জীৱনে গজালি মেলিব -হৰেকৃষ্ণ ডেকা

আহা, আমি বৰষুণৰ আৰোৱানৰ তলত সোমাওঁ

আৰু ইজনে সিজনক চোওঁ৷
ওখ পাহাৰত ডাৱৰ চুবলৈ যাওঁতে তোমাক পালোঁ,
পাহাৰৰ হাবিত জুই৷
আহা, আমি বৰষুণৰ আৰোৱানৰ তলত সোমাওঁ,
হাবিৰ জুইয়ে আমাক নোপোৰে৷
আমি বৰষুণতো নিতিতো৷
চেনেহৰ চুমাবোৰে আমাক আগতেই তিয়াই থৈছে৷
পাহাৰৰ জুইয়ে হাবিখন ছানিছে৷
গছবোৰে নীৰৱে চিঞৰিছে৷
সিহঁতৰ চকুপানী ধোঁৱা হৈ আকাশ চুইছে,
বৰষুণ হৈ সৰিছে৷
চোৱা, জুই দিয়া মানুহবোৰৰ মুখবোৰত ছাঁই সানি
সেউজীয়াবোৰ আকৌ গজিছে৷
ভালপোৱাৰ সঁচ নমৰে৷
আহা, গঁজালিবোৰ চুই চাওঁ,
আৰু দুয়ো দুয়োকো সাৱটি ধৰো৷
বৰষুণৰ আৰোৱানৰ আঁৰত আমি৷
জীৱনে তাত গজালি মেলিব৷

2 thoughts on “জীৱনে গজালি মেলিব -হৰেকৃষ্ণ ডেকা

  • April 23, 2017 at 11:10 am
    Permalink

    বহুত ভাল লাগিল পঢ়ি।

    Reply
  • April 27, 2017 at 8:39 am
    Permalink

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!