টাটা চুমো চলোৱা কংকালটো (শর্মা ৰক্তিম)

সন্ধিয়া লোডশ্বেডিং হৈ আছিল । ঘৰত পাচলি একো নাই , সেয়ে পলম নকৰি হাতত বজাৰ কৰা মোনাখনলৈ বজাৰলৈ খোজ লৈছো । ভেটাপাৰাৰ দোকানঘৰবোৰত জেনেৰেটৰ লাইট ঢিমিক ঢামাক জ্বলিছে । এনেতে ভেটাপাৰাৰ পৰা হাতীগাওঁলৈ যোৱা বাটটোৰে ধোৱা উৰুৱাই টাটা চুমো এখন মোৰ কাষতে কে এ-এ-এ-তকৈ.কৰ্কশ শব্দেৰে. ব্ৰেক মাৰি ষ্টাৰ্ট বন্ধ হৈ গল । আচম্বিতে ঘুৰি চাই মোৰ বুকুখন মুহুৰ্ততে শিয়ৰি উঠিল । এয়া কি দেখিছো মই…ড্ৰাইভাৰৰ ছিটত এটা কংকাল !
কংকালটোৱে গাড়ীখন ষ্টাৰ্ট দিবলৈ চেষ্টা কৰি আছিল । সাহস কৰি মই আগুৱাই গলো ।tata sumo soluwa konkal
—হেৰা কংকাল কাই , কি হলহে ।
—দাদা , নকব আৰু চেকেণ্ড হেণ্ড গাড়ীলৈ কিযে পাল্লাত পৰিলো । হাৱা লগে কিজানি ।
—অ অ..হয় নেকি , কৰ পৰা আহিলানো ।
—কইনাধৰাৰ পৰা । কংকালটোৱে চিগাৰেট এটা জ্বলালে ।
—চিএমৰ তাত নেকি ।
—অ, পৌৰ সভাৰ নিৰ্বাচনত গাড়ীখন ভাড়া লৈছিল , ভাড়া খুজিবলৈ গৈছিলো ।
–দিলেনে
—কত দিব , কলে ৰাজীৱ ভৱনৰ দত্ত বোলাজনেহে জানে সেইবোৰ । এতিয়া ৰাজীৱ ভৱন যাওঁ ।
—-এতিয়া কেনেকৈ যাবা ।
—নগলে নহব , হাতত ফুটাকড়ি এটাও নাই । এমাহ গাড়ীখন বহিল । এই এমাহতে মোৰ গাৰ মঙহবোৰ শুকাল ।
–ও তোমাৰ গাত মঙহো আছিল তাৰমানে ।
–আছিল আকৌ , পিছে দাদা , মাহে তিনিহেজাৰ টকা আয় কৰি কিনো মঙহডাল হব । আমাৰ ড্ৰাইভাৰবোৰৰ এয়ে গতি ।
ইতিমধ্যে গাড়ীখন ষ্টাৰ্ট হৈছিল । মোৰ বুকুৰ কপনিটোও বন্ধ হৈছিল তেতিয়ালৈ ।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!