চেল্যুট্‌ ৰোহন বোপন্না

লেখক- সমীপ কুমাৰ ডেকা

ছেমিফাইনেলত তিনি নম্বৰ তথা নিৰ্ণায়ক ছেটটো টাইব্ৰেকাৰত (১০-৭ ব্যৱধানত) জিকাৰ পিছত ভাব হৈছিল যে ফাইনেল জিকাটো বৰ সহজ নহ’ব। কিয়নো ফাইনেলৰ প্ৰতিদ্বন্দ্বী আছিল ইটালীৰ ছিমনে বলেলী আৰু আন্দ্ৰেয়া বাবাছ’ৰিৰ যুটি। 

 

বৰ্তমানৰ ডেভিছ কাপ বিজয়ী ইটালী দলৰ অন্যতম সদস্য ছিমনে বলেলী। কাজেই অষ্ট্ৰেলিয়ান অ’পেন ডাব’ল্‌ছৰ ফাইনেলত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এব্‌ডেনৰ সন্মুখত যে বলেলী এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিব তাত সন্দেহ নাছিল। তেওঁৰ ছিংগল্‌ছ ৰেংকিঙো আছিল বিশ্বৰ প্ৰথম ত্ৰিশৰ ভিতৰত। 

  মনত অলেখ ভাৱনাই ক্ৰিয়া কৰি আছিল খেল আৰম্ভ হোৱাৰ আগমুহূৰ্তলৈকে। যোৱা বিশটা বছৰত ৰোহনে বিভিন্ন দেশৰ ১৯জন খেলুৱৈৰ সৈতে যুটি বান্ধি ৬১ বাৰ পুৰুষৰ ডাব’লছ্‌ত অংশগ্ৰহণ কৰিছিল গ্ৰেণ্ডশ্লামত। এই সুদীৰ্ঘ কালছোৱাত মাত্ৰ দুবাৰহে মেন্‌ছ ডাব’লছ্‌ৰ ফাইনেলত উপনীত হৈছিল ৰোহন। দুয়োবাৰেই ইউ এছ অ’পেনত। প্ৰথমবাৰ ২০১০ চনত পাকিস্তানৰ আইচাম উল হক কুৰেচীৰ সৈতে আৰু যোৱা বছৰ মেথিউ এব্‌ডেনৰ সৈতে। কিন্তু দুয়োবাৰেই ৰোহন ৰাণাৰ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। গ্ৰেণ্ডশ্লামৰ মেন্‌ছ ডাব’লছ্‌ত কাহানিও চেম্পিয়নৰ খিতাপ অৰ্জনৰ সোৱাদ নোপোৱা ৰোহন বোপন্নাৰ বাবে সেয়ে এই ফাইনেলখন এক সুৱৰ্ণ সুযোগতকৈ কোনোগুণে কম নাছিল। অৱশ্যেই মিক্সড্‌ ডাব’লছ্‌ শিতানত ২০১৭ চনত কানাডাৰ গেব্ৰিয়েলা ডাব্ৰাউস্কিৰ সৈতে যুটি বান্ধি ফ্ৰেঞ্চ অ’পেনৰ যোগেৰে একমাত্ৰ গ্ৰেণ্ডশ্লাম খিতাপটি দখল কৰিবলৈ সক্ষম হৈছিল ৰোহন। 

 

 

 

ভাৰতৰ হৈ ইয়াৰ আগত লিয়েণ্ডাৰ পেজে ১৮ টা, মহেশ ভূপতিয়ে ১২টা আৰু ছানিয়া মিৰ্জাই ৬টা গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিছিল ডাব’লছ্‌ আৰু মিক্সড্‌ ডাব’লছ্‌ শিতানত। সচৰাচৰ এগৰাকী পুৰুষ টেনিছ খেলুৱৈয়ে ৩৫-৩৭ বছৰমান বয়সলৈ পেচাদাৰী টেনিছ খেলে যদিও ৰোহনে বাট বুলিছিল লিয়েণ্ডাৰ পেজৰ আদৰ্শৰে যিজনে পঞ্চল্লিছ বছৰ বয়সলৈকে গ্ৰেণ্ডশ্লামত অংশগ্ৰহণ কৰিছিল। হয়তো ৰোহনৰ মনত গ্ৰেণ্ড্‌শ্লাম ডাব’লছ খিতাপ জয় কৰিব নোৱাৰা দুখ এটাও ভিতৰি আছিল। এৰি দিয়া নাছিল সেয়ে যুঁজিবলৈ। 

 

 

 

কিন্তু পাৰিব জানো বোপন্নাই অসাধ্য সাধন কৰিব! উৎকণ্ঠাৰ অন্ত নোহোৱা শনিবাৰটোত মনটোৱে বুজনি দিবলৈ ধৰিলে মাজে মাজে, এই বয়সত যে ফাইনেল পাইছে সেয়াই বহুত। আকৌ ভাবোঁ, এইবাৰ নোৱাৰিলে যে ৰোহনে আৰু কাহানিও সুযোগ নাপাব! ইতিমধ্যে ছেমিফাইনেলত জিকাৰ সুবাদত বোপন্নাই তিৰাল্লিশ বছৰ বয়সত সৰ্বকালৰ আটাইতকৈ বৰ্ষীয়ান খেলুৱৈ হিচাপে ডাব’লছ্‌ৰ ৱৰ্ল্ড নং -১ ৰেংকিং লাভ কৰিছিল। কিন্তু ৪৩ বছৰ বয়সত গ্ৰেণ্ডশ্লাম খিতাপ? এয়া জানো সম্ভৱ? আশা আৰু বাস্তৱৰ যুদ্ধৰ এই সন্ধিক্ষণত টি ভিৰ সমুখত বহি থাকিলোঁ এটি ইতিহাসৰ সাক্ষী হ’বলৈ। 

 

 

 

খেল আৰম্ভ হ’ল। প্ৰথম চাৰ্ভ ৰোহনৰেই। বিশেষ অসুবিধা নোহোৱাকৈ চাৰ্ভ হ’ল্ড্‌ কৰিলে ৰোহন বোপন্না-মেথিউ এব্‌ডেন যুটিয়ে। প্ৰথমটো ছেটত কাৰো ছাৰ্ভ ব্ৰেক্‌ নোহোৱাকৈ স্ক’ৰ ব’ৰ্ডত ৬-৬। অৰ্থাৎ টাইব্ৰেকাৰে নিৰ্ণয় কৰিব প্ৰথমটো ছেটৰ ফলাফল। মনটোৱে ভগৱানক বিচাৰিলে, ৰোহনক ডাব’লছ্‌ খিতাপটো যেনেতেনে দিব লাগে। প্ৰাৰ্থনা শুনি ভগৱানেও ৰোহন-এব্‌ডেনৰ সপক্ষে স্ক’ৰ নিলে ৭-০, অৰ্থাৎ প্ৰথমটো ছেট্‌ দুয়ো ৭-৬ ব্যৱধানত দখল কৰিলে। 

 

 

 

তিনিটা ছেটৰ ফাইনেলত দ্বিতীয়টো ছেট্‌ কোনোপধ্যেই বিপক্ষক দিব নোৱাৰি। এয়া ফাইনেলখন চাই থকা প্ৰতিজন ভাৰতীয় আৰু অষ্ট্ৰেলিয়ানৰ কামনা। কিয়নো ইটালীয়ান যুটিয়ে যিকোনো মুহূৰ্ততে উভতি ধৰি খেলখন কাঢ়ি নিব পাৰে। 

 

 

 

দ্বিতীয় ছেটৰ দশমটো গেমলৈ কাৰো চাৰ্ভ ব্ৰেক্‌ হোৱা নাই। তাৰমানে এইবাৰো টাইব্ৰেকাৰেই ল’ব নিৰ্ণায়ক ভূমিকা! তুলনামূলকভাৱে কম শক্তিশালী চাৰ্ভ কৰা বাবাছ’ৰিৰ চাৰ্ভ ব্ৰেক্‌ কৰি ৰোহন-এব্‌ডেন যুটিয়ে ইতিহাস ৰচাৰ উমান দিলে। ময়ো যোৱা প্ৰায় পয়ত্ৰিশ বছৰে টেনিছ উপভোগ কৰিছোঁ। এসময়ৰ মনিকা চেলেচ-ষ্টেফি গ্ৰাফ নতুবা আন্দ্ৰে আগাছী-পিট্‌ চাম্প্ৰাছৰ খেলৰ সেই উন্মাদনা বৰ্তমান সময়ত নাপাওঁ যদিও কালিৰ খেলখনত তেনে শিহৰণৰ পুনৰাবৃত্তি হোৱা যেন অনুমান হ’ল। হয়তো ৰোহন ভাৰতীয় হোৱাৰ সুবাদতে তেনে এক শিহৰণ নজনাকৈয়ে জাগিল মনত। 

 

 

 

ফাইনেল খেলখনৰ প্ৰথমটো চাৰ্ভ ব্ৰেক্‌ কৰি ৰোহন-এব্‌ডেন যুটিয়ে দ্বিতীয় ছেটত অগ্ৰগতি ল’লে ৬-৫। অৰ্থাৎ এব্‌ডেনে চাৰ্ভ হ’ল্ড্‌ কৰিব পাৰিলেই ইতিহাস ৰচিব দুয়ো। জয়ৰ নিচেই দুৱাৰদলিত উপস্থিত হৈ বিমুখ হোৱাৰ ভয় উৎকণ্ঠাই চৰম সীমা পাইছেগৈ। প্ৰথম পইণ্ট্‌টো লৈ ৰোহন-এব্‌ডেনে স্ক’ৰব’ৰ্ডত তুলিলে ১৫-০০। তাৰ পিছতেই এব্‌ডেনৰ অপ্ৰত্যাশিত ডাব’ল ফল্ট্‌, পইণ্ট্‌ ১৫-১৫। তৃতীয়টো পইণ্ট্‌ আজুৰি ৰোহন-এবডেনৰ পক্ষত এইবাৰ ৩০-১৫। অৰ্থাৎ অপেক্ষাৰ অন্ত পেলাবলৈ আৰু মাথোঁ দুটা পইণ্টৰ দৰকাৰ। উশাহবোৰ ঘন হৈ আহিল। এইবাৰ নহ’লে যে আৰু নহ’ব ভাৱটোৱে ফাইনেল চোৱাৰ মাদকতা বঢ়াই তুলিলে। ৰোহনৰ শক্তিশালী ফ’ৰহেণ্ডত বলেলীৰ ৰেকেটে বল মাৰি পঠিয়ালে বাহিৰলৈ। পইণ্ট এইবাৰ ৪০-১৫। তাৰমানে গ্ৰেণ্ড্‌শ্লাম ডাব’লছৰ খিতাপ আৰু ৰোহন বোপন্নাৰ মাজত আৰু মাত্ৰ এটা পইণ্টৰ ব্যৱধান। প্ৰাৰ্থনা কৰিছো এব্‌ডেনৰ প্ৰথমটো চাৰ্ভ যাতে ইন্‌ হয়। বিমুখ নকৰি ছাৰ্ভত দক্ষ এব্‌ডেনে পেলালে এটি শক্তিশালী চাৰ্ভ্‌। বলেলীৰ তেনেই দুৰ্বল ৰিটাৰ্ণত ৰোহনৰ সন্মুখত আহি পৰিল অপেক্ষাৰত চেম্পিয়নশ্বিপ পইণ্ট অৰ্জনৰ এটি অতি দুৰ্লভ সুযোগ। অকণো পলম নকৰি দুৰ্দান্ত স্মেছেৰে ৰোহনে মোহৰ মাৰিলে অষ্ট্ৰেলিয়ান অ’পেনৰ খিতাপৰ লগতে ৱৰ্ল্ড ৰেকৰ্ডত। আটাইতকৈ বৰ্ষীয়ান খেলুৱৈ হিচাপে গ্ৰেণ্ড্‌শ্লাম জয় কৰা বিশ্বৰ একমাত্ৰ খেলুৱৈ হ’লগৈ ৰোহন বোপন্না। ৱাহ, কি এক প্ৰাপ্তি! যোৱা বিশ বছৰৰ সাধনাই যে ৰোহনক তিৰাল্লিশ বছৰ বয়সলৈকে অপেক্ষা কৰোৱাব সেয়া হয়তো কোনেও কল্পনা কৰা নাছিল। কিন্তু ইতিহাস এনেকৈয়েতো ৰচা হয়। এইবাৰো ৰচা হ’ল ইতিহাস, মাত্ৰ পাঁচ মাহ আগত টেনিছৰ পৰা সন্যাস লোৱাৰ মন মেলা ৰোহনৰ যোগেদি। লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিৰ পিছত পুৰুষ ডাব’লছত গ্ৰেণ্ড্‌শ্লাম খিতাপ অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে খোদিত হৈ ৰ’ল ৰোহন বোপন্নাৰ নাম। 

 

চেল্যুট্‌ ৰোহন বোপন্না, চেল্যুট্‌। 

 

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!