টঙিঘৰ ( বিজয় বেজবৰুৱা )

মোৰ
দুখৰ টঙিঘৰত
কুৰুলিয়াই থাকে
এটা
আবেলি৷
লচ্-পচ্
শইচৰ ভৰত
গাভিনী গাভিনী
তাইৰ গা৷
তোমাৰ
পদুমী হাতত
তাই এটা
চেঁচা জোন!

মোৰ
দুখৰ টঙিঘৰত
কুৰুলিয়াই থাকে
এটা
আবেলি৷
লচ্-পচ্
শইচৰ ভৰত
গাভিনী গাভিনী
তাইৰ গা৷
তোমাৰ
পদুমী হাতত
তাই এটা
চেঁচা জোন!