“জয় হিন্দ” “জয় আই অসম” (-মনজিৎ)

“জয় হিন্দ” “জয় আই অসম”

মনজিৎ

 

১)

আন কোনো নহয় আমি

নিজেই নিজৰ শতৰু,

সমস্যা আহিলেই লাহেকৈ

গা এৰা দি আঁতৰো ।

বোকা ছটিওৱাৰ খেলত

আমি অতিকে সিদ্ধহস্ত,

সমুখৰ জনলৈ দোষটো ঠেলি

নিজে হওঁ সন্তুষ্ট ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

২)

এই বোলে দুৰ্নীতিত পোত খোৱা চৰকাৰ

এই বোলে নেতা আমোলা চোৰ,

ভুল ক্ৰুটি অনিয়ম বেমেজালিৰ যেন

গাই থাকিলেও নপৰে ওৰ ।

ইফালে ভোটাধিকাৰ আকৌ

আমাৰ জন্মসিদ্ধ অধিকাৰ,

পিছে অধিকাৰ সাব্যস্ত কৰাৰ দিনা

ঘৰতেই উৎকণ্ঠিত কোন বা হ’ব চৰকাৰ??

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৩)

টিভিয়ে মেলে মিটিঙে ডাঙৰ ডাঙৰ ভাষণ,

পেপাৰতো লিখে সাপ্তাহিক একলম,

শিশু শ্রম বন্ধ কৰক, ভেদা ভেদ পৰিহাৰ কৰক

সানক ইজনে সিজনক মৰমৰ মলম ।।

কিন্তু ঘৰ উভতি ন বছৰীয়া কণমানি কামলাৰ হাতৰ

চাহ কাপ খাই জীয়েকক দিয়ে গালি,

হেৰৌ কেঁচাই-খাইতী তইনো বাৰু বংশৰ মান মৰ্য্যদা ডুবাবলৈ

সেই নীহকুলীয়া নীচ জাতিৰ ল’ৰাটোকহে পালি ??

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৪)

চুকাফাৰ বৰ অসম আৰু শংকৰ মাধৱৰ

আশাশুধীয়া সংস্কাৰ সম্প্ৰীতিৰ গান,

লাচিত কনকলতা মুলাগাভৰুৰ লগতে

হাজাৰ হাজাৰ বীৰ শ্বহীদৰ ত্যাগ মূল্যৱান।

কিন্তু সকলো নিৰৰ্থক সকলো অসাৰ

নুবুজে কোনোও সেই ত্যাগৰ মূল্য,

কলিযুগৰ প্ৰাদুৰ্ভাৱত নিজতেই আমি ইমান মগন

যে হেৰুৱাইছোঁ মানৱীয় প্ৰমূল্য ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৫)

এজাক সপোন যেন বৰষুণ, আৰু

নৰ্দমাত প্রাণ পাই উঠে বানপানী,

ৰাজপথৰে গেলা পচা বোৰ ফেন ফুটুকা হৈ বৈ যায়

যেন সেইয়া মহানগৰীৰ সমূহীয়া চকুপানী ।

গালিত নিগৰে ক্ষোভ,চাল্লা নিষ্কৰ্মা পৌৰসভা

কটা নিষ্ক্ৰিয় প্ৰশাসন ,

পিছে নামানে কোনেও জাবৰ জোঁথৰ বোৰ

ডাষ্টবিনত পেলোৱাৰ সামান্য অনুশাসন ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৬)

মই নিবনুৱা নাই মোৰ

চৰকাৰী চাকৰি,

বেকাৰ চৰকাৰ নাই কোনো এখন

আঁচনি দৰকাৰী ।

ইফালে পৰিলে পৰি ৰওক পিতাইৰ ঘামসনা

সেই তিনি পূৰাকৈ মাটি চন,

দৰকাৰ হ’লে চান্দা তুলি ফাংচন পাতি টকা ঘটিম

তথাপি নকৰো খেতি নালাগে তেনে স্বাৱলম্বন ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৭)

বোলো কাণে কাণে কথা এটা কওঁ শুনা

‘তুমি মোক দিবা,ময়ো তোমাক দিম’

কৰ্ট কাছাৰী অফিছ চাকৰি আনকি শিক্ষানুষ্ঠানটো

এতিয়া এইটোৱেই অন্যতম থীম ।

এই দিয়া লোৱাটোৱেই দেশ খালে বুলি বকি বকি

টেবুলৰ তলে ওপৰে দিও যিমান পাৰোঁ বাকি,

আৰু তেনেকৈয়ে প্রাপ্য জনক বঞ্চিত কৰি জ্বলাও

একমাত্র নিজৰ ঘৰৰ চাকি ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৮)

মোৰ দেশত ভোটাধিকাৰ সাব্যস্ত কৰিবলে আহিল

এজাক বিদেশী আলহী,

পিন্ধনত লুঙী মুৰত টুপী ফেন্সিং পাৰ হৈ

চুচৰি আঁঠুকাঢ়ি ।

মোৰ এলাহে এঙামুৰি দি সিহঁতক

দিলে দুবেলা দুসাজ,

চাওঁতে চাওঁতে সিহঁতে যো যা কৰিছে

কৰিবলে আমাৰ ওপৰত ৰাজ ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

৯)

নেতা হোৱাৰ আশাত ইটোৰ পিছত সিটোকৈ সংগঠন খুলি যা

কিয়নো দেখাক দেখি উঠে আমাৰ গা,

সমাধানৰ নামত এসাগৰ শূন্যতাৰে

নিজৰ মুৰবোৰ নিজে নিজেই খা।

আন্দোলন অনশন, বন্ধ হৰতাল, হত্যা হিংসাত

দিশহাৰা অৰ্থনীতি, সংকটত সমূহীয়া জীৱন,

দাম দৰ মাৰি নিজৰ পকেট গৰম হ’লেই

পলাই পতং দিয়ে এনে বহু দেশ উদ্ধাৰৰ উদাহৰণ ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

১০)

আমি নিজকে চিনি নোপোৱা এক

মুখা পিন্ধা মেৰুদণ্ডহীন জাতি,

আনক অনুকৰণ কৰোঁতে কৰোঁতে

পাহৰিছোঁ নিজৰেই খোজটি ।

মাথো আলোচনা সমালোচনাতেই

শেষ হয় সকলো,

সময় নাই কাৰো আনৰ দুখত

টুকিবলে এটুপি চকুলো ।

মই কেনেকৈ সুখত থাকিব পাৰোঁ তাৰ চিন্তাত

মই আজি মোক লৈয়ে ব্যস্ত;

জহন্নামে যাওক এই দেশ দুনীয়া তাত মোৰ কি আহে যায়

মিছাই কিয় কৰো মাথা নষ্ট ।।

 

এইবোৰ দেখি শুনিয়েই হয় মূৰ গৰম,লাগে বৰকৈ চৰম

পিছে যিয়েই নহওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,

*—–*—–“জয় হিন্দ” “জয় আই অসম”—–*——*

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!