চাইবাৰ অপৰাধ – দেৱজিৎ ভৰালী

ধৰি লওঁক কিছুদিন পূৰ্বে আপুনি আপোনাৰ ব্যক্তিগত কম্পিউটাৰটোত কিছু যাৱতীয় তথা অতি প্ৰয়োজনীয় তথ্য সংৰক্ষণ কৰিছে আৰু কেইদিনমানৰ পাছত সেয়া পুনৰীক্ষণ কৰিবৰ বাবে কম্পিউটাৰটো ’অন’ কৰিছে৷ কম্পিউটাৰটো ঠিক ’অন’ কৰিয়েই আপুনি হঠাৎ লক্ষ্য কৰিছে যে কম্পিউটাৰৰ পৰ্দাত এক অপ্ৰত্যাশিত বাৰ্তা ভাঁহি উঠিছে— “যদিহে আপুনি আপোনাৰ তথ্য পুনৰুদ্ধাৰ কৰিবলৈ বিচাৰিছে তেন্তে তলত দিয়া বেংকৰ ঠিকনাত এক লাখ টকা ততালিকে জমা কৰাওক….., অন্যথা আপোনাৰ সংৰক্ষিত সকলো তথ্য পূৰ্ণৰূপে ধ্বংস হৈ যাব৷ “
চলিত বৰ্ষৰে যোৱা ’মে’ মাহত ঘটা ইণ্টাৰনেট জগতৰ এনে এটা অপ্ৰত্যাশিত ঘটনাই গোটেই বিশ্বতে তোলপাৰ লগাইছিল৷ আৰু ঘটনাটোৰ নামাকৰণ কৰা হৈছিল “ৱানাক্ৰাই ৰেনচমৱেৰ এটেক (Wannacry Ransom ware Attack)৷ এয়া এক উদাহৰণহে৷ এনেধৰণৰ ঘটনা পূৰ্বতেও নঘটা নহয়৷ যিকি নহওঁক, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ঘটি থকা আৰু ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰা এনেধৰণৰ অপ্ৰত্যাশিত ঘটনাৰাজিয়েই হৈছে “চাইবাৰ অপৰাধ বা চাইবাৰ ক্ৰাইম”৷
তলত কিছু বিতংভাৱে তুলি ধৰা হ’ল-
চাইবাৰ অপৰাধ কি অথবা কাক বুজাই বুলি কলে তাৰ সংজ্ঞাৱদ্ধ ৰূপটো এনেধৰণৰ হব –
“ইণ্টাৰনেট আৰু কম্পিউটাৰ মাধ্যমেৰে কোনো অসাধু ব্যক্তি বা অসাধু চক্ৰই উদ্দেশ্যপ্ৰণোদিত ভাৱে জনসাধাৰণৰ অথবা কোনো ব্যক্তিৰ অথবা যিকোনো চৰকাৰী-বেচৰকাৰী সৰু-বৰ প্ৰতিষ্ঠানৰ কোনো অত্যাৱশ্যকীয়, ব্যক্তিগত তথা গোপনীয় তথ্যপাতিৰ বিনাশ ঘটাই অথবা চোৰ কৰি সেই তথ্য পাতিৰ অপব্যৱহাৰ কৰে তথা তাৰ প্ৰকৃত মূল্যমান হ্ৰাস কৰে, তেন্তে সেইধৰণৰ অসাধু কাৰ্যকলাপক চাইবাৰ অপৰাধ (cyber crime) বুলি কোৱা হয়৷ “
সম্প্ৰতি প্ৰযুক্তিবিদ্যাৰ ওপৰতে আমাৰ গতানুগতিক সমাজখন নিৰ্ভৰশীল৷ দৈনন্দিন বিভিন্ন কৰ্মৰাজিত আজিৰ নানান প্ৰযুক্তিসমূহ এনেদৰে অন্তৰ্ভুক্ত হৈ পৰিছে যে ই প্ৰত্যকৰে জীৱনৰ চালিকাশক্তি স্বৰূপ হৈ পৰিছে৷ আজি আমি ম’বাইল ফোনৰ অবিহনে দৈনন্দিন কৰ্মসমূহ কল্পনা কৰিব নোৱাৰোঁ, কম্পিউটাৰৰ ব্যৱহাৰৰ অবিহনে আমাৰ বহুতো যাৱতীয় কাম- কাজ স্থৱিৰ হৈ পৰিব, ইণ্টাৰনেটৰ ব্যৱহাৰ আমাৰ জীৱনৰ পদে পদে আছে৷ মুঠতে কম্পিউটাৰ আৰু ইণ্টাৰনেটে আমাৰ কৰ্মক্ষেত্ৰখনত তথা কৰ্ম কৰাৰ পদ্ধতি সমূহত এক বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে৷ প্ৰায় সকলোবোৰ ক্ষেত্ৰতে এতিয়া ইণ্টাৰনেটৰ বহুল ব্যৱহাৰ হৈছে৷ অনলাইন যোগে টকা পইচাৰ লেন দেন (online transactions), অনলাইন বাৰ্তা যোগান তথা প্ৰেৰণ (online messages, chat etc) ইত্যাদি সকলো ইণ্টাৰনেটৰ মাধ্যমেৰে সম্ভৱ হৈ উঠিছে৷ চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় ইত্যাদি সকলোতে ইণ্টাৰনেটৰ বহুল ব্যৱহাৰ হৈছে৷ বিশ্ব ইণ্টাৰনেট পৰিসংখ্যা (World Internet statistics) মতে চলিত বৰ্ষৰ যোৱা মাৰ্চ মাহলৈকে সমগ্ৰ বিশ্বতে মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় ৩৭৪ কোটি৷ যি গোটেই বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৯.৭%৷ গতিকে ইয়াৰ পৰাই অনুমেয় যে ইণ্টাৰনেটৰ প্ৰচলন আৰু জনপ্ৰিয়তা কিমান৷
এইধৰণেই মানৱ জীৱনৰ সৈতে ইণ্টাৰনেট এক অবিচ্ছেদ্য অংগ হৈ পৰাৰ লগে লগে আৰু সমাজৰ প্ৰায় সকলো স্তৰলৈ ইয়াৰ ব্যৱহাৰৰ প্ৰসাৰ ঘটাৰ যি আধাৰ, সেই আধাৰৰ দ্বাৰাই ইয়াৰ অত্যাধুনিক দিশসমূহৰ অপব্যৱহাৰৰ ধাৰণায়ো মানুহৰ মনত গা কৰি উঠিছে৷ ফলত চাইবাৰ অপৰাধৰ দৰে ব্যাধিৰ জন্ম পাইছে৷ সম্প্ৰতি এই অপৰাধ সমাজৰ এক বৃহৎ ব্যাধিস্বৰূপ৷ নেচনেল ক্ৰাইম ৰেকৰ্ডচ ব্যুৰ’ (National Crime Records Bureau of India) চমুকৈ NCRB ৰ কিছুবছৰৰ পূৰ্বৰ এক সমীক্ষামতে ২০১১ চনত চাইবাৰ অপৰাধৰ হাৰ (IT ACT ৰ অধীনত) ৮৫.৪% বৃদ্ধি পায়৷ গতিকে ইয়াৰ ভয়াৱহতা কিমান সেয়া সহজেই অনুধাৱন কৰিব পাৰি৷
চাইবাৰ অপৰাধৰ ভিন ভিন শ্ৰেণীবিভাজন আৰু তাৰ চমু বিৱৰণ:
চাইবাৰ অপৰাধৰ বিভিন্ন প্ৰয়োগ স্থল তথা প্ৰায়োগিক দিশ সমূহলৈ চাই এইবোৰক বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে৷
যেনে –
১/ চাইবাৰ সন্ত্ৰাস (Cyber terrorism),
২/ ঠগ আৰু বিত্ত সংক্ৰান্তীয় অপৰাধ (Fraud & Financial Crimes),
৩/ অনলাইন হেকিং যোগে অৰ্থ দাবী (Cyber extortion),
৪/ কম্পিউটাৰ সংক্ৰান্তীয় (Computer oriented/ computer used as a tool),
৫/ অসংযত দৃশ্য তথা প্ৰচাৰ (obscene contents/ pornography)
সকলোখিনিৰে থূলমূল আভাস এটা তুলি ধৰা হ’ল:

১) চাইবাৰ সন্ত্ৰাস (Cyber terrotism): – উগ্ৰপন্থী সকলৰদ্বাৰা সংঘটিত বোমা বিস্ফোৰণ জাতীয় ভয়ংকৰ অসামাজিক তথা অমানবীয় কাৰ্যত যেতিয়া কম্পিউটাৰ আৰু ইণ্টাৰনেটক মাধ্যম হিচাবে ব্যৱহাৰ কৰা হয় তেতিয়াই এই সমগ্ৰ প্ৰক্ৰিয়াটোক চাইবাৰ সন্ত্ৰাস হিচাবে জনা যায়৷ ই এক ভয়াৱহ চাইবাৰ অপৰাধ৷
২) ঠগ আৰু অৰ্থ সংক্ৰান্তীয় অপৰাধ (Fraud and Financial Crimes): – উদ্দেশ্যপ্ৰণোদিত ভাৱে কোনোবা অসাধু ব্যক্তিয়ে বা তেনে কোনো ব্যক্তিৰ দলে কাৰোবাৰ অথবা কোনোবা প্ৰতিষ্ঠান আদিৰ গোপনীয় তথা অত্যাৱশ্যকীয় তথ্যপাতি নষ্ট কৰা তথা অনলাইন যোগে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ, ব্যক্তিৰ অৰ্থ চোৰ কৰাৰ দৰে অপৰাধ সমূহ এই শ্ৰেণীৰ চাইবাৰ অপৰাধৰ ভিতৰত পৰে৷
৩) অনলাইন হেকিঙৰ যোগেদি অৰ্থদাবী (Cyber extortion): – এই লেখাৰ আৰম্ভণিতে উল্লেখ কৰা উদাহৰণটো এই শ্ৰেণীৰ অপৰাধৰ অন্তৰ্ভুক্ত৷ অৰ্থাৎ ব্যক্তি অথবা প্ৰতিষ্ঠানৰ কোনো গোপনীয় তথ্য চোৰ কৰি অৰ্থ দাবী তথা দাবী নামানিলে তথ্য নষ্ট কৰাৰ ভাবুকি প্ৰদান কৰা কাৰ্যক চাইবাৰ এক্সট’ৰ্চন বুলি কোৱা হয়৷
৪) কম্পিউটাৰ সংক্ৰান্তীয় (Computer oriented / computer used as a tool): – এই ধৰণৰ অপৰাধ সমূহত কেৱল কম্পিউটাৰ সমূহক লক্ষ্য হিচাবে লোৱা হয় সেইবোৰক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়৷ ইণ্টাৰনেটৰ জৰিয়তে কম্পিউটাৰত ভাইৰাছৰ আক্ৰমণ, তথ্যনষ্ট ইত্যাদি সমূহৰ প্ৰয়োগ কৰা হয়৷
৫) অসংযত দৃশ্য অথবা পৰ্ণগ্ৰাফী (Obscene content circulation or pornography): – বিভিন্ন কৌশলযুক্ত পদ্ধতিৰে অসংযত, পৰ্ণগ্ৰাফী দৃশ্যসমূহৰ ইণ্টাৰনেটৰ যোগেদি কম্পিউটাৰত উপলব্ধ কৰাই ইয়াৰ অপপ্ৰচাৰ চলোৱা হয় তথা ইয়াৰ দ্বাৰা জনমানসত উদ্ভত মানসিকতাৰ পোষণ কৰাৰ অপচেষ্টা কৰা হয়৷ যি এক ভয়াৱহ অপৰাধৰ গণ্ডীত পৰে৷
মুঠতে, ওপৰোক্ত বিভিন্ন অসামাজিক দিশসমূহ সামৰি এই চাইবাৰ অপৰাধৰ মাত্ৰা দিনে দিনে বাঢ়িবলৈ ধৰিছে৷ কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ প্ৰয়োজনীয়তা তথা জনপ্ৰিয়তাই এই অপৰাধ আৰু অধিক ঘনীভূত কৰি তুলিছে৷ এতিয়া কেৱল কম্পিউটাৰৰ মাজতে এই অপৰাধ সীমাৱদ্ধ নাথাকি ম’বাইল ফোন, বিশেষকৈ স্মাৰ্টফোনৰ মাধ্যমলৈও বিয়পি পৰিছে৷ কাৰণ এই স্মাৰ্টফোন সমূহো অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা সচ্ছল আৰু ইয়াৰ ব্যৱহাৰিক মঞ্চখন (platform) কম্পিউটাৰৰ ব্যৱহাৰিক মঞ্চখনৰ সৈতে একেই৷
অৱশ্যে এই অপৰাধৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগতে বিভিন্ন সচেতন মহল তথা কাৰিকৰী বিভাগসমূহ ইয়াৰ পৰা হাত সৰাৰ ন ন উপায় উদ্ভাৱন কৰাত যত্নপৰ হৈ পৰিছে ৷ আৰু এইক্ষেত্ৰত কিছু পৰিমাণে কৃতকাৰ্যতাও লাভ কৰিছে৷ এই অপৰাধৰ বাবে বিহিত আইন আছে৷ কিন্তু সেয়া বহুসময়ত আঁৰ পৰি ৰৈছে৷
গতিকে এই ব্যাধিৰ পৰা হাত সাৰিবলৈ কেতবোৰ সচেতন আৰু শুদ্ধ প্ৰণালী অনুসৰণ কৰি আমি আমাৰ ব্যক্তিগত কম্পিউটাৰ বা তাত সংৰক্ষিত তথ্য পাতি সমূহক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰা উচিত৷
তাৰ বিষয়ে তলত কিছু আলোকপাত কৰা হ’ল –
চাইবাৰ অপৰাধজনিত কুকাৰ্য সমূহৰ পৰা ৰক্ষা পাবৰ বাবে কেতবোৰ চাইবাৰ নীতি (netiquette) মানি চলাতো আৱশ্যক৷ তাৰ ফলত এই অপৰাধৰ চিকাৰ হোৱাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷
আন্তঃগাঁথনিৰ আধুনিকীকৰণ (Constant software up gradation): – ব্যৱহৃত কম্পিউটাৰটোৰ আন্তঃগঠন বা চফটৱেৰ নিয়মীতভাৱে আধুনিকীকৰণ (updating) কৰাৰ প্ৰয়াস কৰিব লাগে৷
আন্তঃগাঁথনি বিন্যাসৰ সুৰক্ষাৰ নিশ্চয়তা (Surety towards secure configuration of computer): – নতুনকৈ কম্পিউটাৰ ক্ৰয় কৰাৰ সময়ত তাৰ গুণাগুণ আৰু সুৰক্ষাৰ দিশটো ভালদৰে পৰীক্ষা কৰি আৰু তাৰ যাৱতীয় ব্যৱস্থা বিশ্লেষণ কৰি সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চিতি লব লাগে৷ ইয়াৰোপৰি তাত ইণ্টাৰনেটৰ ব্যৱস্থা কৰাৰ সময়ত যাতে অপ্ৰত্যাশিত কোনোধৰণৰ চাইবাৰ উপসৰ্গৰ (কম্পিউটাৰ ভাইৰাছ জাতীয়) আক্ৰমণ নঘটে তালৈ লক্ষ্য ৰাখিব লাগে৷
শক্তিশালী পাছৱৰ্ডৰ ব্যৱহাৰ (Strong password for safety): – কম্পিউটাৰত যিকোনো অনলাইন একাউণ্ট পঞ্জীয়ন কৰালে তাত ব্যৱহৃত পাছৱৰ্ডটো শক্তিশালী হোৱাটো অতি জৰুৰী৷ পৰাপক্ষত সেই পাছৱৰ্ড প্ৰতি তিনিমাহৰ মূৰে মূৰে সলনি কৰিব লাগে৷
চাইবাৰ সুৰক্ষাজনিত চফটৱেৰ (Cyber security software): – চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰি কম্পিউটাৰটো সুস্থ কৰি ৰাখিবলৈ চাইবাৰ সুৰক্ষাজনিত চফটৱেৰ (ফায়াৰৱাল, এণ্টিভাইৰাছ চফটৱেৰ) ব্যৱহাৰ বাঞ্ছনীয়৷ বজাৰত এই সমূহ উপলব্ধ৷ ভাল আৰু উন্নত মানদণ্ডৰ চফটৱেৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন৷
ব্যক্তিগত তথ্যৰ ৰক্ষণাবেক্ষণ (Protection of personal information): – কোনো ব্যক্তিগত তথ্য যেনে – নাম, ঠিকনা, বয়স, ফোন নম্বৰ, বেংক একাউণ্টৰ তথ্য ইত্যাদিসমূহ কম্পিউটাৰ মাধ্যমেৰে ইণ্টাৰনেটত অংশিদাৰীত্ব কৰিবলগীয়া হ’লে সাৱধান হোৱাটো প্ৰয়োজন৷ তথ্য অংশীদাৰ কৰিবলৈ বিচৰা ৱেবচাইটটোৰ গুণাগুণ তথা সেইটো কি ধৰণৰ সংস্থা বা প্ৰতিষ্ঠানৰ হয় সেয়া সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাটো অতি প্ৰয়োজন৷ ইয়াৰোপৰি অনলাইন যোগে পোৱা সকলো ধৰণৰ লোভনীয় বিজ্ঞাপন, কোনো পণ্য সামগ্ৰীৰ অদ্ভুত ধৰণৰ ৰেহাই মূল্যৰ বাৰ্তা সমূহত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাই ভাল৷ কৰিলেও সেয়া পৰীক্ষা কৰি লোৱাটো আৱশ্যক৷
উল্লেখ্য এই সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰি আমি চাইবাৰ আক্ৰমণৰ পৰা হাত সৰাৰ লগতে আৰু চাইবাৰ অপৰাধৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যায়৷ কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি পদে পদে সচেতন হোৱাটো অতি প্ৰয়োজন, বিশেষকৈ ইণ্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত৷ ইয়াৰোপৰি কিছু কিছু কথা পৃথকভাৱে চিন্তা কৰাটোও উচিত যথা – ইণ্টাৰনেট জগতৰ কথা বাদ দিও আমি ব্যৱহাৰ কৰা ব্যক্তিগত/ ৰাজহুৱা কম্পিউটাৰ সমূহ কিমান পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰোঁ সেয়াও চিন্তা কৰি চোৱা উচিত৷ কিছু সৰু সৰু কথা যেনে: –
প্ৰতি সপ্তাহে পষেকে আমি কম্পিউটাৰৰ disk defregmentation অৰ্থাৎ কম্পিউটাৰৰ স্মৃতি শক্তিৰ পৰিশোধন কৰা, অলাগতিয়াল ভাৱে জমা হোৱা বিভিন্ন file যেনে apk file, temp file ইত্যাদি সমূহ নিয়মিত ভাৱে আঁতৰোৱা, কম্পিউটাৰ পদ্ধতিগত ভাৱে সক্ৰিয় অথবা নিষ্ক্ৰিয় (অন / অফ) কৰা কথাসমূহত আমি সচেতন ভাৱে চিন্তা কৰি চোৱাটো ভাল৷ শুদ্ধ পৰিচালনাই কম্পিউটাৰৰ আন্তঃগাঁথনি সক্ৰিয় আৰু সক্ষম কৰি ৰাখে আৰু ফলত যিকোনো চাইবাৰজনিত আক্ৰমণৰ পৰা আঁতৰি থাকিব পাৰি৷
তদুপৰি দেশৰ আইন ব্যৱস্থাত তথ্যপ্ৰযুক্তি আইন অন্তৰ্ভুক্ত আছে৷ শেহতীয়া ভাৱে যোৱা ২০০০ চনত পৰিশোধিত এই আইনখন ২০০৬ চনত সদনৰ লোকসভাত আৰু ২০০৮ বৰ্ষত ৰাজ্যসভাত গৃহীত হয়৷ (ৰাইজৰ সুবিধাৰ্থে আইনখনৰ এটি অনলাইন পাণ্ডুলিপিৰ লিংক এই লেখাৰ স’তে তুলি দিয়া হ’ল– http://www.meity.gov.in/writereaddata/files/it_amendment_act2008%20%281%29_0.pdf)
গতিকে সমগ্ৰ আলোচনাৰ অন্তত এটা কথাই আমি থিৰাং কৰা উচিত যে, আমাৰ যথোপযুক্ত জ্ঞান, সচেতনতা, শুদ্ধ পৰিচালনাই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখন নিকা কৰি ৰাখিব তথা চাইবাৰ অপৰাধ আৰু অপৰাধীৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক হব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!