ঙুনৰাও ( ধাৰাবাহিক ) —-কন্দৰ্প কুমাৰ নাথ

 

—- জ্বৰৰ দৰব খৰত —–

আজিৰ পৃথিৱীত ডাক্তৰৰ ওচৰলৈ গৈ নোপোৱা বা ডাক্তৰ দেখি নোপোৱা কোনোবা আছে বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে? বিশ্বাস কৰাটো দূৰৈৰ কথা, মোক মানসিক ভাৰসাম্যহীন বুলি কোনোবাই হাঁহিবহে তেনেকুৱা প্ৰশ্ন কৰিলে৷ কিন্তু বিশ্বাস কৰকেই বা নকৰকেই আজিৰ পৃথিৱীত এতিয়াও এনেকুৱা এখন গাঁও আছে যিখন গাঁৱৰ মানুহে ডাক্তৰ আজিলৈকে দেখি পোৱা নাই৷ ডাক্তৰে হেনো বেমাৰ হলে চিকিৎসা কৰে বা ঔষধ দিয়ে – তেওঁলোকে শুনা কথাহে মাথোঁ৷

হয়, মই ঙুনৰাওৰ কথাকে ক’বলৈ গৈছোঁ৷ সেইখন গাঁৱত কোনেও আজিলৈকে ডাক্তৰ দেখা নাই আৰু কোনো ডাক্তৰেও সেই খন গাঁও আজিলৈকে দেখা নাই৷ তেনে কোনো বিশেষ ডাঙৰ বেমাৰ আজাৰো হোৱা দেখা নাই৷ যি সাধাৰণ বেমাৰ আজাৰ হয় প্ৰাকৃতিক ভাবেই চিকিৎসা কৰে৷ কাৰোবাৰ পেট চলা হয়, উতলাই থৈ দিয়া ৬/৭ বছৰ পুৰুণি কমলা টেঙাৰ ৰস খাই দিয়ে ভাল হৈ যায়৷ কাৰোবাক সাপে দংশন কৰে, তাৰেই হাবিত পোৱা এবিধ বনৌষধিৰে প্ৰলেপ দিয়ে আৰু ভাল হৈ যায়৷ আন আন সাধাৰণ অসুখতো ওজাই দিয়াই হওক কিম্বা আন কোনোবাই দিয়া প্ৰাকৃতিক বিধানেই হওক, ব্যৱহাৰ কৰি সুফল পায়৷ মুঠতে সকলো চিকিৎসাই প্ৰাকৃতিক৷ অগত্যা কাৰোবাৰ টান বেমাৰ হলে যিশুক প্ৰেয়াৰ কৰে৷ ভাল হ’ল যদি হ’লেই, নহ’লেও কোনো কথা নাই যিহেতু কোনো অমৰ হৈ এই পৃথিৱীত জন্ম গ্ৰহণ কৰা নাই৷ সকলোৱে এদিন নহয় এদিন মৰিবই লাগে৷ সকলোৱে তেনেকৈয়ে ভাবে৷

গৰ্ভৱতী প্ৰসুতিয়ে ANC /PNC খোৱা বস্তু নে পিন্ধা বস্তু, চোৱা বস্তু নে শুঙা বস্তু – একো নাজানে৷ আগবেলা হাবিলৈ দুই ঘণ্টা পথ পাহাৰৰ তললৈ নামি খৰি কাটি পিঠিত বোজাটো পেলাই আকৌ দুই ঘণ্টাৰো অধিক পথ ওপৰলৈ উঠি আহে আৰু আবেলি সন্তান জন্ম দিয়াৰ দৰে ঘটনাও মই প্ৰত্যক্ষ কৰিলোঁ৷ তেনেই যেন এটি সহজ কাম মূৰ্গীয়ে কণী পৰাৰ লেখিয়া৷ কাৰণ সিহঁতৰ সেই ওখৰা মোখৰা, দূৰ্গম পথেৰে গাড়ীত দুই ঘণ্টা পথ অতিক্ৰম কৰি চহৰলৈ ANC ৰ বাবে যাওঁতে সোঁশৰীৰে যে ঘূৰি আহিব পাৰিব তাত সিহঁতৰ সন্দেহ আছে৷ সেইবাবেই সিহঁতে ভাবে প্ৰকৃতিয়ে সিহঁতক যেনেকৈ জন্ম দিছে তেনেকৈয়ে ৰক্ষাও কৰিব৷ সেয়াই যেন সিহঁতৰ ভাগ্য – কোনো আক্ষেপ নোহোৱাকৈ সেইদৰেই সহজে মানি লয় সিহঁতৰ সেই দূৰাৱস্থাক৷

সেইদৰে শিশুৰ চৰকাৰী টিকাকৰণ আঁচনিৰ বিষয়েও সিহঁত সম্পূৰ্ণৰূপে অজ্ঞ৷ দুখৰ বিষয় ৰাষ্ট্ৰীয় টিকাকৰণ আঁচনিয়ে আজিও সেই গাওঁখনক স্পৰ্শ কৰিব পৰা নাই৷ কেৱল সেয়াই নহয় সকলো চৰকাৰী আঁচনিয়েই এতিয়ালৈ ঙুনৰাওক ঢুকি পোৱাগৈ নাই৷ মই থকালৈকে তাত এটাও স্বাস্থ্য উপকেন্দ্ৰ নাছিল৷ হয়তো সেইবাবেই তাত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি৷ সৌ সিদিনা মোৰ ভনীসদৃশ থেইৰিতৰ সৰু তিনিবছৰীয়া ছোৱালীজনী সাধাৰণ ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু ঘটিছে৷ আজিৰ যুগতো ডায়েৰীয়াত আক্ৰান্ত হৈ শিশুৰ মৃত্যু হোৱাটোৱে কি বুজায় এবাৰ অনুধাৱন কৰক৷

২০০৭ চনত যেতিয়া মই প্ৰথম গৈছিলো, তেতিয়া ঘৰৰ পৰা মই নিজৰ প্ৰয়োজনৰ বাবেই সাধাৰণ জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখ, কাহ, বমি, গেষ্ট্ৰীক আদিৰ ঔষধ কিনি লৈ গৈছিলোঁ৷ প্ৰথমতে মোৰ মেই অৰ্থাৎ মালিকনী বুঢ়ীজনীয়ে বিচাৰিলে দুই এটা ঔষধ দিছিলো৷ তাৰ পিছত থেইৰিতহঁতে বিচাৰিলে সিহঁতক দিছিলো৷ লাহে লাহে সিহঁতৰ মুখৰ পৰা গম পাই দুই চাৰিজন ওচৰ চুবুৰীয়াও অহা হ’ল ঔষধ বিচাৰি৷ মই দি দিওঁ আৰু খাই ভাল পায়৷ এনেকৈ এঘৰ দুঘৰকৈ বাঢ়ি বাঢ়ি পিছত এনেকুৱা অৱস্থা হ’লগৈ যে গোটেই চুবুৰীটোৰে কিবা অসুখ- বিসুখ হলে নিশা শোৱা পাতিৰ পৰা উঠিও মই ঔষধ দিব লগা হ’ল৷ ঘৰলৈ আহিলে আগতকৈ বেছিকৈ ঔযধ কিনি লৈ যাবলগীয়া হ’ল৷ অৱশ্যে মই কাৰো পৰা বিনিময় বিচৰা নাছিলো৷ সিহঁতে কিবা দিবলৈ বিচাৰিলেও মই ল’বলৈ অমান্তি হৈছিলো৷ এনেকৈ ইটোৰ মুখে সিটোৰ মুখে গোটেই গাঁৱতে এনেদৰে প্ৰচাৰ হৈ গ’ল যে বাবুই ডাক্তৰীও কৰে ৷ কিবা অসুখ বিসুখ হলে বাবুৰ লগত ঔষধ পায়৷ অৱশেষত মোৰ বাসস্থানটো ঙুনৰাওৰ বাবে সৰ্বপ্ৰথম অনুজ্ঞাপত্ৰহীন বিনামূলীয়া এখন ফাৰ্মাচীলৈ পৰিবৰ্তন হৈ পৰিল৷ মাজে মাজে শঙ্কিতও হৈছিলোঁ কিবা বিপদ আহি পৰিব বুলি৷ কিন্তু মোৰ উপায় নাছিল সেই মানুহখিনিক বিমুখ কৰিবলৈ৷ কাৰণ আৰ্তজনক সহায় কৰিবলৈ মই মোৰ অৰ্হতাতকৈও মোৰ বিবেকক আগস্থান দিবলগীয়া হৈছিল৷

এবাৰ ঘৰলৈ আহোঁতে মোৰ ৰৈ যোৱা ঔষধবোৰ এটা সৰু কাৰ্টনৰ ভিতৰত মোৰ টেবুলতে থৈ আহিলোঁ৷ ভাবিলো কোনেনো নিব? আৰু কোনটো ঔষধ কিহৰ সেয়া সিহঁতে কি জানিব? তেনেকৈ টেবুলতে থৈ আহিলোঁ৷

এসপ্তাহমান পিছত ঘৰৰ পৰা গৈ দেখো কাৰ্টনৰ ভিতৰত আগৰ ঔষধ এটাও নাই৷ মই আচৰিত! কি হব পাৰে? মেইক সুধিলোঁ কিবা জানে নেকি৷ তেখেতেও একো নাজানে বুলি কলে৷ পিছত থেইৰিতক সোধাতহে উৰহী গছৰ ওৰ ওলাই পৰিল৷

তাই কলে,

– বাবু, গাঁৱৰ কোনো কোনো মানুহ আহিছিল বাবুৰ তালৈ ঔষধ বিচাৰি, বাবু নথকাত ময়েই দি দিলোঁ৷

– তুমি কেনেকৈ জানিলা কোনবোৰ কিহৰ ঔষধ?

– মই একো নাজানোঁ বাবু৷ মাথোঁঁ অনুমান কৰিয়েই দিছোঁ৷

– নজনাকৈ কিয় দিলা?

– বাবু, মই দিব নোৱাৰোঁ বুলি কৈছিলোৱেই৷ কিন্তু সিহঁতহে নাছোৰবান্দা৷ যিকোনো ঔষধ হ’লেই হ’ল হেনো৷

– পিছে এতিয়া ভাল পাইছেনে নাই?

– পাইছে বাবু৷ বাবুৰ ঔষধ খাই আটাই কেইজনেই ভাল পোৱা বুলি কৈছে৷

এয়াই ঙুনৰাও৷ তাৰ সহজ সৰল মানুহবোৰৰ জীৱন গাথা৷ কোনে কিহৰ ঔষধ খাইছিল নাজানো মাথোঁ জীৱনত প্ৰথমবাৰৰ বাবে ঔষধ দেখি পোৱা আৰু খাই পোৱা ঙুনৰাওৰ বুকুৰ জীয়া অভিজ্ঞতা এয়া৷ সেই সৰলতাখিনি ৰ মাজতেই যেন বিচাৰি পাইছিলো মই মোৰ নিজক৷

(ক্ৰমশঃ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!