জীৱনৰ ৰং – চয়নিকা ভূঞা

জীৱনৰ কেনভাচত
প্ৰতিদিনে
ছাঁ-পোহৰৰ খেল
নৈঃশব্দৰ বুকুত
আজিও
খেপিয়াই ফুৰোঁ
জীয়া কাহিনীৰ ইতিবৃত্ত
জোনাকী নিশা
দূৰৈত দেখোঁ
এখন
পূৰ্ণাংগ হৃদয়ৰ ঠিকনা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!