চিকিৎসা বিজ্ঞানৰ ইটো-সিটো – ৩ (-গীতাৰ্থ বৰদলৈ)

# ভাৰতীয় চিকিত্সা বিজ্ঞান পৰিষদে MBBS ডিগ্ৰীৰ বাবে পঢ়িব লগীয়া সময় চাৰে পাঁচ বছৰৰ পৰা চাৰে ছয় বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। বৰ্তমান ডিগ্ৰী লাভ কৰাৰ পিছত এবছৰ বাধ্যতামূলক গ্ৰাম্যাঞ্চলত সেৱা আগবঢ়োৱা নিয়ম ভাৰতৰ কোনো কোনো ৰাজ্যত প্ৰচলিত যদিও এই নতুন প্ৰস্তাৱ কাৰ্যকৰী হ’লে পূৰ্বৰ সময়ৰ লগত গ্ৰাম্যাঞ্চলত এবছৰ সেৱা আগবঢ়ালেহে ছাত্ৰসকলে ডিগ্ৰী লাভ কৰিব। এই অতিৰিক্ত এবছৰীয়া সেৱা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযানৰ লগত সংযুক্ত কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গুলাম নবী আজাদে এই প্ৰস্তাৱৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে।

# হায়দৰাবাদৰ এলা ফাউণ্ডেশ্যনে বৰ্তমান প্ৰচলিত অৰেল প’লিঅ’ভাইৰাছ ভেক্‌চিন (OPV)ৰ সলনি প’লিঅ’ ভাইৰাছৰ বিৰুদ্ধে কাম কৰিব পৰা এবিধ ভাইৰাছ সৃষ্টি কৰিবৰ বাবে বিল আৰু মেলিণ্ডা গে’ট্‌ছ ফাউণ্ডেশ্যনৰ পৰা ১,০০,০০০ আমেৰিকান ডলাৰৰ অনুদান লাভ কৰিছে। এই প্ৰতিষেধকে পৰম্পৰাগত OPVৰ সুৰক্ষা, দক্ষতা, প্ৰস্তুতকৰণ, বিতৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে প’লিঅ’ ভেক্‌চিন বেজীৰ পৰা হ’ব পৰা ৰোগ এৰাই চলিব বুলি আশা কৰা হৈছে। ২০০২ চনত কৃষ্ণা এলা আৰু সুচিত্ৰা এলাই স্থাপন কৰা এই ফাউণ্ডেশ্যন এটা স্বতন্ত্ৰ বৈজ্ঞানিক আৰু গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ গৱেষণা কৰ্মত সংক্ৰামণ ৰোগসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

# ভাৰতীয় মূলৰ এজন গৱেষকে ধৰি কেইজনমান বিজ্ঞানীয়ে সাগৰতলীত ৰঙচুৱা বোকাৰ এটা স্তৰ খান্দি ৮৬ বছৰ ধৰি খাদ্য গ্ৰহণ নকৰা এবিধ পুৰণি বেক্টেৰিয়া আৱিষ্কাৰ কৰিছে। এই অধ্যয়নৰ ফলাফল চাইন্স জাৰ্ণালত প্ৰকাশ পাইছে। প্ৰশান্ত মহাসাগৰৰ তলীৰ এই অঞ্চলটোত প্ৰায় একো বস্তুৱেই গৈ নাপায়; যেনে প্লাংটনবোৰ মৰাৰ পিছত সেইবোৰৰ টুকুৰা ইমান তলত গৈ পোৱাৰ আগতেই পানীত মিহলি হৈ যায়। সাগৰতলীৰ এই অঞ্চলত প্ৰতি ১০০০ বছৰৰ ১ মিলিমিটাৰ গেদ জমা হয়! বিজ্ঞানীসকলে ৮৬ ফুট তলী খন্দাৰ পিছত এই বেক্টেৰিয়া আৱিষ্কাৰ কৰে। তেওঁলোকে দীৰ্ঘসময় অক্সিজেন আৰু পুষ্টি লাভ নকৰা এই বেক্টেৰিয়াবিধৰ বিপাক প্ৰক্ৰিয়া জীৱসমূহৰ ভিতৰত সকলোতকৈ লেহেমীয়া হ’ব পাৰে বুলি মত প্ৰকাশ কৰিছে।

# এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা দলে মাৰাত্মক ফ্লু মহামাৰীক মোকামিলা কৰিব পৰা এবিধ প্ৰ’টিন প্ৰস্তুত কৰি উলিয়াইছে। এই প্ৰণালীত কৃত্ৰিম জিন কিছুমানক এণ্টিভাইৰেল হিচাপে ব্যৱহাৰ কৰা হয় যি ভাইৰাছবিধৰ কোষীয় কাৰ্যসমূহ নিষ্ক্ৰিয় কৰি পেলায়। এই পদ্ধতি ইতিমধ্যে গাহৰি ফ্লু, স্পেনিছ ফ্লু (H1N1) আৰু পক্ষী ফ্লু (H5N1) ভাইৰাছৰ বিৰুদ্ধে কাৰ্যকৰী প্ৰমাণিত হৈছে। ডি এন এ ডীপ ছিকুৱেন্সিং প্ৰক্ৰিয়াৰে উন্নত কৰা এই প্ৰ’টিনবোৰে ভাইৰাছৰ ভেদ্য ঠাইবোৰত আঘাত হানিব পাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!