জিঞ্জিৰাম / ১ (- আছিক জামান)

kobita jiniram jpg
 
পুৰাতন, পৰিত্যক্ত মন্দিৰৰ গৰ্ভগৃহত
ধ্যানমগ্ন গৃহত্যাগী সিদ্ধাৰ্থ
জিঞ্জিৰামৰ বুকুয়েদি বৈ যায়
অলেখ কাহিনী
বাহিৰত বুদ্ধ পূৰ্ণিমাৰ
উগুল-থুগুল জোনাক
জিঞ্জিৰামৰ বুকুত আজি মেলিব
জমিদাৰৰ ডিঙা
লন্ঠনৰ পোহৰত মিলি যাব নৰ্তকীৰ
নূপুৰৰ শব্দ –
’গমো নে বাট লিয়া মুঝে ইউ আপচ ম্যে
কে জেইছে ম্যেই কোয়ি লুটা হুৱা খাজানা থা’
জিঞ্জিৰামৰ লাখেৰাজ এক চাপৰিৰ সৰিয়হডৰাত
উদ্ধাৰ হয় গৃহত্যাগী সিদ্ধাৰ্থৰ ডায়েৰি
ধূসৰ আখৰ, অসংখ্য আঁক-বাঁক
আৰু শুকাই মৰহি যোৱা এপাহ লৱংগলতা।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!