জাপানীজ এনকেফেলাইটিছ : ডা° দীপুল চন্দ্ৰ হালৈ

জাপানীজ এনকেফেলাইটিছ

ডা: দীপুল চন্দ্ৰ হালৈ

 

জাপানীজ এনকেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছজনীত ৰোগ। কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল গ্ৰুপ বি আৰব’ভাইৰাছ। ই এটা প্ৰাণীজনিত ৰোগ (Zoonotic disease)। আক্ৰান্ত মহে কামোৰাৰ ৫-১০দিনৰ ভিতৰত লক্ষণ দেখা যায়। বহু ক্ষেত্ৰত কোনো লক্ষণ নাথাকে । ২৫০ জনৰ ভিতৰত এজনহে এই ৰোগৰ লক্ষণ দেখা যায়। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামাকৰণ কৰা হৈছিল।

কেনেকৈ বিয়পে:

বনৰীয়া এবিধ চৰাইৰ দেহত (herons) এই ৰোগৰ বীজাণু থাকে (Reservoir)। হাঁহত এই ভাইৰাছ পোৱা গৈছে। আৰু কিউলেক্স মহে চৰাইবিধক কামুৰিলে ভাইৰাছ মহৰ দেহলৈ সংক্ৰমিত হয়। তাৰপাছত এই মহে গাহৰিৰ দেহলৈ ভাইৰাছটো বিয়পায়।  মহে গাহৰিৰ পৰা মানুহক কামুৰিলে মানুহৰ শৰীৰলৈ ভাইৰাছটো তেজলৈ সংক্ৰমিত হয়। গতিকে :

হেৰন > মহ > গাহৰি > মহ > মানুহ

গাহৰিৰ দেহত ভাইৰাছবিধৰ দ্ৰুত বৰ্ধন হয়।

লক্ষণসমূহ কি:

আক্ৰান্ত ব্যক্তিৰ কপনি জ্বৰ হ’ব পাৰে, মূৰৰ বিষ, গা ভাল নলগা, বা সাধাৰণ পানীলগা জ্বৰ হৈ আৰম্ভ হ’ব পাৰে। ১ পৰা ৬ দিনলৈ এই লক্ষণসমূহ থাকে। জ্বৰ ১০০ ৰ পৰা ১০৪ ডিগ্ৰী ফাৰেইনহাইট পৰ্য্যন্ত হব পাৰে। কিছুমান আক্ৰান্ত লোকৰ কোনো লক্ষণেই নাথাকে। এনেকেফেলাইটিছ স্তৰত ডিঙিৰ জঠৰতা, গাৰ বিষ, দেহৰ এটা অংশ অসাৰ বা অতিশয় কঁপনি হোৱা দেখা যায়। মানসিক বাধাগ্ৰস্ততাৰ পৰা ক’মা অৱস্থালৈ গতি কৰিব পাৰে।

চিকিত্সা :

এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিত্সা নাই। সহায়ক চিকিত্সা (Supportive treatment) হে কৰা হয়। নলীৰ সহায়ত খাদ্য দিয়া, চেলাইন, মেনিটল, জ্বৰ কমোৱা দৰব আদি দিয়া হয়।

নহ’বলৈ কি কৰিব :

  • ঘৰৰ চাৰিওফাল চিকুণকৈ ৰাখিব।
  • পানী জমা হবলৈ নিদিব, বন্ধ পানীত মহে কণী পাৰি বংশ বৃদ্ধি কৰে।
  • ডিডিটি ছটিওৱা কৰ্মীক ছটিওৱাত সহযোগিতা কৰক, ঘৰৰ ভিতৰতো।
  • কেতিয়া গাহৰিৰ গৰাল ঘৰৰ ওচৰত নাৰাখিব, কাৰণ গাহৰিৰ পৰাহে মানুহলৈ মহে এই ভাইৰাছ বিয়পায়।
  • সকলোৱে জাপানীজ এনাকেফেলাইটিছৰ টিকা লওক।
  • সাধাৰণ জ্বৰ হলেও চিকিত্সকৰ পৰামৰ্শ লওক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!