চিলেবাছ-ভাস্কৰজ্যোতি বৰা

বন্ধু মোৰ দুৰ্দান্ত প্ৰেমিক৷ হাইস্কুলৰ দিনতে হাত কাটি চাৰিজনী মানৰ নাম লিখাৰ ৰেকৰ্ড আছে৷ মই বন্ধুৰ সম্পূৰ্ণ ওলোটা৷ বন্ধুৰ কাহিনীয়ে কাহিনী৷ মোৰ কাহিনী নাই৷ কিন্তু বন্ধুৰ কাহিনীবোৰৰ মই চাপ’ৰ্টিং ৰোল৷ হায়াৰ চেকেণ্ডাৰি চেকেণ্ড ইয়েৰত পঢ়ি আছো৷ কলেজ পাই বন্ধুও পাক্কা প্ৰেমিক হৈ পৰিল৷ ইতিমধ্যে হিয়া ভঙা পতাৰ কাহিনী পাঁচটা মান হ’লেই কলেজত বন্ধুৰ৷ মোৰ ৰোল একেই, চাপ’ৰ্টিং৷ ষষ্ঠটোৱে অলপ গণ্ডগোল লগালে৷ আমি কেইটামান ল’ৰাই ইংৰাজীৰ টিউচন কৰিছিলো ঘৰৰ পৰা তিনি কিল’মিটাৰ মান আঁতৰৰ ছাৰ এজনৰ ওচৰত৷ সপ্তাহত তিনি দিন চাইকেল লৈ অহা যোৱা৷ আমাৰ ঘৰৰ ফালৰ পৰা বন্ধু, মই আৰু পাঁচটা মান যাওঁ৷ অলপ দিন ঠিকে ঠাকে অহা যোৱা কৰি আছো৷ কিন্তু অথন্তৰ যেতিয়া ঘটিব লাগে ঘটিবই৷ অলপ দিন যোৱাৰ পিছত ৰাস্তাত আহোতে স্কুলীয়া কেইজনীমান টিউচন কৰি অহা ছোৱালী লগ পাবলৈ ল’লো৷ আমাৰ প্ৰেমিক হিৰ’ৰ প্ৰেমে আকৌ সাৰ পালে৷ পূৰণি সকলো তল পৰিল৷ ছোৱালীৰ দলটোৰ আটাইতকৈ জাকত জিলিকা জনীকে ভাল লাগিল বন্ধুৰ৷ এতিয়া গোটেই দিনটো বন্ধুৰ মুখত টিউচনৰে কাহিনী৷ মই নীৰৱ শ্ৰোতা৷ দুই এটা উপদেশ দিও মাজে মাজে৷ টিউচন নথকা দিন কেইটা বন্ধুৰ বাবে বৰ যাতনাৰ দিন হৈ পৰিল৷ যি কি নহওক দিন বাগৰিল, বন্ধুৰো উচপিচনি বাঢ়িল৷ টিউচনো শেষ হও হও৷ বন্ধুৱে চিলেবাছ খনকে দুষিলে চুটি বুলি৷ অৱশেষত লগৰ কেইটাৰ উচটনি আৰু মোৰ সাহসত বন্ধুৱে এদিন ছোৱালীজনীক ৰাস্তাতে আগছি ধৰি মনৰ কথা ক’লে৷ এনেও বন্ধুৰ বাবে এইবোৰ নতুন কথা নহয়৷ গতিকে ইম্প্ৰেচন ভালেই পৰিছে বুলি আমি আটায়ে আশা কৰিলো৷ বন্ধু নিশ্চিত ৰিজাল্ট পজিটিভ হ’ব৷ সেইদিনা আবেলিৰ পৰা সন্ধিয়াটো মই বন্ধুৰ নামতে উৎসৰ্গা কৰিলো৷ ডিচকাছন ইন ডিটেইলছ৷ পিছৰ দিনাৰ টিউচনলৈ অধীৰ অপেক্ষা৷ কিবা এটা কাৰণত মই যাব নোৱাৰিলো সেইদিনা৷ আমাৰ হিৰ’ইন আহিল৷ কিন্তু পিছে পিছে ককায়েকো আহিল৷ ককায়েক মানে বাইচেপ টাইচেপৰ চিনাকি থকা ককায়েক৷ আমাৰ হিৰ’ৰ লগতে বাকী চাপ’ৰ্টিং ৰোলৰ সকলেও চিনিবই নোৱাৰিলে৷ পিছৰ কাহিনী গতানুগতিক৷ বন্ধুৱে মোক পিছত দিয়া স্বীকাৰোক্তি মতে ঘটনা কাণত ধৰা পৰ্যন্ত আগবাঢ়িছিল৷ ছাৰৰ কাণতো কথাবোৰ পৰিলগৈ৷ গতিকে আমাৰ চিলেবাছো সিমানতে অন্ত পৰিল৷ ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!