“ছিলিকন ভেলী” – উদ্ভাৱন আৰু ব্যৱসায়ৰ বৰঘৰ — ধ্ৰুবজ্যোতি কাকতি

বৰ্তমানৰ পৃথিৱীখন অতীতৰ বহু স্বপ্নদ্ৰষ্টাৰ গভীৰ অধ্যৱসায় আৰু উজাগৰী ৰাতিৰ চিন্তাৰ ফচল। পৃথিৱীৰ এনে বহু অঞ্চল আছে যি সমূহ ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে এক উদাহৰণ হৈ ঠিয় দিয়ে আৰু বিশ্ববাসীক দিয়ে নতুনৰ গতি। আপুনি শুনিছেনে ছিলিকন ভেলীৰ কথা? আচলতে ছিলিকন ভেলী এখন কেৱল ঠাই নহয়, ই এখন ভৱিষ্যতৰ ক্ষুদ্ৰ পৃথিৱী বুলিবই পাৰি!

ছিলিকন ভেলীৰ ইতিহাস ….

“ ছিলিকন ভেলী “ ঠাইখন আমাৰ বাবে প্ৰায় অপৰিচিত। এই বাবেই অপৰিচিত যে বহু কেইটা অঞ্চল সামৰিহে এই অঞ্চলটোৰ নামাকৰন হৈছে। ছানফ্ৰান্সিস্কৰ দক্ষিণ দিশৰ উপসাগৰীয় কেইবাটাও অঞ্চলেৰে এই অঞ্চলটোৰ সৃষ্টি হৈছে। ১৯৭১ চনৰ ১১ জানুৱাৰীত আমেৰিকান সাংবাদিক Don Hoeflerয়ে এই নামটো প্ৰথম ব্যৱহাৰ কৰিছিল। এই ব্যৱহাৰ কৰাৰ মূল কাৰণ আছিল – সেই অঞ্চলটো বিভিন্ন ছিলিকন ভিত্তিক ইলেক্ট্ৰনিক আহিলা (ছেমিকণ্ডাক্টৰ ইত্যাদি) ৰ উদ্ভাৱনৰ কেন্দ্ৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত Intel – এ ১৯৭৪ চনত প্ৰথমটো ব্যৱহাৰ্য মাইক্ৰপ্ৰচেচৰ – intel 8080 মুকলি কৰি দিয়ে। তেতিয়াৰ পৰাই আৰম্ভ হয় এক নতুন যুগৰ, সৃষ্টি হল বিভিন্ন যন্ত্ৰ আৰু সেই যন্ত্ৰ ভিত্তিক দ্ৰব্য তথা সেৱাৰ ব্যৱসায়। ছিলিকন ভেলীৰ অন্তৰ্গত নগৰপালিকা সমূহ হ’ল – Atherton, Belmont, Campbell, Cupertino, Fremont, Los Altos, Los Altos Hills, Los Gatos, Menlo Park, Milpitas, Monte Sereno, Morgan Hill, Mountain View, Palo Alto, Redwood City, San Carlos, San Jose, Santa Clara, Saratoga, Sunnyvale.। আমাৰ পৰিচিত “ ছিলিকন ভেলি “ ত থকা কেইখন মান বিশ্ববিদ্যালয় হ’ল – Stanford University, University of California .

ছিলিকন ভেলী হৈ পৰিল বিশ্বখ্যাত কোম্পানী সমূহৰ কেন্দ্ৰ ….

বিশ্ব বিখ্যাত HP কোম্পানী আৰম্ভ হৈছিল ১৯৩৯ চনত Palo Altoত। পৰৱৰ্তী সময়ত আৰম্ভ হ’ল Intel ১৯৬৮ চনত Santa Clara ত। দুয়োখন ঠাইৰ মাজৰ ব্যৱধান কেৱল ২৩ কি: মি:। তদুপৰি Apple প্ৰতিষ্ঠা হয় ১৯৭৬ চনত Cupertinoত। এনেদৰেই ছিলিকন ভেলীৰ পৰা আৰম্ভ হৈছিল এক বিশ্বমানদণ্ডৰ যাত্ৰাৰ।
ইতিমধ্যে আৰম্ভ হৈছিল ইণ্টাৰনেটক অধিক সুচল কৰাৰ গৱেষণা। ১৯৯০ ৰ প্ৰথম ভাগতেই আমেৰিকাত আৰম্ভ হৈছিল অৰ্থনৈতিক মন্দাৱস্থাৰ। মাৰ্চ, ১৯৯১ ত প্ৰায় এই মন্দাৱস্থাৰ অন্ত পৰিছিল। সেই সময়তে ইণ্টাৰনেট ক্ৰমে সাধাৰণ জনতাৰ মাজলৈ আহিছিল আৰু নবেম্বৰ, ১৯৯৩ ত মুকলি কৰা হৈছিল Mosaic Browser। এই ইণ্টাৰনেটৰ হাতত ধৰিয়েই ছিলিকন ভেলীত আৰম্ভ হৈছিল আন এক যাত্ৰাৰ। কোম্পানী Yahoo ৰ প্ৰতিষ্ঠা হয় ১৯৯৪ ত Sunnyvale ত আৰু ebay আৰম্ভ হয় ১৯৯৫ চনত San Jose ত। ইণ্টাৰনেটৰ এই উৰ্ধগামী যাত্ৰাই আমেৰিকাৰ মন্দাৱস্থাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল।
পৰৱৰ্তী সময়ত ১৯৯৭ ত Netflix প্ৰতিষ্ঠা হয় Scotts Valley ত আৰু ১৯৯৮ ত Google প্ৰতিষ্ঠা হয় Menlo Park ত। দুয়োখন ঠাইৰ মাজৰ ব্যৱধান কেৱল ৬৪ কি: মি:। তদুপৰি অনলাইন পেমেণ্টৰ গুৰি ধৰা কোম্পানী PayPal ৰ আৰম্ভণি হৈছিল ১৯৯৮ চনত Palo Alto ত। পিছলৈ Tesla ( ২০০৩, san carlos ত ), ফেচবুক ( ২০০৪, Menlo Park ত ) আৰু টুইটাৰ ( ২০০৬, ছানফ্ৰান্সিস্কত ) ও আৰম্ভ এন ছিলিকন ভেলীৰ পৰাই।
এনেদৰেই আজি বিশ্ব বজাৰ দখল কৰা বহু কোম্পানীৰ আৰম্ভ হৈছিল সেই “ ছিলিকন ভেলী “ নামৰ অঞ্চলটোৰ পৰাই আৰু এতিয়াও প্ৰতিষ্ঠা হৈ আছে শ-শ কোম্পানীৰ।

আনতকৈ পৃথক – ব্যৱসায়ৰ চাবিকাঠি ….

এতিয়া আমাৰ বাবে ডাঙৰ প্ৰশ্নটো হ’ল – সেই সময়ত প্ৰতিষ্ঠিত উল্লেখিত কোম্পানী সমূহে কিয় বজাৰ দখল কৰিছিল? – কাৰণ তেওঁলোকে আন কোম্পানীৰ সৈতে প্ৰতিযোগিতা কৰি একেই ধৰণৰ দ্ৰব্য বা সেৱাৰে বজাৰত মুকলি কৰাতকৈ নিজৰ উদ্ভাৱন বা সৃষ্টি কৰা নতুন দ্ৰব্য বা সেৱাৰে বজাৰ দখল কৰাৰ কথা চিন্তা কৰিছিল। যদিওবা কোম্পানী সমূহৰ মাজৰ দূৰত্ব অধিক নাছিল তথাপিও তেওঁলোকে নিজক আনতকৈ পৃথক কৰাত সফল হৈছিল।
ক’ভিড মহামাৰীয়ে জুৰুলা কৰা অসমৰ অৰ্থনৈতিক বিকাশ কেনেকৈ সম্ভৱ? এই প্ৰশ্নটোৱে হয়তো আমাৰ বহুতৰ মাজত খুন্দিয়াই আছে। এক কথাত ক’বলৈ গ’লে আমি আমাৰ চাৰিওফালে থকা মানুহৰ সমস্যা আৰু ইয়াৰ বাবে উপলব্ধ সম্পদ সমূহ বিচাৰি উলিয়াব পাৰিলে আমিও অসমক উপভোক্তাৰ কেন্দ্ৰৰ পৰা উৎপাদনৰ কেন্দ্ৰ লৈ ৰূপান্তৰ কৰিব পাৰিম। ইয়াৰ বাবে আমাৰ ব্যৱসায়িক আৰ্হি সমূহ আনতকৈ পৃথক হ’ব লাগিব, তেতিয়াহে আমি বিনিয়োগকাৰী লাভ কৰিম। আমি পৰম্পৰাগত ব্যৱসায়ৰ বিপৰীতে গৈ ষ্টাৰ্টআপৰ চিন্তা কৰিব পাৰো, যিয়ে বৰ্তমানৰ পৰিস্থিতিত আমাৰ সমস্যা সমূহ সমাধান কৰি এক বহনক্ষম উন্নয়নৰ দুৱাৰ মুকলি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!