জেনেৰিক ঔষধৰ বিষয়ে কিছু লাগতিয়াল কথা (ডা০ ভূপেন শইকীয়া)

জেনেৰিক ঔষধ আৰু চিকিৎসা ব্যয় হ্ৰাস কৰাত ইয়াৰ ভূমিকা সম্বন্ধে চিকিৎসক আৰু ফামাচিষ্টে মতামত ডাঙি ধৰা আমাৰ চকুত পৰিছে৷ এই বিষয়ে ’নিয়মীয়া বাৰ্তা’ত সম্পাদকীয়ও প্ৰকাশিত হৈছে৷ নতুনকৈ ভাৰত চৰকাৰে এক জৰুৰী পদক্ষেপ লোৱাত এই বিষয়ে নকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা দেখা দিছে৷
ভাৰতবৰ্ষত জেনেৰিক দৰব বনোৱা কোম্পানীৰ সংখ্যা বহু হাজাৰ হব৷ প্ৰত্যেকটো এনে কোম্পানীয়ে যাবতীয় লাইচেঞ্চ চৰকাৰৰ পৰা লোৱাটো বাধ্যতামূলক আৰু সেই লাইচেঞ্চৰ নম্বৰ প্ৰত্যেকটো দৰবৰ লেবেলতেই লিখা থাকে৷ বহুতবোৰ খ্যাতনামা কোম্পানীয়েই জেনেৰিক ঔষধ তৈয়াৰ কৰে৷ যেনে চিপলা, কেডিলা, ৰেনবেস্কি, প্লেথিকো, মিনাৰানি, চাৰাভাই আদি অনেক কোম্পানীয়েই তেওঁলোকৰ দৰব দুই ধৰণেৰে বজাৰত মেলি দিয়ে৷ এবিধ ব্ৰেণ্ডেড, আনবিধ জেনেৰিক৷ এই দুয়োবিধ দৰবৰেই দাম কিন্তুু একে নহয়৷ সাধাৰণতে ব্ৰেণ্ডেডৰ তুলনাত জেনেৰিক দৰবৰ লিখিত মূল্য অধিকহে৷ কিন্তুু হ’লচেল বিক্ৰেতাৰ বাবে তাৰ মূল্য অৰ্ধেক বা তাতোকৈয়ো কম৷ অৰ্থাৎত ৰেহাইৰ লাভটো ক্ৰেতাই নাপায়৷ আকৌ চিকিৎসক সকলৰ মনলৈ আহে যেহেতু কম মূল্যত দৰবটো হ’লচেলত বিক্ৰী হৈছে, গতিকে ইয়াৰ গূণগত মান কেতিয়াও ব্ৰেণ্ডেডৰ সমকক্ষ হব নোৱাৰে৷ সেই আশংকাতেই জেনেৰিক ঔষধৰ প্ৰতি প্ৰতিষ্ঠিত ডাক্তৰসকলৰ বিশ্বাস কম৷ আনহাতে কোম্পানীয়ে কয় যেহেতু জেনেৰিকৰ বাবে প্ৰচাৰৰ খৰচ নাই সেয়ে তাক কম দামত দিয়াটো সম্ভৱপৰ৷
মই নিজে দেখাত ভাৰতবৰ্ষত কোনো জেনেৰিক ঔষধৰ লিখিত মূল্য সচৰাচৰ ব্ৰেণ্ডেডৰ তুলনাত কম আজিলৈকে দেখা পোৱা নাই৷ এয়া কেইমাহ আগলৈকে সত্য৷ শেহতীয়াকৈ যদি পৰিস্থিতি সলনি হৈছে মোৰ জ্ঞাত নহয়৷ অন্যথাই দৰবৰ ৰেহাইৰ লাভ ৰোগীয়ে নাপাব৷ লাভাংশ যাব ফাৰ্মাচীৰ মালিকৰ ওচৰলৈ৷ আকৌ ফামাচিষ্ট মানেই ফাৰ্মাচীৰ মালিক নহয়৷ আন ভাৰতত আৰু অসমত কৰ্মৰত চিকিৎসকে মোৰ কথাটোৰ সত্যাসত্য নিৰুপণ কৰিলে ভাল হয়৷ অন্যথা প্ৰধানমন্ত্ৰী মোডীয়েও কোনো কোনো সভাত ঘোষণা কৰিছে- জেনেৰিক দৰব কিনিলে ৰাইজ লাভান্বিত হব৷ ইয়াৰ অৰ্থ এইটোৱেই হব যে কোম্পানীয়ে নিজৰ দৰব যি কোনো উপায়েৰে হলেও বিক্ৰী হোৱাটো বিচাৰে – লাভৰ অংশ মাজৰ মানুহক দি হলেও৷ ৰোগীয়ে বা আচল ক্ৰেতাই ইয়াৰ ভূ নাপায়৷

ৰাজস্থানৰ চৰকাৰে যেহেতু নিজৰ তত্ত্বাবধানত তৈয়াৰ কৰা দৰবৰ মূল্য নিজে নিৰ্ধাৰিত কৰে- সেয়ে ইয়াত কোনো মধ্যভোগীক লাভাংশ দিয়াৰ কথা নাহে৷ গতিকেই তাত চৰকাৰে বনোৱা জেনেৰিক ঔষধৰহে মূল্য কম৷ আকৌ গোটেই দেশতে সকলো কোম্পানীৰ জেনেৰিক ঔষধৰ মূল্য কমাবলৈ হলে নিৰ্দিষ্টকৈ চৰকাৰী প্ৰচেষ্টাৰ, আইনী প্ৰক্ৰিয়াৰ প্ৰয়োজন হব৷

এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ গুৱাহাটীৰ এজন ঔষধ নিৰ্মাতাই মোক এটা চাঞ্চল্যকৰ কথা কৈছিল – ৰাজধানী দিল্লীতেই এনে এখন বজাৰ আছে – য’ত টেবলেট আৰু কেপচুল কিলোগ্ৰাম হিচাবত কিনিবলৈ পোৱা যায়৷ এনে ভুৱা দৰবে ৰোগীৰ কি অৱস্থা কৰিব অনুমান কৰক! দেশখনৰ পৰা যেতিয়ালৈকে দূৰ্নীতি আতৰ নহয়, আইন ব্যৱস্থা প্ৰহসন হৈ থাকিব-ভাগ্যৰ বলতহে সৰ্বসাধাৰণ জীয়াই থাকিব৷

সংযুক্ত আৰব আমীৰাটত কাম কৰাৰ অভিজ্ঞতাৰ পৰা এটা কথা পাঠকক জনাব খুজিছোঁ৷ তাত প্ৰত্যেকখন প্ৰেচক্ৰিপচনত চিকিৎসকৰ লাইচেঞ্চ নম্বৰৰ উপৰিও ঠিকনা আৰু মবাইল ফোন নম্বৰ আদি লিখাটো বাধ্যতমূলক৷ দৰবৰ সদায় ৰাসায়নিক নামটোহে (Pharmaceutical name ) লিখিব লাগে কোনো নিৰ্দিষ্ট ব্ৰেণ্ড নহয়৷ আনহাতে বজাৰত উপলব্ধ প্ৰায়বিলাক দৰবৰে মূল্য প্ৰায় ওচৰা ওচৰি৷ অৰ্থাৎ প্ৰত্যেকটো দৰবৰ মূল্য চৰকাৰৰ নিয়ন্ত্ৰণত৷ আনহাতে কম্বিনেচন দৰব অতি কমহে (তাকো অত্যাৱ্যকীয় হলেহে) বজাৰত পোৱা যায়৷ প্ৰেচক্ৰিপচনখনৰ দৰবৰ ব্যৱহাৰ সম্বন্ধে যি কোনো কথা সুধিবলগীয়া হলেই চিকিৎসকলৈ ফাৰ্মাচী, নাৰ্চ বা অইন ডাক্তৰৰ ফোন আহে৷ মই বৰ্তমান কাম কৰি থকা দেশ কাটাৰৰ চুপ্ৰিম কাউঞ্চিল অৱ হেল্থেও সংযুক্ত আৰব আমীৰাটৰ নীতি প্ৰয়োগ কৰাৰ কথা গুনা-গথা কৰি আছে৷
জেনেৰিক ঔষধৰ ভাল বেয়া কেনেকৈ চিনাক্ত কৰিব?

সাধাৰণলোকৰ কথা বাদেই ডাক্তৰৰ বাবেও বাহ্যিক ৰূপ গেট -আপ চাই ভেজাল ঔষধ চিনাক্ত কৰা সহজ নহয়৷ কিন্তুু আচল আৰু নকল দৰবৰ কথাটো ঔষধ ক্ৰয় কৰা মালিকজনেহে কব পাৰিব৷ আচল দৰবৰ উচ্চ দামৰ বিপৰীতে নকল দৰব পানীৰ দামত তেওঁ ক্ৰয় কৰে৷ গতিকে যেতিয়ালৈকে ব্যৱসায়ী ব্যক্তিৰ অন্তৰ সৎ নহয় চোৰাংভাবে ভেজাল ঔষধৰ ৰমৰমীয়া ব্যৱসায় ভাৰতবৰ্ষত চলিয়ে থাকিব৷ কথাটো জনস্বাস্থ্যৰ বাবে অত্যন্ত দূৰ্ভাগ্যজনক৷

ভাৰত চৰকাৰে ব্ৰেণ্ডেড দৰব বন্ধ কৰি জেনেৰিক ঔষধ লিখাটো বাধ্যতামূলক কৰাৰ আগতে তলৰ কৰণীয়খিনিকৰিলেহে সাধাৰণ জনতা উপকৃত হব৷

১- সকলো জেনেৰিক দৰব নিৰ্মাণ কৰা কাৰখানাৰ মানদণ্ড, যন্ত্ৰপাতি চৰকাৰে পৰীক্ষা কৰি নতুনকৈ লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰক৷
২- একেবিধ দৰবৰ মূল্য ফেক্টৰীভেদে ভিন্ন হব নোৱাৰিব৷
৩-সকলো ভেজাল দৰবৰ ঘাটি চৰকাৰে উচন কৰক৷
৪- ভেজাল দৰব বেচোতাৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক৷
৫- প্ৰতিখন ফাৰ্মাচীত লাইচেন্সধাৰী ফাৰ্মাচিষ্টৰ উপস্থিতি বাধ্যতামূলক কৰক৷
৬- ব্ৰেণ্ডড দৰবৰ তুলনাত জেনেৰিক দৰবৰ মূল্য প্ৰকৃততে কম ধাৰ্য্য কৰা হৈছে নাই সেয়া চৰকাৰে নিৰীক্ষন কৰি জনতাক আশ্বস্ত কৰক৷
৭- সকলো ভেজাল দৰব আৰু দুই নম্বৰী জেনেৰিক ঔষধৰ প্ৰচলন বজাৰৰ পৰা অনতিপলমে সমূলি নিৰ্মূল কৰক৷

সদ্যহতে গ্ৰাহকে জেনেৰিক ঔষধ ক্ৰয় কৰোতে নিৰ্মাতা কোম্পানীৰ নামটো লক্ষ্য কৰিবলৈ চাব৷ একেবাৰে অচিন কাঠৰ থোৰাক বিশ্বাসত নোলোৱাই মংগলজনক হব৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!