিনিদিনৰ মূৰে মুৰে বজাৰ বহে৷ বজাৰৰ দিনা সকলোৱে ম’বাইলটো চাৰ্জাৰ সহ লৈ আহে আৰু কোনোবা দোকানত বা আত্মীয়ৰ ঘৰত ৫/১০ টকা দি ফুল চাৰ্জ দি লৈ যায়৷ যিসকল বজাৰলৈ নাহে তেওঁলোকে আনৰ হাতত দি পঠিয়ায়৷ সেই অভিজ্ঞতা মোৰো হ’ল৷ এটা চাইনীজ ক্লিপ চাৰ্জাৰ আৰু এটা অতিৰিক্ত বেটাৰী কিনি প্ৰতি বজাৰে বজাৰে সলনা-সলনিকৈ চাৰ্জ কৰিবলৈ পঠোৱাটো নতুন ট্ৰেন্সফৰ্মাৰ এটা নহালৈকে অভ্যাসত পৰিণত হৈ পৰিল৷

২০০৯ চনত যেনিবা গাওঁখনৰেই এটি ওখ টিলাত এয়াৰচেলে বহু কষ্ট কৰি এটি টাৱাৰ বহুৱালে৷ তাৰো আছে কিছুমান আমোদজনক অভিজ্ঞতা৷ টাৱাৰটোৱে পিছলৈ সেই শিলটোৰ গুৰুত্ব নাইকিয়া কৰি পেলাইছিল৷

এইদৰে কেৱল ম’বাইলেই নহয় দৈনন্দিন জীৱনৰ অপৰিহাৰ্য্য অনেক সামগ্ৰীৰ পৰা সম্পূৰ্ণ তিনিটা বছৰ নিলগত থাকি প্ৰকৃতিৰ সৈতে সম্পূৰ্ণ একাত্ম হৈ জীৱন যাপন কৰি মই বাৰে বাৰে উপলব্ধি কৰিছিলো Billy ocean ৰ সেই কালজয়ী গীতটি –

When the going gets tough, the tough get going.

(ক্ৰমশঃ)

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!