চিনাকি মনৰ অচিনাকি সুৰ – মল্লিকা শৰ্মা বৰদলৈ

তাই বৰশীৰ চিপটো মুঠি মাৰি ধৰি টোপটো পানীত লাহেকৈ এৰি দিলে৷ পুঙাটো অলপকৈ লৰি উঠিল৷ সি তাইলৈ দূৰৰ পৰাই চাই আছে৷ তাই আঠুত পৰা ফ্ৰকটো পিন্ধিলে তাৰ খং উঠি আহে৷ ইমান ভাল দেখি এই ৰংটোৰে৷ ৰাস্তাৰ মানুহবোৰে ঘূৰি ঘূৰি চাই তাইক৷

“আজি বা কিহৰ টোপ আনিছে সেইজনীয়ে, কেঁচুলৈ দেখোন ইমান ভয় কৰে৷ যি কৰে কৰক, নমতা মানুহৰ কথা ভাবিবলৈ কিহৰ গৰজ, এনেয়ো সেইজনীক দেখিব মন নাযায় “, -মুখৰ ভিতৰতে ভোৰভোৰাই, টোপ নলগোৱা বৰশীটো আকৌ এবাৰ পানীত এৰি দিলে সি৷
তিনিদিন ধৰি সিহঁতৰ মাতবোল নাই৷ তাই অহাৰপৰা এবাৰো তাৰফালে চোৱা নাই৷ সি নাচাও বুলিলেও চকুকেইটা বাৰে বাৰে তাইৰ ফালেহে যায়৷ বৰশীত লগা মাছটোতকৈও বেছি চটফটাই উঠে সি৷ হ’ল বুলিনো এবাৰো চাব নোৱাৰেনে তাৰফালে….
“তাক এবাৰ মাছভৰ্ত্তি খালৈটো দেখুৱাই জ্বলাব পৰা হ’লে ভাল আছিল৷ বুৰ্বকটোৱে বা ইমানদেৰি কি ধৰিলে“ – তাই মনতে ভাবে
তাইৰ বৰশীত এটাৰ পিছত এটা মাছ লাগিয়েই আছে৷ বৰশীটো আগুৱাই দিয়াৰ চলেৰে তাই তাৰ কাষচাপি গৈ থাকিল৷ তাৰ খালৈত একো এটাই নাই৷ সি যেন নিৰ্লিপ্ত৷ যেন ইমান কাষতে থকা তাইৰ উপস্থিতিও অনুভৱ কৰা নাই৷ সি তাইৰফালে নোচোৱাৰ ভাওঁ জুৰি থকাৰ সময়তে তাই এমুঠি মাছ তাৰ খালৈত ভৰাই থৈ আঁতৰি গ’ল …..৷
দেখিবলৈ মন নোযোৱা ছোৱালীজনী নেদেখা হোৱালৈকে সি মাথো একেথৰে চাই ৰ’ল…৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!