চাধা পুৰাণ-২ – বিড়িকাণ্ড (ৰিদিপ কুমাৰ নাথ)

গ’হাটীৰপৰা আহি মোৰ টেন্‌‌চনত দিন যায়,
হায় মোৰ ফাটা ক’পাল তিৰিটুয়ো চাধা খায় !
ঘৰ পায়েই দ’গ্‌‌ৰি তাইক দাইবোবা ধোল্লু,
কাণৰ হাইৰা ফাটে দিও মানোবাহে নোল্লু ।
উপায় নাপে ভাবি চিন্তি অ’ফাৰ এটা দিলু,
শুনছুন মোৰ আদেৰি মাই, ইলু(I.L.U.) বুলিও ক’লু ।
গ’ল্লা এটা আনি দিম ত’ই চাধা বাদ দিলি,
ভাগে-পিতে খাম দে আমি দোটাই মিলি ।
তাই বুলে ইংকে নোহোই গোটেটু দিবা লাগ্‌‌বো,
তিত্তেহে বুলে তিৰিটুই চাধা খাবা এৰ্‌‌বো ।
মোই বুলু হোবোদে চেক্ৰিফাইজ কোৰিম,
সমাজে গম পালিহে নাক্‌‌টু উইলোবা নোৰিম ।
হ’লিও যি লাষ্টত তাই বাদ দিবো বুলি ক’লাক,
মনটু মোৰ নাউংমেন হ’লিও ৰঞ্জিত ৰঞ্জিত কল্লাক ।
মনে মনে বাৰীৰ দিখি যাই বিড়ি টান্‌বা মন গেল,
তুলিৰ তলত লুকে থং বিড়ি, আদেৰিক বানোং বেল ।
তুলিখেন দাঙি দিয়ে মোৰ টেমা চুতি গেল,
বিড়ী-চিড়ী একো নাই দুখুন মুখখেন খালাক মেল ।
মোৰ বিচ্‌‌না লাচ্চিলি নিকি বুলি আদেৰিক সুধ্বা গেলু,
পেটট্‌টুয়ো প্ৰ’ব্লেম দি আছে হৈছি হান পাং ফিটা পেলু ।
সুধাৰ আগতে গম পালু তাইৰ চকুত কিবা পোচ্চি,
পোকা বুলি ভাবি তাই মোক উইলবা খাটিৰ ধোচ্চি ।
পোকাটু উইলং বুলি তাইৰ মুখখেন ওচ্‌ৰত আন্‌লু,
ভেকাচ্‌ কে ভাঁহি আইছি, বিড়িৰ গোন্ধ পালু ।
মোই বুলু সৰ্বনাশ বিড়িতো ধোচ্চি দুখুন,
চকুইদি নামি আইহ্‌লাক একজাক বৰখুন ।

(পাঠশালাৰ পিনৰ কথিত ভাষাত লিখা)

(শব্দাৰ্থ:- গ’হাটী=গুৱাহাটী, টিৰিটু=পত্নী গৰাকী, দ’গ্‌ৰি=বহুত, দাইবোবা ধোল্লু=গালি পাৰিবলৈ ধৰিলোঁ, কাণৰ হাইৰা= কাণৰ পৰ্দা, নোল্লু=নোৱাৰিলোঁ, নাপে=নাপায়, দিলু=দিলোঁ, শুনছুন্=শুনছোন, ক’লু=ক’লোঁ, দিলি=দিলে, ইংকে=এনেকৈ, নোহোই=নহ’ব, গোটেটু=গোটেইটো, লাগ্‌‌বো=লাগিব, এৰ্‌বো=এৰিব, তিত্তেহে=তেতিয়াহে, মোই=মই, হোবোদে=হ’ব দে, কোৰিম=কৰিম, নাকটু উইলোবা=নাক উলিয়াব, নোৰিম=নোৱাৰিম, হ’লিও যি=যিয়েই নহওঁক, দিবো=দিব, ক’লাক=ক’লে, নাউংমেন=অকণমান, কল্লাক=কৰিলে, দিখি=পিনে, যাই=গৈ, টান্‌বা=টানিবলৈ, গেল=গ’ল, লুকে থং=লুকাই থওঁ, বানোং=বনাওঁ, তুলিখেন=তুলিখন,দুখুন=দেখোন, মুখখেন খালাক মেল=মুখ মেল খালে, লাচ্চিলি=লাৰিছিলি, সুধ্বা=সুধিব, পেটট্‌টুয়ো=পেটটোৱেও, হৈছি হান পাং=হৈছে যেন পাওঁ, পচ্চি=পৰিছে, পোকা=পোক, উইলবা খাটিৰ ধোচ্চি=উলিয়াই দিবলৈ খাটনি ধৰিছে, উইলং=উলিয়াই দিওঁ, মুখখেন ওচ্‌ৰত আন্‌লু=মুখখন ওচৰলৈ আনিলোঁ, আইছি=আহিছে, পালু=পালোঁ, বিড়ীতো ধোচ্চি দুখুন=বিড়ীও হুপিবলৈ লৈছে দেখোন, আইহ্‌লাক একজাক বৰখুন=আহিল এজাক বৰষুণ)

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!