চিঠি (ইন্দ্ৰনীল গায়ন)

প্ৰতি
সন্মানীয়
অ-ক-ব’ ৰ সদস্য বৃন্দ
বিষয়:-ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত ১৭ জানুৱাৰী শিল্পী দিৱস উপলক্ষে।
অসমৰ কলা- সংস্কৃতিৰ পথাৰৰ, অসমীয়াসকলৰ প্ৰতিজ্ঞা, উদ্যম, মনোবল, সাহস, বীৰত্বৰ এখন প্ৰকৃত জাতীয় ছবি চিত্ৰিত কৰা অসমীয়া সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এটি প্ৰাতঃস্মৰণীয় নাম, তেওঁৰ প্ৰতিভা বহুমুখী। তেওঁ একেধাৰে সাহিত্যিক, শিল্পী, সংগীতজ্ঞ, অভিনেতা, চিত্ৰকাৰ, বিপ্লৱী, আৰু চিত্ৰ-প্ৰযোজক।
জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এজন সৃষ্টিশীল সাহিত্য সেৱক। ১৪ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ভিতৰতে প্ৰথমে ৰচনা কৰা ” শোণিত-কুঁৱৰী ” তেওঁৰ সাহিত্য সৃষ্টিত প্ৰথম প্ৰয়াস। আনহাতে এই নাটকত তেওঁ অসমীয়া থলুৱা গীতৰ সুৰৰ গীত সংযোজন কৰি এক নতুন আশাৰ সঞ্চাৰ কৰিছিল। এই নাটকখন তেওঁৰ ১৯২৫ চনত প্ৰকাশ হয়।
মধ্যযুগৰ কাহিনীৰে ৰোমাণ্টিক আদৰ্শৰে ৰচনা কৰা ” কাৰেঙৰ লিগিৰী” তেওঁৰ দ্বিতীয় নাটক। এই নাটকখন অকল জ্যোতিপ্ৰসাদৰেই নহয়, অসমীয়া নাট্য-সাহিত্যৰ এখন শ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।
১৯৪২ চনৰ পটভূমিত ৰচিত তেওঁৰ তৃতীয় নাটক হৈছে “লভিতা”। এই নাটকত তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কাহিনী সন্নিৱিষ্ট হোৱা যেন অনুভৱ হয়। জনজাতীয় পটভূমিত ৰচিত “ৰূপালীম” তেওঁৰ চতুৰ্থ নাটক। এই নাটকতো তেওঁৰ সুন্দৰ ৰীতিৰ প্ৰকাশ ঘটিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই “নিমাতী কন্যা” নামেৰে এখনি প্ৰতীক ধৰ্মী নাটক ৰচনা কৰিছিল। তেওঁ কণ- কণ শিশুসকলৰ কাৰণে “সোণ পখিলী” নামেৰে এখন নাটক ৰচনা কৰিছিল কিন্তু সেইখন সম্পূৰ্ণ হোৱা নাছিল। পাছত সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সেই নাটকখন
সম্পূৰ্ণ কৰি তোলে।
অসমীয়া নাটৰ ইতিহাসলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই এক নতুন গতি আনি দিছিল। এইদৰেই প্ৰতিখন নাটকতে তেওঁ নতুনত্বৰ সোৱাদ দিছিল। “শোণিত কুঁৱৰী” নাটকখন যদিও পুৰণা কাহিনীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল, তাতো তেওঁ নতুনত্ব দি নাটকখন সুন্দৰ কৰি তুলিছিল।
শেষত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত ৰচনা কৰা কবিতাৰেই তেখেতলৈ শ্ৰদ্ধা নিবেদিলোঁ-
জ্যোতি
অসমৰ জ্যোতি
ভাৰতৰে জ্যোতি
পৃথিৱীৰ ৰূপো দীপ্ত সমুজ্বল জ্যোতি
জ্যোতিদেউলত
জ্ঞানৰ উদয় আঁচলত
নৱ নৱ ধ্যান ধাৰণাৰে
জ্ঞান সাধনাৰে
লভিলা প্ৰথমে তুমি ৰূপৰ পৰশমণি,
জ্যোতিপ্ৰসাদ,
কৰিলা বিদূৰ এই পৃথিৱীৰ
যত মানে জীৰ্ণ অৱসাদ।
ইতি,
আপোনালোকৰ
ইন্দ্ৰনীল গায়ন
১৭/১/২০১৩

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!