চোলাত লিপষ্টিকৰ দাগ! “দাগ আচ্ছা হে??” (আবিদ আজাদ)

 

 

 

প্ৰসঙ্গ- মহিলাই ওঁঠত লিপষ্টিক লগোৱা ষ্টাইলৰ আঁৰৰ কাহিনী:

প্ৰায় ৫০০০ হাজাৰ বছৰ পূৰ্বেই মেছোপ’টেমিয়া (অৰ্থৎ প্ৰাচীন গ্ৰীচ, তুৰ্কী, ছিৰিয়া, ইৰাক আদি ভূখণ্ড), সিন্ধু উপত্যকা আৰু প্ৰাচীন ইজিপ্তৰ মহিলা সকলে বিভিন্ন প্ৰাকৃতিক উপায়েৰে ৰঙা ৰং নিষ্কাষিত কৰি ওঁঠত লিপষ্টিক লগোৱাৰ ষ্টাইল আৱিষ্কাৰ কৰিছিল।

কিন্তু ওঁঠত লিপষ্টিক লগোৱা কাৰ্যক ষ্টাইল বুলি গণ্য কৰাৰ পূৰ্বে সেয়া আছিল তেতিয়াৰ লোকৰ দেও-ভূত খেদা এক অভিনৱ অলৌকিক পন্থাহে। সেই সময়ত এটা বিশ্বাস আছিল যে মানুহৰ, বিশেষকৈ মহিলাৰ দেহৰ ভিতৰত দেও-ভূত সোমোৱা অনেক “ৰাস্তা”ৰ ভিতৰত এটা মুখ্য ৰাস্তা হৈছে মেলা মুখখন!! মুখেৰে খাদ্য, পানী বা বায়ুৰ লগত বেয়া “বস্তু” সোমায় বুলি সন্দেহ কৰা হৈছিল। সেয়ে মেলা মুখেৰে অনাধিকাৰ “ভূত” সোমাৱাটো বন্ধ কৰিবলৈ তেতিয়াৰ “বেজ”বোৰে মহিলাৰ মুখত ৰক্ত ৰঙা ৰং সনাৰ পৰম্পৰা উদ্ভাৱন কৰিছিল।

আজিৰ যুগতো বহু লোকে দেহত ভূত প্ৰবেশ কৰা (বা লম্ভা) বন্ধ কৰিবলৈ কঁকালত বা ডিঙিত তাবিজ পকাই পকাই গাঁঠি মাৰি থোৱা দেখা যায়। ৫ হাজাৰ বছৰ পূৰ্বে তেতিয়াৰ লোক সকলে ভূতৰ “ৰাস্তা” বন্ধ কৰা পদ্ধতিৰে হয়তো এয়া এক অন্য পৰিৱৰ্তিত ৰূপ!!!

দুই ওঁঠত ৰঙা ৰং লগাই এসময়ত ভূতক খেদা পদ্ধতিটোৱেই সময়ত সলনি হৈ হৈ ষ্টাইললৈ ৰূপান্তৰিত হ’ল আৰু এটা সময়ত আনকি পুৰুষক আকৰ্ষণ কৰোৱা বা আহ্বান জনোৱা এটা আহিলাই হৈ পৰিল।!!

পূৰ্বৰ গেলেগেলীয়া বা জুলীয়া লিপষ্টিক ৮ম শতিকাৰ আৰৱত অৰ্থাৎ ইছলামিক সোণালী যুগত পৰিৱৰ্তিত হৈ গোটা লিপষ্টিকৰ ৰূপ ল’লে। সেই সময়তেই
লিপষ্টিকত ৰঙৰ সৈতে সুগন্ধিৰো সংযোগ ঘটিল।

আনহাতে, ইংলেণ্ডত লিপষ্টিকৰ প্ৰথম প্ৰৱেশ ঘটে ১৬শ শতিকাতহে। তাকো কেৱল উচ্চ শ্ৰেণীৰ মহিলা, যুৱতী সকলৰ মাজত। ইংলেণ্ডত ইমান পলমকৈ লিপষ্টিক প্ৰৱেশ কৰাৰ কাৰণটো আছিল- মধ্যযুগত খ্ৰীষ্টীয় চাৰ্চে লিপষ্টিক ব্যৱহাৰক নিষিদ্ধ ঘোষণা কৰিছিল। চাৰ্চৰ মতে প্ৰশাধন ব্যৱহাৰ কৰাটো আছিল কেৱল বেশ্যাৰ হে কাম (পুৰুষক আকৰ্ষণ কৰাৰ বাবে) আৰু লিপষ্টিক লগোৱা মানে আছিল যেন ছয়তানৰ অৱতাৰ হে লোৱা।

আমেৰিকাতো লিপষ্টিকৰ ব্যৱহাৰ আৰম্ভ হৈছিল ১৯ শতিকাৰ পৰাহে। নিউ য়ৰ্ক টাইমছ্‌ত প্ৰকাশ পোৱা এক লেখা মতে আমেৰিকাৰ ফেশ্যনপ্ৰিয় মহিলাসকলে ১৯১২ৰ পৰা হে লিপষ্টিক লগোৱাটো বিবেচনা কৰা আৰম্ভ কৰে। ইয়াৰ পাছতে লিপষ্টিকে লাহেকৈ হলিউডত প্ৰৱেশ কৰে আৰু তাৰ পাছৰ পৰা লিপষ্টিকে আৰু ঘূৰি চাব লগীয়া হোৱা নাই।

লিপষ্টিক লগাই ওঁঠযুৰি শুৱনি, আকৰ্ষণীয় কৰাটো আজিৰ মহিলা, যুৱতীৰ এক অন্যতম কলা। লিপ্‌ গ্লোছ, লিপ প্লাম্পাৰ, লিপ লাইনাৰ ইত্যাদি আধুনিক লিপষ্টিকৰে নতুন নতুন ৰূপ।

লিপষ্টিকৰ ইমানবোৰ কথা কৈ আমাৰ অসমৰ “বৰহমথুৰি”ৰ কথা নোকোৱাকৈ থাকিব পাৰি জানো। এসময়ত বৰহমথুৰিৰ ৰং ওঁঠত চিকুণকৈ লগাই অসমীয়া গাভৰুৱে অসমীয়া ডেকাক কমখন নগুৰ-নাগতি কৰিছিলনে???!!

একেবাৰে ওপৰত “চোলাত লিপষ্টিকৰ দাগ” বুলি উল্লেখ কৰা হৈছে। লিপষ্টিকৰ স্থান ওঁঠত, তাতেই সি সুন্দৰ দেখায়। কিন্তু কেনেবাকৈ সি ওঁঠৰ পৰা আহি যদি পুৰুষৰ চোলাত লাগি ধৰে, তেতিয়া কিন্তু কথা বিষম হৈ পৰে! তেতিয়া ক’ব লাগিব- “দাগ আচ্ছে নহী, বুৰে হে!!” তেতিয়া লিপষ্টিকৰ সৌন্দৰ্যই পত্নীৰ চকুত সন্দেহৰ ৰূপ লোৱাৰহে সম্ভাৱনা বেছি। সেয়ে বিবাহিত পুৰুষে কাৰোবাৰ লিপষ্টিকৰ সুগন্ধ আৰু সৌন্দৰ্যৰ বন্দনাৰ সংগে সংগে কেনেবাকৈ “চোলাত লিপষ্টিকৰ দাগ” আহি যাতে নালাগে তাৰ প্ৰতিও সজাগ, সাৱধান আৰু বিশ্বস্ত হ’ব লাগে!!!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!