জাতীয়তাবাদ – নাজিফ হাজৰিকা

বুকুৰে বলটো ৰিচিভ কৰি আঁঠুলৈ লৈ গলোঁ, তাৰপিছত মাটিত পেলাই তপনলৈ পাছ দিলোঁ৷ এনেই পাছ-পাছ খেলি আছোঁ, গোটেইকেইটা আহি পোৱা নাই বাবে৷ ৰাজীৱে বাইকখনতে বহি ফেচবুক কৰি আছে৷ সি নেখেলে, তাৰ আগ্ৰহ নাই খেলত৷ সি এনেই আহে, অলপ আড্ডা দিবলৈ৷

– ঐ চাচোন এইখন পোষ্টাৰলৈ, আমাৰ অসমীয়াৰ সংজ্ঞা কিদৰে বিকৃত কৰিছে এটা সংগঠনে৷

ফেচবুকত ওলোৱা ফটো এখন দেখুৱাই ৰাজীৱে কলে আমাক৷ দেখি আমাৰ মনটো বেয়া লাগিল৷

অলপ পিছত –
– ইছ ৰাম, এই মানুহগৰাকীক কেনেকৈ মাৰিছে পাই৷

ফেচবুকত ওলোৱা ভিডিও এটা দেখুৱালে আমাক৷ সঁচাকৈ বৰ জঘন্য ভিডিও আছিল৷ আকৌ অলপ পিছত –

– ঐ চা, আমাৰ দেশক অপমান কৰি কি পোষ্ট দিছে চা এটাই৷ কথাখিনি কওঁতে খঙত তাৰ নাক ফুলি গৈছিল৷ লগৰকেইটাই গৈ পোষ্টটো চালেগৈ, মই নাচালোঁ৷
কিছুসময়ৰ পিছত –

– ঐ চা …..৷ কবলৈ লওঁতেই মই থাপমাৰি তাৰ মোবাইলটো লৈ ললোঁ আৰু চুইছ অফ কৰি দিলোঁ৷

– কি হ’ল? কিয় ললি মোবাইলটো৷ – সি সুধিলে৷

– লং পেণ্টটো খোল আৰু এইটো পিন্ধ৷ – হাফপেণ্ট এটা দি কলো তাক৷

– মই ফুটবল খেলিব নোৱাৰোঁ দেই৷ – সি কলে৷

– পিন্ধিবিনে? – দম দিলোঁ তাক৷

সি পটাপট পেণ্ট পিন্ধিলে৷ তাক টানি লৈ গলো ফিল্ডলৈ৷ ইতিমধ্যে সকলো আহি পাইছিলহি৷

– তই আজি ফৰৱাৰ্ড খেলিব লাগিব৷ মই মিডফিল্ডত খেলিম৷ – তাক কলোঁ৷

প্ৰথমতে সি ’না-না ’ কৰিছিল যদিও পিছত খেলিলেগৈ৷ অলপ সময় বেচেৰাই ফোঁপাইছিল যদিও পিছলৈ ঠিক হৈ গ’ল৷ পুৰা ডেৰঘণ্টা দৌৰালো তাক৷ ভালেই খেলিছিল, গ’ল নিদিলে যদিও বল বনাই দিছিল আমাক৷

অৱশেষত ঘামত তিতি গ’ল সি৷ খেল শেষ হ’ল৷

– কেনেকুৱা লাগিলে খেলি? – তাক সুধিলোঁ৷

– মজ্জা৷ – সি কলে৷

– নেখেলা হলে কি হ’লহেঁতেন আজি কচোন?

– কি হ’লহেঁতেন?

– কিছুমান বিকৃত মগজৰ মানুহে কৰা কামবোৰ ফেচবুকত চাই চাই নিজৰ মগজটো গৰম কৰি থাকিলিহেঁতেন৷

– ওঁ৷ – সি একো নকলে৷

– এতিয়া ঘৰ যা৷ আৰু শুন, টেংকীৰ পানীৰে গা নুধুবি৷ পাৰিলে দমকলটো মাৰি তাৰ পানীৰে গা-ধুবি৷

– কিয়? – সি আচৰিত হৈ সুধিলে৷

– এটা বুজাব নোৱাৰা প্ৰশান্তি অনুভৱ কৰিবি দমকলৰ পানীত৷

সি যাবলৈ লওঁতেই মই তাক ৰখালোঁ৷

– আৰু এটা কথা শুন

– কি?

– জাতীয়তাবাদ, দেশপ্ৰেম এইবোৰ তোৰ মোবাইলৰ স্ক্ৰীনখনত নাথাকে৷

– মানে?

– মানে ইয়াত থাকে ইয়াত৷ – বুলি কৈ তাৰ বুকুখনত আঙুলিটো লগাই দিলো৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!