চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ

৷৷চতুৰ্দ্দশ খণ্ড৷৷

৷৷ কুঁজীৰ বাঞ্ছা পূৰণ৷৷

ঘোষা৷৷ ভকত বান্ধৱ মাধৱ ৰাম

তুমি অগতিৰ গতি৷

ছাড়ে জোনো মোৰ মনে নাৰায়ণ

তোহ্মাৰ চৰণে ৰতি৷৷১০২৷৷

পদ৷৷ শুক নিগদতি শুনা কুৰুপতি

কৃষ্ণৰ মনুষ্য লীলা৷

গোপিকাক শান্ত কৰি মথুৰাক

উদ্ধৱ যেৱে আসিলা৷৷

মদনে দগধ সৈৰিন্ধীক দেখি

পাছে হৰি অন্তৰ্য্যামী৷

উদ্ধৱ সহিতে তাইৰ মন্দিৰক

লড়িলা জগত স্বামী৷৷১২৬৩৷৷

সৈৰিন্ধীৰ সিটো বিচিত্ৰ মন্দিৰ

সূৰ্য্য যেন কৰৈ কান্তি৷

সুৱৰ্ণ আসনে ৰঞ্জিত ভাজনে

প্ৰকাশৈ প্ৰদীপ পান্তি৷৷

সুৱৰ্ণ খাটত বিছাই হংস তুলি

পুষ্প সিঞ্চি আছৈ ছানি৷

মুৰালি মুকুতা থোপা আৰি চাৰু

চন্দ্ৰাতপ আছৈ টানি৷৷১২৬৪৷৷

মলয় চন্দন সুগন্ধিত ঘ্ৰাণ

মালতী চম্পা শিৰীষ৷

অগৰু ধূপৰ ধূম্ৰে আমোদিত

বাসয় দিশ বিদিশ৷৷

চৌপাশে পুতলা লেখিছৈ বাৰত

কৰন্তে আছৈ সুৰত৷

যাক দেখি হোৱৈ কামী পুৰুষৰ

কামে চিত্ত উনমত্ত৷৷১২৬৫৷৷

হেন মন্দিৰৰ মধ্যত সুন্দৰী

বসিয়া আছৈ আসনে৷

চৌপাশে বেঢ়িয়া সেৱা কৰি আছৈ

সালঙ্কৃতা দাসীগণে৷৷

কৃষ্ণকেসে মনে চিন্তি আছৈ আতি

কেতিক্ষণে পাইবো বুলি৷

সেহি বেলা আসি মাধৱো মিলিলা

দেখিলেক মাথা তুলি৷৷১২৬৬৷৷

উল্লাসি উৎসৱে আগবাঢ়ি গৈল

সখীগণ লৈয়া সঙ্গে৷

আসনে বৈসাই সাদৰে কৃষ্ণক

পূজিল যুৱতী ৰঙ্গে৷৷

উদ্ধৱক আতি সতকাৰ কৰি

আসন দিলা বঢ়াই৷

আসনক মান্য- কৰি হাতে দিয়া

বসিল মাটিতে যাই৷৷১২৬৭৷৷

মনুষ্য চেষ্টাক দেখাই কৃষ্ণে পাছে

শয্যাত ভৈলা প্ৰৱেশ৷

সৈৰন্ধীয়ো স্নানি দিব্য অলঙ্কাৰ

পিন্ধিলা বস্ত্ৰ বিশেষ৷৷

মধুপীয়া গন্ধে চন্দনে কুঙ্কুমে

ভূষিত কৰিয়া লাস৷

কৰ্পূৰ তাম্বুল ভুঞ্জি অনুৰাগে

চাপিলা কৃষ্ণৰ পাশ৷৷১২৬৮৷৷

কটাক্ষ ছটায়ে কৃষ্ণক চাহিয়া

হাসিয়া লাজে নমাতে৷

আইস বুলি কৃষ্ণে কঙ্কণে মণ্ডিত

কৰত ধৰিলা হাতে৷৷

শয্যাক আনিয়া অশেষ ক্রীড়িলা

কৃষ্ণে পূৰি তাইৰ মতি৷

চন্দন অৰ্পণ পুণ্য লেশে পাইলে

ঈশ্বৰ কৃষ্ণক পতি৷৷১২৬৯৷৷

কৃষ্ণৰ চৰণ ধৰি ঘনে ঘন

শুঙয় এড়িয়া ব্ৰীড়া৷

হৃদয় তনক চক্ষুত ঘষিয়া

এড়াইল মদন পীড়া৷৷

আনন্দ মূৰ্ত্তিক দুইহাতে হিয়াত

আলিঙ্গি ভৈল নিষ্পাপ৷

মোক্ষতো অধিক আনন্দ মিলিল

তৰিল সংসাৰ তাপ৷৷১২৭০৷৷

দুৰ্ল্লভ কৃষ্ণক পতি পাই তাই

আগত কৰৈ গোচৰ৷

দিন কতিপয় থাকা নাথ আত

চৰণে কৰো কাতৰ৷৷

তযু অঙ্গ সঙ্গ এৰিবে নৱাৰো

আপুনি মোহিলা চিত্ত৷

কৃষ্ণে তাইক পাছে সন্মান কৰিয়া

পূৰিলা মন বাঞ্ছিত৷৷১২৭১৷৷

বস্ত্ৰ অলঙ্কাৰ দিয়া মন তুষি

সৈৰিন্ধীক হৰি ৰঙ্গে৷

আপুন গৃহক চলি গৈলা পাছে

উদ্ধৱক লৈয়া সঙ্গে৷৷

কৃষ্ণৰ কিঙ্কৰে ৰচিল শঙ্কৰে

শুনিয়োক সৱে নৰ৷

অতি অল্প সেৱা মাত্ৰতে সন্তোষ

হোৱয় কৃষ্ণ ঈশ্বৰ৷৷১২৭২৷৷

চন্দন অৰ্পণ বিনে কুবুজাৰ

আন কিছু পুণ্য নাই৷

এতেকতে হেন দেখিয়ো পৰম

প্ৰসাদ পাইলেক তাই৷

যিটো অনুক্ষণে শ্ৰৱণ কীৰ্ত্তনে

ভজে এক চিত্ত কৰি৷

তাহাৰ ভাগ্যক কহন নযায়

ডাকি বোলা হৰি হৰি৷৷১২৭৩৷৷

৷৷ কুঁজীৰ বাঞ্ছা পূৰণ সমাপ্ত৷৷১৪৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!