ছাঁ – মল্লিকা শৰ্মা বৰদলৈ
মানুহজনে প্ৰখৰ ৰ’দতো দিনটো পথাৰত কাম কৰে৷ টিকটিকীয়া ৰঙা বেলিটো কপালত আঁকি ওৰণিখন টানি টানি তাই যতনাই জলপানৰ টোপোলাটো লৈ আহে হেঁপাহেৰে৷ তাৰ ৰ’দে পোৰা দেহাটো তাইক দেখিলে শাঁত পৰি যায়৷ ওলাই আহিব খোজা হাঁহিটো ওঁঠতে টিপি ধৰি সি অন্যমনস্ক হৈ দেখুৱায়৷ তাইক মালা পিন্ধাই নিজৰ কৰি অনা বহুদিনেই হ’ল৷ বহুত কথা ক’বলৈ মন যায় তাৰ, অথচ একোৱেই কোৱা নহয়গৈ৷
বোকাৰে লুতুৰি পুতুৰি হাত দুখনত পানী ঢালি দিওঁতে দুয়োটাৰে চকুৱে চকুৱে পৰে৷ সি মুখখনলৈ একেথিৰে চাই ৰয়৷ এতিয়াও লাজ লাগে তাইৰ, ওৰণিখন এনেয়ে অলপকৈ টানি লয়৷
“ভালপাওঁ তোক”,
— ক’ব খুজিও ৰৈ যায় সি৷
তাই জলপানৰ টোপোলাটো খোলে, তাৰ মুখখন উজ্জ্বলি উঠে৷ বৰা চাউলৰ লগত গুৰেৰে সনা নাৰিকল ৰোকা আৰু ৰঙা চাহ ..৷ কেনেকৈ জানিলে তাই, জলপানৰ লগত নাৰিকল ৰোকা খাই, সি যে কিমান ভালপায়৷
: গুৰ, ক’ত পালি?
: পিতায়ে দি গৈছিল,
: অলপ তয়ো খা,
: নালাগে, ঘৰত খামগৈ
…
খাবলৈ, মন থকা স্বত্বেও টোপোলাটোত নাৰিকল ৰোকা অলপ ৰৈ যায়৷ সি জানে, সেইখিনি ঘৰলৈ উভতি যাব, তাকেই তাই তৃপ্তিৰে খাব৷ ‘ঘৰত খাম’ বুলি কোৱা কথাষাৰ তেতিয়া মিছা হৈ নাথাকে আৰু…
সন্তুষ্টিবোৰ টোপোলা বান্ধি, তাই ঘৰমূৱা হয়৷ বুকু জুৰ পেলোৱা বতাহজাকে তাক চুই থৈ যায়৷ শুকান অথচ উজ্জ্বল মুখখনৰ পোহৰবোৰ চকুৱে মুখে লাগি ৰয়৷
সন্ধিয়া দোকানৰ পৰা কিবা এটা আনি তাইৰ হাতত গুজি দিয়েগৈ সি৷ মেৰিয়াই অনা কাগজখন খুলি, এইবাৰ তাইৰ চকুদুটা জিলিকি উঠে৷ নোকোৱাকৈয়ে কেনেকৈ জানিলে মানুহজনে, এসপ্তাহ ধৰি যে, মিঠাতেলত পানী মিহলাই মুখত ঘঁহি আছে তাই৷ হালধীয়া পেকেটৰ ‘মুখত ঘঁহা ক্ৰীমটো’ ভাল কাপোৰযোৰৰ মাজত সযতনে ভৰাই থৈ তাই সুখত চলচলীয়া হোৱা চকুযুৰিৰে মানুহজনলৈ চায়…
ভালপাওঁ তোক ..
ময়ো..
দুয়োৰে বুকুত প্ৰতিধ্বনিত হয়, ….. মাথোঁ কোৱা নহয় …