চক্ৰব্যূহ – ডাঃ ৰুণা গগৈ

জীৱন এতিয়া হুবহু

ঐক্যকেন্দ্ৰিক বৃত্তৰ দৰে,

পূৰ্ণতা আৰু শূন্যতাই 

হাতে হাত ধৰি ঘূৰে,

অভিমান আৰু অনিহাই

চৌপাশে আৱৰ্তন কৰে,

ভ্ৰান্তি আৰু বিবেকেও

অহৰহ প্রদক্ষিণ কৰে

আৰু 

কেন্দ্ৰত অধোনমিত শিৰে

নগ্ন হৃদয় অকলশৰে।

০০০০০

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!