জ্ঞানৰ মূল্য !! (মৃণাল কুমাৰ বৰা)

জ্ঞানৰ মূল্য !!

মৃণাল কুমাৰ বৰা

ইয়াত মই উল্লেখ কৰিবলৈ আগবঢ়া বিষয়টো হ’ল জ্ঞানৰ দৰ-দামৰ ওপৰত । বৈজ্ঞানিক অনুসন্ধান প্ৰতি দিনে পৃথিৱীৰ চুকে-কোণে, বিভিন্ন বিশ্ববিদ্যালয় তথা লেবৰেটৰীসমূহত হ’ব লাগিছে । বিজ্ঞানীসকলে বছৰজোৰা গৱেষণাৰ অন্তত কোনো এক সিদ্ধান্তত উপনীত হ’লে সেয়া সুধী সমাজৰ আগলৈ উলিয়াই আনিব বিচাৰে । বৈজ্ঞানিক গৱেষণাৰ বাবে এইদৰে জ্ঞানৰ আদান-প্ৰদান হোৱাটো অত্যন্ত জৰুৰী । এইদৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত হোৱা গৱেষণাৰ ফচলবিলাক আদান-প্ৰদানৰ জৰিয়তে এখন ঠাইৰ লোকসকলে জানিব পাৰে আন এখন ঠাইত সেইটো বিষয়ৰ ওপৰত কি গৱেষণা চলি আছে । এতিয়া ধৰক মই মৌলিক সংখ্যাৰ ওপৰত কোনো গৱেষণা কৰিব বিচাৰোঁ । তাৰ কাৰণে মোক প্ৰয়োজন হ’ব এই বিষয়ত এতিয়ালৈকে কি কি কাম কৰা হৈছে । মই তাকে জানিবৰ কাৰণে নিশ্চয় আশ্ৰয় ল’ব লাগিব মৌলিক সংখ্যাৰ ওপৰত লিখা থকা কোনো কিতাপ বা কোনো গৱেষণা-পত্রৰ ওপৰত। সেইবোৰ নপঢ়াকৈ নিজাববীয়াকৈ কাম আৰম্ভ কৰা মানে মই হয়তো এনে কিছুমান কামতো সময় নষ্ট কৰি থাকিম যিখিনি কাম হয়তো আগতেই কোনো ব্যক্তিয়ে কৰি থৈ গৈছে । গতিকে সেইটো বিষয়ৰ বৰ্তমানলৈকে হৈ যোৱা কামৰ আভাস পাবলৈ গৱেষণা-পত্র আৰু বিভিন্ন প্ৰকাশন গোষ্ঠীৰ কিতাপৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বাধ্যতামূলক ।

এতিয়া কথা হ’ল এই গৱেষণা-পত্র সমূহৰ দাম । এইবিলাক কিনিব লাগে । Elsevier, Springer, Wiley, Informa এইবিলাক হ’ল এনেকুৱা একো-একোটা প্ৰকাশন-গোষ্ঠী যি গণিত-বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান তথা আন বিষয়সমূহৰ ওপৰত গৱেষণা-পত্রৰ সংকলন প্ৰকাশ কৰে । একো-একোটা সংকলনত সন্নিবিষ হয় কেইবাখনো গৱেষণা-পত্র । এতিয়া আপুনি বা মই যদি কোনো বিষয়ৰ ওপৰত কাম কৰিব বিচাৰোঁ তেন্তে আমি সেই সংকলনটো কিনি তাক ব্যৱহাৰ কৰিব পাৰোঁ । যি সময়ত ইলেকট্ৰ’নিক মাধ্যমৰ ব্যৱহাৰ ইমান ব্যাপক নাছিল সেই সময়ত এই প্ৰকাশন গোষ্ঠীসমূহে ভালেখিনি কাম কৰিব লগা হৈছিল এক সংকলন প্ৰকাশ কৰাৰ আগে আগে । গৱেষকসকলে তেওঁলোকৰ গৱেষণাৰ কাম হাতেলিখা কাগজত প্ৰেৰণ কৰিছিল । গতিকে প্ৰকাশনগোষ্ঠীসমূহে সেই পত্রবিলাক চালি-জাৰি চাই সেইবিলাক নিৰ্দিষ্টপ্ৰণালীত লিপিবদ্ধ কৰি আন গৱেষকৰ দ্বাৰা পৰীক্ষা কৰোৱা, ছপা কৰা, ছপাৰ পাছত কিতাপ আকাৰে বজাৰত মুকলি কৰি দিয়া আদি কামসমূহ কৰিবলগীয়া হৈছিল । কিন্তু ইলেকট্ৰ’নিক মাধ্যমৰ প্ৰসাৰৰ লগে লগে এনে বহুতো কাম কমি আহিল । এতিয়া লেখকে LATEX ৰ পূৰ্বনিৰ্দিষ্ট formatত লিখে, অনলাইনতে জমা কৰে লিখনিবিলাক, বেলেগ গৱেষকৰদ্বাৰা চালি-জাৰি চোৱা হয় আৰু পাছত প্ৰকাশ কৰা হয় । প্ৰকাশৰ ক্ষেত্রতো খৰছ কমি যোৱাৰ এটা প্ৰধান কাৰণ হ’ল এয়ে যে বেছিভাগ কলেজ বা বিশ্ববিদ্যালয়েই আজিকালি অনলাইনত কিনে এই সংকলনবিলাক । অৰ্থাৎ প্ৰকাশনগোষ্ঠীয়ে নিজৰ server ত বস্তুখিনি ৰাখিলেই হ’ল ।যিয়ে কিনে তেওঁলোকে নিজেই গৈ দাউনল’ড কৰি ল’ব । মানে প্ৰকাশনগোষ্ঠীৰ খৰছ বহুখিনি কমি গ’ল ইলেকট্ৰনিক মাধ্যমৰ প্ৰসাৰৰ ফলশ্ৰুতিত । কিন্তু সেই অনুপাতে তেওঁলোকৰ এই সংকলনসমূহৰ দাম কমা নাই, বৰং ই দিনক দিনে বাঢ়িহে গৈছে ।

তিম’থি গ’ৱাৰছ (Timothy Gowers) নামৰ গণিতজ্ঞজনে ২০১২ চনৰ ২১জানুৱাৰীৰ দিনাখন তেওঁৰ এটা ব্লগ প’ষ্টৰ জৰিয়তে সমূহ বিজ্ঞানীকে Elsevier নামৰ গোষ্ঠীটোক বৰ্জন কৰিবলৈ আহ্বান জনাই এখন পত্র লিখে আৰু সেই লিখনিটোৱেই এক সজাগতাৰ সৃষ্টি কৰিবলৈ আগবাঢ়িছে বৰ্তমান সুধীসমাজৰ মাজত । উল্লেখযোগ্য যে ১৯৯৮ চনত তিম’থিয়ে গণিতৰ প্ৰখ্যাত Fields Medal লাভ কৰিছিল ।

দুটামান উনুকিয়াবলগা কথা হ’ল –
১. গৱেষণা-পত্র লিখে গৱেষকসকলে । তেওঁলোক কোনো এখন শৈক্ষিক বা গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত । যি বিভিন্ন ঠাইৰ লেখকসকলৰপৰা অহা গৱেষণা-পত্রবিলাক চালি-জাৰি চোৱাৰ কাম কৰে তেওঁলোকো কোনো এখন শৈক্ষিক বা গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত । এই কামটো কৰাৰ বাবে তেওঁলোকক প্ৰকাশনগোষ্ঠীৰ ফালৰপৰা কোনো মাননী দিয়া নহয় । সেই খৰছ বহন কৰে সংশ্লিষ্ট প্ৰতিষ্ঠানটোৱে য’ত তেওঁলোক কৰ্মৰত । তাৰ পাছত আহিল সংকলন কিনাক লৈ । সাধাৰণতে এই সংকলনবিলাক কোনো ব্যক্তিবিশেষে নিকিনে । কলেজ বা গৱেষণা প্ৰতিষ্ঠান বিলাকৰ লাইব্ৰেৰীলৈ বুলি এই সংকলনসমূহ কিনা হয় । গতিকে একেটা প্ৰতিষ্ঠানৰে কিছুমান গৱেষকে কৰা কামখিনিকে সেই একেটা প্ৰতিষ্ঠানেই বেলেগ এটা প্ৰকাশনগোষ্ঠীৰ পৰা কিনি আছে ।

২. গৱেষক বা বিজ্ঞানীসকলে এটা বাণিজ্যিক গোষ্ঠীৰ মুনাফা লাভত কিয় সহায় কৰিব ? হয় তেওঁলোকৰ কামৰ স্বীকৃতিৰ বাবে এখন মঞ্চ লাগে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে কৰা কামখিনি পাছত তেও অধ্যয়ন কৰা প্ৰতিষ্ঠানটোৱেই বেলেগৰপৰা কিনিব । আচলতে এক প্ৰকাৰৰ দালালি কৰি আছে এই প্ৰকাশন গোষ্ঠীবিলাকে ।

৩. গৱেষকসকলৰ কামৰ ওপৰত সংকলন ছপা কৰি পোৱা লাভৰ এক অংশ বিজ্ঞানীসকলেও পোৱা উচিত নহয় জানোঁ ? যদি জ্ঞান বেচিবই লগা হয় তেন্তে তাৰ উচিত মূল্য জ্ঞানৰ জন্মদাতাসকলেও পাব লাগে, যিটো বৰ্তমান হোৱা নাই । আচৰিত যেন লাগিলেও এইটো সত্য ।

এনে কিছুমান কাৰণতে আৰম্ভ কৰা হৈছে এই “The Cost of Knowledge” নামৰ জাগৰণটো । এই অভিযানটো বৰ্তমান Elsevier ক বৰ্জন কৰিবলৈআৰম্ভ কৰা হৈছে যদিও আমাৰ বোধেৰে বাকী প্ৰকাশন গোষ্ঠীসমূহো ধোৱা তুলসীৰ পাত নহয় ।
The Cost of Knowledgeনামেৰে আৰম্ভ হোৱা ৱেবচাইটটোত বৰ্তমানলৈকে প্ৰায় ১৩,০০০ গৱেষকে ঘোষণা কৰিছে যে তেওঁলোকে Elsevier ৰ দ্বাৰা প্ৰকাশিত সংকলনসমূহত গৱেষণা-পত্র নিদিয়ে, গৱেষণা-পত্র চালি-জাৰি চোৱাৰ কাম নকৰে, এই সংকলনলৈ কোনো পত্র refer নকৰে । জাগৰনটোত বিশ্বৰ বহুকেইজন খ্যাতনামা গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী আৰু জৈৱ বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে ।

উৎস :
১. http://­thecostofknowledge.co­m/

২. http://­gowers.files.wordpres­s.com/2012/02/­elsevierstatementfina­l.pdf

৩. http://­en.wikipedia.org/­wiki/­The_Cost_of_Knowledge

৪. http://­queensjournal.ca/­story/2012-09-14/­news/­questioning-cost-know­ledge/

মৃণাল কুমাৰ বৰা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!