ছিৰিয়েল নোচোৱা ছোৱালীবোৰ — স্বপ্ননীল সোণমনি ৰয়

 

কোনোবা ছিমৰনৰ ব্ৰেকআপৰ কাৰণ বিচাৰি ইউটিউবত বিচাৰি নুফুৰে কুণ্ডলী প্ৰাচীন খণ্ড৷
চকুপানীক পাশুপাত অস্ত্ৰ বুলিও মানি নলয়৷
প্ৰিয় পুৰুষৰ ছাৰ্টত লগা ইটাৰ ৰঙক লিপষ্টিক বুলি সন্দেহ নকৰে৷
শ্বপিং মলৰ হেজাৰ দোকান চলাথ কৰি বাহিৰৰ অপেক্ষাক তথৈবচ নকৰে৷

আং ছ্যাং ছ্যু কী হ’ব খোজে
ইন্দিৰা গান্ধী অথবা তছলিমা নাছৰিন৷
বিচ্ছিনতাবাদ
জাতীয়তাবাদ
প্ৰগতিৰ নাৰীবাদ
সকলোবোৰ জানে

পৃথিৱীৰ এটা বিন্দুত নিজৰ শীৰ্ষতাক প্ৰতিপন্ন কৰিব খোজে৷
কেকোঁৰা সমাজক বুঢ়া আঙুলি দেখুৱাই “লাও“ আৰু “পাত“ক সমান্তৰাল সৰলৰেখা কৰে৷

ছিৰিয়েল নোচোৱা ছোৱালীবোৰৰ নিজাকৈয়ে একো একোটা সুৱদি কাহিনী থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!