চুলাই পুৰাণ (লোকপুৰাণ)

চুলাই পুৰাণ (লোকপুৰাণ)

চুলাই পুৰাণ একপ্রকাৰৰ লোক পুৰাণ, যিটো অসমীয়া কথা বতৰাৰ ৰসিকবৃন্দই সামূহিক ভাবে প্রণয়ন কৰিছে। নহয়, এয়া কোনো আনুষ্ঠানিক ঘোষণা নহয়। এই চুলাই পুৰাণ কেতিয়াবা মাথোঁ নির্ভেজাল ৰসৰ উৎস, কেতিয়াবা ৰাজনৈতিক আৰু সামাজিক কটাক্ষ। কেতিয়াবা খন্দিত পদ্য, কেতিয়াবা কথাৰ কটা-কটি। বেজবৰুৱাই ক’বৰ দিনৰে পৰাই আমি হাঁহিব নজনা মানুহ। চুলাই পুৰাণ দীর্ঘজীৱী হওক। – সম্পাদক

চুলাই পুৰাণ (লোকপুৰাণ) ১

 

Debanga Gogoi

 

প্রথম খোলোতেই পাইছিলো চুলাইৰ গন্ধ
খাম বুলিও নহ’ল খোৱা
আজিও নহ’ল খোৱা
এতিয়া……
হেৰাই গ’ল
চুলাইৰ বটল ঐ
দুৰলৈ, দুৰলৈ, দূৰলৈ ……

পাও যদি কেতিয়াবা বাৰীৰে চুকত
মইতো নৰ’ম আৰু কাৰোৰে ভয়ত
তেতিয়া যে নাথাকিব বিলাতীৰ বটল
খুলি ৰাখিম মই নিজ লোকেলৰ মহল

এতিয়া….
হেৰাই গ’ল
চুলাইৰ বটল ঐ
দুৰলৈ, দুৰলৈ, দূৰলৈ ……

 

 

চুলাই পুৰাণ (লোকপুৰাণ) ২

 

Debanga Gogoi

পাৰ চৰাই কিয় উৰি যাব
পাবগৈ নদীৰ পাৰ
আজি কিবা অসম বন্ধ নেকি
খোলা নাই ৱাইনশ্ব’প আৰু বাৰ

 

চুলাই পুৰাণ (লোকপুৰাণ) ৩

 

Dhanjit Kalita

অসম বন্ধই জানো পাৰে
কৰিব ৱাইনশ্ব’প বন্ধ,
ৰঘুকাইৰ পাণদোকানৰ পিছপিনে
পোৱা নাই জানো গোন্ধ ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ৪

 

Debanga Gogoi

নাৰ বাত পাভ মাছ
আৰু এটা কাছ
ভৰ দুপৰীয়া চুলাই পি লৈ
ওভতগোৰে কিয় নাচ?

 

চুলাই পুৰাণ (লোকপুৰাণ) ৫

 

Dhanjit Kalita

আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ’ম,
চুলাই পি লৈ ওভতগোৰে নানাচিলে
অসমীয়া কেনেকৈ হ’ম ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ৬

Debanga Gogoi

আনক চুলাই, আনক বিলাতী
আৰু আনক ৰাম (rum)
অসম আকৌ উন্নতিৰ পথত
জয়ধ্বনি দি খাম

 

চুলাই পুৰাণ (লোকপুৰাণ) ৭

Dhanjit Kalita

 

আহক মাছ, আহক চিকেন, আহক বিদেশী চুলাই
বন্ধ প্রদেশৰ অন্ধ ৰজাৰ কথা কোৱাতকৈ নোকোৱাই ভাল,
বুকুৰ মাটিকে বন্ধকত দিয়ে
সৰুপানী চুবলৈও মাডামক সুধে,
দিল্লীত নেগুৰ পেলাই আহি পাচচোতালত বৰ কথা কয় ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ৮

Dhanjit Kalita

 

ৰসত বুৰি থকা ৰসাল অসমীয়া
কোনে কয় বুলি তোমাক কানীয়া
তিনি টকীয়া চাউল পায়,
মস্তি মাৰি শুই বহি খায় ;
‘নেৰেগা’ৰো নেগুৰ পকায়
কামৰহে নাম গোন্ধ নাই ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ৯

 

Susanta Borgohain

ভাঙৰ পুলি ল’ৰাই ৰুলো
ৰুলো লৰাই গাঞ্জা৷
হিৰ’ইন নালাগে ক’কেইন নালাগে
ভাঙতেই স্বর্গ পাবা৷

 

চুলাই পুৰাণ (লোকপুৰাণ) ১০

Debanga Gogoi

 

Pankaj Barah
শুন শুন সৰ্বজন আমাৰ বচন
মাহেকে পষেকে চান্দাৰ বাবে দিবা দৰিশন

কাম-কাজত যদি নাই ধান্দা
কিয় নোখোলা এটা নতুন সন্থা

তেতিক্ষণেও যদি চান্দা, নিদিও নথও কৰে
অসম বন্ধ দি দিবা
চাও; কোনে ৰক্ষা কৰে

 

চুলাই পুৰাণ (লোকপুৰাণ) ১১

Syamanta K Goswami

 

দিন দুপৰতে এবটল কৰিলোঁ পান
এতিয়া বোলো ঘৰলৈ যোৱাই টান !

এটোপ দুটোপকৈ হুইস্কিৰ পৰশ পাই
মনে মোৰ নমনা হ’ল,
কিনো যাদু আছে এই মায়াময় পানীটোপাত…
দিনৰ দিনটো চলি যায়,
গধুলি হ’লেই মনে মোৰ
ৱাইন শ্বপলৈ আঙুলিয়ায় ।।

 

চুলাই পুৰাণ (লোকপুৰাণ) ১২

Debanga Gogoi
কথাতে কয় বোলে এনেই বুঢ়ী নাচনী
গগৈ ছাৰে ইন্দিৰাৰ নামত কৰি থাকে আঁচনি
অসমীয়াৰ কথা পিছলৈ ঠেলে
মে’ডামক যে ‘খুশ’ কৰিব পাৰিলে
হ’ব পাৰে উপ-ৰাষ্ট্রপতিৰ বাচনি

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৩

 

Dhanjit Kalita
সেহিমানৰ কথাখিনি এহিমানে কওঁ
চান্দাৰ প্রসংগটি বহলাই লওঁ;

দিবতো লাগিবই চান্দা
নহ’লেযে পৰিব দাণ্ডা,
পৰৰ পিঠাৰে বিহুটি নেপাতিলে
জুলাই মাহতো যে পৰি যাব ঠাণ্ডা ;
বাকি কিবা হওঁক নহওঁক
অইন দেশততো বৰনাম হ’ব
অসমীয়াবোৰ যে জংঘলী গুণ্ডা ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৪

 

Dwijen Mahanta ‎……………………………………………………..
এই বোৰ লিখিছে কি ?
লগাওক গগৈক নাকি
মাটি ভেটি চব বিকিলে,
ওফাইডাংটোহে নেৰিলে।।

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৫

 

Debanga Gogoi
ভাঙৰ কথা নক’বা ককাই
নাই কোনো গ্লে’মাৰ
ড্রাগছৰ ‘বিজনেছ’তহে আছে
ধন-সন্মান দেধাৰ

একবাৰ হ’ব পাৰিলে পাখি মিঞা
মন্ত্ৰীৰেও হ’ব ধন লোৱা-দিয়া-নিয়া
পুলিচক দেখুৱাবা বুঢ়া আঙুলি
‘তুমলোগো ছে ডৰণা হ্যে ক্যা’?

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৬

 

Debanga Gogoi
মাটি দিলো বাংলাদেশক
মে’ডাম হৈ গ’ল খুশ
মোক নাকি লগাবলৈ কোন অসমীয়াৰ
আছে ইমান ‘জোশ’?

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৭

 

Debanga Gogoi

“বদলাও” লাগে আমাক
আজিৰ অসমত
বিলাত ফেৰত গগৈ পোনাই
ক’লে ‘মিটিঙ’ত

পিছে ‘উল্টা বুজিলি ৰাম’
পিতাই সকলো কৰিলি সাং

অসম খনকে নি দিলেগৈ বাংলাদেশক বন্ধকত

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৮

 

Pankaj Barah

বকাসুৰ বৰুৱাৰ এটি মাথো ধান্দা
কেনেকৈ হ’ব পাৰি দিছপুৰীয়া পাণ্ডা
এদিন পুলিছে ধৰি দি দিলে দান্দা
দান্দা খায় বৰুৱাই হাতত ল’লে ৰান্দা
এতিয়া বৰুৱা হ’ল নামকৰা মিষ্ট্ৰী
হাতুৰী বটালী লৈ লিখি আছে হিষ্ট্ৰী

 

চুলাই পুৰাণ (লোকপুৰাণ) ১৯

 

Dwijen Mahanta

হা:…হা:…হা:…
দেবাংগ ! গগৈৰ পোৱালী
বিছাৰিছো তোমালৈ ধুনীয়া ছোৱালী;
খবৰ দিছো মাডামক
আছে যদি দিয়ক।।

 

চুলাই পুৰাণ (লোকপুৰাণ) ২০

 

Syamanta K Goswami

বেয়া ফালিছে কিন্তু দেই ৰাইজে !
ক’ব নোৱাৰিছোঁ…হুইস্কী, ৰাম নে বা লাওপানীতেই ধৰিছে !!

 

চুলাই পুৰাণ (লোকপুৰাণ) ২১

Debanga GogoiDwijen Mahanta
নেপেলাব ককাইদেউ মোক
ইমান গভীৰ গাঁতত
কেতিয়ানো ঢালিলো বিষ
আপোনাৰ পানী খোৱা খালত

ইটালিয়ান ছোৱালী পালে
জহন্নামে মই গ’লে
থাকিব পাৰিবনে
আপুনি বাৰু কুশলে?

মেডামৰ আছে নেকি বাৰু বহু কন্যা ভৰি
তেনে নিজৰ পুত্রক কিয় ৰাখিছে দাং-বৰলা কৰি

 

চুলাই পুৰাণ (লোকপুৰাণ) ২২

 

Debanga GogoiPankaj Barah

দিছপুৰীয়া মিস্ত্রী হ’বলৈ লাগে বহু দিল
নহ’লে যে ঠিক নাই ক’ত পাবা কিল

‘নিউজ চেনেল’ত অস্ত্রোপচাৰ কৰে
‘নিউজ পেপাৰ’ত জোৰা টাপলি মাৰে

মাহে প্রতি মন্ত্রীয়ে পঠায় শকত ধনৰ কিস্তি
সাংবাদিক নামৰ এইসকল দিছপুৰীয়া মিস্ত্রী

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৩

 

Pankaj Barah

খদ্দৰৰ পোছাকত লৈ কাঢ়া কাঢ়া ইস্ত্রী
এইসকলেই হেনো আমাৰ দেশগঢ়াৰ মিস্ত্রী
কোঢ়োনাৰে ধন চপায়
জনগণৰ নাই উপায়
ক্ষুদ্র স্বার্থৰ বাবে সলায় দেশৰেই হিষ্ট্রী ৷

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৪

 

Dwijen MahantaDebanga Gogoi
নাই নাই নোৱাৰো মোৰ সোন দেবাংগ
তুমিয়েই মোৰ প্রধান অংগ।
তুমি নহলে মোৰ লাইফ ধংশ
নাপাতো তোমাৰ বিয়া
মাডামৰ জীয়েকৰ লগত।
নহয় নহয় মই তোমাৰ মামা কংশ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৫

 

Debanga Gogoi
নহয় নহয় ককাইদেউ
আপুনি বুজিছে ভুল
গান্ধী নাম ল’ব পাৰিলেই
‘লাইফ’ হৈ যাব ‘কুল্’

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৬

 

Dwijen Mahanta
ঠিক ঠিক এয়াহে জ্ঞানীৰ কথা,
সোনটোৰ আছে তেতিয়া হলে মাথা।

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৭

 

Debanga Gogoi
মাথো মাথা থাকিলেই নহ’ব
লাগিব গান্ধী উপাধিৰ হিষ্ট্রী
প্রথমবিধ নাথাকিলেও
দ্বিতীয়বিধে বনাব পাৰে প্রধানমন্ত্রী

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৮

 

Dwijen Mahanta

তুমিও বৰ লুভীয়া মন্ত্রী পদৰ
হৈ গলেই লাগিব জগৰ।
এনেয়ে অসমীয়া হিংসাকুৰিয়া
মন্ত্রী হলেই পাব বঢ়িয়া,
কামত নহয় যদিও নহয় খৰ,
মনত পেলোৱা পাৱাৰৰ গালৰ সেই প্রকাণ্ড চৰ।
আছে বহু ৰিক্স
গেম হৈ আছে আগতেই ফিক্স।।

 

চুলাই পুৰাণ (লোকপুৰাণ) ২৯

 

Dhanjit Kalita
চকু কান মেলিলেই মুৰটো হয় গৰম
নিগিলিলেও হুইস্কী, ৰাম বা লাওপানী নৰম
দেশত চলিছে যিহে ধুমধাম;
বৰ বৰ লোকে দিছে নাঙঠ নাঙঠ নাচ
দেখিলে, শুনিলেই লাগি যায় লাজ ।

উখোৱা চাউল খোৱা আমি সৰু মানুহ
তেৰা বেকা ৰাজনীতি বুজিযে নাপাওঁ
বোকা চতিওৱা কুতনীতিত
আমিহে পোত খাওঁ ।

ইফালে চলিছে লুট্, সিফালে চলিছে লুট
সৰু সৰু মানুহৰ কিমান চাব ৰং,
ইমান দেখিও ওভটি নবয় লুইত
বুলি অথনিৰে পৰা উঠি আছে এটা অকৰা খং !!!!

 

চুলাই পুৰাণ (লোকপুৰাণ) ৩০

 

Dhanjit Kalita

নাৰ বাত পাভ মাছ
নকলোৱেই বা বুলি কাছ
বজাৰত বিচাৰিলে নাপায়,
অন্ধ্রৰ মাছেৰে কোপ্তা ‘বনাই’ খাই
উন্নতিৰ ফটা ঢোল বজায় ।

 

চুলাই পুৰাণ (লোকপুৰাণ) ৩১

 

Debanga Gogoi

অ’ অসমীয়া সংকীৰ্ণ নহ’বা
গগৈ ছাৰে আমাক কয়
অন্ধ্র প্রদেশৰ মাছ নানিলে
বন্ধ প্রদেশেৰে বন্ধুত্ব কেনেকৈ ৰয়?

 

চুলাই পুৰাণ (লোকপুৰাণ) ৩২

 

Pankaj Barah

লুইতপৰীয়া ডেকাদল
লক্ষ্য তোৰ সমুজ্বল
চান্দা তুলিবি , আন্দোলন কৰিবি
তেহে বাঢ়িব অসমীয়াৰ মান-বল

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!