চলচিত্ৰৰ বিগত আৰু আগন্তুক বৰ্ষ: বলীউদ ২০১৩ আৰু মুক্তিৰ অপেক্ষাত খনচেৰেক অসমীয়া কথাছৱি: এক চমু আলোকপাত (ডেভিদ স্বৰ্গীয়াৰী)

আৰু মাত্ৰ দুদিনমান পাছতেই মেলানি মাগিবহি ২০১৩ বৰ্ষটিয়ে; আমি ব্যস্ত হৈ পৰিম ইংৰাজী নৱবৰ্ষক আদৰিবলৈ। এনে এক ক্ষণত বাৰু উভতি চাবলৈ মন নাযায়নে পুৰণি বছৰটোৰ বিভিন্ন ক্ষেত্ৰৰ পোৱা-নোপোৱাবোৰলৈ? নিশ্চয় যায়। তেন্তে আহক আমি বিদায়ী পৰত বছৰটোৰ বলীউদৰ জগতখনত ক্ষন্তেকৰ বাবে বিচৰণ কৰোঁ : অনুধাৱন কৰোঁ বছৰটোত কিমান উত্থান-পতনৰ ঢৌ পাৰ হৈ গ’ল হিন্দী চলচ্চিত্ৰ জগতখনৰ মজিয়াৰে। আমি বাৰু বিচৰামতে ভাল ছৱি চাবলৈ পালোঁনে? বলীউদে বাৰু আমাক কি দিলে? এনেবোৰ প্ৰশ্ন নিশ্চয় আপোনাৰ মনতো উদয় হৈছে। আমাৰ মনতো উদয় হোৱা এনে কিছু প্ৰশ্নৰ পম খেদিয়েই এই চমু লেখনিটো যুগুত কৰিলোঁ। এই লেখনিটো এগৰাকী সাধাৰণ দৰ্শকৰ দৃষ্টিৰেহে লিখা হৈছে : ইয়াত সমালোচনাত্মক দৃষ্টিভঙ্গী প্ৰকাশ পালেও সেয়া দৰ্শক হিচাপেহে। চিত্ৰ সমালোচনাৰ যোগ্যতা আমাৰ নাই।

এই ২০১৩ চনটো আছিল হিন্দী ছৱিজগতৰ বাবে খুবেই গুৰুত্ত্বপূৰ্ণ বছৰ। এই গুৰুত্ত্ব কেইবাটাও কাৰণত প্ৰতীয়মান হয়। এই বছৰতেই হিন্দী চলচ্চিত্ৰই পূৰ্ণ কৰিলে সুদীৰ্ঘ ১০০ বছৰ। ১৯১৩ চনতেই ‘ৰাজা হৰিশ্চন্দ্ৰ’ ছৱিৰে আৰম্ভ হোৱা এই যাত্ৰা আছিল সচাঁকৈয়ে সোণোৱালী। এই শতবৰ্ষীয় যাত্ৰাত দেখা যায় বহুতো উত্থান-পতন। এনে উত্থান-পতনৰ মাজেৰেই বলীউদে গৰকিলে শতবৰ্ষ। এই শততম বৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় নিশ্চয়।

এই বছৰটোৰ আন এক উল্লেখযোগ্য দিশ হৈছে একাধিক ছৱিৰ ঘৰুৱা উপাৰ্জনৰ লেখেৰে দুশ কোটিৰ ‘এলিট’ ঘৰত প্ৰৱেশ। ইয়াৰ আগতে মাত্ৰ এখন ছৱিয়ে দুশ কোটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল, আৰু সেয়া হৈছে ২০০৯ চনৰ আমিৰ খান অভিনীত ‘থ্ৰী ইডিয়টছ্’। কিন্তু চলিত বৰ্ষৰ শেষাৰ্ধত দেখা যায় এক বিৰাট পৰিৱৰ্ত্তন। ‘থ্ৰী ইডিয়টছ্’-ৰ চাৰি বছৰীয়া ৰাজত্বকালৰ অৱসান ঘটায় পোনতে শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত ‘কমেডী মচালা’ ফিল্ম ‘চেন্নাই এক্সপ্ৰেছ’-এ (Chennai Express)। তাৰ তিনিমাহমান পাছতেই হৃত্বিক ৰৌচন, প্ৰিয়ঙ্কা চোপ্ৰা, বিৱেক অবেৰয়, কংগনা ৰানাৱট অভিনীত কল্পবিজ্ঞানভিত্তিক ‘চুপাৰহিৰো’ ফিল্ম ‘কৃশ্ ৩’-য়ে (Krrish 3) ‘চেন্নাই এক্সপ্ৰেছ’-কো ছেৰ পেলাবলৈ সক্ষম হয়। সম্প্ৰতি (এই লেখাটো লিখি থকা মুহূৰ্ত্তলৈকে) আমিৰ খান, অভিষেক বচ্চন, উদয় চোপ্ৰা, কেটৰিনা কাঈফ অভিনীত ‘একচন থ্ৰীলাৰ’ ‘ধূম : ৩’ (Dhoom:3) (এইখনেই হৈছে IMAX Format-ত মুক্তি লাভ কৰা বলীউদৰ প্ৰথম চলচ্চিত্ৰ) যি গতিৰে চলি আছে, তালৈ চাই এই কথা নিঃসন্দেহে ক’ব পাৰি যে ই অনতিপলমে দুশ কোটিৰ ঘৰ স্পৰ্শ কৰিবগৈ ; তদুপৰি এইখন বছৰটোৰ সৰ্বাধিক উপাৰ্জনকাৰী চিনেমা হোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে। যদি সেয়ে হয়, তেতিয়াহ’লে সফলতাৰ শীৰ্ষত উপনীত হ’ব অভিনেতা আমিৰ খান (অভিনীত দুখনকৈ ছৱিয়ে দুশ কোটিৰ ঘৰ স্পৰ্শ কৰা একমাত্ৰ অভিনেতা)।

চলিত বছৰত মুঠতে ৮ খন ছৱিয়ে ঘৰুৱা উপাৰ্জনৰ লেখেৰে এশ কোটিৰ ডেওনা পাৰ কৰে। এই সফলতা লভিবলৈ সক্ষম হোৱা আন ৫ খন ছৱি হৈছে ক্ৰমে ‘য়েহ জৱানী হ্যায় দীৱানী’ (Yeh Jawaani Hai Deewani) (দুশ কোটি টকাৰ ওচৰা-ওচৰি), ‘গোলীয়ো কি ৰাসলীলা ৰাম-লীলা’ (Goliyon Ki Raasleela Ram-Leela), ‘ভাগ মিলখা ভাগ’ (Bhaag Milkha Bhaag), ‘গ্ৰেণ্ড মস্তি’ (Grand Masti) (এশ কোটি স্পৰ্শ কৰা প্ৰথম ‘এডাল্ট মোভী’) আৰু ‘ৰেচ ২’ (Race 2)। তদুপৰি ‘আশিকী ২’ (Aashiqui 2), ‘স্পেচিয়েল ২৬’ (Special Chabbis) আদিয়েও যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। বিনিয়োগৰ তুলনাত শতকৰা হিচাপত আটাইতকৈ বেছি লাভ অৰ্জন কৰা ছৱিবোৰ হৈছে ‘আশিকী ২’ (৬১২% লাভ), ‘য়েহ জৱানী হ্যায় দীৱানী’, ‘এ.বি.চি.ডি.’ (Any Body Can Dance), ‘ফাক্ৰী’ (Fukrey), ‘গ্ৰেণ্ড মস্তি’ আদি। এফালে উপাৰ্জনৰ পাহাৰ, আনফালে বিস্তৰ লোকচান- এয়া চলিত বৰ্ষতো সহজলভ্য। ‘জঞ্জীৰ’ (Zanjeer), ‘জিলা গাজিয়াবাদ’ (Zila Ghaziabad), ‘বছ’ (Boss), ‘বুলেট ৰাজা’ (Bullett Raja), ‘গোৰী তেৰে প্যাৰ মে’ (Gori Tere Pyaar Mein) আদিয়ে ‘বক্স অফিচ’-ত মুখ ঠেকেচা খাই ‘ফ্লপ’-ৰ শাৰীলৈ অৱনমিত হয়। বছৰটোত কেইবাখনো ছৱিৰ ‘ছিকুৱেল’ তথা ‘কোৱাছি-চিকুৱেল’-এ মুক্তি লাভ কৰে। এইবোৰৰ ভিতৰত ‘ধূম ৩’, ‘কৃশ্ ৩’, ‘ৰেচ ২’, ‘আশিকী ২’ আৰু ‘গ্ৰেণ্ড মস্তি’-য়ে বাণিজ্যক সফলতা লাভ কৰে যদিও ‘মাৰ্দাৰ ৩’ (Murder 3), ‘ওৱাঞ্চ আপন এ টাইম ইন মুম্বাই দোবাৰা’ (Once Upon A Time In Mumbai 2), ‘শ্বুট আউট এট ৱাডালা’ (Shootout At Wadala), ‘চাহেব, বিবি অউৰ গেংষ্টাৰ ৰিটাৰ্ণছ্’ (Saheb, Biwi Aur Gangster Returns), ‘সত্য ২’ (Satya 2), ‘য়ামলা পাগলা দীৱানা ২’ (Yamla Pagla Deewana 2) আদি ব্যৰ্থ হয়।

কিন্তু আপোনালোকে নিশ্চয় উপলব্ধি কৰে যে পৰিসংখ্যাই সকলো নহয়। পাৰিসাংখ্যিক তথ্যই একোখন চিনেমাৰ মানদণ্ডৰ এক ক্ষুদ্ৰ অংশকহে প্ৰতিনিধিত্ব কৰে। কেৱল বক্স অফিচৰ সাফল্যই একোখন ছৱি উচ্চ মানদণ্ডৰ বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে। কেৱল বাণিজ্যিক দিশৰপৰা চালেই নহ’ব, আমি সমালোচনাত্মক দৃষ্টিভঙ্গীৰেহে একোখন চিনেমাৰ মানদণ্ড নিৰূপণ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বছৰটোত উপাৰ্জনৰ দিশেৰে শীৰ্ষত উপনীত হ’বলৈ সক্ষম হোৱা বোলছৱিকেইখনৰ কথাকে ক’ব পাৰি। ‘চেন্নাই এক্সপ্ৰেছ’ সমালোচকসকলৰদ্বাৰা বিভিন্ন ধৰণে সমালোচিত হোৱা দেখা যায়। ‘কৃশ ৩’-য়ে ‘ভিজুৱেল এফেক্ট’-ৰ দিশেৰে হলীউদৰ ছৱিৰ প্ৰায় সমকক্ষ হৈ ভাৰতীয় চিনেমাৰ জগতখনত এক মাইলৰ খুঁটিৰূপে থিয় দিবলৈ সক্ষম হয় যদিও বিশেষকৈ চিত্ৰনাট্য সম্পৰ্কীয় দোষৰ উপৰিও হলীউদৰ ভালেমান ছৱিৰ নকল কৰা কাৰ্য বাৰুকৈয়ে সমালোচিত হৈছে। অৱশ্যে হলীউদৰ এখনো চিনেমা নোচোৱা দৰ্শকৰ বাবে এইখন উপভোগ্য হ’ব পাৰে। ‘ধূম ৩’-ৰ সমকক্ষ ‘একচন চিকুৱেঞ্চ’ বোধকৰোঁ বলীউদৰ এতিয়ালৈকে আন কোনো ছৱিৰে নাই। কিন্তু এই ছৱিখনো সমালোচনাৰ ঊৰ্দ্ধত নহয়। সেইদৰে এশ কোটি স্পৰ্শ কৰা ‘গ্ৰেণ্ড মস্তি’ হৈছে এক বহুৱালি মাত্ৰ। এইবোৰ চলচ্চিত্ৰ নিশ্চয় বছৰটোৰ শ্ৰেষ্ঠ দহখনৰ ভিতৰত নপৰে। দেখা যায় যে বহুতো ভাল ছৱি উপযুক্ত প্ৰচাৰৰ অভাৱতেই হওক বা আন কাৰণতেই হওক দৰ্শকৰদ্বাৰা প্ৰায়ে অৱহেলিত হোৱা দেখা যায়। এয়া নিশ্চয় ভাৰতীয় চিনেমা জগতৰ বাবে ভাল লক্ষণ নহয়।

এই ২০১৩ বৰ্ষতো বলীউদে কেইবাখনো ভাল চিনেমা উপহাৰ দিয়ে। বাণিজ্যিক দিশতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এনে এখন ছৱি হৈছে ‘ভাগ মিলখা ভাগ’, যাৰ মাজেৰে ভাৰতৰ ‘ফ্লাইং শিখ’ মিলখা সিঙৰ জীৱন সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে। ফাৰহান আখটাৰৰ মাজত মিলখা সিং জীৱন্ত হৈ উঠা এই বোলছৱিখনে শ্ৰেষ্ঠ ছৱিকে ধৰি বছৰটোৰ কেইবাটাও বটাঁ আঁজুৰি নিয়াৰ সম্ভাৱনা আছে। কম বাজেটেৰে নিৰ্মিত ‘দ্য লাঞ্চবক্স’ (The Lunchbox) হৈছে বছৰটোৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ; মুম্বাইৰ ‘দব্বা’ সংস্কৃতি আৰু এক সুন্দৰ প্ৰেম কাহিনী জীৱন্ত ৰূপত প্ৰতিফলিত হোৱা এই ছৱিখনত ইৰফান খান আৰু নিম্ৰাত কৌৰৰ অভিনয় আছিল অসাধাৰণ। অস্কাৰৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানৰ বাবে ভাৰতৰপৰা এই কথাছৱিখন পঠিওৱাটো বহু সমালোচকে বিচাৰিছিল যদিও বাছনি কমিটীয়ে গুজৰাটী ছৱি এখনহে পঠিয়ায়, যি মনোনয়ন পোৱাত ব্যৰ্থ হয়। জাক-জমকতাৰে ভৰা চিনেমা চাই ভালপোৱা দৰ্শকে ‘দ্য লাঞ্চবক্স’ পছন্দ নকৰাৰ সম্ভাৱনাই বেছি। ‘শ্বিপ অৱ থেছিয়াছ’ (Ship of Theseus), ‘ছাহিদ’ (Shahid) আদি ছৱিও উচ্চ মানদণ্ডৰ হৈছে। বছৰটোৰ শ্ৰেষ্ঠ ছৱিৰ ভিতৰত নাম অন্তৰ্ভূক্ত কৰিব পৰা আন কেইখনমান বোলছৱি হৈছে ‘মাদ্ৰাজ কেফে’ (Madras Cafe), ‘স্পেছিয়েল ২৬’, ‘কাই পো চে’ (Kai Po Che), ‘ৰাঞ্ঝনা’ (Raanjhanaa), ‘লুটেৰা’ (Lootera), ‘ডি-ডে’ (D-Day), ‘আশিকী ২’ আদি। ‘মাদ্ৰাজ কেফে’-ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ড তথা ইয়াৰ আঁৰৰ কাহিনী সুন্দৰ ৰূপত চিত্ৰিত হৈছে। ‘স্পেছিয়েল ২৬’-ৰ নকল চি.বি.আই. এজেণ্টৰ কাৰচাজি, ‘কাই পো চে’-ৰ অগতানুগতিক প্লটৰ জীৱন্ত ৰূপ, ‘ৰাঞ্ঝনা’-ৰ ৰাজনৈতিক পৰিৱেষ্টনীৰে প্ৰভাৱিত প্ৰেম কাহিনী, ‘লুটেৰা’-ৰ ট্ৰেজিক প্ৰেম কাহিনী, ‘ডি-ডে’-ৰ উত্তেজনাময় পৰিস্থিতি, ‘আশিকী ২’-ৰ প্ৰেমিক যুগলৰ ৰসায়ন আদি খুবেই উপভোগ্য। হিন্দী ছৱিজগতৰ শতবৰ্ষ পূৰ্ত্তি উপলক্ষে বিশেষভাৱে নিৰ্মিত ফিল্ম ‘বোম্বে টকিজ’ (Bombay Talkies) হৈছে চাৰিখন চুটি ছৱিৰ সমষ্টি।

প্ৰতিবৰ্ষৰ দৰে এইবাৰো বিদেশৰ মাটিত বলীউদৰ ছৱি সমাদৃত হৈ আহিছে। বিভিন্ন ঠাইত ভাৰতীয় চলচ্চিত্ৰই বাণিজ্যিক দিশত সফলতা লাভ কৰিছে। চলিত বৰ্ষত নতুন নতুন দেশ- যেনে পেৰু, পানামা, মৰক্কো আদিতো হিন্দী চিনেমা প্ৰদৰ্শিত হোৱাটো মন কৰিবলগীয়া। আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে অগতানুগতিক প্লটৰ ছৱিৰ সমাদৰ লাভ। চলিত বছৰতো চিনেমাবোৰত ন ন দিশ প্ৰতিফলিত হোৱা দেখা গৈছে।

বছৰটোত আমীৰ, হৃত্বিক, শ্বাহৰুখৰ দৰে অভিনেতাসকলে নিজ নিজ অভিনীত ছৱিৰে সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয় যদিও কিছু পৰিমাণে ব্যৰ্থ হয় অক্ষয় কুমাৰ, অজয় দেৱগণকে ধৰি কেইগৰাকীমান বিশিষ্ট অভিনেতা। অক্ষয়ৰ ‘ওৱাঞ্চ আপন এ টাইম ইন মুম্বাই দোবাৰা’ আৰু ‘বছ’ (Boss) ব্যৰ্থ হয় যদিও ‘স্পেছিয়েল ২৬’-ৰ সফলতাই সেয়া ঢাকি ধৰে। ছৈইফ আলী খান অভিনীত ‘ৰেচ ২’ সফল হয় যদিও ব্যৰ্থ হয় ‘গো গোৱা গোন’ (Go Goa Gone), ‘বুলেট ৰাজা’ (Bullet Raja)। অজয় দেৱগণৰ ‘হিম্মতৱালা’ (Himmatwala), ‘সত্যাগ্ৰহ’ (Satyagraha) আদিয়ে বক্স অফিচত ভাল ফল দেখুৱাবলৈ সক্ষম নহ’ল। ৰণবীৰ কাপুৰে ‘য়েহ জৱানী হ্যায় দীৱানী’-ৰে সুন্দৰ আৰম্ভণি ঘটায় যদিও ‘বেচৰম’-এ (Besharam) মুখ ঠেকেচা খালে। শ্বাহিদ কাপুৰৰ ‘ফাটা পোষ্টাৰ নিকলা হিৰো’ (Phata Poster Nikhla Hero), ‘আৰ… ৰাজকুমাৰ’ (R… Rajkumar) ব্যৰ্থ হয়।

অৱশ্যে ২০১৩ বৰ্ষটো স্মৰণীয় হৈ ৰ’ব ইৰফান খান, ৰাজকুমাৰ ৰাও, সুশান্ত সিং ৰাজপুত আদিৰ অভিনয় দক্ষতাৰ বাবে। ‘দ্য লাঞ্চবক্স’ আৰু ‘ডি-ডে’-ত কৰা সুন্দৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় ইৰফান খান। ৰাজকুমাৰ ৰাৱে ‘কাই পো চে’ আৰু ‘শ্বাহিদ’-ত ভাল অভিনয় প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। সুশান্ত সিং ৰাজপুতে ‘কাই পো চে’ আৰু ‘শুদ্ধ্ দেশী ৰোমাঞ্চ’-ত (Shuddh Desi Romance) কৰা অভিনয় শলাগনীয়। বছৰটোত ভাল অভিনয়েৰে জিলিকি থকা আন কেইগৰাকীমান অভিনেতা হৈছে ফাৰহান আখটাৰ (‘ভাল মিলখা ভাগ’), নাৱাজুদ্দিন ছিদ্দিকী (‘বোম্বে টকিজ’, ‘শ্বোৰ্টজ্’, ‘দ্য লাঞ্চবক্স’), জন আব্ৰাহম (‘মাদ্ৰাজ কেফে’, ‘ৰেচ ২’, ‘শ্বুট আউট এট ৱাডালা’), অমিত ছাধ (‘কাই পো চে’), ইমৰাণ হাছমি (‘এক থী ডায়ন’, ‘ঘনচক্কৰ’), ৰণবীৰ সিং (‘লুটেৰা’, ‘গোলীয়ো কী ৰাসলীলা ৰাম-লীলা’) আদি। ‘ভাগ মিলখা ভাগ’-ত কৰা ফাৰহান আখটাৰৰ অভিনয় কেতিয়াও পাহৰিব পৰা নাযাব। ৰণবীৰ সিঙৰ বাবে এই বছৰটো হৈ ৰ’ব মাইলৰ খুঁটিস্বৰূপ।

অভিনেত্ৰী দীপিকা পাডুকনৰ বাবে ‘সপোনৰ বৰ্ষ’ আছিল ২০১৩। গোটেই বছৰটোত বলীউদৰ জগতত যেন চলিল দীপিকাৰেই ৰাজত্ব। তেওঁৰদ্বাৰা অভিনীত ‘ৰেচ ২’, ‘য়েহ জৱানী হ্যায় দীৱানী’, ‘চেন্নাই এক্সপ্ৰেছ’ আৰু ‘গোলীয়ো কী ৰাসলীলা ৰাম-লীলা’ – চাৰিওখন ছৱিয়েই বাণিজ্যকভাৱে যথেষ্ট সফল হয়। চাৰিওখন চিনেমাতে ভিন্নধৰ্মী চৰিত্ৰত যথেষ্ট পাৰদৰ্শিতাৰে অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় দীপিকা। তেওঁ নিঃসন্দেহে এইবাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ দাবীদাৰ। ‘দ্য লাঞ্চবক্স’-ত কৰা নিম্ৰাত কৌৰৰ অভিনয় খুবেই হৃদয়পৰশা হৈছিল। হুমা কুৰেশী সক্ষম হয় নিজৰ অভিনয় প্ৰতিভা দাঙি ধৰিবলৈ ‘এক থী ডায়ন’ আৰু ‘ডি-ডে’-ৰ মাজেৰে। দিব্যা দত্ত হৈছে বছৰটোৰ আন এগৰাকী সফল অভিনেত্ৰী, যিয়ে ‘ভাগ মিলখা ভাগ’, ‘স্পেছিয়েল ২৬’, ‘জিলা গাজিয়াবাদ’ আৰু ‘লুটেৰা’-ত সহকাৰী অভিনেত্ৰীৰ ৰূপদান কৰে। ২০১৩-ৰ আন কেইগৰাকীমান সফল অভিনেত্ৰী হৈছে কংগনা ৰাণাৱট (‘কৃশ ৩’, ‘শ্বুট আউট এট ৱাডালা’, ‘ৰাজ্জো’), ৰিচা ছদ্ধা (‘ফাক্ৰী’, ‘শ্বৰ্টজ্’, ‘গোলীয়ো কী ৰাসলীলা ৰাম-লীলা’), শিল্পা শুক্লা (‘বি.এ. পাছ’), সোনম কাপুৰ (‘ৰাঞ্ঝনা’, ‘ভাগ মিলখা ভাগ’) আদি। আনহাতে ব্যৰ্থ হয় প্ৰিয়ঙ্কা চোপ্ৰা, বিদ্যা বালান, সোণাক্ষী সিনহা আদি। প্ৰিয়ঙ্কা অভিনীত ‘কৃশ ৩’ সফল হয় যদিও ছৱিখনত তেওঁ ভাল অভিনয় দাঙি ধৰাত ব্যৰ্থ হয় ; তেওঁৰদ্বাৰা অভিনীত ‘জঞ্জীৰ’ ফ্লপ হিচাপে পৰিগণিত হয়। সোণাক্ষীৰদ্বাৰা অভিনীত ‘লুটেৰা’-ই সমালোচকৰপৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় যদিও ব্যৰ্থ হয় ‘ওৱাঞ্চ আপন এ টাইম ইন মুম্বাই দোবাৰা’, ‘আৰ… ৰাজকুমাৰ’ আৰু ‘বুলেট ৰাজা’।

প্ৰতি বছৰৰ দৰে এইবাৰো বলীউদত কেইবাখনো নতুন মুখে ভুমুকি মাৰে। নৱাগত অভিনেতাসকলৰ ভিতৰত সুশান্ত সিং ৰাজপুতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। দক্ষিণ ভাৰতৰপৰা আহি বলীউদত পদাৰ্পণ কৰিলেহি ধনুষ (‘ৰাঞ্ঝনা’), ৰামচৰণ তেজা (‘জঞ্জীৰ’), তমন্না ভাটিয়া (‘হিম্মটৱালা’), তাপসী পন্নু (‘চশমে বদ্দুৰ’) আদিয়ে। বলীউদত চলিত বৰ্ষত অভিষেক ঘটা আন কেইগৰাকীমান অভিনেতা-অভিনেত্ৰী হৈছে বাণী কাপুৰ, পুণম পাণ্ডে, ৰাশি খান্না, আমীৰা দস্তুৰ, পল্লৱী ছৰ্দা, গিৰীশ তৌৰণী, মিস্তী, অমিত ছাধ, ছাচা আঘা, পুজা ছালৱি আদি।

দেখা যায় যে বলীউদত ভাল ছৱিৰ সমান্তৰালভাৱে সস্তীয়া মনোৰঞ্জনৰ উদ্দেশ্যে নিৰ্মিত ছৱিও চলি আহিছে। বহু ভাল ছৱিয়ে বাণিজ্যিক সফলতা লাভত ব্যৰ্থ হোৱাও দেখা গৈছে। দৰ্শকৰ ৰুচি পৰিৱৰ্ত্তনত বলীউদে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে পৰিৱৰ্ত্তনশীলতাক ই সদায়ে স্বীকৃতি দি আহিছে। পৰিৱৰ্ত্তনশীলতা আৱশ্যকীয় নিশ্চয়। কিন্তু বলীউদত এনে কিছু ছৱিও নিৰ্মিত হৈ আহিছে যি জন মানসত বেয়া প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। দৰ্শকসকল এনে ছৱিৰপৰা সাৱধান হোৱা উচিত। চলিত বৰ্ষটোৱে হয়তো বহু কিবাকিবি দিলে বা বিচৰা মতে আমি নাপালোঁ। তথাপিও আমি আশা ৰাখিব পাৰোঁ যে আগন্তুক বছৰটোৱে আমাক নিশ্চয় কেইবাখনো প্ৰকৃতাৰ্থত ভাল ছৱি উপহাৰ দিব।

মুক্তিৰ অপেক্ষাত খনচেৰেক অসমীয়া কথাছৱি

বিগত বছৰবোৰৰ দৰে আগন্তুক ২০১৪ বৰ্ষতো মুক্তিলাভ কৰিব কেইখনমান অসমীয়া কথাছৱিয়ে ৷ এয়া অসমীয়া চিত্ৰপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ দুৰ্দিনৰ সময়তো চিত্ৰ নিৰ্মাণৰ কষ্টকৰ প্ৰয়াস সচাঁকৈয়ে প্ৰশংসনীয় ৷ যি সময়ত ভাৰতৰ হিন্দী, বঙালী, তামিল, তেলুগু, মাৰাঠীকে ধৰি বিভিন্ন ভাষাৰ বোলছৱিৰ তুলনাত অসমীয়া বোলছৱি সংখ্যাগত আৰু গুণগত উভয় দিশতে পিছ পৰি থকা বুলি সততে অভিযোগ উত্থাপন কৰা হয়, যি সময়ত অসমীয়া বোলছৱি প্ৰদৰ্শনৰ ক্ষেত্ৰত অসমৰ চিত্ৰগৃহসমূহেই কৃপণালি কৰা দেখা যায়- তেনে এক সংকটপূৰ্ণ সময়ত যিসকল প্ৰযোজক, পৰিচালকে লোকচানৰ ভয় থকা স্বত্বেও অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে কঁকালত টঙালি বান্ধি আগবাঢ়ি আহি জাতিটোৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছে, তেখেতসকল সচাঁকৈয়ে ধন্য ৷ অসমীয়া ছৱি প্ৰযুক্তিগত দিশত এতিয়াও খুবেই পিছপৰা- এই কথা ষোল অনাই সচাঁ ৷ কিন্তু অসমীয়া চিনেমাৰ যি স্বকীয় বৈশিষ্ট্য, সেয়া আন বহু ভাষাৰ চিনেমাত পাবলৈ নাই ৷ উদাহৰণস্বৰূপে ক’ব পাৰি যে দক্ষিণ ভাৰতৰ ছৱিবোৰে সততে বলীউদকে অনুকৰণ কৰা দেখা যায়, আনহাতে বলীউদে অনুসৰণ কৰে হলীউদক : কিন্তু অসমীয়া চিনেমাত পোৱা যায় অসমৰ মাটিৰ গোন্ধ (যি গোন্ধ ‘জয়মতী’ৰ সময়ৰেপৰা অসমবাসীৰ নিচেই পৰিচিত) ৷ অৱশ্যে সম্প্ৰতি অসমীয়া ছৱিতো দেখা গৈছে বলীউদমুখী প্ৰৱণতা, যিটো স্বাভাৱিক ; কিন্তু এনে বহু ছৱি ব্যৰ্থ হিচাপে পৰিগণিত হৈ ৰ’ল ৷ গতিকে আমি বিচাৰোঁ, আধুনিকতাৰ আৱেশেৰে অসমীয়া ছৱিৰ উত্তৰণ সন্তোষজনক গতিৰে ঘটক; ইয়াৰ বাবে অনুকৰণৰ প্ৰাসঙ্গিকতা সদায়ে থাকিব যদিও স্বকীয় গৰিমা যাতে ম্লান হৈ নাযায়, তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব লাগিব নিশ্চয় ৷ আৰ্থিক সুনিশ্চয়তা অসমীয়া ছৱিৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে এক প্ৰাথমিক স্বৰ্ত্ত ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰো কৰণীয় বহুত ৷

নানান ঘাত-প্ৰতিঘাতৰ মাজতো যি দুই-এখন অসমীয়া চলচ্চিত্ৰই মুক্তিলাভ কৰে, সেইসমূহ চলচ্চিত্ৰক অসমীয়া ৰাইজে আদৰি লোৱা উচিত ৷ তেতিয়াহে অসমীয়া চলচ্চিত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব পাৰি ৷ নহ’লে বলীউদ আৰু হলীউদৰ ধামখুমীয়াত পৰি আমাৰ আপোন জলীউদ হেৰাই যাব ৷ সেই হেতুকেই আমি ইয়াত ২০১৪ত মুক্তিলাভ কৰিবলগীয়া কেইখনমান অসমীয়া কথাছৱিৰ বিষয়ে চমুকৈ উল্লেখ কৰিবলৈ বিচাৰিছোঁ ৷

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে ২০১৪ বৰ্ষটো উল্লেখযোগ্য বছৰ হৈ ৰ’ব বুলি আশা কৰিব পাৰি ৷ বছৰটোত মুক্তিলাভ কৰিবলগীয়া আটাইতকৈ বেছি গুৰুত্ব লাভ কৰা ছৱি চাৰিখন হৈছে “অজেয়”, “জিলমিল জোনাক”, “ৰ’দৰ চিঠি” আৰু “ৰাগ (Raag- the Rhythm of Love)” ৷ জলীউদে নৱবৰ্ষত যাত্ৰা আৰম্ভ কৰিব স্বনামধন্য পৰিচালক জাহ্নু বৰুৱাৰদ্বাৰা পৰিচালিত ছৱি “অজেয়”-ৰে ৷ যোৱা ২৭ ডিচেম্বৰতে মুক্তিলাভ কৰিবলগীয়া ছৱিখনৰ মুক্তিলাভৰ দিন অহা ৩ জানুৱাৰীলৈ পাছুৱাই দিয়া হয় ৷ ৰূপম চেতিয়া, প্ৰতিভা চৌধুৰী, জুপিতৰা ভূঞা, কপিল বৰা, বিষ্ণু খাৰঘৰীয়া, মুনমি কলিতা, সৌৰভ হাজৰিকা, ৰিম্পী দাস আদি অভিনেতা-অভিনেত্ৰীৰ অভিনয়েৰে সমৃদ্ধ হ’বলগীয়া “অজেয়”-ৰ জৰিয়তেই অসমীয়া কলামোদীয়ে নৱবৰ্ষৰ আমোদ ল’ব পাৰিব বুলি ভবা হৈছে ৷ জানুৱাৰীৰ ১৭ তাৰিখে মুক্তিলাভ কৰিবলগীয়া জলীউদৰ আন এখন ছৱি হৈছে “চিঞৰ” ৷ নতুন ‘কনচেপ্ট’-এৰে নিৰ্মাণ কৰা এই ছৱিখন পৰিচালনা কৰিছে কংকন ৰাজখোৱাই ৷

জানুৱাৰী মাহতেই মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে বাহাৰুল ইছলামৰদ্বাৰা পৰিচালিত বহু প্ৰতীক্ষিত ছৱি “ৰ’দৰ চিঠি”-য়ে ৷ কেইবাবছৰৰ আগৰ “আছেনে কোনোবা হিয়াত” ছৱিখনৰ পাছত, এক ব্যতিক্ৰমী বিষয়ৰ কাব্যিক ৰোমাণ্টিক ছৱি “ৰ’দৰ চিঠি” হৈছে বাহাৰুল ইছলামৰদ্বাৰা পৰিচালিত দ্বিতীয়খন বোলছৱি ৷ প্ৰকৃতিক মূল বিষয়বস্তু হিচাপে গ্ৰহণ কৰা এই বোলছৱিত মাতৃ-পুত্ৰ, স্বামী-স্ত্ৰীৰ জীৱন আৰু সম্পৰ্ক সুন্দৰ ৰূপত প্ৰতিফলিত হ’ব বুলি আশা কৰা হৈছে ৷ এই ছৱিখনৰ মুখ্য আকৰ্ষণ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসমৰ গৌৰৱ আদিল হুছেইন, অসমীয়া ছৱিজগতত এই ছৱিখনেৰেই অভিনয়ৰ অভিষেক ঘটাবলৈ সাজু হোৱা জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ ‘পাপন’ মহন্ত আৰু আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা এই ছৱিখনৰ সঙ্গীত পৰিচালক জুবিন গাৰ্গৰ অভিনয় ৷ ছৱিখন কিমানখিনিলৈকে সফল হয়, সেয়া মাথো সময়েহে ক’ব ৷ “ৰ’দৰ চিঠি”-ৰ মূল অভিনেতা-অভিনেত্ৰীসকল হৈছে আদিল হুছেইন, ভাগীৰথী, জুবিন, পাপন, নাৰায়ণ নাথ, পল্লৱী ফুকন, সমীৰ, কিশামট বানো, বৰ্ষা বাহাৰ, কল্লোল নাথ, প্ৰবীণ শইকীয়া, জিয়া বাহাৰ, তাস্মিন, মমী বৰা আৰু ৰাজু ৰয় ৷

কেইবাগৰাকী তাৰকাক একেলগে দেখা যাব শিৱানন বৰুৱা পৰিচালিত ছৱি “জিলমিল জোনাক”-ত ৷ “হিয়াৰ দাপোনত তোমাৰেই ছৱি”-ৰ পাছত এইখন শিৱানন বৰুৱাৰদ্বাৰা পৰিচালিত দ্বিতীয়খন ছৱি ৷ ছৱিখনৰ মুখ্য আকৰ্ষণ হ’ব যতীন বৰা, নিশিতা গোস্বামী, আকাশদীপ, জুপিতৰা ভূঞা, ৰাগ ঐনিতম আৰু শ্যামন্তিকা শৰ্মাৰ অভিনয় ৷ আকাশদীপ এক নেতিবাচক ভূমিকাত অৱতীৰ্ণ হৈছে ৷ এই চলচ্চিত্ৰখনে অসমীয়া দৰ্শকক চিত্ৰগৃহলৈ ওভোটাই আনিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে, যিয়ে ৰুগীয়া উদ্যোগটোক কিছু পৰিমাণে হ’লেও সঁকাহ দিব পাৰিব ৷ ‘ডেইজী চিনে প্ৰডাকচন’-ৰ বেনাৰৰ আনুমাণিক ৬০ লাখ টকা বাজেটৰ এই কথাছৱিখনৰ প্ৰযোজক হৈছে ডo ডেইজী গগৈ ৷ “জিলমিল জোনাক”-ৰ সঙ্গীত পৰিচালনা কৰিছে মানস ৰবিনে ৷ ছৱিখনৰ আন কিছু বৈশিষ্ট্য হৈছে- গোটেই ছৱিখনৰ বিদেশত (বিশেষকৈ ইংলেণ্ড আৰু থাইলেণ্ডত) কৰা শ্বুটিং, ‘ৰেড এপিক’ কেমেৰাৰ ব্যৱহাৰ আৰু দক্ষিণ ভাৰতৰ জনপ্ৰিয় ‘ফাইট কম্পোজাৰ’ (‘সিংহম’, ‘দাবাং’ আদি ছৱিত সফলতাৰে কাম কৰা) বি. শ্ৰীকান্তৰ ‘একচন ডিৰেকচন্’ ৷

আগন্তুক বৰ্ষৰ আন এখন বহু প্ৰতীক্ষিত বোলছৱি হৈছে “ৰাগ (Raag: the Rhythm of Love)” ৷ ASFFDC (Assam State Film (Finance & Development) Corporation Ltd.) আৰু ‘মন্না ফিল্মছ্’-ৰদ্বাৰা সহ-প্ৰযোজিত, ৰজনী বসুমতাৰীৰদ্বাৰা ৰচিত আৰু পৰিচালিত এই ছৱিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে আদিল হুছেইন, জেৰিফা ৱাহিদ আৰু কপিল বৰাই ৷ হিন্দুস্তানী কণ্ঠশিল্পী, চিত্ৰশিল্পী আদি কৰি কেইটামান চৰিত্ৰৰ জীৱন, বন্ধুত্ব, মানৱীয় আৱেগ-অনুভূতিৰ সুন্দৰ প্ৰকাশ ঘটাৰ সম্ভাৱনা আছে ছৱিখনৰ মাজেৰে ৷ চিত্ৰগ্ৰহণ কৰা হৈছে দিল্লীৰ বিভিন্ন ঠাইত ৷ অৱিনাশ বাঘেলৰ সঙ্গীত পৰিচালনাত পৰম্পৰাগত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত আৰু আধুনিকতাৰ সংমিশ্ৰণ ঘটা গীতসমূহত কণ্ঠ নিগৰাইছে অনিন্দিতা পাল, দীক্ষু, প্ৰজ্ঞান বৰুৱা, দেৱাশিষ পৰাশৰ আৰু মূৰ্চ্চনা বৰকাকতিয়ে ৷ ‘চেঞ্চৰ বোৰ্ড’-ৰদ্বাৰা ‘ইউ’ ছাৰ্টিফিকেট (সকলো শ্ৰেণীৰ লোকে চাব পৰা) লাভ কৰা এই ছৱিখনৰ মুক্তিলাভৰ তাৰিখ অহা ৭ ফেব্ৰুৱাৰী ৷

‘এম.এল. এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত লুইত কুমাৰ বৰ্মনৰদ্বাৰা প্ৰযোজিত আৰু ৰাকেশ শৰ্মাৰদ্বাৰা ৰচিত আৰু পৰিচালিত “অনুৰাধা” বোলছৱিখনে অহা ১৮ এপ্ৰিলত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ মেঘৰঞ্জনী আৰু দিগন্ত হাজৰিকাই মূল চৰিত্ৰ দুটিত অভিনয় কৰা এই ছৱিখনৰ অন্য উল্লেখযোগ্য কুশীলৱসকল হৈছে জয় কাশ্যপ, প্ৰণামী বৰা, উপকূল বৰদলৈ আদি ৷ কাহিনীচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে চেৰাপুঞ্জী, মায়ং, গুৱাহাটী আদি ঠাইত ৷ ছৱিখনৰ সঙ্গীত পৰিচালনা গীত প্ৰিয়মৰ আৰু চিনেমাটোগ্ৰাফী সূৰুয ডেকাৰ ৷ ‘নাটকীয়’ শ্ৰেণীৰ এই ছৱিখন মূলতঃ নাৰী-কেন্দ্ৰিক কাহিনীৰ ওপৰত আধাৰিত আৰু নাম ভূমিকাৰ ‘অনুৰাধা’-ৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৷

নিজৰ অভিনয় দক্ষতাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা অসম সন্তান আদিল হুছেইন অভিনীত মুঠ চাৰিখন অসমীয়া চলচ্চিত্ৰই ২০১৪ বৰ্ষত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে ৷ সেইকেইখন হৈছে “ৰাগ”, “শৃংখল”, “ৰ’দৰ চিঠি” আৰু “লীনাজ্ বিউটী পাৰ্লাৰ” (অতিথি শিল্পীৰূপে) ৷ ডo ভৱেন্দ্ৰনাথ শইকীয়াৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত হোৱা “শৃংখল” ছৱিখন পৰিচালনা কৰিছে প্ৰবীণ হাজৰিকাই ৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰদ্বাৰা সংকলিত ‘বুঢ়ী আইৰ সাধু’-ৰ অন্তৰ্গত চাৰিটা সাধুকথা- ‘তেজীমলা’, ‘চম্পাৱতী’, ‘ঔ কুঁৱৰী’ আৰু ‘তাৱৈয়েকৰ সাধু’-ৰ আধাৰত বিশেষভাৱে নিৰ্মিত হ’বলৈ লোৱা “কথানদী (The River of Fables)” শীৰ্ষক ছৱিখেন ২০১৪ বৰ্ষৰ শেষৰফালে অথবা ২০১৫ চনত মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে ৷ ভাস্কৰ হাজৰিকাৰদ্বাৰা পৰিচালিত আৰু সীমা বিশ্বাস, জেৰিফা ৱাহিদ, কপিল বৰা, আশা বৰদলৈ, জলী লস্কৰ আদিৰদ্বাৰা অভিনীত এই ছৱিখনত নিৰ্বাচিত সাধুকথাকেইটা মানৱীয় আৱেগ-অনুভূতিৰে জীৱন্ত হৈ উঠিব বুলি আশা কৰিব পাৰি ৷

(আমি ইয়াত মাত্ৰ কেইখনমান বোলছৱিৰ বিষয়েহে উল্লেখ কৰিলোঁ ৷ ২০১৪ বৰ্ষত হয়তো জলীউদৰ আন বহুতো ছৱিয়ে মুক্তিলাভ কৰাৰ সম্ভাৱনা আছে, যিবোৰৰ বিষয়ে এই লেখক জ্ঞাত নহয় ৷ গতিকে সদাশয় ৰাইজে মন্তব্যৰ বাকচত তেনে ছৱিৰ বিষয়ে উনুকিয়াই দিলে নথৈ আনন্দিত হ’ম ৷ ইয়াৰপৰা দুটা সুবিধা হ’ব পাৰে : (১) অসমীয়া কথাছৱি সম্পৰ্কে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাব আৰু (২) অসমীয়া কথাছৱিয়ে কেইগৰাকীমান হ’লেও বেছিকৈ দৰ্শক লাভ কৰাৰ সম্ভাৱনা আছে ৷)

বিগত বৰ্ষবোৰৰ অভিজ্ঞতাৰে আগন্তুক বৰ্ষত জলীউদ আৰু কিছুদূৰ আগবাঢ়ি যাওক, আমি তাৰেই কামনা কৰিলোঁ ৷ প্ৰযুক্তিগত আৰু গুণগত দিশত আৰু অধিক উন্নতি সাধন হোৱাটো আশা কৰিব পাৰি ৷ এনে আশা বুকুত সাৱটিয়েই আমি গতি কৰিব লাগিব জলীউদৰ সৈতে ৷ এই ক্ষেত্ৰত আধুনিকতাৰ ভাৱধাৰা আকোঁৱালি ল’বই লাগিব ৷ অসমত প্ৰতিভাৰ অভাৱ নাই : প্ৰয়োজন মাথো তেনে প্ৰতিভাৰ বিকাশৰ বাবে উচিত মঞ্চ, যি মঞ্চৰ অভাৱত অসমৰ বহুতো প্ৰতিভা কালৰ গৰ্ভত হেৰাই গৈছে ৷ চলচ্চিত্ৰ উদ্যোগ প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ এক উপযুক্ত মাধ্যম ৷ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰোত্তৰ প্ৰগতিৰ বাবে চৰকাৰ, কলা-কুশলী, ৰাইজ- সকলোৰে কৰণীয় আছে নিশ্চয় ৷ আটাইৰে ঐকান্তিক প্ৰচেষ্টাতহে অসমীয়া বোলছৱি জগতৰ ‘সোণালী সুদিন’ উভটি অহাটো আশা কৰিব পাৰি ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!