জ্যোতিপ্ৰসাদ আগৰৱালাদে‌ৱে চাহ-বাগিছাৰ বনুৱাক লৈ লিখা গীতটি “সেউজীয়া সেউজীয়া”(-দিগন্ত শইকীয়া)

“সেউজীয়া সেউজীয়া”
সেউজীয়া সেউজীয়া
লানিকৈ ৰুলে ঐ গছৰ শাৰী
সেউজী গছতে সোণৰ গুটি ৷ 

সেউজী গছতে সোণৰ গুটি লাগে
হীৰা ফুলে মাৰে পোহৰ ছাটি
সেউজী গছতে সোণৰ গুটি ৷

ভাটি দেশৰে কুলি ছোৱালী অ’
টুকুৰীৰ ভৰাবি কোমল পাতে
ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে
আঙুলি বুলাবি পাতে পাতে ৷

খৰেকৈ বুলাবি অ’ তই
লাখো লাখ টকাৰে মোকে নাটে
আঙুলি বুলাবি পাতে পাতে ৷

চাহৰে বাগিছা নহয় মোৰ দেউতা
ৰূপৰে বাগিছা ফুলি
সেউজী গছতে সোণৰ গুটি ৷৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!