জলকুঁৱৰী তাই ( দীপালী বৰা )

jolkuwori_Dipali.

জলকুঁৱৰী তাই
সভ্যতাৰ ফছিলত প্ৰতিনিয়ত উজুতি খায় ৷

শংখিনী নাৰীৰ সতে ঘৰকৰা পুৰুষবোৰে
তাইৰ আঁচলত জোনাক বিচাৰি যায়
নিষিদ্ধ নিৰতি বিচাৰি
সিহঁতে প্ৰেমিকৰ চোলা পিন্ধে
আৰু লিৰিকি চাই
তাইৰ সোণালী ফিছাৰ বৰণ ৷

অকূলন আকাংক্ষাৰ নীল গহ্বৰত
মুহূৰ্মুহূ হেৰাই তাইৰ ঋতুমতী গোন্ধ৷

জীৱনৰ জলচ্ছেদ
দেওমাৰি পাৰ হ’ব নোৱাৰে তাই
সেয়ে
কঢ়িয়াই আপোন শৱদেহ
পাৰি দিয়ে যাত্ৰাৰ কঠিন বালুকাৰে
নিঃসংগে, নীৰৱে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!