জীৱনৰ প্ৰচুৰ সম্ভাৱনা থকা এটা মহাসাগৰীয় (পানীৰ) গ্ৰহ: – ৰঞ্জন ভূঞা

Kepler 22B (কেপলাৰ২২বি) এনে এটি গ্ৰহ যাৰ ওপৰৰ পৃষ্ঠ ভাগ পানীৰে গঠিত, এক অৰ্থত এটা সামুদ্ৰিক গ্ৰহ যাৰ চাৰিওফালে কেৱল পানীয়েই পানী৷ এনেকুৱা এটি ৰহস্যময়ী গ্ৰহ, য’ত জীৱন থকাৰ অপাৰ সম্ভাৱনা আছে৷

কেপলাৰ22B গ্ৰহ পৃথিৱীৰ পৰা প্ৰায় ৬০০ আলোকবৰ্ষ দূৰৈত অৱস্থিত৷ বৈজ্ঞানিক সকলৰ মতে এই গ্ৰহটো সাংঘাতিক ৰহস্যজনক৷ কিয়নো এই গ্ৰহটোৰ উপৰিভাগ পানীৰে তৈয়াৰী৷ য’ত দূৰ দূৰণিলৈকে মাটি দেখিবলৈ নাই৷ কেপলাৰ 22বি নামৰ গ্ৰহটো পৃথিৱীত কৈ দুগুণ বেছি ডাঙৰ৷ এই গ্ৰহটো 2011 চনৰ ডিচেম্বৰ মাহত ‘নাছা’ই পঠিওৱা কেপলাৰ্চ স্পেচ টেলিস্কোপৰ জৰিয়তে দেখা পোৱা গৈছিল৷

এই সামুদ্ৰিক গ্ৰহটো সূৰ্য্যৰ সমান ডাঙৰ নক্ষত্ৰ এটাৰ কক্ষপথত ঘূৰা প্ৰথমটো চিনাকি গ্ৰহ৷ বৈজ্ঞানিকসকলৰ মতে এই গ্ৰহটোৰ বাতাবৰণ অস্থিৰ বাতাবৰণ৷ যি তৰল বা গেছীয় পদাৰ্থৰ দৰে কাম কৰে৷ এই জলসম্পন্ন গ্ৰহটো দেখিবলৈ ঠিক মহাসাগৰৰ দৰে৷

কেপলাৰ 22বি কেপলাৰ 22 নক্ষত্ৰৰ চাৰিওফালে পৰিক্ৰমা কৰি আছে৷ যি আমাৰ সূৰ্য্যৰ তুলনাত তিনি শতাংশ সৰু, আৰু পৰিমাণত দুই শতাংশ কম৷ এই নক্ষত্ৰটো প্ৰায় চাৰি বিলিয়ন বৰ্ষ পুৰণা৷ ইয়াৰ তুলনাত আমাৰ সূৰ্য্যটো চাৰি দশমিক ছয় বিলিয়ন বছৰ পুৰণি৷

কেপলাৰ ২২বি সামুদ্ৰিক গ্ৰহটোৰ দূৰত্ব তাৰ নক্ষত্ৰৰ পৰা পৃথিৱীৰ পৰা সূৰ্য্যৰ মাজৰ দূৰত্বতকৈ প্ৰায় পোন্ধৰ শতাংশ কম৷ কিন্তু কেপলাৰ ২২ৰ যি পোহৰ অৰ্থাৎ তাপ উৎপাদন সূৰ্য্যৰ তুলনাত প্ৰায় ২৫ শতাংশ কম৷

বৈজ্ঞানিক সকলৰ মতে এই গ্ৰহটো আৰু তাৰ নক্ষত্ৰৰ মাজৰ যি দূৰত্ব তাক চাই কেপলাৰ২২বি জীৱনৰ বাবে অনুকূল গ্ৰহ৷ সেই ফালৰ পৰা দৃষ্টি দিলে এই মহাসাগৰীয় গ্ৰহটোত জীৱন পোৱাৰ সম্ভাৱনাই অধিক৷

এই সামুদ্ৰিক গ্ৰহটো পৃথিৱীৰ পৰা ইমানেই দূৰৈত অৱস্থিত যে বৰ্তমান সময়ত এই গ্ৰহটোৰ দ্ৰব্যমান আৰু বাতাবৰণৰ বিষয়ে বিতংকৈ জানিব পৰা অসম্ভৱ৷ আৰু সেইয়ে কেৱল অনুমানহে কৰা হৈছে৷ নক্ষত্ৰৰ পৰা এই গ্ৰহটোৰ দূৰত্ব আৰু পৃষ্ঠভাগৰ ছবি দেখি বৈজ্ঞানিক সকলে এই গ্ৰহটোক পানীৰ পৃথিৱী (Water World) বুলিয়েই ধৰি লৈছে আৰু কৈছে যে এইটো এটা মহাসাগৰীয় গ্ৰহ৷ আৰু এনেকুৱা সমুদ্ৰত জীৱন থাকিব পৰা সম্ভাৱনাক ওলাই কৰিব নোৱাৰি৷

এই সম্ভাৱনাই বৈজ্ঞানিক সকলক গ্ৰহটোৰ বিষয়ে আৰু অধিক তথ্য যুগুত কৰিবলৈ প্ৰেৰণা দি আহিছে৷ সেইয়ে গ্ৰহটোৰ কক্ষৰ বিৱৰণৰ বিষয়ে আৰু অধিক জানিবলৈ গ্ৰহৰ বিষয়ে জানিব পৰা অন্য কোনো উপায় যেনে Radial velocity method ব্যৱহাৰ কৰা আৱশ্যক৷

Radial velocity method হ’ল Exoplanet অৰ্থাৎ আমাৰ সৌৰজগতৰ বাহিৰা গ্ৰহ বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি৷ Radial velocityৰ দ্বাৰা মধ্যাকৰ্ষণৰ সহায়ত গ্ৰহ এটাৰ স্থিতি আৰু গঠনৰ বিষয়ে জানিব পৰা যায়৷ এনেকুৱা এটি গ্ৰহৰ বিষয়ে যি নিজৰ নক্ষত্ৰতকৈতো আকাৰত সৰু কিন্তু তথাপিও নক্ষত্ৰৰ লগত মাধ্যাকাৰ্ষণিক বল লগাবলৈ সক্ষম হ’ব পাৰে৷ ইয়াকে পোনপটীয়াকৈ ক’বলৈ গ’লে আমাৰ দৃষ্টিকোণৰ পৰা যেতিয়া গ্ৰহ নক্ষত্ৰৰ পৰা পিছত হ’ব তেতিয়া গ্ৰহটোৱে নক্ষত্ৰক আমাৰ পৰা দূৰলৈ লৈ যাব৷ যেতিয়া গ্ৰহ নক্ষত্ৰৰ পৰা ওচৰত হ’ব তেতিয়া গ্ৰহে নক্ষত্ৰক আমাৰ কাষত আনিব৷ এনেকৈয়ে গ্ৰহ এটা নক্ষত্ৰৰ পৰা পিছত যোৱা আৰু আগলৈ অহাৰ কাৰণ হয়৷ মহাকাশ বিজ্ঞানী সকলে গ্ৰহ এটি বিচাৰি উলিয়াবলৈ এইটো বিধিকে ব্যৱহাৰ কৰে৷ নক্ষত্ৰৰৰ লগত এই ধৰণৰ অহা-যোৱা, স্থিতিৰ বিষয়ে জানিবলৈ মহাকাশ বৈজ্ঞানিক সকলে স্প্ৰেক্টোগ্ৰাফ আৰু শক্তিশালী টেলিস্কোপৰ ব্যৱহাৰ কৰে৷ আৰু নক্ষত্ৰৰৰ পৰা আহিবলগীয়া ৰশ্মিক স্প্ৰেক্ট’গ্ৰাফত পৰীক্ষা কৰে৷
স্প্ৰেক্টোগ্ৰাফত নক্ষত্ৰৰ পৰা আহিবলগীয়া ৰশ্মিক বিভিন্ন ৰংত বিভাজন কৰে৷ নক্ষত্ৰৰৰ পৰা আহিবলগীয়া ৰশ্মিৰ কিছু অংশ গ্ৰহটোৰ বাতাবৰণৰ দ্বাৰা হিচাপ লোৱা হয়, যাৰবাবে ৰংগাৱলীত ডাঠ ক’লা ৰঙৰ শাৰী দেখিবলৈ পোৱা যায়৷ যেতিয়াই গ্ৰহটো আমাৰ কাষ চাপে তেতিয়া এই ক’লা ৰঙৰ শাৰীবোৰ ক্ৰমান্বয়ে নীলা ৰঙৰ কাষ চাপে আৰু যেতিয়া গ্ৰহটো আমাৰ পৰা দূৰলৈ যায় ক’লা ৰঙৰ শাৰীবোৰ ক্ৰমান্বয়ে ৰঙা ৰঙৰ কাষ চাপে৷ এনেকৈয়ে আগ-পিছ হৈ থকা ৰঙীণ বৰণৰ শাৰীৰ দ্বাৰা বৈজ্ঞানিক সকলে গ্ৰহ এটাৰ পৰিক্ৰমাৰ বিষয়ে সন্দেহাতিত অনুমান কৰি লয়৷

বৈজ্ঞানিক সকলে অধ্যয়ন কৰি পাইছে যে কেপলাৰ২২বি নামৰ গ্ৰহটোৱে কেপলাৰ্চ২২ নামৰ নক্ষত্ৰৰ চাৰিওফালে সম্পূৰ্ণ পৰিভ্ৰমণ কৰিবলৈ ২৯০দিন সময় লাগে৷ আৰু এই স্থিতি আমাৰ পৃথিৱীৰ লগত প্ৰায়ে মিল আছে৷ এনেকৈয়ে কেপলাৰ্চ ২২বি গ্ৰহত জীৱন থকাৰ সম্ভাৱনা বাঢ়ি যায়৷

যদিহে ভৱিষ্যতলৈ মানৱ সমাজে পোহৰৰ গতিত চলা যান বা Wormhole জাতীয় কিবা সাজি উলিয়াবলৈ সক্ষম হয় তেনেহলে এই গ্ৰহটোলৈ গৈ জীৱনৰ সন্ধান কৰাটো অতি ৰোমাঞ্চকৰ কথা হ’ব৷

★ ★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!