জলছবি (পৰাগ পিংকু বৰঠাকুৰ)

জলছবি


 
 
 
 
 
 
 
 
 
 
সুখবোৰ আহিলেই
তেওঁ দুখী হৈ পৰে ।
কেতিয়াবা সোধোঁ
দুখত তেওঁ কি কৰে
দুচকু মুদি
তেওঁ হেনো সুখৰ ঘৰ সাজে
কি আচৰিত
এদিন বৰষুণত তিতি তিতি
তেওঁ ক’লে
বৰষুণ আনিব পৰা
আৰু এজাক ৰ’দ লাগে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!